এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দুলৰি
গোবিন্দ বদতি শুনা মহামতি;
গত পৰে কথা যত।
দ্বাপৰ গুছিয়া হৈবে আসি যোৰ;
কলি যুগ উপগত॥
হেন দেখি সুদ্ধ দলিৰ তনয়;
হৈবো বোধ অৱতাৰ।
বোধ শাস্ত্ৰ কৰি পাসণ্ড আচাৰে;
মোহিবো মন সবাৰ॥
হৈয়া বিমহিত ফুৰিবে কলিত;
পাপ কৰি দিনে ৰাতি।
অন্তৰ্গত হিন ভিতৰত ছিন;
ধৰ্ম্ম ধৰিবেক অতি॥
হাতে গলে শিৰে তুলষি ৰুদ্ৰাক্ষ;
মালা পিন্ধে গোটা জোট।
মুণ্ডে মুণ্ডি পিন্ধি কফিন কাপোৰ;
দিয়া চৰাচৰ ফোট॥
হাতত তামৰ কৰ কমণ্ডলু;
কান্ধত খনতাপাৰি।
কৰে কাষে ঝুলি যায ভষ্ম ধুলি;
কাৰো ভবস্কাৰ দাৰি॥