পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৭)

তাহান দুখক খণ্ডিবাক প্ৰতি;
 হৈব আমি অবতাৰ॥
অৰ্দ্ধেক শৰীৰ মনুষ্য আকাৰ;
 অৰ্দ্ধেক হিব সিংহ।
মহা ভয়ঙ্কৰ দিব্য কলেৱৰ;
 দেখিতে অতিবিৰিস্থ॥
দেখি সিতো মোক কৰিবে প্ৰহাৰ;
 দৈত্য মহা অহঙ্কাৰি।
পৰম লীলায়ে বধিবো তাহাঙ্ক;
 হৃদয় নখে বিদাৰি॥
ভক্ত প্ৰহ্লাদক; কৰিয়া আশ্ৰয়;
 দেৱকো দিবো নিৰ্ভয়।
এহি ৰূপে মোক আপুনি দেখিবা;
 তুমি মুনি মহাশয়॥
সত্য ত্ৰেতা দুই যুগৰ মধ্যত;
 অদ্বিতিত হুয়া জাত।
হৈবন্ত অদিতি কাস্যপ দ্বাদষ;
 ঋষিৰ বিৰ্য্যে সাক্ষাত॥
তাসম্বাক বলি স্বৰ্গৰ নিকলি;
 খেদাব গাৱৰ বলে।
পৃথিবীত ভিক্ষা মাগি ফুৰিবেক;
 যতেক দেৱ সকলে॥