পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছবি।


শুনিয়োক সভাসদ জম্ম ৰহস্যৰ পদ;
 সাক্ষাতে অমৃত সমনয়।
পদত দোষ নপাই  নিন্দিবাক নুজুৱাই
 বুলো হে কৃতাঞ্জলি হৈ॥
ভাগৱত মিশ্ৰ দিয়া  পদবন্ধে নিবন্ধিয়া
 আত যদি কিছো ছিদ্ৰ থাকে।
তথাপি নেদিবা দোষ  নকৰিবা অসন্তোষ;
 কিন্তু কৃপা কৰিয়ো আমাকে॥
যত কিছো দেখি বঢ়া  ইতো অপধাৰ এড়া;
 আত দোষ নেদিবা বিস্তৰ।
কৃষ্ণ কথা হেন জানি নিন্দা নুবুলিবা বানী;
 ক্ষমাসে ভূষণ মহন্তৰ॥
যিতো মুচে নিন্দা বানী বুলে তাকে লভ্য জানি;
 শিৰত বৈশন্ত কৃতাঞ্জলি।
কিন্তু সিটো মাত্ৰ মহা  মনত তৃপিতি হোক;
 মোক অহঙ্কাৰ বানি বুলি॥
মোৰ অতি কৰি কষ্ট  নিজ পূণ্য কৰে নষ্ট;
 মোৰ মহা পাপ কৰে ছন।
তাকো নেক্ষামিলোময় তেবে মোত পৰে নাই;
 সংসাৰত মহা পাপী জন॥