পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬২ )


এতেকে কলিক  চাৰি যুগ মাজে;
 উত্তম বুলি বখানি।
মহন্ত সকলে কৰয় প্ৰশংসা;
 কলিৰ গুণ বখানি॥
কেৱলে কলিত মোৰ গুণ নাম;
 শ্ৰৱন কীৰ্ত্তন কৰি।
এতেকে কৰ্ম্মৰ বন্ধন এড়াই;
 যাবে সংসাৰ তৰি॥
কলি যুগে মহা ধন্য সুদ্ৰ ধন্য;
 একোন ধন্য বখনি।
নাই শৌচাচাৰ বেদ বিদ্ধি কাৰ;
 ৰবৈ ৰাম মাত্ৰ বানি॥
এতেকতে মহা দুৰ্ল্লভ মুকুতি;
 পদ অপ্ৰয়াসে পাৱে।
অনেক জনম জ্ঞানী কম্মী জনে;
 প্ৰবন্ধে যাক নপাৱে॥
মহা পাপী অন্ত  জাতি তৰে অতি;
 কলি যুগে কীৰ্ত্তনত।
শুনা মুনিবৰ  কলিৰ যুগৰ;
 কহিবো কত মহত্ব॥
জানিবা কলিত  মোৰ নাম বিনে;
 নথাকিবে ধৰ্ম্ম আন।