সমললৈ যাওক

বিজ্ঞান আৰু বোলছবি

ৱিকিউৎসৰ পৰা

বিজ্ঞান আৰু বোলছবি
বিজ্ঞান-প্ৰযুক্তি আৰু বোলছবি বিষয়ক দহখন ছবিৰ কথাৰে

ঈশান জ্যোতি বৰা

 

©২০১৭, ঈশান জ্যোতি বৰা

 
 

This work is licensed under a Creative Commons Attribution-ShareAlike 4.0
International License.

 

Published online by Gonit Sora.

 

“Every science fiction movie I have ever seen, any one that's worth its weight in celluloid, warns us about things that ultimately come true.”

-Steven Spielberg

 হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ হোৱাৰ দিনা দেউতাই আমাক দেখুৱাবলৈ দুখন ছিনেমাৰ চিডি লৈ আহিল। এখন আছিল ‘আনাকোণ্ডা’ আৰু আনখন আছিল ‘জুৰাছিক পাৰ্ক’। ইয়াৰ আগলৈকে ঘৰত থকা চিডিটোত আমি কেৱল অসমীয়া আৰু হিন্দী ছবিহে চাইছিলোঁ। হলিউডৰ ছবিৰ লগত তেতিয়ালৈকে পৰিচয় ঘটা নাছিল। দুই-এখন ছবিৰ নাম শুনিছিলোঁ যদিও স্বচক্ষে উপভোগ কৰাৰ অভিজ্ঞতা হোৱা নাছিল। সেইদিনা এই দুয়োখন ছবিয়ে আমাৰ চকুৰ আগত কল্পনা, উৎসুকতাৰে পূৰ্ণ, ৰহস্যাবৃত এখন নতুন দুৱাৰ মুকলি কৰি দিলে। কেইদিনমানৰ পিছত চালোঁ ‘গডজিলা’ নামৰ ছবিখন। তিনিওখন ছবিৰ কাৰুকাৰ্যখচিত কাহিনী আৰু বিস্ময়কৰ উপস্থাপন-ৰীতিয়ে আমাক ইমানেই মোহাচ্ছন্ন কৰি পেলাইছিল যে তাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ আজিও তৰি স্মৃতি মানস-পটত ভাঁহি আছে। কেইবছৰমানৰ পিছতহে গম পালোঁ যে এনেধৰণৰ ছবিক ‘কল্প-বিজ্ঞানধৰ্মী’ ছবি হিচাপে অভিহিত কৰা হয়। কোৱাটো নিষ্প্ৰয়োজন যে,মানুহৰ অন্তহীন কল্পনাশক্তি আৰু বিজ্ঞান তথ্য প্ৰযুক্তিবিদ্যাৰ অভিনৱ সংমিশ্ৰণত জীৱন্ত হৈ উঠা এই ছবিবোৰৰ মই ক’ব নোৱাৰাকৈয়ে এজন ‘ফেন’ হৈ পৰিলোঁ।

 তাৰ পিছত কেইবছৰমানৰ পিছত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিবলৈ আহি ব্যক্তিগত হোষ্টেলত থাকিবলৈ ল’লোঁ। লেপটপটো কিনাৰ পিছত আৰু ইণ্টাৰনেটৰ সুবিশাল পৃথিৱীখনৰ লগত সৌজন্যসূচক পৰিচয় হোৱাৰ পিছত লেপটপৰ হাৰ্ড দ্ৰাইভলৈ বেটমেন, স্পাইডাৰমেন, ছুপাৰমেন, আইৰন মেন, এক্সমেন, মেট্ৰিক্স, ট্ৰেন্সফৰ্মাছ্ ইত্যাদি অসংখ্য ছবিৰ সোঁত ব’বলৈ ধৰিলে। যিহেতু মোৰ দৰে মোৰ বন্ধুমহলৰ অধিকাংশই হলিউডৰ কল্প-বিজ্ঞানধৰ্মী ছবিবোৰৰ অনুৰাগী আছিল, গতিকে তেনেধৰণৰ ছবিৰ বাবে বৰ বেছি হাবাথুৰি খাবলগীয়া নহৈছিল। আৰু এনেকৈয়ে কল্প-বিজ্ঞানধৰ্মী ছবিৰ প্ৰতি থকা কৌতূহল আৰু অনুসন্ধিৎসা নিবৃত্ত কৰি থাকিলোঁ।

 পাৰ হৈ যোৱা সময়ত কল্প-বিজ্ঞানধৰ্মী ছবিবোৰৰ ৰূপ-ৰং আৰু সৌন্দৰ্যৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে। প্ৰযুক্তি-বিদ্যাৰো চৰম বিকাশ সাধন হৈছে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চিত্ৰ-নিৰ্মাতাসকলে বিশাল বাজেটৰ কল্প- বিজ্ঞানধৰ্মী ছবি নিৰ্মাণত লাগিছে। মনোমুগ্ধকৰ পৰিৱেশ-ৰচনা আৰু অতুলনীয় আদৱ-কায়দাৰে কাল্পনিক চৰিত্ৰৰ সৃষ্টি কৰি এই ছবিসমূহে অগণন বিশ্ববাসীৰ চকুত চমকনি তুলিছে। ক্ৰিষ্টোফাৰ নলানৰ দৰে বুধিয়ক ছবি-নিৰ্মাতাই নিত্য-নতুন বিষয়বস্তুৰে সমৃদ্ধ অনন্য-সুন্দৰ ছবি দৰ্শৰ্কৰ বাবে আগবঢ়াই দিছে। কিন্তু পিছ পৰি ৰৈছে আমাৰ ভাৰত। দুই-এখন ভৰিতীয় ছবিত কল্প-বিজ্ঞানৰ সামান্য পৰশ পৰিছে যদিও এখন ‘বিশুদ্ধ কল্প-বিজ্ঞানধৰ্মী ছবি’ চাবলৈ আমি চাগে আৰু কেইটামান দশক ৰ’ব লাগিব। আশা কৰিছোঁ সেই দিনটো সোনকালে আহক। অনতিপলমে এখন বিশুদ্ধ কল্প-বিজ্ঞানধৰ্মী বলিউদী ছবি ভাৰতীয় দৰ্শকে চাবলৈ পাওক।

 এতিয়া আহোঁ আচল কথালৈ। মানে এই ই-বুকখনৰ কথালৈ। ‘বিজ্ঞান আৰু বোলছবি’ শীৰ্ষক নামধাৰী এই ই-বুকখনৰ জন্ম-কাহিনীৰ বিষয়ে ক’বলৈ হ’লে ২০১৬ চনৰ শেষৰফাললৈ আমি ওভতনি-যাত্ৰা কৰিব লাগিব। বিগত সপ্তাহটোত লেপটপত উপভোগ কৰা দুখনমান ছবিৰ বিষয়ে ফে’চবুকতে এটা চমু টোকা লিখিছিলোঁ। গভীৰতাবিহীন ফাং-ফুং টোকা। তাৰে এখন ছবিৰ কাহিনীত বিজ্ঞানৰ সামান্য পৰশ আছিল। যি কি নহওক; লিখি কৰি আৰামত শুই আছোঁ। খন্তেক পিছতে ফে’চবুকৰ বাৰ্তা-বাকচত এটা বাৰ্তা লাভ কৰিলোঁ। প্ৰেৰক পংকজ জ্যোতি মহন্ত। তেওঁ গহীন সুৰত কৈছে-তোমাৰ দহখন প্ৰিয় কল্প-বিজ্ঞানধৰ্মী ছবিৰ বিষয়ে লিখিবাচোন৷ গণিত চ’ৰাত দিম। অলপ দীঘলীয়াকৈ লিখিবা৷’ গণিত চ’ৰা (gonitsora.com, as.gonitsora.com) হ’ল গণিত তথা বিজ্ঞান বিষয়ক এখন দ্বিভাষিক অনলাইন আলোচনী। বাৰু, মহন্তদাৰ কথা শনি মই বিপাঙত পৰিলোঁ। বোলোঁ-সৰ্বনাশ। এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ পাল। কল্প-বিজ্ঞানধৰ্মী ছবি চাই ভাল পাওঁ-সেইটো ধ্ৰুৱ সত্য। কিন্তু ভালপোৱা প্ৰমাণ কৰিবলৈ এতিয়া কল্প-বিজ্ঞানধৰ্মী ছবিৰ বিষয়ে লিখিবলৈ যাম! এইটোতো ভয়ংকৰ বিপদজনক কথা। তাকো এখন-দুখন নহয়, দহখন। তাকো চুটিকৈ নহয়, দীঘলকৈ। এইবোৰতকৈও ডাঙৰ বিড়ম্বনাটো হ'ল আজিলৈকে চোৱা অতবোৰ কল্পবিজ্ঞানধৰ্মী ছবিৰ মাজৰ পৰা বাছি বাছি দহখন বিচাৰি উলিউৱাটো। ভালেমানপৰ চিন্তামণিক চিন্তা কৰিবলৈ লগালোঁ। সি ভাবিলে। ভালকৈয়ে ভাবিলে। ভাবি-চিন্তি সি শেষত কৰিলে কি;শংকা, সংকোচ, দ্বিধা, সন্দেহ, আত্মবিশ্বাসহীনতা-এই গোটেইবোৰকে লঠিয়াই-গুৰিয়াই মন-মগজুৰ পৰা বাহিৰ কৰি দিলে আৰু মহন্তদাৰ বাৰ্তাবাকচত মোৰ হতুৱাই ৰিপ্লাই লিখোৱালে-“চেষ্টা কৰিম” সেই যে ক’লোঁ ‘চেষ্টা কৰিম’; তাৰপিছত ছমাহমান চেষ্টা কৰিয়েই কটালোঁ। মানুহে কয় চেষ্টাৰ অসাধ্য একো নাই। কথাষাৰ মিছা নহয় দিয়ক। অ’ৰ-ত’ৰ পৰা কিবা- কিবি তথ্য-পাতি গোটাই-মেলি, মগজুৰ ঘোঁৰা দৌৰাই দৌৰাই, ছবিকেইখন উৰাই-ঘূৰাই চাই এখন-দুখনকৈ দহখন ছবিৰ বিষয়ে লিখিবলৈ লাগিলোঁ। চিন্তাৰ প্ৰক্ৰিয়াটো চলি থাকোঁতেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। দহখন ছবিৰ তালিকাত কেৱল কল্প-বিজ্ঞানধৰ্মী ছবিয়েই উল্লেখ নকৰি প্ৰখ্যাত বিজ্ঞানীৰ জীৱন-আধাৰিত দুখনমান ছবিৰ বিষয়েও লিখা উচিত। উদ্দেশ্য আছিল- ইয়াৰ জৰিয়তে মহান বিজ্ঞানীকেইগৰাকীৰ কৰ্ম আৰু জীৱনক স্পৰ্শ কৰাটো।পাৰিলে দুই-এজন উৎসাহী পাঠকক বিজ্ঞানীদুজনৰ বিষয়ে অৱগত কৰোৱাটো। মহন্তদায়েও হয়ভৰ দিলে। উদ্দেশ্যটোক বাস্তৱায়িত কৰিবলৈ যাওঁতে সামান্য কষ্ট হ'ল যদিও গোটেই কামটো সমাপ্ত হ’লত মনত মহা ফুৰ্তি মিলিল। পংকজদাক ধন্যবাদ দি এই লিখনি-পৰ্ব সামৰিলোঁ। এতিয়া দুদিনমান ভালদৰে উশাহ ল’ম। পিছে মোৰেই দুৰ্কপাল। এপষেকমানৰ পিছতেই ছাৰে হোৱাটছ্এপত চিৰপৰিচিত গহীন সুৰটোতেই ক’লে-“দহখন ছবিৰে এখন ই-বুক কৰা।” মই বোলোঁ-হে হৰি! এখেতে পিছ নেৰিবই নেকি! পিছে মনৰ কথা মনতেই থাকিল। তেখেতক উত্তৰ দিলোঁ-“ঠিক আছে।” দুদিন পিছত ই-বুকৰ বেটুপাত আৰু সূচীপত্ৰ ডিজাইন কৰি ‘পৃথিৱী-বিখ্যাত এলেহুৱা’ৰ ৰূপ ধাৰণ কৰি কেইবাদিনলৈকে তাপ মাৰি থাকিলোঁ। হঠাতে ৬ জুনৰ নিশা প্ৰায় এঘাৰটা বজাত অহা এটা মেছেজে মোৰ আৰামদায়ক জীৱনৰ ওপৰত পানী ঢালি দিলে। “কি হ’ল? ই-বুকৰ কি হ’ল?” মই থতমত খালোঁ৷ পিছমুহূৰ্ততে সন্দেহাতীত আত্মবিশ্বাসৰে উত্তৰ দিলোঁ-“সব হ’ব।”  তাৰপিছত কাহিনী শেষ। ‘হ’ব’ বুলি কোৱাৰ পিছদিনাই ই-বুকৰ কামত ধৰিলোঁ। মৰণপণ কৰিলোঁ- এইবাৰ শেষ কৰিমেই।

 হ’লগৈ যেনিবা। কিবাপ্ৰকাৰে কামটো হ’লগৈ। এতিয়া দুটামান ঘাঁই কথা। ছবিবোৰৰ বিষয়ে লিখোঁতে ইণ্টাৰনেটত উপলব্ধ কেইবাটাও প্ৰবন্ধৰ সহায় লোৱা হৈছে (বিশেষকৈ ৱিকিপিডিয়াৰ)। বিজ্ঞানীসকলৰ বিষয়ে অধ্যয়ন কৰোঁতে এ.এন.কোঠাৰে, সুধাংশু এচ, পালচুলে, এস.এম. পাৰেখ অৰুি এম.পি. নৱলকৰাৰৰ দ্বাৰা লিখিত; ড° শিৱনাথ বৰ্মন আৰু ৰবীন্দ্ৰ কুমাৰ দাসৰ দ্বাৰা অসমীয়ালৈ অনূদিত ‘বিজ্ঞান আৰু বিজ্ঞানী’ (প্ৰকাশক-নেশ্যনেল বুক ট্ৰাষ্ট,ইণ্ডিয়া) আৰু ড° শিৱনাথ বৰ্মনে লিখা ‘বিশ্বৰ বৰেণ্য বিজ্ঞানী’ (প্ৰকাশক-জ্যোতি প্ৰকাশন) নামৰ গ্ৰন্থ দুখনৰ সহায় লৈছিলোঁ। লেখকসকললৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গণিত চ’ৰাৰ সহ-প্ৰতিষ্ঠাপক মঞ্জিল শইকীয়াৰ লগতে গণিত চ’ৰাৰ সমূহ কৰ্মৰ্কতাকো এই ছেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

 সমালোচকৰ দৃষ্টিৰে নহয়, এজন সাধাৰণ দৰ্শকৰ দৃষ্টিৰেহে ছবিকেইখনৰ বিষয়ে এক কাহিনীভিত্তিক আলোচনা লিখিবলৈ প্ৰয়াস কৰা হৈছে। তাকে কৰিবলৈ যাওঁতে অনিচ্ছাসত্ত্বেও অনেক ত্ৰুটি-বিচ্যুতি হ’ব পাৰে। তাৰ বাবে আগতীয়াকৈ ক্ষমাপ্ৰাৰ্থনা মাগিলোঁ। ধন্যবাদেৰে-

ঈশান জ্যোতি বৰা
নগাঁও
ভ্ৰাম্যভাষ-৯৪০১৪৪১০৪৪