পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

পৰম মঙ্গল সৰ্ব্ব পাপ বিনাশন।
ধৰ্ম্ম অৰ্থ কীৰ্ত্তি যশ আয়ু বহু ধন॥
শ্ৰবণ মাত্ৰকে মহা কৃত্যকৃত্য হোৱে।
সাধে সৰ্ব্ব সিদ্ধি একো বিঘিনি নপাৱে।
ভৈলা একান্বয় ঘোৰ প্ৰলয় জলত।
নস্ত ভৈলা স্থাৱৰ জঙ্গম আছে যত॥
চন্দ্ৰ, সূৰ্য্য, বায়ু গ্ৰহ নক্ষত্ৰ সমস্ত।
তিনিয়ো জগত প্ৰলয়ত গৈলা অস্ত॥
স্থূল কায়া ভগ্ন ভৈলা সমস্তে জীৱৰ।
সূক্ষ্ম শৰীৰ মাত্ৰ ভৈলা নিৰন্তৰ ॥
কৰিলা সংঙ্কোচ কৃষ্ণে মায়া আপুনাৰ।
নিজ ৰূপে ৰাখিলেক সমস্তে সংসাৰ॥
নিজ ঐশ্বৰ্য্যক হৰি কৰিয়া প্ৰকাশ।
সমস্তে জগত উদৰত দিয়ে বাস॥
জগত সংহৰি হৰি কৰি মহালিলা।
অনন্ত সূৰ্য্যক হৰি অকলে হৰিলা।
আত অনন্তৰে কথা শুনা সভাসদ।
হৰিগুণ গায় মুখে ফুৰন্ত নাৰদ॥
নোছোৱে তাহাক একো প্ৰলয়ৰ দোষে।
মিলিল তহিত আসি পৰম সন্তোষে॥ .
সাক্ষাতে কৃষ্ণক দেখিলন্ত মুনি বৰে।
প্ৰকাশে শৰীৰ কোটি সূৰ্য্য শশোধৰে॥