সমললৈ যাওক

বিজ্ঞান আৰু বোলছবি

ৱিকিউৎসৰ পৰা
[  ]

বিজ্ঞান আৰু বোলছবি
বিজ্ঞান-প্ৰযুক্তি আৰু বোলছবি বিষয়ক দহখন ছবিৰ কথাৰে

ঈশান জ্যোতি বৰা

[  ]
 

©২০১৭, ঈশান জ্যোতি বৰা

 
 

This work is licensed under a Creative Commons Attribution-ShareAlike 4.0
International License.

 

Published online by Gonit Sora.

 

[  ]

“Every science fiction movie I have ever seen, any one that's worth its weight in celluloid, warns us about things that ultimately come true.”

-Steven Spielberg

 হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ হোৱাৰ দিনা দেউতাই আমাক দেখুৱাবলৈ দুখন ছিনেমাৰ চিডি লৈ আহিল। এখন আছিল ‘আনাকোণ্ডা’ আৰু আনখন আছিল ‘জুৰাছিক পাৰ্ক’। ইয়াৰ আগলৈকে ঘৰত থকা চিডিটোত আমি কেৱল অসমীয়া আৰু হিন্দী ছবিহে চাইছিলোঁ। হলিউডৰ ছবিৰ লগত তেতিয়ালৈকে পৰিচয় ঘটা নাছিল। দুই-এখন ছবিৰ নাম শুনিছিলোঁ যদিও স্বচক্ষে উপভোগ কৰাৰ অভিজ্ঞতা হোৱা নাছিল। সেইদিনা এই দুয়োখন ছবিয়ে আমাৰ চকুৰ আগত কল্পনা, উৎসুকতাৰে পূৰ্ণ, ৰহস্যাবৃত এখন নতুন দুৱাৰ মুকলি কৰি দিলে। কেইদিনমানৰ পিছত চালোঁ ‘গডজিলা’ নামৰ ছবিখন। তিনিওখন ছবিৰ কাৰুকাৰ্যখচিত কাহিনী আৰু বিস্ময়কৰ উপস্থাপন-ৰীতিয়ে আমাক ইমানেই মোহাচ্ছন্ন কৰি পেলাইছিল যে তাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ আজিও তৰি স্মৃতি মানস-পটত ভাঁহি আছে। কেইবছৰমানৰ পিছতহে গম পালোঁ যে এনেধৰণৰ ছবিক ‘কল্প-বিজ্ঞানধৰ্মী’ ছবি হিচাপে অভিহিত কৰা হয়। কোৱাটো নিষ্প্ৰয়োজন যে,মানুহৰ অন্তহীন কল্পনাশক্তি আৰু বিজ্ঞান তথ্য প্ৰযুক্তিবিদ্যাৰ অভিনৱ সংমিশ্ৰণত জীৱন্ত হৈ উঠা এই ছবিবোৰৰ মই ক’ব নোৱাৰাকৈয়ে এজন ‘ফেন’ হৈ পৰিলোঁ।

 তাৰ পিছত কেইবছৰমানৰ পিছত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিবলৈ আহি ব্যক্তিগত হোষ্টেলত থাকিবলৈ ল’লোঁ। লেপটপটো কিনাৰ পিছত আৰু ইণ্টাৰনেটৰ সুবিশাল পৃথিৱীখনৰ লগত সৌজন্যসূচক পৰিচয় হোৱাৰ পিছত লেপটপৰ হাৰ্ড দ্ৰাইভলৈ বেটমেন, স্পাইডাৰমেন, ছুপাৰমেন, আইৰন মেন, এক্সমেন, মেট্ৰিক্স, ট্ৰেন্সফৰ্মাছ্ ইত্যাদি অসংখ্য ছবিৰ সোঁত ব’বলৈ ধৰিলে। যিহেতু মোৰ দৰে মোৰ বন্ধুমহলৰ অধিকাংশই হলিউডৰ কল্প-বিজ্ঞানধৰ্মী ছবিবোৰৰ অনুৰাগী আছিল, গতিকে তেনেধৰণৰ ছবিৰ বাবে বৰ বেছি হাবাথুৰি খাবলগীয়া নহৈছিল। আৰু এনেকৈয়ে কল্প-বিজ্ঞানধৰ্মী ছবিৰ প্ৰতি থকা কৌতূহল আৰু অনুসন্ধিৎসা নিবৃত্ত কৰি থাকিলোঁ।

 পাৰ হৈ যোৱা সময়ত কল্প-বিজ্ঞানধৰ্মী ছবিবোৰৰ ৰূপ-ৰং আৰু সৌন্দৰ্যৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে। প্ৰযুক্তি-বিদ্যাৰো চৰম বিকাশ সাধন হৈছে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চিত্ৰ-নিৰ্মাতাসকলে বিশাল বাজেটৰ কল্প- বিজ্ঞানধৰ্মী ছবি নিৰ্মাণত লাগিছে। মনোমুগ্ধকৰ পৰিৱেশ-ৰচনা আৰু অতুলনীয় আদৱ-কায়দাৰে কাল্পনিক চৰিত্ৰৰ সৃষ্টি কৰি এই ছবিসমূহে অগণন বিশ্ববাসীৰ চকুত চমকনি তুলিছে। ক্ৰিষ্টোফাৰ নলানৰ দৰে বুধিয়ক ছবি-নিৰ্মাতাই নিত্য-নতুন বিষয়বস্তুৰে সমৃদ্ধ অনন্য-সুন্দৰ ছবি দৰ্শৰ্কৰ বাবে আগবঢ়াই দিছে। কিন্তু পিছ পৰি ৰৈছে আমাৰ ভাৰত। দুই-এখন ভৰিতীয় ছবিত কল্প-বিজ্ঞানৰ সামান্য পৰশ পৰিছে যদিও এখন ‘বিশুদ্ধ কল্প-বিজ্ঞানধৰ্মী ছবি’ চাবলৈ [  ] আমি চাগে আৰু কেইটামান দশক ৰ’ব লাগিব। আশা কৰিছোঁ সেই দিনটো সোনকালে আহক। অনতিপলমে এখন বিশুদ্ধ কল্প-বিজ্ঞানধৰ্মী বলিউদী ছবি ভাৰতীয় দৰ্শকে চাবলৈ পাওক।

 এতিয়া আহোঁ আচল কথালৈ। মানে এই ই-বুকখনৰ কথালৈ। ‘বিজ্ঞান আৰু বোলছবি’ শীৰ্ষক নামধাৰী এই ই-বুকখনৰ জন্ম-কাহিনীৰ বিষয়ে ক’বলৈ হ’লে ২০১৬ চনৰ শেষৰফাললৈ আমি ওভতনি-যাত্ৰা কৰিব লাগিব। বিগত সপ্তাহটোত লেপটপত উপভোগ কৰা দুখনমান ছবিৰ বিষয়ে ফে’চবুকতে এটা চমু টোকা লিখিছিলোঁ। গভীৰতাবিহীন ফাং-ফুং টোকা। তাৰে এখন ছবিৰ কাহিনীত বিজ্ঞানৰ সামান্য পৰশ আছিল। যি কি নহওক; লিখি কৰি আৰামত শুই আছোঁ। খন্তেক পিছতে ফে’চবুকৰ বাৰ্তা-বাকচত এটা বাৰ্তা লাভ কৰিলোঁ। প্ৰেৰক পংকজ জ্যোতি মহন্ত। তেওঁ গহীন সুৰত কৈছে-তোমাৰ দহখন প্ৰিয় কল্প-বিজ্ঞানধৰ্মী ছবিৰ বিষয়ে লিখিবাচোন৷ গণিত চ’ৰাত দিম। অলপ দীঘলীয়াকৈ লিখিবা৷’ গণিত চ’ৰা (gonitsora.com, as.gonitsora.com) হ’ল গণিত তথা বিজ্ঞান বিষয়ক এখন দ্বিভাষিক অনলাইন আলোচনী। বাৰু, মহন্তদাৰ কথা শনি মই বিপাঙত পৰিলোঁ। বোলোঁ-সৰ্বনাশ। এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ পাল। কল্প-বিজ্ঞানধৰ্মী ছবি চাই ভাল পাওঁ-সেইটো ধ্ৰুৱ সত্য। কিন্তু ভালপোৱা প্ৰমাণ কৰিবলৈ এতিয়া কল্প-বিজ্ঞানধৰ্মী ছবিৰ বিষয়ে লিখিবলৈ যাম! এইটোতো ভয়ংকৰ বিপদজনক কথা। তাকো এখন-দুখন নহয়, দহখন। তাকো চুটিকৈ নহয়, দীঘলকৈ। এইবোৰতকৈও ডাঙৰ বিড়ম্বনাটো হ'ল আজিলৈকে চোৱা অতবোৰ কল্পবিজ্ঞানধৰ্মী ছবিৰ মাজৰ পৰা বাছি বাছি দহখন বিচাৰি উলিউৱাটো। ভালেমানপৰ চিন্তামণিক চিন্তা কৰিবলৈ লগালোঁ। সি ভাবিলে। ভালকৈয়ে ভাবিলে। ভাবি-চিন্তি সি শেষত কৰিলে কি;শংকা, সংকোচ, দ্বিধা, সন্দেহ, আত্মবিশ্বাসহীনতা-এই গোটেইবোৰকে লঠিয়াই-গুৰিয়াই মন-মগজুৰ পৰা বাহিৰ কৰি দিলে আৰু মহন্তদাৰ বাৰ্তাবাকচত মোৰ হতুৱাই ৰিপ্লাই লিখোৱালে-“চেষ্টা কৰিম” সেই যে ক’লোঁ ‘চেষ্টা কৰিম’; তাৰপিছত ছমাহমান চেষ্টা কৰিয়েই কটালোঁ। মানুহে কয় চেষ্টাৰ অসাধ্য একো নাই। কথাষাৰ মিছা নহয় দিয়ক। অ’ৰ-ত’ৰ পৰা কিবা- কিবি তথ্য-পাতি গোটাই-মেলি, মগজুৰ ঘোঁৰা দৌৰাই দৌৰাই, ছবিকেইখন উৰাই-ঘূৰাই চাই এখন-দুখনকৈ দহখন ছবিৰ বিষয়ে লিখিবলৈ লাগিলোঁ। চিন্তাৰ প্ৰক্ৰিয়াটো চলি থাকোঁতেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। দহখন ছবিৰ তালিকাত কেৱল কল্প-বিজ্ঞানধৰ্মী ছবিয়েই উল্লেখ নকৰি প্ৰখ্যাত বিজ্ঞানীৰ জীৱন-আধাৰিত দুখনমান ছবিৰ বিষয়েও লিখা উচিত। উদ্দেশ্য আছিল- ইয়াৰ জৰিয়তে মহান বিজ্ঞানীকেইগৰাকীৰ কৰ্ম আৰু জীৱনক স্পৰ্শ কৰাটো।পাৰিলে দুই-এজন উৎসাহী পাঠকক বিজ্ঞানীদুজনৰ বিষয়ে অৱগত কৰোৱাটো। মহন্তদায়েও হয়ভৰ দিলে। উদ্দেশ্যটোক বাস্তৱায়িত কৰিবলৈ যাওঁতে সামান্য কষ্ট হ'ল যদিও গোটেই কামটো সমাপ্ত হ’লত মনত মহা ফুৰ্তি মিলিল। পংকজদাক ধন্যবাদ দি এই লিখনি-পৰ্ব সামৰিলোঁ। এতিয়া দুদিনমান ভালদৰে উশাহ ল’ম। পিছে মোৰেই দুৰ্কপাল। এপষেকমানৰ পিছতেই ছাৰে হোৱাটছ্এপত চিৰপৰিচিত গহীন সুৰটোতেই ক’লে-“দহখন ছবিৰে এখন ই-বুক কৰা।” মই বোলোঁ-হে হৰি! এখেতে পিছ নেৰিবই নেকি! পিছে মনৰ কথা মনতেই থাকিল। তেখেতক উত্তৰ দিলোঁ-“ঠিক আছে।” দুদিন পিছত ই-বুকৰ বেটুপাত আৰু সূচীপত্ৰ ডিজাইন কৰি ‘পৃথিৱী-বিখ্যাত এলেহুৱা’ৰ ৰূপ ধাৰণ কৰি কেইবাদিনলৈকে তাপ মাৰি থাকিলোঁ। হঠাতে ৬ জুনৰ নিশা প্ৰায় এঘাৰটা বজাত অহা এটা মেছেজে মোৰ আৰামদায়ক জীৱনৰ ওপৰত পানী ঢালি দিলে। “কি হ’ল? ই-বুকৰ কি হ’ল?” মই থতমত খালোঁ৷ পিছমুহূৰ্ততে সন্দেহাতীত আত্মবিশ্বাসৰে উত্তৰ দিলোঁ-“সব হ’ব।” [  ]  তাৰপিছত কাহিনী শেষ। ‘হ’ব’ বুলি কোৱাৰ পিছদিনাই ই-বুকৰ কামত ধৰিলোঁ। মৰণপণ কৰিলোঁ- এইবাৰ শেষ কৰিমেই।

 হ’লগৈ যেনিবা। কিবাপ্ৰকাৰে কামটো হ’লগৈ। এতিয়া দুটামান ঘাঁই কথা। ছবিবোৰৰ বিষয়ে লিখোঁতে ইণ্টাৰনেটত উপলব্ধ কেইবাটাও প্ৰবন্ধৰ সহায় লোৱা হৈছে (বিশেষকৈ ৱিকিপিডিয়াৰ)। বিজ্ঞানীসকলৰ বিষয়ে অধ্যয়ন কৰোঁতে এ.এন.কোঠাৰে, সুধাংশু এচ, পালচুলে, এস.এম. পাৰেখ অৰুি এম.পি. নৱলকৰাৰৰ দ্বাৰা লিখিত; ড° শিৱনাথ বৰ্মন আৰু ৰবীন্দ্ৰ কুমাৰ দাসৰ দ্বাৰা অসমীয়ালৈ অনূদিত ‘বিজ্ঞান আৰু বিজ্ঞানী’ (প্ৰকাশক-নেশ্যনেল বুক ট্ৰাষ্ট,ইণ্ডিয়া) আৰু ড° শিৱনাথ বৰ্মনে লিখা ‘বিশ্বৰ বৰেণ্য বিজ্ঞানী’ (প্ৰকাশক-জ্যোতি প্ৰকাশন) নামৰ গ্ৰন্থ দুখনৰ সহায় লৈছিলোঁ। লেখকসকললৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গণিত চ’ৰাৰ সহ-প্ৰতিষ্ঠাপক মঞ্জিল শইকীয়াৰ লগতে গণিত চ’ৰাৰ সমূহ কৰ্মৰ্কতাকো এই ছেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

 সমালোচকৰ দৃষ্টিৰে নহয়, এজন সাধাৰণ দৰ্শকৰ দৃষ্টিৰেহে ছবিকেইখনৰ বিষয়ে এক কাহিনীভিত্তিক আলোচনা লিখিবলৈ প্ৰয়াস কৰা হৈছে। তাকে কৰিবলৈ যাওঁতে অনিচ্ছাসত্ত্বেও অনেক ত্ৰুটি-বিচ্যুতি হ’ব পাৰে। তাৰ বাবে আগতীয়াকৈ ক্ষমাপ্ৰাৰ্থনা মাগিলোঁ। ধন্যবাদেৰে-

ঈশান জ্যোতি বৰা
নগাঁও
ভ্ৰাম্যভাষ-৯৪০১৪৪১০৪৪

[  ]

সূচীপত্ৰ

◾আইনষ্টাইন এণ্ড এডিংটন
◾গুড উইল হাণ্টিং
◾লুচি
◾ছামথিং দা লৰ্ড মেইড
◾দা ইণ্ডিপেণ্ডেন্স ডে'
◾দা ইমিটেছন গেইম
◾দা মেন হু নিউ ইন্‌ফিনিটি
◾দা মাৰ্টিয়ান
◾দা থিয়'ৰি অৱ এভ্‌ৰিথিং
◾দা ছিক্ৰেট অৱ নিক'লা টেছলা

   


১৭
২০
২৩
২৬
৩০
৩৭
৪৯
৫৪
৬০

[  ]


“Proof is the idol before whom the pure mathematician tortures himself.”

Arthur Eddington

 এটা আলোচনাগৃহৰ পৰা ওলাই অহাৰ সময়ত এই বিশেষ মানুহজনক উদ্দেশ্যি তেওঁৰ এজন বন্ধুৱে মন্তব্য কৰিছিল-“বুজিছে, আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব মাত্ৰ তিনিজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে বুজি পায় বুলি আমি জানো।”

 বিশেষ মানুহজন সামান্য চিন্তিত হৈ পৰিল। মানুহজনে সামান্য ইতস্ততঃবোধ কৰা যেন দেখি তেওঁৰ বন্ধুজনে এইবাৰ ক’লে-“বুজিছে, প্ৰাপ্য প্ৰশংসাৰ বাবে ব্যক্তি ইমান বিনয়ী হ’ব নালাগে।”

 এইবাৰ বিশেষ মানুহজনে স্বভাৱসুলভ সৰলতাৰে সঁহাৰি জনালে- “মই কেৱল তৃতীয় ব্যক্তিগৰাকী কোন জানিব খুজিছোঁ।”

 বন্ধুজন আছিল লুডৱিক ছিলবেৰষ্টেইন। এজন পদাৰ্থবিজ্ঞানী। বিশেষ মানুহজন আছিল চাৰ আৰ্থাৰ ষ্টেনলি এডিংটন। সেইদিনা(৬ নৱেম্বৰ, ১৯১৯) ৰয়েল ছ’ছাইটিত আইনষ্টাইনৰ আপেক্ষিকতাবাদ সন্দৰ্ভত এটা সমৰ্থনসূচক বক্তৃতা আগবঢ়াই দৰ্শকসকলক চিন্তা আৰু বিস্ময়ৰ সাগৰত ডুবাই বাহিৰলৈ ওলাই আহিছিল এডিংটন। আহি থাকোঁতেই বন্ধু ছিলবেৰষ্টেইনৰ সামান্য কটাক্ষৰে ভৰা প্ৰশ্নটোৰ সন্মুখীন হৈছিল এডিংটন। আপেক্ষিকতাবাদৰ মৰ্মাৰ্থ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা যি তিনিজন ব্যক্তিৰ কথা ছিলবেৰষ্টেইন উনুকিয়াইছিল, সেই তিনিজনীয়া তালিকাত তেওঁ নিজৰ নামটোকো সন্নিৱিষ্ট কৰি থৈছিল। কিন্তু এডিংটনৰ পৰা অহা আওপকীয়ামউত্তৰে তেওঁক তেওঁৰ প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত কৰিলে।

 আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা সেইসময়ৰ পৃথিৱীৰ খুব কমসংখ্যক মানুহৰ ভিতৰত অন্যতম মানুহ ছাৰ [  ] আৰ্থাৰ ষ্টেনলি এডিংটনে যৌৱনৰ প্ৰথম সময়ছোৱাতে ৰয়েল গ্ৰিনৱিছ বীক্ষণাগাৰত মুখ্য সহকাৰী হিচাপে নিযুক্তি পাইছিল। সেইসময়ত জ্যোতিৰ্বিজ্ঞানীৰ আকাল নাছিল। কিন্তু প্ৰখৰ মেধাসম্পন্ন এডিংটনক যিটো বিষয়ৰ শিক্ষাই সমসাময়িক জ্যোতিৰ্বিজ্ঞানীসকলৰ পৰা পৃথক কৰিছিল সেই বিষয়টো আছিল ‘অংক’। প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাময় পৰিৱেশৰ মাজত ইংলেণ্ড আৰু জাৰ্মানীৰ মাজত যি এক প্ৰতিশোধমূলক আৰু ঘৃণাসূচক সম্বন্ধই থিতাপি লৈছিল, সেই সম্বন্ধক নেওচি এডিংটনে যি উদাৰনৈতিক দৃষ্টিভংগীৰে উদ্বুদ্ধ হৈ যুদ্ধবিধ্বস্ত সময়ত বৰণহীন হৈ পৰা ৰাজনৈতিক, সামাজিক আনকি বৈজ্ঞানিক মহলৰো বাধা-নিষেধাজ্ঞা প্ৰতিহত কৰি জাৰ্মান বিজ্ঞানী আইনষ্টাইনৰ যুগান্তকাৰী তত্ত্বটোৰ গৱেষণা কৰিবলৈ মন মেলিছিল, তেনে এটা দৃষ্টিভংগীৰে পৰিচালিত হৈ আগবাঢ়ি অহা ব্ৰিটিছ বিজ্ঞানীও সেইসময়ত কোনো নাছিল। তাৰ পৰিৱৰ্তে উচ্চবৰ্গীয় বিজ্ঞানীমহলে নিউটনৰ প্ৰচলিত ধাৰণাটোকহে পুনঃপ্ৰতিষ্ঠা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

 ২০০৮ চনৰ ২২ নৱেম্বৰত ‘বিবিচি টু’যোগে সম্প্ৰচাৰিত হোৱা “আইনষ্টাইন এণ্ড এডিংটন” (Einstein and Eddington) নামৰ ছবিখনে এডিংটন নামৰ তুলনামূলকভাৱে কম পৰিচিত বিজ্ঞানীজনৰ জীৱন আৰু কৰ্মৰ সৈতে বিশ্বৰ দৰ্শকসমাজৰ লগত পৰিচয় কৰাই দিলে আৰু আইনষ্টাইনৰ বিখ্যাত আপেক্ষিকতাবাদৰ সূত্ৰক সবলভাৱে প্ৰতিষ্ঠা কৰাৰ আঁৰত যে এডিংটন নামৰ জ্যোতিৰ্বিজ্ঞানীজনৰ অসামান্য চিন্তা, পৰিশ্ৰম আৰু অধ্যৱসায় জড়িত হৈ আছে-সেইয়া পুঙ্খানুপুঙ্খভাৱে দেখুৱালে।

 অত্যাধুনিক সা-সঁজুলিৰে পূৰ্ণ ৰয়েল এষ্ট্ৰনমিকেল ছ’ছাইটিৰ নামাংকিত বিয়াগোম কেইটামান বাকচ ৰছীৰ সহায়েৰে টানি টানি পাহাৰৰ চূড়ালৈ উঠোৱাৰ কষ্টসাধ্য দৃশ্য এটাৰে ছবিখনৰ আৰম্ভণি ঘটিছে। ১৯১৯ চনৰ এটা ফৰকাল পুৱাৰ ঘটনা। আকাশৰ পৰা প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকা আৰু কুহেলিকা ইতিমধ্যে মাৰ গৈছিল। এডিংটন আৰু তেওঁৰ বিশ্বস্ত বন্ধু তথা সহকৰ্মী ডাইছন পশ্চিম আফ্ৰিকাৰ এক দুৰ্গম এলেকাত। বিজ্ঞানী আইনষ্টাইনে আৱিষ্কাৰ কৰা আৰু ইতিমধ্যেই চৰ্চা লাভ কৰা বিশেষ তত্ত্বটোৰ সত্যাসত্য নিৰূপণ কৰাটোৱেই আছিল তেওঁলোকৰ এই যাত্ৰাৰ মূল উদ্দেশ্য।

 নিউটনৰ দ্বাৰা প্ৰতিষ্ঠিত মধ্যাকৰ্ষণৰ ধাৰণাটোৱে আইনষ্টাইনক আশ্বস্ত কৰিব পৰা নাছিল। প্ৰচলিত ধাৰণাটোৰ প্ৰতি জন্মা অসন্তুষ্টিয়েই আইনষ্টাইনক আপেক্ষিকতাবাদৰ বিশেষ তত্ত্বটো আৱিষ্কাৰ কৰিবলৈ একপ্ৰকাৰ অনুপ্ৰাণিত কৰিছিল। আৰু আপেক্ষিকতাবাদ এই তত্ত্বকে মূলধন হিচাপে লৈ ব্ৰহ্মাণ্ডৰ ৰহস্য অন্বেষণ কৰিবলৈ আইনষ্টাইন আগবাঢ়ি আহিছিল৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তাত্ত্বিক ধাৰণাটোৰ বিশ্বাসযোগ্যতা, সত্যতা আৰু নিৰ্ভৰশীলতা প্ৰমাণ কৰাৰ উৎকৃষ্ট পথ আছিল এটা সূৰ্যগ্ৰহণ। ১৯১৯ চনৰ মে’ৰ সূৰ্যগ্ৰহণ। আইনষ্টাইনৰ সূত্ৰানুযায়ী-সূৰ্যক বেৰি থকা থকা নক্ষত্ৰকেইটাই নিৰ্গত কৰা পোহৰ ৰশ্মি সৰলৰৈখিক নহয়, ইয়াৰ গতিৰ তাৰতম্য ঘটে। অৰ্থাৎ সেই ৰশ্মিবোৰৰ পূৰ্বৰ স্থান সামান্যপৰিমাণে সলনি হয়৷ ইয়াৰ কাৰণ হ’ল পৃথিৱীৰ মহাকৰ্ষণিক ক্ষেত্ৰ। পিছে পোহৰৰ ৰশ্মি বেঁকা হোৱাৰ দৃশ্যৰাজি সাধাৰণ দিন এটাত লক্ষ্য কৰিব নোৱাৰি। সূৰ্যৰ উজ্জ্বলতম পোহৰৰ বাবে সেই নক্ষত্ৰকেইটাৰ পৰিষ্কাৰ ৰূপ এটা দৃশ্যমান হ’ব নোৱাৰে। সেইয়া সম্ভৱ মাথোঁ সূৰ্যগ্ৰহণ [ ১০ ] সময়ত, যেতিয়া সূৰ্যৰ পোহৰৰ তীব্ৰতা যথেষ্ট পৰিমাণে হ্ৰাস পাব আৰু সূৰ্যৰ চৌদিশে থকা নক্ষত্ৰকেইটা দৃশ্যমান হ’ব।

 নক্ষত্ৰৰ পোহৰ বেঁকা হৈ যোৱা দৃশ্য ফটোগ্ৰাফিক প্লেটত ধৰি ৰখাৰ আকাংক্ষাৰেই আৰ্থাৰ এডিংটন আৰু তেওঁৰ বন্ধু ডাইছন উপস্থিত হৈছিলগৈ পশ্চিম আফ্ৰিকাৰ প্ৰিন্সিপেই (PRINCIPE) নামৰ ঠাইডোখৰত। তেওঁলোকৰ কষ্ট সাৰ্থক হৈছিল। নিউটনৰ প্ৰতিষ্ঠিত ধাৰণাক একাষৰীয়া কৰি আইনষ্টাইনৰ আপেক্ষিকতাবাদে নিশাটোৰ ভিতৰতে খ্যাতিৰ শিখৰত আৰোহণ কৰিছিল। কোৱাটো নিষ্প্ৰয়োজন, ছাৰ অৰ্থাৰ এডিংটনে অশেষ কষ্ট স্বীকাৰ কৰি, নিউটনীয়ান ধাৰণাৰ অন্ধ সমৰ্থকসকলৰ বিৰোধিতা উফৰাই, প্ৰতিকূলতাক প্ৰত্যাহ্বান জনাই এই দুৰ্গম ঠাইত আপেক্ষিকতাবাদৰ পৰীক্ষামূলক পৰ্যবেক্ষণটো নকৰাহেঁতেন আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই বিশ্বব্যাপি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰু কেইদশকমান ৰ’ব লাগিলহেঁতেন।

 এডিংটনৰ জন্ম হৈছিল ১৮৮২ চনত বৰ্তমানে কাম্ব্ৰিয়া নামে জনাজাত, ইংলেণ্ডৰ এখন ঠাইত। দেউতাক অৰ্থাৰ হেৰি এডিংটন আছিল কোৱেকাৰ (Quaker) বিদ্যালয়ৰ প্ৰধান শিক্ষক। কোৱেকাৰ হৈছে জৰ্জ ফক্স নামৰ ব্যক্তি এজনে প্ৰতিষ্ঠা কৰা এটা ধাৰ্মিক বিশ্বাস। কোৱেকাৰসকল হিংসা-যুদ্ধৰ বিৰোধী আৰু শান্তি, মৈত্ৰীৰ পৃষ্ঠপোষক। তেনে এটা শান্তিপ্ৰিয় পৰিয়ালতে জন্ম লৈছিল এডিংটনে। এডিংটনৰ মাকৰ নাম ছৰি এন স্বাউট।

 পঢ়া-শুনাত এডিংটনে সৰুৰেপৰাই আগবঢ়া আছিল। প্ৰখৰ মেধা আৰু বুদ্ধিমত্তাৰ গৰাকী শিশু এডিংটন গণিত আৰু ইংৰাজী সাহিত্যত অত্যন্ত পাৰদৰ্শী আছিল। ১৮৯৮ চনত এটা জলপানি লাভ কৰি এডিংটন মানচেষ্টাৰৰ ওৱেনছ্ কলেজলৈ পঢ়িবলৈ যায়। পদাৰ্থ বিজ্ঞান আৰু গণিতৰ শিক্ষক ক্ৰমে আৰ্থাৰ হাষ্টাৰ (Arthur Schuster) আৰু হৰেচ লেম্বে (Horace Lamb) এডিংটনক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল। ১৯০২ চনত তেওঁ প্ৰথম শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। স্মৰণযোগ্য যে, তীক্ষ্ণধী ছাত্ৰ এডিংটনে শিক্ষাগ্ৰহণ কালছোৱাত কেইবাটাও জলপানি লাভ কৰিছিল।

 ১৯০৫ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনৰ ত্ৰিনিটি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এডিংটনে ‘Thermionic Emission' বিষয়ত [ ১১ ] গৱেষণা আৰম্ভ কৰে। অৱশ্যে এডিংটনে গৱেষণাত আকাংক্ষিত ফল নাপালে।

 এডিংটনৰ জীৱনৰ এটা সোণালী অধ্যায়ৰ সূচনা ঘটাইছিল জ্যেষ্ঠ সহকৰ্মী ই.টি হুইটেকাৰে (E. T. Whittaker)। তেওঁ গ্ৰীণৱিছ ৰয়েল বীক্ষণাগাৰলৈ এখন পৰামৰ্শসূচক পত্ৰ প্ৰেৰণ কৰিছিল যত এডিংটনৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছিল আৰু বীক্ষণাগাৰৰ এটা বিশেষ পদত এডিংটনক মকৰল কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। পত্ৰত উল্লিখিত ব্যক্তিজনৰ কৰ্ম, পাণ্ডিত্যৰ গুৰুত্ব উপলব্ধি কৰি বীক্ষণাগাৰত এডিংটনক নিয়োজিত কৰা হ'ল।

 ১৯০৬ চনত এডিংটনে ৰয়েল গ্ৰীণৱিছ বীক্ষণাগাৰৰ মুখ্য সহকাৰীৰ পদত নিযুক্তি পালে। এডিংটনে পৰৱৰ্তী মাহতে গ্ৰীণৱিছলৈ ৰাওনা হ’ল। ১৯০০ চনতে আৰম্ভ হোৱা এটা বিশেষ বিষয়ত এডিংটনে বিস্তৰ অধ্যয়ণ আৰ বিশ্লেষণ কৰাত লাগিল। এই অধ্যয়নৰ অন্তত উদ্ভাৱন কৰা নতুন পাৰিসাংখ্যিক প্ৰক্ৰিয়াটোৰ বাবে ১৯০৭ চনত এডিংটনক ‘স্মিথ’ পুৰস্কাৰেৰে সন্মানীত কৰা হয়।

 ১৯১২ চনত জৰ্জ ডাৰউইন(চাৰ্লছ ডাৰউইনৰ পুত্ৰ)ৰ আকস্মিক মৃত্যুৰ পিছত এডিংটনক সেই পদলৈ পদোন্নতি ঘটে। এডিংটন হৈ পৰিল জ্যোতিৰ্বিজ্ঞান অৰুি পৰীক্ষামূলক দৰ্শনৰ ‘প্লুমিয়ান অধ্যাপক’ (Plumian Professor of Astronomy and Experimental Philosophy) সেই সময়ত এডিংটনৰ বয়স আছিল ২৫ বছৰ। সেই বছৰৰে শেষৰফালে তাত্ত্বিক ‘ল’নডিন আসন’ (Theoretical Lowndean Chair)ত কাৰ্যনিৰ্বাহ কৰি থকা ৰবাৰ্ট বলৰো পৰলোকপ্ৰাপ্তি হয়। আৰু তাৰ ঠিক পিছৰটো বছৰতেই এডিংটন হৈ পৰিল কেমব্ৰিজ বীক্ষণাগাৰৰ সঞ্চালক (Director)।

 এডিংটনে জীৱনকালত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছিল। ১৯১৪ চনত এডিংটন ৰয়েল ছ’ছাইটিৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ১৯১৮ চনত ৰয়েল মেডেল লাভ কৰে। ১৯৩০ চনত এডিংটনক ‘নাইট’ সন্মানেৰে বিভূষিত কৰা হয়। ১৯৩৮ চনত প্ৰদান কৰা হয় ‘অৰ্ডাৰ অৱ মেৰিট’ বঁটা। ‘ষ্টেলাৰ মুভমেণ্টচ্ এও ষ্ট্ৰাকচাৰ অৱ দ্য ইউনভাৰচ’, ‘দা নেইচ্চাৰ অৱ দ্য ফিজিকেল ৱৰ্ল্ড’, [ ১২ ]

‘ফিলচফি অৱ ফিজিকেল চায়েন্স’ ইত্যাদিকে ধৰি কেইবাখনৌ মননশীল, বিজ্ঞানধৰ্মী গ্ৰন্থৰ লেখক এডিংটনে তৰাৰ অভ্যন্তৰভাগৰ তাত্ত্বিক অনুসন্ধান আৰু ইয়াৰ লগত জড়িত জ্যোতিৰ্বৈজ্ঞানিক পদ্ধতিৰ বিকাশ সাধনত মনোনিৱেশ কৰিছিল। এডিংটনৰ মতবাদে ক’ব খোজে যে তৰাবোৰৰ আভ্যন্তৰীণ উষ্ণতা কেইবা মিলিয়ন ডিগ্ৰী। ১৯২৪ চনত এডিংটনে তৰাৰ ভৰ-সংদীপ্তি সম্পৰ্ক’ (Mass-Luminosity Relation) আৱিষ্কাৰ কৰে, যিটো উল্লেখযোগ্য আৱিষ্কাৰে ভৱিষ্যতৰ জ্যোতিৰ্বৈজ্ঞানিক অনুসন্ধানৰ এখন নতুন দ্বাৰ মুকলি কৰি দিয়ে। এইক্ষেত্ৰত তেওঁ আগবঢ়োৱা বৰঙণিৰ প্ৰতি স্বীকৃতি জনাই তৰাৰ সংদীপ্তিৰ প্ৰাকৃতিক সীমাক (Natural Limit to the luminosity of stars) এডিংটন সীমা (Eddington Limit) হিচাপে নামাংকিত কৰা হয়। ১৯২০ চনৰ পৰা ১৯৩০ চনলৈকে এডিংটনে তেওঁৰ দ্বাৰা আৱিষ্কৃত এই আৰ্হিৰ বিকাশ আৰু সংবৰ্দ্ধনৰ কামত মনোনিৱেশ কৰে।

 এইখিনিতে এডিংটনৰ জীৱনৰ এটা বিশেষ বিতৰ্কৰ কথা উল্লেখনীয়, যিটো বিতৰ্কত সাঙোৰ খাই আছে ভাৰতীয় মূলৰ মাৰ্কিন জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ, ন’বেল বঁটা বিজয়ী সুব্ৰমণিয়াম চন্দ্ৰশেখৰৰ নামটো। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব আৰু প্ৰিন্সিপেইত আৰ্থাৰ এডিংটনৰ পৰীক্ষামূলক পৰ্যবেক্ষণে বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰাৰ পিছৰ কথা। তৰা এটাৰ ভিতৰভাগত যদি আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰ প্ৰয়োগ কৰা হয়, তেতিয়া কি হ’ব? এই বিশেষ প্ৰশ্নৰ সমাধানসূত্ৰ বিচাৰিবলৈ গৈ চন্দ্ৰশেখৰ নামৰ অপাৰ মেধাসম্পন্ন ভাৰতীয় যুৱকজনে শেষত দেখিলে যে তৰাৰ সমস্ত পোহৰ ম্লান হোৱাৰ পিছত তৰাবোৰে ক্ৰমাৎ এটা দীৰ্ঘস্থায়ী ধ্বংসমুখী পথলৈ আগবাঢ়ে আৰু শেষত মহাকাশ আৰু সময়ৰ মাজৰ এটা ফাঁকেৰে সৰকি যায়। শেষমুহূৰ্তত ই এনে এটা পৰ্যায় পায়গৈ, যাৰ মাজেৰে একোৱেই পাৰ হৈ যাব নোৱাৰে; আনকি পোহৰো। কৃষ্ণগহ্বৰৰ অস্তিত্ব সম্পৰ্কে প্ৰতিস্থাপিত আৰু প্ৰমাণিত হোৱা এইটোৱেই আছিল প্ৰথমটো গাণিতীক প্ৰমাণ, যিটো প্ৰমাণ কৰি দেখুৱাইছিল যুৱক চন্দ্ৰশেখৰে। কেমব্ৰিজত ভৰি থোৱাৰ আগতেই চন্দ্ৰশেখৰে এই তত্ত্বটো আৱিষ্কাৰ কৰিছিল। কেমব্ৰিজৰ পণ্ডিতসকলে চন্দ্ৰশেখৰৰ ধাৰণাৰ গুৰুত্ব উপলব্ধি কৰিব- এই প্ৰত্যাশা বুকুত বান্ধি চন্দ্ৰশেখৰে বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনত পদাৰ্পণ কৰিছিল। কিন্তু চন্দ্ৰশেখৰৰ আশাত চেঁচাপানী পৰিল, যেতিয়া চন্দ্ৰশেখৰৰ ধাৰণা তীক্ষ্ণধী পণ্ডিতসকলৰ সন্মুখত গুৰুত্বহীন হৈ পৰিল। সেইসময়ত আকৌ এডিংটন জনপ্ৰিয়তা আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল। কোৱাটো নিষ্প্ৰয়োজন, আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ বিখ্যাত পৰীক্ষামূলক অভিযানটোৱেই এডিংটনলৈ যশস্ব্যা আৰু খ্যাতি কঢ়িয়াই আনিছিল। ইয়াৰ উপৰিও সেইসময়ত এডিংটন ব্যস্ত আছিল কোৱাণ্টাম পদাৰ্থ বিজ্ঞান আৰু [ ১৩ ] আপেক্ষিকতাবাদৰ তত্ত্বৰ ধাৰণাক সন্মিলিত কৰি এটা যুগান্তকাৰী নতুন ধাৰণা বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ অসামান্য কামটোত। সেইজন এডিংটন এইবাৰ আগুৱাই আহিল চন্দ্ৰশেখৰৰ দ্বাৰা আৱিষ্কৃত ধাৰণাটোক সমৰ্থন কৰিবলৈ। কেৱল সমৰ্থন কৰাতে ক্ষান্ত নাথাকি এডিংটনে অশ্বিাস দিলে যে ৰয়েল ছ’ছাইটিৰ সভাত তেওঁ চন্দ্ৰশেখৰৰ মতটোক ৰাজহুৱা কৰিব। স্বাভাৱিকতেই এইয়া আছিল চন্দ্ৰশেখৰৰ বাবে পৰম আনন্দ আৰু সীমাহীন সুখৰ বতৰা।

 অৱশেষত সেই দিনটো আহিল৷ ১৯৩৫ চনৰ ১১ জানুৱাৰী। ৰয়েল ছ’ছাইটিৰ ভব্য-গব্য সন্মানীয় অতিথিবৃন্দৰ সন্মুখত নিজৰ মত যুক্তিসহকাৰে উপস্থাপন কৰি চন্দ্ৰশেখৰ নিজৰ আসনত বহিল। এতিয়া মাথোঁ অপেক্ষা মহান এডিংটনে তেওঁৰ মতক স্বীকৃতি দিয়া মুহূৰ্তটোলৈ। অধীৰ আগ্ৰহ আৰু ব্যাকুলতাৰে চন্দ্ৰশেখৰে এডিংটনৰ ঘোষণালৈ অপেক্ষা কৰিলে। পিছে চন্দ্ৰশেখৰৰ গভীৰ আশা আৰু ইচ্ছাক চূড়ান্তভাৱে অপমান কৰি এডিংটনে সংঘটিত কৰিলে এনে এটা নাভ্ৰুত-নাশ্ৰুত কাণ্ড, যিটো কণ্ডি দেখি চন্দ্ৰশেখৰ হতবাক-বিস্মিত হৈ পৰিল। এইয়া যে তেওঁৰ সপোনৰো অগোচৰ! চন্দ্ৰশেখৰৰ ধাৰণাটোক স্বীকৃতি দিয়াতো দূৰৰে কৰা, এডিংটনে চন্দ্ৰশেখৰৰ ধাৰণাটোৰ মৰ্মাৰ্থকো দ্ব্যৰ্থহীন ভাষাৰে নাকচ কৰিলে। চন্দ্ৰশেখৰৰ ধাৰণাক তেওঁ পোনছাটেই কাল্পনিক, অসত্য বুলি কৈ উঠিল আৰু কৃষ্ণগহ্বৰৰ সমস্ত ধাৰণাক নস্যাৎ কৰিলে। তাৰ পৰিৱৰ্তে এডিংটনে বিশাল আকৃতিৰ এটা তৰা কেনেকৈ আৰু কিদৰে অদৃশ্য হৈ পৰিব পাৰে বুলি জোৰদাৰ প্ৰশ্নহে উত্থাপন কৰিলে৷ যদিও এডিংটনৰ বক্তব্য অতিৰঞ্জিত আৰু আৱেগসৰ্বস্ব আছিল, যদিও তেওঁৰ বক্তব্য ক্ষোভ আৰু যুক্তিহীনতাৰ বিস্ফোৰণ আছিল, তৎসত্ত্বেও ৰয়েল ছছাইটিৰ সদস্যসকলে এডিংটনৰ মতক প্ৰতিহত কৰিবলৈ আগবাঢ়ি অহা নাছিল। কিয়নো সেই সময়ত এডিংটনেই আছিল সৰ্বেসৰ্বা। গতিকে খ্যাতি আৰু যশস্যৰ উচ্চাসনত বহি থকা এইজন এডিংটনৰ অনাকাংক্ষিত, অবাঞ্ছিত বিস্ফোৰণে চন্দ্ৰশেখৰৰ দীৰ্ঘদিনীয়া সপোনটো লম্ফজম্ফ কৰি পেলালে।

 চন্দ্ৰশেখৰ আৰু এডিংটনৰ মাজত এই বহুচৰ্চিত বিতৰ্কৰ অৱসান হওঁতে ভালেমান দিন লাগিছিল। নিৰ্দিষ্ট সময়ৰ অন্তৰালত দুয়োজন একোখন বৌদ্ধিক তৰ্কযুদ্ধত লিপ্ত হৈছিল। কিন্তু কোনোদিনেই স্থায়ী সমাধান ওলোৱা নাছিল। সেই ঘটনাৰ চাৰি বছৰৰ পিছত, পেৰিছত হোৱা এটা সাক্ষাতত এডিংটনে দাবী কৰিলে যে- এডিংটন আৰু [ ১৪ ] চন্দ্ৰশেখৰৰ মাজৰ পৰা প্ৰকৃত বিজয়ীজনক বাছি উলিউৱাটো তেতিয়াহে সম্ভৱ হ’ব যেতিয়া এই বিতৰ্কিত বিষয়টোৰ সত্যতা জানিবলৈ কোনোবাই এক পৰীক্ষামূলক অধ্যয়ন কৰিব। কিন্তু তেনে কোনো পৰীক্ষা এতিয়ালৈকে হোৱা নাই। পিছে এডিংটনৰ অনুমানক ভুল প্ৰমাণিত কৰিলে সেই স্থানতে উপস্থিত থকা প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী গেৰাৰ্ড কুইপাৰে। কুইপাৰ আছিল ‘শুকুলা বাওনা” (white Dwarfs) সম্বন্ধীয় অভিজ্ঞতাৰে পুষ্ট এজন দক্ষ বিজ্ঞানী। তেওঁ কৈ উঠিল যে-শেহতীয়াকৈ তেওঁ এনে কেতবোৰ তথ্য, প্ৰমাণ সংগ্ৰহ কৰিছে যিবোৰে প্ৰমাণ চন্দ্ৰশেখৰৰ তাত্ত্বিক ধাৰণাক সম্পূৰ্ণ সত্য বুলি চিহ্নিত কৰে। সেইবোৰে চন্দ্ৰশেখৰৰ ধাৰণাটোক সমৰ্থন কৰে। সভা ভগাৰ পিছত এডিংটন চন্দ্ৰশেখৰৰ কাষলৈ আহিল আৰু ক’লে যে-“তোমাক যদি মই দুখ দিছোঁ তাৰ বাবে মই দুঃখিত।” প্ৰত্যুত্তৰত চন্দ্ৰশেখৰে কৌতূহলী হৈ সুধিলে-“আপুনি আপোনাৰ মত সলাইছে নেকি?” উত্তৰত এডিংটনে মাথোঁ ক’লে-“নাই।” “তেন্তে ক্ষমা খোজাৰ প্ৰয়োজন কি?” এইবুলি প্ৰশ্ন তুলি চন্দ্ৰশেখৰে সেই ঠাই পৰিত্যাগ কৰিলে। পাছলৈ দুয়োজনৰ মাজত কেতবোৰ চিঠি- পত্ৰৰ আদান-প্ৰদান হৈছিল যদিও উক্ত বিতৰ্ক সন্দৰ্ভত আলোচনা হোৱা নাছিল। এবাৰ ত্ৰিনিটিত ভেটাভেটি হওঁতে চন্দ্ৰশেখৰে এডিংটনক পুনৰ সুধিছিল যে-চন্দ্ৰশেখৰৰ তত্ত্বই এডিংটনৰ প্ৰতিষ্ঠিত তত্ত্বটোক নস্যাৎ কৰিলেহেঁতেন নেকি? যদিও এডিংটনে চন্দ্ৰশেখৰৰ প্ৰতি এইবাৰ সমৰ্থনসূচক সঁহাৰি জনাইছিল, তথাপিও এডিংটনৰ দ্বাৰা সূচনা হোৱা এই সমগ্ৰ বিতৰ্কৰ নেপথ্যৰ প্ৰকৃত ৰহস্য এটা ‘ৰহস্য’ হৈয়েই থাকি গ’ল।

 এতিয়া পুনৰ উভতি আহোঁ ‘আইনষ্টাইন এণ্ড এডিংটন’ ছবিখনৰ মাজলৈ। ছবি বুলি কোৱা হৈছে যদিও প্ৰকৃততে এইখন এখন টিভি ড্ৰামাহে। ওপৰত কৈ অহা হৈছেই যে বিবিচি-টু নামৰ চেনেলটোত এই ড্ৰামাখন সম্প্ৰচাৰিত হৈছিল। ছবিখনত আইনষ্টাইনৰ ভূমিকাত অৱতীৰ্ণ হৈছে এন্ট্ৰি চাৰ্কিছ আৰু এডিংটনৰ ভূমিকা পালন কৰিছে ডেভিড টেনেন্টে। আন এজন বিখ্যাত বিজ্ঞানী মেক্স প্লেংকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ডনাল্ড ছাম্পটাৰে। এডিংটনৰ ভগ্নী ৱিনিফ্ৰেড এডিংটনৰ চৰিত্ৰ-ৰূপায়ণকাৰী ৰেবেকা হলো ছবিখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। আইনষ্টাইনৰ প্ৰথমা পত্নী মিলেভা আৰু দ্বিতীয় পত্নী এলিছাৰ ভূমিকাত নাম-ভূমিকাত অৱতীৰ্ণ হৈছে যথাক্ৰমে লুছি কহু আৰু যধি মেয়ে। কোম্পানী পিকচাৰছ আৰু বিবিচিয়ে প্ৰযোজনা কৰা ছবিখন নিৰ্মাণত এইছ.বি.অ’ চেনেলেও সহযোগিতা আগবঢ়াইছে। পিটাৰ মফাটে ৰচনা কৰা কাহিনীৰ পৰিচালনা কৰিছে ফিলিপ মাৰ্টিনে। প্ৰায় ঊনানব্বৈ মিনিটজোৰা ছবিখনত কুৰি শতিকাৰ প্ৰথম তিনিটা দশকৰ ঘটনাবহুল পৃথিৱীখনত সংঘটিত হোৱা একাধিক ঘটনা বৰ্ণনা কৰা হৈছে।

 এলবাৰ্ট আইনষ্টাইনৰ পাৰিবাৰিক সংঘাতক ছবিখনত গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে। মিলেভাৰ সৈতে মানসিক দ্বন্দ্ব, দুই পুত্ৰৰ লগত জড়িত আৱেগক নেওচি আইনষ্টাইনৰ বাৰ্লিনলৈ যাত্ৰা, বাৰ্লিনত এলিছাৰ লগত প্ৰণয়, প্ৰথম পত্নী মিলেভাৰ সন্মুখত নতুন প্ৰেমৰ গোপনীয়তা ভংগ, [ ১৫ ] এলিছাৰ সৈতে এৰাএৰি, আপেক্ষিকতাবাদৰ তত্ত্বৰ সত্য প্ৰতিষ্ঠিত হোৱাৰ পিছতে আইনষ্টাইনৰ জীৱনলৈ এলিছাৰ পুনৰাগমন আইনষ্টাইনৰ প্ৰত্যাহ্বানপূৰ্ণ পাৰিবাৰিক জীৱনৰ মিলন-সংঘাত-বিৰহক একাদিক্ৰমে ছবিখনত দেখুউৱা হৈছে। বিজ্ঞানী মেক্স প্লেংকৰ লগত আইনষ্টাইনৰ বন্ধুত্বসুলভ সম্পৰ্ককো ছবিখনত চিত্ৰিত কৰা হৈছে। প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাময় জাৰ্মানীৰ খ্যাতনামা বিজ্ঞানীসকলৰ স্বাক্ষৰসম্বলিত “Manifesto to the Civilized World” শীৰ্ষক জাননীখনত আইনষ্টাইনে স্বাক্ষৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ কথাটো সৰ্বজনবিদিত; যিখন জাননীত ৯৩জন আগশাৰীৰ মানুহে জাৰ্মানীৰ সামৰিক বাহিনীৰ সিদ্ধান্ত আৰু কাৰ্যকলাপৰ সন্মতি জনাই সমৰ্থনসূচক স্বাক্ষৰ কৰিছিল। যুদ্ধত ব্যৱহাৰাৰ্থে আইনষ্টাইনৰ এদল সতীৰ্থই এক বিষাক্ত গেছ (Poison Gas) তৈয়াৰ কৰিছিল যিটো কথা আইনষ্টাইনে মুঠেই পছন্দ কৰা নাছিল আৰু বিজ্ঞানক হত্যা কৰাৰ দৰে অপকাৰী কামত প্ৰয়োগ কৰা হৈছে বুলি ক্ষোভ উজাৰিছিল। মেক্স প্লেংক, ফ্ৰিজ হাৰ্বাৰকে ধৰি কেইবাজনো জ্যেষ্ঠ ব্যক্তিয়ে কমন ৰূমত বহি আলোচনাত মগ্ন হৈ থকা অৱস্থাত আইনষ্টাইনে উন্মাদৰ দৰে প্ৰৱেশ কৰিছিল আৰু মেজত ঢকিয়াই ঢকিয়াই বিষাদজৰ্জৰ কণ্ঠেৰে প্ৰশ্ন কৰিছিল-“এইবোৰ কি পগলামি”? (What is this madness?) কোৱাটো নিষ্প্ৰয়োজন, এনেবোৰ ব্যতিক্ৰমী স্বভাৱ আৰু কল্যাণকামী চিন্তাধাৰাই আইনষ্টাইনক আন বিজ্ঞানীসকলৰ পৰা পৃথক কৰে। যদিও আইনষ্টাইনৰ পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ পথছোৱা একাঁ-বেঁকা, সংঘাতেৰে পৰিপূৰ্ণ, তথাপিও স্বীকাৰ কৰিব লাগিব আইনষ্টাইন শিশুৰ দৰে কোমল মন এটাৰ গৰাকী আছিল। বিজ্ঞানৰ জটিল আৱেষ্টনীৰ মাজত আৱদ্ধ হৈও আইনষ্টাইনৰ দৃষ্টিভংগী আছিল সৰল, উদাৰ আৰু জীৱনমুখী। আইনষ্টাইনে এটা সুনিৰ্দিষ্ট আৰু পৰিকল্পিত জীৱন-দৰ্শনত বিশ্বাস কৰিছিল আৰু কোনোপধ্যেই নিজ আদৰ্শ-নীতিৰ লগত আপোচ কৰিবলৈ আগ্ৰহী নাছিল। উল্লেখনীয় যে, এলিছাৰ দ্বাৰা প্ৰত্যাখিত হৈ হতাশগ্ৰস্ত প্ৰেমিকৰ দৰে মাজৰাস্তাৰে ধলংপলঙকৈ খোজ কাঢ়ি গৈ থাকোঁতেই আইনষ্টাইনৰ চিন্তাজগতত আৱদ্ধ হৈছিলহি আপেক্ষিকতাবাদ সম্পৰ্কীয় এটা চমৎকাৰী ধাৰণা। পথৰ ওপৰেৰে ভিন্ন গতিৰে গৈ থকা গাড়ীবোৰৰ বিসদৃশ আৰু একা-বেঁকা গতিৰ দৃশ্যই বিষাদগ্ৰস্ত আইনষ্টাইনৰ চকুহাললৈ হঠাতে কঢ়িয়াই আনিছিল বিস্ময়মিশ্ৰিত পৰম আনন্দ। ততালিকে আৰ্থাৰ এডিংটনৰ পৰা অহা এখন প্ৰশ্নসূচক চিঠিৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিলে আইনষ্টাইনে। দিনৰাতি কামত নিমজ্জিত হৈ আইনষ্টাইনে মেক্স প্লেংকৰ হতুৱাই সেই চিঠিখন এডিংটনলৈ প্ৰেৰণ কৰিছিল। আৰু সেই চিঠিখনক ভেটি হিচাপে লৈয়েই এডিংটনে পশ্চিম আফ্ৰিকাৰ অভিযানটোৰ পৰিকল্পনাৰ যুগুত কৰিছিল। আপেক্ষিকতাবাদৰ তত্ত্ব সম্বন্ধীয় ধাৰণাটোক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ আইনষ্টাইনে অমানুষিক শ্ৰম কৰিছিল আৰু ইয়াৰ পৰিণতিত তেওঁ দেহত ৰোগে বেমাৰে বাহ লৈছিল৷ সেইসময়ত তেওঁৰ কাষত প্ৰেমিকা এলিছাও নাছিল। নিজৰ কাম শেষ কৰিয়েই আইনষ্টাইনে পুনৰ প্ৰাক্তন পত্নী মিলেভাৰ কাষলৈ গৈছিল। ৰুগ্ন দেহাৰে জধলা আইনষ্টাইনক পৰিচৰ্যা কৰাত ব্যস্ত হৈ পৰা মিলেভাই আইনষ্টাইনক কৈছিল-“Your work has made you ill. I hope what you have been doing is worth all this sacrifice.” প্ৰত্যুত্তৰত আইনষ্টাইনৰ মুখৰ পৰা ওলাইছিল কেইশাৰীমান অবিস্মৰণীয় জীৱনমুখী বাক্য যিকেইশাৰী বাক্য আইনষ্টাইন নামৰ মানুহজনৰ কষ্টসহিষ্ণুতা, [ ১৬ ] দৃষ্টিভংগী ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপিত কৰ্মপ্ৰেম, দায়িত্ববোধ আৰু বিশ্বস্নেহৰ জীৱন্ত নিদৰ্শন বুলি ক’ব পাৰি-We have to do the best that we are capable of. That is our sacred human responsibility. Anything less is unforgivable. I had to do the work. My theory is too beautiful to be wrong. Somebody will prove it.

 আইনষ্টাইনৰ সেই “Somebody” জন আন কোনো নহয়, আৰ্থাৰ ষ্টেনলি এডিংটন। যিজন মানুহৰ অপৰিসীম দৃঢ়তা, অসামান্য একাগ্ৰতা আৰু প্ৰখৰ বুদ্ধিমত্তাই আইনষ্টাইনক কৰি তুলিছিল নিশাটোৰ ভিতৰতে ‘নায়ক’ আৰু আপেক্ষিকতাবাদক কৰি তুলিছিল যাউতিযুগীয়া।

 এডিংটন আৰু আইনষ্টাইনৰ মাজত এক চৰিত্ৰগত বিশেষ সাদৃশ্য আছিল। অসূয়া-অপ্ৰীতি আৰু যুদ্ধৰ পৰিৱৰ্তে দুয়োজনেই সমাজত শান্তি আৰু ঐক্য-স্থাপন হোৱাটো বিচাৰিছিল। দুয়োজনেই বিচাৰিছিল-বিজ্ঞানক মানুহ আৰু পৃথিৱীয়ে প্ৰগতি আৰু উত্তৰণৰ বাটকটীয়া হিচাপে গ্ৰহণ কৰক। তেওঁলোকে বিচাৰিছিল-পৃথিৱীখন অশান্তিকৰ আৰু আঁসোৱাহপূৰ্ণ কৰাৰ অপচেষ্টাত বিজ্ঞানক যাতে ব্যৱহাৰ কৰা নহয়। তেওঁলোকৰ সেই কল্যাণমুখী দৃষ্টিভংগী ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপিত হৈছে৷

 এডিংটনৰ এজন পৰম মিত্ৰ আছিল-নাম যাৰ উইলিয়াম মাৰ্চটন। বিশ্ববিদ্যালয়ৰ সময়তেই দুয়োৰে মাজত এক অভিন্ন সম্পৰ্ক গঢ় লৈ উঠিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত এইজন মাৰ্চটন যুদ্ধক্ষেত্ৰত নামিবলগীয়া হৈছিল। য়াপ্ৰেছৰ দ্বিতীয় যুদ্ধত জাৰ্মানৰ সৈন্যই ব্যৱহাৰ কৰা ক্লৰিন গেছে প্ৰায় পোন্ধৰহাজাৰ ইংৰাজ সৈন্যৰ প্ৰাণ লৈছিল। সেই পোন্ধৰহাজাৰ সৈন্যৰ ভিতৰত এডিংটনৰ বন্ধু মাৰ্চটনে আছিল। মাৰ্চটনৰ মৃত্যুৰ পিছত এডিংটনক অসহ্যকৰ বেদনা আৰু শূন্যতাই আৱৰি ধৰিছিল। অৱশ্যে এই চৰম পীড়াদায়ক দুৰ্ঘটনাই এডিংটনক তেওঁৰ লক্ষ্যপথৰ পৰা বিচলিত কৰিব পৰা নাছিল৷ জাৰ্মান বিজ্ঞানী আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ অনুমতি বিচাৰি তেওঁ জ্যেষ্ঠ বিজ্ঞানীসকলৰ লগত তৰ্কত লিপ্ত হৈছিল। য়াপ্ৰেছৰ যুদ্ধত নিজ পুত্ৰক হেৰুউৱাৰ পিছত যেতিয়া জাৰ্মান বিজ্ঞানৰ বিৰোধিতা আৰু গালিবৰ্ষণত ছাৰ অলিভাৰ ল’জ মুখৰ হৈ পৰিছিল তেতিয়া এডিংটনে নিজৰ মনোভাৱ ব্যক্ত কৰি ছাৰ অলিভাৰ চকুত চকু থৈ কৈছিল-The pursuit of truth in science transcends [ ১৭ ] national boundaries. It takes us beyond hatred and anger and fear.

 পশ্চিম আফ্ৰিকাৰ যুগান্তকাৰী অভিযানটোৰ সফল সমাপ্তি ঘটাই এডিংটন আৰু বন্ধু ডাইছনে কেমব্ৰিজৰ এটা প্ৰেক্ষাগৃহত গণ্যমান্য ব্যক্তিসকলৰ সন্মুখত প্ৰকৃত সত্য উন্মোচন কৰে৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদক সমৰ্থন কৰি এডিংটনে তেওঁৰ চিৰপৰিচিত সাৱলীল কথনভংগীৰে প্ৰদান কৰা বক্তৃতাটোৱে উপস্থিতসকলৰ পৰী জাউৰিয়ে জাউৰিয়ে হাতচাপৰি লাভ কৰে। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ দৃঢ় সমৰ্থনকাৰীৰ ৰূপত অৱতীৰ্ণ হোৱা এডিংটনে শেষত গভীৰ আত্মবিশ্বাসেৰে কৈছিল-“I can hear god thinking.”(৷)

 সেই ঘটনাৰ এবছৰৰ পিছত কেমব্ৰিজত আইনষ্টাইনৰ লগত এডিংটনৰ সাক্ষাৎ ঘটে৷ দুয়োজন মহান বিজ্ঞানীৰ সাক্ষাতৰ স্মৰণীয় মুহূৰ্তটোতেই ছবিখনৰ যৱনিকা পৰে।

 ছবিখনৰ Closing Creditত দৃশ্যমান হ’ল তাৎপৰ্যপূৰ্ণ কেইশাৰীমান বাক্য, যিকেইশাৰী বাক্যতেই ছবিখনৰ মূল বক্তব্য আৰু ছবি-নিৰ্মাণৰ প্ৰকৃত উদ্দেশ্যটো সোমাই আছে বুলি ভাবিব পাৰি —

 “Eddington's proof made Einstein famous and instantly transformed the little-known scientist into one of the most recognizable people in the world.

 Einstein General Theory of Relativity and its extraordinary predictions-the big bang, black holes in space and the expanding universe has astonished and inspired each new generation.

 Arthur Eddington was less happy in the spotlight, and spent the rest of his life trying to unite his scientific knowledge with his religious faith. Today his work is largely forgotten.”


[ ১৮ ]

 বিশ্বখ্যাত মাছাছুছেটছ্ ইনষ্টিটিউট্ অৱ টেকন’লজিৰ এজন অংকৰ অধ্যাপকে শিক্ষাৰ্থীসকলৰ মেধা আৰু বুদ্ধিমত্তাৰ উমান লোৱাৰ উদ্দেশ্যে এটা জটিল অংক শ্ৰেণীকোঠাৰ বাহিৰৰ ব’ৰ্ডখনত লিখি থৈ আহে। প্ৰশ্নটো লিখি থৈ অহাৰ কেইটামান ঘণ্টাৰ পিছতেই অংকটোৰ শুদ্ধ সমাধান বৰ্ডত দৃষ্টিগোচৰ হ’ল। অংকৰ প্ৰফেচাৰ গেৰাল্ড লেম্বুউৰ চকু কপালত। ইমান জটিল অংকটোৰ সমাধান ইমান নিখুঁতভাৱে কৰিলে কোনে! সহযোগী শিক্ষক আৰু অন্যান্য শিক্ষাৰ্থীসকলৰ হাতত ইয়াৰ উত্তৰ নাই। সেয়ে ‘জিনিয়াছ’জন চিনি উলিয়াবলৈ প্ৰফেচাৰ গেৰান্ডে এইবাৰ ‘মেট্ৰিক্স’ৰ জটিল অংক এটা ব’ৰ্ডত লিখি দিলে। আৰু সকলোৱে আশা কৰা ধৰণেই এইবাৰ মেকুৰী জোলোঙাত সোমাল। ‘জিনিয়াছ’-এ অংকৰ সমাধানটো লিখি থকাৰ মুহূৰ্ততে প্ৰফেচাৰে তেওঁক দেখা পালে। কিন্তু প্ৰফেছাৰে কৰায়ত্ত কৰাৰ আগতেই ‘জিনিয়াছ’-এ সেই স্থান এৰি পলায়ন কৰিলে। সন্ধান চলি থাকিল। সন্ধানত কেইবাটাও আলোড়ণকাৰী তথ্য পোহৰলৈ আহিল৷ এই ‘জিনিয়াছ’জন কোনো বিশ্ববিখ্যাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাছিল, নাছিল তেওঁ এমআইটিৰ উজ্জ্বল নক্ষত্ৰসমূহৰ অন্যতম। তেওঁৰ নাম উইল হাণ্টিং। বিশ বছৰীয়া, অনাথ, বিশৃংখল, বেপৰোৱা, সৰু-সুৰা কেইবাটাও অপৰাধ কৰি আইন-আদালতলৈ অহা-যোৱা কৰি থকা এজন যুৱক-নাম যাৰ উইল হাণ্টিং। এমআইটিৰ চৌহদ,বাৰাণ্ডা চাফ-চিকুণকৈ ৰখাৰ দায়িত্বত নিয়োজিত (জেনিটৰ, কেয়াৰটেকাৰ, তত্ত্বাবধায়ক) হাণ্টিঙে বন্ধুমহলৰ লগত সুৰাপান কৰি আজৰি সময় পাৰ কৰে। অসংযত জীৱনশৈলীত অভ্যস্ত হৈও উইল হাণ্টিং এক চমৎকাৰী চৰিত্ৰ। এক চলন্ত এনচাইক্ল’পেডিয়া। দ্বিধাহীনভাৱে যিজন মানুহৰ নামৰ আগত ‘জিনিয়াছ’ শব্দফেৰা সংযোজিত কৰিব পাৰি। [ ১৯ ]  যিটো শেহতীয়া অপৰাধত হাণ্টিং জড়িত হৈ পৰিছিল, সেই গোচৰৰ ৰায়দান শুনিবলৈ প্ৰফেচাৰ গেৰাল্ডো ন্যায়ালয় পালেগৈ। আদালতত অধিবক্তা আৰু বিচাৰকৰ সন্মুখত হাণ্টিঙে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ যিবোৰ তথ্য, যুক্তি দাঙি ধৰিলে;সেইবোৰ দেখি-শুনি প্ৰফেচাৰ বিস্ময়াভিভূত হ’ল৷ যুৱকজনৰ অসাধাৰণ পাণ্ডিত্যই প্ৰফেচাৰ গেৰাল্ডক মুহূৰ্ততে সন্মোহিত কৰি পেলালে। বিস্ময়াহত প্ৰফেচাৰ প্ৰস্তাৱ আগবঢ়ালে-তোমাক মই আইনৰ কু-দৃষ্টিৰ পৰা আঁতৰাই আনিব পাৰোঁ। যদিহে তুমি মোৰ চকুৰ সমুখত থাকি পঢ়া-শুনা কৰা, অংকশাস্ত্ৰ অধ্যয়ন কৰা আৰু নিয়মীয়াকৈ থেৰাপিৰ ক্লাছলৈ যোৱা। সৌভাগ্যৰ কথা, উক্ত প্ৰস্তাৱৰ প্ৰতি উইল হাণ্টিঙে সমৰ্থন আগবঢ়ালে।

 অংকশাস্ত্ৰত হাণ্টিঙে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি থাকিল যদিও থেৰাপিৰ শিক্ষকসকলক নগুৰ-নাকটি কৰিলে৷ এজনো শিক্ষকে হাণ্টিঙৰ উদ্ভৎ আচৰণৰ সমুখত তিষ্ঠিব নোৱাৰিলে। উপায়ন্তৰ হৈ প্ৰফেছাৰ গেৰাল্ড কাষ চাপিল বাঙ্কাৰ হিল কমিউনটি কলেজত মনোবিজ্ঞানৰ সন্মানীয় প্ৰফেছাৰ, একালৰ বন্ধু ছিন মেগুৱাইৰ। প্ৰাৰম্ভিক জটিলতা নেওচি, হাণ্টিঙৰ উচ্ছৃংখল ব্যৱহাৰৰ লগত ধৈৰ্যৰে, সহ্যৰে মোকাবিলা কৰি ছিন মেগুৱাইৰে হাণ্টিঙৰ ভিতৰত অতদিনে লুকাই থকা প্ৰকৃত হাণ্টিঙজনক চিনাক্ত কৰাৰ দিশে ধাৱমান হ’ল। হাণ্টিঙৰ তিক্ততাপূৰ্ণ শৈশৱ, কৈশোৰৰ হৃদয়বিদাৰক অনুভূতিবোৰ ছিনৰ সন্মুখত ক্ৰমান্বয়ে প্ৰকাশিত হ’বলৈ ধৰিলে৷ প্ৰফেছাৰ ছিনেও হাণ্টিঙৰ আগত বৰ্ণনা কৰে- প্ৰথমবাৰৰ বাবে পত্নীক লগ পোৱাৰ কাহিনী; তেওঁৰ পত্নীৰ কৰুণ বিয়োগৰ কথা। মিথ্যাচাৰৰ আশ্ৰয় লৈ স্কাইলাৰ নামৰ যুৱতীৰ প্ৰেমপাশত আৱদ্ধ হোৱা হাণ্টিঙক ছিনৰ এই জীৱনমুখী কথা-বতৰাবোৰে নিজৰ জীৱনটোক সূক্ষ্মভাৱে চাবলৈ উদ্গনি যোগায়। প্ৰফেছাৰ ছিনৰ জীৱনসন্ধানী জ্ঞানৰ পোহৰে হাণ্টিঙৰ বিশৃংখল জীৱনলৈ ক্ৰমাৎ নতুনত্ব আহে। ঘন তমসা নেওচি পোহৰমুখী যাত্ৰাৰ পথিক হ’বলৈ হাণ্টিঙৰ [ ২০ ] মন-বিবেক আগ্ৰহী হয় আৰু এসময়ত অমূল্য জীৱনটোক বুটলি ল’বলৈ হাণ্টিঙৰ মন সুদৃঢ় আৰু পৰিপক্ক হৈ উঠে।

 এইয়া আছিল ১৯৯৭ চনত মুক্তি লাভ কৰা বহুসমাদৃত,সফল আৰু মননশীল ছবি ‘গুড উইল হাণ্টিঙ’ৰ কাহিনীৰ চমু বৰ্ণনা। ১২৬ মিনিট দৈৰ্ঘ্যৰ বাণিজ্যিকভাৱে সফল এই ছবিখনৰ পৰিচালক গাছ ভান ছাণ্ট। মেট ডেমন আৰু বেন এফলেকে ৰচনা কৰা কাহিনীটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মেট ডেমন (উইল হাণ্টিং) আৰু ৰবিন উইলিয়ামছে (ছিন মেগুৱাইৰ)। মুঠ নটা একাডেমী বঁটাৰ মনোনয়ন লাভ কৰা উক্ত ছবিখনে শ্ৰেষ্ঠ সহ অভিনেতা আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। সংযোজন কৰা দৰকাৰ যে, দা হলিউড ৰিপোৰ্টাছৰ এশখন প্ৰিয় ছবিৰ তালিকাত (২০১৪ চন) এইখন ছবিয়ে ৫৩ সংখ্যক স্থান দখল কৰিছে।

 দুটা মুখ্য চৰিত্ৰত মননশীল অভিনয় কৰা মেট ডেমন আৰু ৰবিন উইলিয়ামছৰ মাজত গঢ় লৈ উঠা সম্পৰ্কটো আৰু সেই সম্পৰ্কটোৰ উপস্থাপন- ৰীতি ছবিখনৰ অন্যতম দিশ। উল্লেখযোগ্য যে, টৰণ্ট’ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰফেচাৰ পেট্ৰিক অ’ ডেনিয়েলে এই ছবিখনত অংকৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছে।

 বিভিন্ন বিষয়ত যৌৱনাৱস্থাতে অসাধাৰণত্ব অৰ্জন কৰা প্ৰচুৰ মেধাসম্পন্ন কিন্তু অসংযত উইল হাণ্টিং নামৰ যুৱকজনেনো কিদৰে জীৱনৰ সৌন্দৰ্য আৰু মহত্ব উপলব্ধি কৰিব পাৰিলে, কেনে ভাবাৱেগৰ দ্বাৰা চালিত হৈ উইল হাণ্টিঙে নিজৰ জীৱনটো জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকেৰে উদ্ভাসিত কৰি তুলিলে আৰু কিয়নো তেওঁৰ নামৰ আগত ‘গুড’ শব্দটো সংযোজিত হ’ল-তাকে জানিবলৈ ছবিপ্ৰেমীসকলে এই সুন্দৰ জীৱনমুখী ছবিখন উপভোগ কৰিব পাৰে।

[ ২১ ]

The average person uses 10% of their brain capacity. Imagine what she could do with 100%.

 ২০১৪ চনত মুক্তি লাভ কৰা লুক বেছনৰ কাহিনী আৰু পৰিচালনাৰে লুচি (Lucy) নামৰ জনপ্ৰিয় আৰু বাণিজ্যিকভাৱে সফল কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ প’ষ্টাৰত ব্যৱহৃত হোৱা টেগলাইন আছিল উক্ত বাক্য দুশাৰী। তথ্যসমৃদ্ধ টেগলাইনটিয়ে এচাম চিত্ৰৰসিকৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিলে আৰু আন এচামৰ মাজত সৃষ্টি কৰিলে বিতৰ্কৰ। প্ৰায় এশ বিলিয়ন নিউৰনৰে (এক বিলিয়ন=১০০ কোটি) পৰিপূৰ্ণ মানৱ-মগজুৰ কেৱল ১০% শক্তিহে গড় হিচাপত এজন মানুহে ব্যৱহাৰ কৰিব পাৰে। আলোড়ণকাৰী এই তথ্যটিকে মূল উপজীৱ্য হিচাপে লৈ ছবিখনৰ কাহিনীভাগ গঢ় লৈছে।

 টাইৱানৰ অস্থায়ী নিবাসী ২৪ বছৰীয়া লুচি (স্কাৰলেট জহানছন)নামৰ আমেৰিকান যুৱতীগৰাকী প্ৰেমিকৰ কু অভিসন্ধিৰ বলি হৈ এক ড্ৰাগ ব্যৱসায়ীৰ সংস্পৰ্শলৈ আহে। কোৰিয়াৰ ড্ৰাগ ব্যৱসায়ী মিষ্টাৰ জেঙক এটা ব্ৰিফকেছ দিবলৈ গৈ লুচি সম্মুখীন হয় এক অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ৷ ব্ৰিফকেছটোৰ ভিতৰত থকা চিপিএইচ্ছ-ফোৰ (CPH4) নামৰ মূল্যৱান সাংশ্লেষিক ঔষধৰ পেকেট এটা জোৰ-জুলুমকৈ লুচিৰ তলপেটত সুমুৱাই দিয়া হয়। শাৰীৰিক আৰু মানসিক শক্তি কেইবাগুণ পৰ্যন্ত বৃদ্ধি কৰি সাধাৰণ মানুহ এজনক চূড়ান্তভাৱে মহাশক্তিশালী আৰু অপ্ৰতিৰোধ্য কৰিব পৰাৰ অধিকাৰী এই চিপিএইচ্ছ-ফোৰ। মানৱ দেহত থকা 6-Carboxy-5, 6, 7, 8-Tetrahydropterin নামৰ বিপাকীয় উৎসেচকবিধেই (Metabolic [ ২২ ] Enzyme) হৈছে CPH-4। কোৰা (Quora) নামৰ জনপ্ৰিয় ৱেবছাইটটোত চিপিএইচ্ছ-ফোৰ আৰু ‘লুচি’ সম্পৰ্কীয় সম্পৰ্কীয় এলানি আলোচনাত ভাগ লৈ পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটিৰ প্ৰাক্তন ছাত্ৰ আৰু জীৱবিজ্ঞানী ব্ৰায়ান ষ্টিফেনছনে মন্তব্য কৰে যে - "6-Carboxy-5, 6, 7, 8-Tetrahydropterin CPH4 in the body, involved in the process of biosynthesis of tetrahydrobiopterin, an essential cofactor of aromatic amino acid hydroxylases. It is not the substance that Freeman describes it to be, it has no direct neurologic effects. So it does not work the way the movie described, nothing does. We use ALL of our brains, not just 10%.What kind of evolutionary change would give us an organ in which only 10% of it was useful, for everybody? Especially the brain.”

 বাৰু যি কি নহওক। এতিয়া ছিনেমাৰ মাজলৈ উভতি আহোঁ। ড্ৰাগ ব্যৱসায়ী মিষ্টাৰ জেঙে এই চিপিএইছ-ফোৰৰ চোৰাং কৰিবৰ কৰি লক্ষাধিক ধন আত্মসাৎ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে। সেই উদ্দেশ্যৰেই কেইজনমান মানুহৰ পেটত চিপিএইছ- ফোৰৰ টোপোল সুমুৱাই তেওঁলোকক বিদেশলৈ সৰবৰাহ কৰাৰ যো-জা চলায়। কিন্তু দুৰ্ভাগ্যবশতঃ লুচিৰ পেটত সুমুৱাই থোৱা টোপোলাটো তাইৰ পহৰাদাৰী এজনে কৰা আক্ৰমণৰ ফলত পেটতে ফাটি যায়। ইয়াৰ ফলত প্ৰচুৰ পৰিমাণৰ চিপিএইচ্ছ- ৪ লুচিৰ শৰীৰত বিয়পি পৰে। পৰৱৰ্তী মুহূৰ্ততে লুচিৰ জীৱন নাটকীয়ভাৱে সলনি হয়। মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে লুচিয়ে অভূতপূৰ্ব উত্তৰণ সাধন কৰে। লুচিয়ে দুখ, বেদনা অনুভৱ নকৰা হয়; জীৱ আৰু জড়-দুয়োখন সমাজতেই অবাধ বিচৰণ আৰু নিয়ন্ত্ৰণ কৰিব পৰা হয়, অচিনাকি মানুহৰ কথা আঁতৰৰ পৰাই বুজিব পৰা হয়,বৈদ্যুতিক আৰু চুম্বকীয় তৰংগ নিয়ন্ত্ৰণ কৰিব পৰা হয়,ছেকেণ্ডৰ ভিতৰে কেইবাটাও ৱেবছাইট,৬৭৩৪ পৃষ্ঠাজোৰা গৱেষণ মুহূৰ্ততে পঢ়ি হৃদয়ংগম কৰিব পৰা হয়। পৰিৱৰ্তিত ব্যক্তিত্ব সম্বন্ধে প্ৰচুৰ জিজ্ঞাসা হয় লুচিৰ। সৰ্বশেষত লুচিয়ে সাক্ষাৎ কৰে স্নায়ুতত্ত্ববিদ ছেমুৱেল নৰমানক (মৰ্গান ফ্ৰিমেন)। মগজুৰ অপাৰ ৰহস্যময় শক্তিৰ সন্দৰ্ভত বিস্তৰ গৱেষণা কৰা ছেমুৱেল নৰমান নামৰ মানুহজন আৰু ছেমুৱেল নৰমানৰ গৱেষণাৰাজিৰ বিষয়ে সমস্ত কথা অধ্যয়ন কৰি লুচিয়ে নৰমানক দেখা কৰে। লুচিৰ সাম্প্ৰতিক অৱস্থাটো দেখি স্বাভাৱিকতেই বিস্ময়াহত হৈ পৰে প্ৰফেচাৰ নৰমান। লুচিয়ে প্ৰশ্ন কৰে-এই বিশাল শক্তিৰ ভাণ্ডাৰটোৰ সৈতে মই এইয়া কি কৰিম? কাৰণ বৰ্তমানে মগজুৰ ২৮% শক্তি ব্যৱহাৰ কৰি থকা লুচিৰ মগজুৱে কম সময়ৰ ভিতৰতে ১০০ৰ ঘৰ স্পৰ্শ কৰিব। ১০০% শক্তিসম্পন্ন মগজু এটাৰে জীয়াই থকাটো হৈ পৰিব অসম্ভৱ কথা। লুচিৰ ব্যাকলুতা অনুধাৱন কৰি প্ৰফেছৰ ছেমুৱেল নৰমানে মন্তব্য আগবঢ়ায়—The whole purpose of life has been passed on what was learned. There was no higher purpose. If you are asking me what to do with all this knowledge you're accumulating, I'd say pass it on. প্ৰফেছাৰৰ কথামতেই লুচি আগবাঢ়ি আহে। ছেমুৱেল নৰমান আৰু তেওঁৰ দুগৰাকীমান সহযোগীক সন্মুখত লৈ লুচি এক সময়-যাত্ৰাত ওলাই পৰে। লুচিয়ে সৃষ্টিৰ আদিম অৱস্থাৰ পৰা এতিয়ালৈকে বিশ্বত সংঘটিত হোৱা যুগান্তকাৰী পৰিঘটনাসমূহ,সমস্ত তথ্য-ছবি-বিশ্লেষণক তাইৰ [ ২৩ ] মগজুৰ অপৰিসীম শক্তিৰে অন্বেষণ কৰে৷ তাৰপিছত সংগ্ৰহিত তথ্যৰাজিৰ সমস্ত ভাণ্ডাৰ এটা অত্যাধুনিক ছুপাৰ কম্পিউটাৰ নিৰ্মাণ কৰে। কম্পিউটাৰটোৰ সমস্ত তথ্য এটা ক’লা বৰণীয়া সৰু ফ্লেছ ড্ৰাইভত জমা কৰি সৰ্বশেষত প্ৰফেছাৰ ছেমুৱেল নৰমানৰ হাতত সেইটো অৰ্পণ কৰে। তাৰপিছত লুচি অদৃশ্য হৈ পৰে৷ ড্ৰাগ মাফিয়া মিষ্টাৰ জেঙক সিপুৰীলৈ পঠিয়াই কোঠালৈ সোমাই অহা আৰক্ষী বিষয়াজনে যেতিয়া “Where is lucy?” বুলি প্ৰশ্ন কৰে, তেতিয়া তেওঁৰ ম’বাইলত দৃশ্যমান হয়-“ I am everywhere.” (I) তাৰপিছত নেপথ্যত প্ৰতিধ্বনিত হয় লুচিৰ কণ্ঠ-“Life was given to us a billion years ago. Now you know what to do with it.” থুলমূলকৈ এইয়াই হৈছে লুচিৰ কাহিনী।

 মুখ্য অভিনেত্ৰী স্কাৰলেট জোহানচনৰ অনবদ্য অভিনয়, দুৰন্তভাৱে গতিশীল চিত্ৰনাট্য,চমৎকাৰী কম্পিউটাৰ গ্ৰাফিক্স, প্ৰযুক্তিৰ প্ৰশংসনীয় প্ৰয়োগ,একশ্যনৰ দৃশ্যৰ দৃষ্টিনন্দন উপস্থাপন- এইবোৰ হৈছে ছবিখনৰ চালিকাশক্তি। ছবিখনৰ মূল বিষয়বস্তুয়ে সচেতন দৰ্শকৰ মনত কেতবোৰ কৌতূহলমিশ্ৰিত বিভ্ৰান্তি সৃষ্টি কৰিছে যদিও সেই বিভ্ৰান্তিৰ বিষয়ে (ৱিকিপিডিয়াত উপলব্ধ 10 percent of the brain myth শীৰ্ষক লেখাটি আগ্ৰহীজনে পঢ়িব পাৰে।) অধিক সুস্থিৰ গৱেষণা, মনোজ্ঞ আলোচনা কৰাৰ থল আছে। কেতিয়াবা একোটা বিতৰ্কইও সমাজলৈ যুগান্তকাৰী চিন্তাৰ সোঁত বোৱাই আনিব পাৰে৷ ‘লুচি’ নামৰ বিশেষ চিনেমাখন তেনে এক চিন্তামুখী যাত্ৰাৰেই পথপ্ৰদৰ্শক হওক। [ ২৪ ]


 ‘ছামথিং ডা লৰ্ড মেড’ হৈছে ২০০৪ চনত নিৰ্মিত এখন বহুসমাদৃত ছবিৰ নাম। আধুনিক চিকিৎসা বিজ্ঞানৰ এটা যুগান্তকাৰী অস্ত্ৰোপচাৰ আৰু নেপথ্যৰ কাহিনীৰে সমৃদ্ধ উচ্চপ্ৰশংসিত ছবিখনৰ দুটা প্ৰধান চৰিত্ৰ হৈছে কুৰি শতিকাৰ প্ৰসিদ্ধ শল্য চিকিৎসক আলফ্ৰেড ব্লালাক আৰু তেওঁৰ বিচক্ষণ লেবৰটেৰী টেক্‌নিচিয়ান ভিভিয়েন থ’মাছ নামৰ কৃষ্ণাংগ পুৰুষজন। ৰবাৰ্ট ক’ৰৰ দ্বাৰা প্ৰযোজিত ছবিখনত এলান ৰিক্‌মেন আৰু ম’ছ ডেফে মুখ্য চৰিত্ৰ দুটাত মনোগ্ৰাহী অভিনয় কৰিছে।

 ১৯৪৪ চনৰ ২৯ নৱেম্বৰৰ দিনটো চিকিৎসা বিজ্ঞানৰ ইতিহাসত এটা যুগান্তকাৰী দিন হিচাপে চিহ্নিত হৈছিল। কাৰণ সেইদিন আমেৰিকাৰ প্ৰসিদ্ধ জন্স হপকিন্স চিকিৎসালয়ত সফলভাৱে সম্পন্ন হৈছিল ‘ব্লু বেবি অস্ত্ৰোপচাৰ’। এই জগদ্বিখ্যাত অস্ত্ৰোপচাৰটোৰ অন্যতম পথপ্ৰদৰ্শক আছিল শল্য চিকিৎসক আলফ্ৰেড ব্লালাকৰ আৰু তেওঁৰ সহায়কাৰী হিচাপে তেওঁৰ অধীনত কাম কৰিবলৈ অহা কৃষ্ণাংগ ডেকা ভিভিয়েন থ’মাছ। চিকিৎসাবিজ্ঞানৰ ডিগ্ৰী নথকা ভিভিয়ান থ’মাছে নিজৰ অসামান্য নিষ্ঠা, প্ৰখৰ মেধা আৰু চমৎকাৰী কাৰিকৰী বিদ্যাৰ জৰিয়তে আলফ্ৰেড ব্লালাকৰ বিশ্বস্ত সংগী হৈ পৰিছিল। আমাৰ শৰীৰত হৃদযন্ত্ৰ এনে এটা অংগ-যাৰ অবিহনে মানৱশৰীৰেই অস্তিত্বহীন;সেই হৃদয়তন্ত্ৰক সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰি সদ্যোজাত [ ২৫ ] শিশুৰ শৰীৰত দৃষ্টিগোচৰ হোৱা ‘ব্লু বেবি ছিনড্ৰম’ (Blue Baby Syndrome) নামৰ বিসংগতিটো, যাক টেট্ৰাল’জি অৱ ফেল’ট (Tetralogy of Fallot) বুলিও জনা যায়; তাক নিৰ্মূলৰ অৰ্থে ভিভিয়ান থ’মাছে লেবৰটৰীত সাজি উলিয়াইছিল এক অনন্য সঁজুলি। অকল সেয়াই নহয়, সেই সঁজুলিৰ ব্যৱহাৰ কৰি আমেৰিকাৰ আগশাৰীৰ চিকিৎসকৰ সন্মুখত, আলফ্ৰেড ব্লালাকৰ সৈতে ‘ব্লু বেবি’ অস্ত্ৰোপচাৰো সফলতাৰে সম্পন্ন কৰিছিল ভিভিয়ান থ’মাছে। শল্য চিকিৎসক আলফ্ৰেড ব্লালাকে ভিভিয়েন থ’মাছৰ অস্ত্ৰোপচাৰ-শৈলীৰ উচ্চপ্ৰশংসা কৰি মন্তব্য কৰিছিল- "Like something the lord made.” পিছে বেদনাদায়ক কথাটো হ’ল ‘ব্লু বেবি’ অস্ত্ৰোপচাৰৰ অন্যতম নায়ক ভিভিয়েন থ’মাছক আলফ্ৰেড ব্লালাকৰ লেখীয়াকৈ তৎমুহূৰ্ততে যথোপযুক্ত স্বীকৃতি আৰু সন্মান জনোৱা হোৱা নাছিল। আনকি যিখন জন্স হপকিন্স চিকিৎসালয়ত তেওঁ তত্ত্বাবধায়ক হিচাপে কাম কৰিছিল, সেইখন চিকিৎসালয়ৰ লেবৰটৰীত তেওঁ পিছ দুৱাৰেদিহে প্ৰৱেশ কৰিবলগীয়া হৈছিল। কাৰণ সেইসময়ত জন্স হপকিন্স চিকিৎসালয়কে ধৰি আমেৰিকাৰ আগশাৰীৰ সমাজত কৃষ্ণাংগসকলক হীন দৃষ্টিৰে চোৱা হৈছিল। গাৰ ক’লা বৰণটোৱেই তেওঁলোকৰ সামাজিক মৰ্যাদা প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰধান হেঙাৰ হৈ উঠিছিল। হৃদয়বিদাৰক আছিল তেতিয়াৰ সমাজৰ চিন্তা আৰু ধ্যান-ধাৰণাৰ সামগ্ৰিক সোঁতটো।

 অৱশ্যে স্বীকৃতি, সন্মান আৰু সামাজিক পৰিচিতৰ দ্বাৰা লালায়িত নহৈ ভিভিয়েন থ’মাছে নিজৰ দায়িত্ব আৰু কৰ্তব্য অত্যন্ত নিষ্ঠাসহকাৰে পালন কৰি গৈছিল আৰু চিকিৎসক আলফ্ৰেড ব্লালাকৰ সৈতে একাধিক অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। চিকিৎসালয়ৰ নৱাগত চিকিৎসকসকলক তেওঁ প্ৰশিক্ষিত কৰে। ভিভিয়েন থমাছে প্ৰায় ৩৫ বছৰ কাল জন্স হপকিন্স চিকিৎসালয়ত পৰ্যবেক্ষক (Supervisor) হিচাপে কাম কৰে। আলফ্ৰেড ব্লালাকৰ জীৱনৰ অন্তিমকালছোৱালৈকে ভিভিয়েন থ’মাছে তেওঁক সংগ দিছিল। থমাছৰ মৃত্যুৰ পিছত [ ২৬ ] ভিভিয়েন থ’মাছক জন্স হপকিন্স বিশ্ববিদ্যালয়ে কৰ্মনিষ্ঠা আৰু অতুলনীয় মেধাক আনুষ্ঠানিকভাৱে সন্মান যাঁচে। ভিভিয়েন থ’মাছলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়োৱা হয়। চিকিৎসালয়ৰ বেৰত তেওঁৰ এখন প্ৰতিকৃতি আলফ্ৰেড ব্লালাকৰ প্ৰতিকৃতিৰ কাষতেই আঁৰি ৰখা হয়। সেইয়া আছিল ভিভিয়েন থ’মাছৰ জীৱনৰ সবাতোকৈ গৌৰৱোজ্জ্বল ক্ষণ। দৰ্শকৰ প্ৰথম শাৰীত বহি থকা বৃদ্ধ ভিভিয়েন থ’মাছ আৰু তেওঁৰ পত্নীৰ চকুত কোণত জিলিকি উঠা অশ্ৰুয়েই সেই সুখানুভূতি প্ৰকাশিত কৰে৷ অভিনেতা-অভিনেত্ৰীসকলৰ হৃদয়স্পৰ্শী তথা সাৱলীল অভিনয়; নিখুঁত চিত্ৰনাট্য ছবিখনৰ মূল উপাদান। এমি, গল্ডেন গ্ল’বকে ধৰি একাধিক মনোনয়ন আৰু বঁটাৰে পুৰস্কৃত জোছেফ চাৰ্জেণ্টৰ দ্বাৰা পৰিচালিত ছবিখনক আমেৰিকান ফিল্ম ইন্‌ষ্টিটিউটে ২০০৪ চনৰ “শ্ৰেষ্ঠ টেলিভিছন ছবি” আখ্যা দিয়ে আৰু কয়-“A revelation..a bittersweet story [that] is an important tool for America as it continues to search for a public vocabulary to discuss issues of race.”(৷) হাইস্কুলীয়া শিক্ষাৰ পিছত অইন কোনো বিদ্যালয়ত পঢ়িবলৈ সুযোগ-সুবিধা আদায় কৰিব নোৱাৰা দৰিদ্ৰ কৃষ্ণাংগ যুৱক ভিভিয়েন থ’মাছে বৰ্ণ-বৈষম্যত পোত যোৱা সমাজক পৰাস্ত কৰি যিদৰে চিকিৎসা-বিজ্ঞানৰ ইতিহাসত মাইলৰ খুঁটি স্থাপন কৰিলে; নিৰলস চেষ্টা, ঐকান্তিকতা আৰু প্ৰজ্ঞাৰ উজ্জ্বল আভাৰে যিদৰে আধুনিক অস্ত্ৰোপচাৰ শৈলীলৈ যুগান্তকাৰী বোৱাই আনিলে;সেইয়া চিৰকাল স্মৰণীয় আৰু শ্ৰদ্ধাযোগ্য হৈ থাকিব।

[ ২৭ ]


“Curiosity has its own reason for existing.”

—Albert Einstein

 আইনষ্টাইনৰ উক্তিৰ ভেটিত থিয় হৈয়েই ক’ব পাৰি- এই Curiosity-য়েই অৰ্থাৎ মানুহৰ মনৰ অদমনীয় কৌতূহল অথবা উৎসুকতাই মানুহক অইন জীৱৰ পৰা পৃথক কৰিছে আৰু মানুহক জীৱশ্ৰেষ্ঠ বুলি গৌৰৱ কৰিব পৰাৰ অধিকাৰ প্ৰদান কৰিছে। চুকত সোমাই থকা ভেকুলী এটাই চিন্তা কৰিব নোৱাৰে। কিন্তু ভেকুলীয়ে কিয় চিন্তা কৰিব নোৱাৰে- সেই চিন্তাটো মানুহে কৰিব পাৰে, গৱেষণা কৰিব পাৰে নাইবা প্ৰশ্ন কৰিব পাৰে৷ আধুনিক দৈনন্দিন পৃথিৱীখনত ঘটি থকা অজস্ৰ-সহস্ৰ ঘটনাই মানুহৰ চেতন-অৱচেতন মনলৈ অসংখ্য কৌতূহলোদ্দীপক অনুভৱৰ সোঁত বোৱাই আনে আৰু মানুহক লৈ যায় বিচিত্ৰ প্ৰশ্নৰে পৰিপূৰ্ণ হৈ থকা অইন এখন জগতলৈ। কৌতূহলী মানুহৰ বিচৰণক্ষেত্ৰৰ পৰিধি ভাবিব নোৱৰা ধৰণে বিশাল। চিন্তাৰ দ্ৰুততম বেগে মানুহৰ কৌতূহলক পৰিচয় কৰাই দিছে পৃথিৱী,বেলি,জোন,সৌৰজগত,মহাকাশ,তাৰকাৰাজ্য তথা বিশাল ব্ৰহ্মাণ্ডৰ সৈতে আৰু মানুহৰ সন্মুখত উত্থাপন কৰিছে একো একোটা বিস্ময়কৰ প্ৰশ্ন। এই প্ৰশ্নবোৰৰ উত্তৰৰ অন্বেষণত নামি পৰিছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মানুহজন, তীক্ষ্ণতকৈও তীক্ষ্ন মানৱ মগজু। নিৰলস সাধনা আৰু কঠোৰতম অধ্যৱসায়ৰ বলত অসাধ্য সাধন কৰা জীৱশ্ৰেষ্ঠই কৌতূহল দমনৰ অৰ্থে গমন কৰিছে কোটি কোটি কিলোমিটাৰ আঁতৰত থকা কোনোবা গ্ৰহলৈ,পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা চন্দ্ৰটোলৈ। পাইছে, অনুসন্ধিৎসু মানৱ জাতিয়ে [ ২৮ ] তেওঁলোকৰ চিন্তাশক্তিক প্ৰত্যাহ্বান জনোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পাইছে। তথাপিতো যেন মানুহৰ কৌতূহল স্তিমিত হোৱা নাই। মনৰ অনুসন্ধিৎসু আৰু উৎসুকতা মাৰ যোৱা নাই। কিছুমান বিচিত্ৰ প্ৰশ্নই মানুহক অহৰ্নিশে খেদি ফুৰিছে, সঘনাই আমনি কৰিছে। কৌতূহলী মানুহৰ মনত যুগে যুগে জাগ্ৰত হোৱা তেনে এটা প্ৰাচীন প্ৰশ্ন, যিটো প্ৰশ্নৰ এটা বিশ্বাসযোগ্য উত্তৰ শুনিবলৈ বিশ্বৰ অগণন মানুহৰ পঞ্চেন্দ্ৰিয় উদ্বাউল হৈ আছে; সেইটো হ'ল- মানুহৰ দৰে চিন্তাশীল আৰু বুধিয়ক জীৱ পৃথিৱীৰ বাহিৰেও অইন ক'ৰবাত আছে নেকি? আছে নেকি ব্ৰহ্মাণ্ডৰ কোনোবা মুলুকত জীৱশ্ৰেষ্ঠৰ লগত মোকাবিলা কৰিব পৰা অইন কোনো প্ৰাণীৰ অস্তিত্ব?

 গডজিলা আৰু ‘দী ডেই অফটাৰ টুমৰ’ৰ দৰে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু কাহিনীকাৰ ৰোলাণ্ড এমেৰিখৰ মনতো ঠিক এনেকুৱা এটা প্ৰশ্নয়েই খুন্দিয়াই আছিল। মনৰ সেই অনুভৱ তেওঁ ব্যক্ত কৰে ইউৰোপ মহাদেশত ’ষ্টাৰগেইট’ (Stargate) নামৰ কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ প্ৰচাৰ কৰি থকা অৱস্থাত। অৰুি এই প্ৰশ্নটোকে মূলধন হিচাপে লৈ তেওঁ যে এখন ছবি নিৰ্মাণ কৰাৰ সপোন

দেখিছে, সেই কথাও লগতে সদৰী কৰে। এই সপোনটোৰে তেওঁ নাম থ’লে- 'ইণ্ডিপেণ্ডেন্স ডে’ (Independence Day)। ১৯৯৫ চনৰ জুলাই মাহৰ নিউ ইয়ৰ্ক চিটিত ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ল আৰু প্ৰায় এবছৰৰ অন্তত ১৯৯৬ চনৰ ২০ জুনত ছবি সম্পৰ্কীয় সকলো কাম শেষ হ’ল। সেই বছৰৰে ৩ জুলাইত ছবিখনক সমগ্ৰ বিশ্বতে মুক্তি দিয়া হ'ল। খুউব কম সময়ৰ ভিতৰতে ছবিখনে আজুৰি আনিলে অভাৱনীয় সফলতা। ডিন ডেভলিন আৰু ৰোলাণ্ড এমেৰিখৰ দ্বাৰা ৰচিত এটা কল্প-কাহিনীৰ আধাৰত নিৰ্মিত “ইণ্ডিপেণ্ডেন্স ডে’-হৈ পৰিল ১৯৯৬ চনৰ সৰ্বাধিক ধন-উপাৰ্জনকাৰী ছবি। ভিজুৱেল এফেক্টছৰ শিতানত ছবিখনে লাভ কৰিলে সন্মানীয় অস্কাৰ বঁটা।‘ধ্বনি মিশ্ৰণ’ৰ শিতানত অস্কাৰৰ মনোনয়ন লাভ কৰা ‘ইণ্ডিপেণ্ডেন্স ডে’-ত অভিনয় কৰিছিল উইল স্মিথ, বিল পুলমেন, মাৰ্গাৰেট কলিন আদি পৰিদৰ্শী অভিনয়-শিল্পীয়ে।

 পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰা এখন অজ্ঞাত অথচ অতিকায় যানক কেন্দ্ৰ কৰি ছবিৰ কাহিনীভাগ গঢ় লৈ উঠিছে। ১৯৯৬ চনৰ ২ জুলাই তাৰিখে অতিকায় যানখনৰ পৰা নামি অহা আন [ ২৯ ] কেইবাখনো মহাকাশযানে পৃথিৱীৰ প্ৰখ্যাত চহৰবোৰৰ ওপৰত অৱস্থান গ্ৰহণ কৰে৷ কেতিয়াও মুখামুখি নোহোৱা এই বিস্ময়কৰ পৰিঘটনাই চহৰবাসীৰ মাজত সৃষ্টি কৰে চেপা উত্তেজনা আৰু পৰম উৎকণ্ঠাৰ। কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা এটা বিচিত্ৰ সংকেতৰ অৰ্থোদ্ধাৰ কৰি উঠি আতঙ্কিত হৈ পৰা ডেভিড লেভিনছন নামৰ মানুহজনে হোৱাইট হাউচত থকা তেওঁৰ প্ৰাক্তন পত্নীৰ লগত যোগাযোগ কৰি এই ভয়ংকৰ বিপদৰ আগজাননী দিয়ে। যিকোনো ক্ষণতে পৃথিৱীবাসী সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ, নামি আহিব পাৰে প্ৰলয়। ৰাষ্ট্ৰপতি হোৱাইটম’ৰকো এই বিপদৰ আগজাননী দিয়া হয়। মুহূৰ্ততে হৈ-চৈ আৰম্ভ হয়। নিজৰ প্ৰাণটো বচাই কিদৰে চহৰ এৰি নিৰাপদ দূৰত্বলৈ যাব পাৰি, তাৰেই এক ব্যাপক প্ৰস্তুতি আৰম্ভ হয় জনগণৰ মাজত। ইতিমধ্যেই লচ এঞ্জেলছকে ধৰি দুখনমান বিখ্যাত চহৰত সেই বিচিত্ৰ যানকেইখনে ধ্বংসলীলা। আৰম্ভ কৰে। তাৰ পিছদিনা আন্তঃৰাষ্ট্ৰীয় সামৰিক বাহিনীৰ নেতৃত্বত সেই যানকেইখনৰ ওপৰত প্ৰচণ্ড আক্ৰমণ চলোৱা হয়। আৰু সেই আক্ৰমণৰ

পৰিণতিতেই সুদক্ষ সেনা, পাইলট ষ্টিভেন হিলাৰে বহিৰ্জগতৰ কিম্ভুতকিম্বাকাৰ প্ৰাণী এটাক কৰায়ত্ব কৰিবলৈ সমৰ্থ হয় আৰু অচেতন অৱস্থাত প্ৰাণীটোক গৱেষণাৰ হেতু পৰীক্ষাকেন্দ্ৰলৈ লৈ যোৱা হয়। চিকিৎসাৰত অৱস্থাত সেই প্ৰাণীটোৱে সংজ্ঞা ঘূৰাই পায় আৰু এজন চিকিৎসক-বিজ্ঞানীক আক্ৰমণ কৰে। বিজ্ঞানীজনৰ মনত প্ৰৱেশ কৰি সেই অদ্ভুত প্ৰাণীটোৱে তেওঁৰ কণ্ঠনলীৰে ৰাষ্ট্ৰপতি হোৱাইটম’ৰেৰ লগত বাৰ্তা-বিনিময় কৰে৷ বাৰ্তালাপৰ অন্তত ৰাষ্ট্ৰপতি হোৱাইটম’ৰে এই প্ৰাণীবোৰৰ যাত্ৰাৰ ৰহস্য অৰু ধ্বংসকামী উদ্দেশ্যৰ বিষয়ে অৱগত হয়। আৰু সিহঁতৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ দৃঢ় সংকল্প লয়।

 ৪ জুলাই। আমেৰিকাৰ স্বাধীনতা দিৱস। ছেটেলাইট টেকনিচিয়ান ডেভিড লেভিনছনে বৰ্হিজগতৰ প্ৰাণীবোৰক পৰভূত কৰা আৰু যানকেইখন ধ্বংস কৰাৰ একমাত্ৰ কৌশলটো আৱিষ্কাৰ কৰে। যানকেইখনৰ চৌপাশ আৱৰি ৰখা শক্তিশালী সুৰক্ষা বেষ্টনীখন নিষ্ক্ৰিয় কৰিব লাগিব আৰু তাকে কৰিবলৈ তেওঁলোকে মুখ্য যানখনত এটা [ ৩০ ] ভাইৰাছ সংস্থাপিত কৰিব লাগিব। পৃথিৱী ৰক্ষাৰ এই গুৰুত্বপূৰ্ণ অভিযানৰ মুখ্য দায়িত্ব অৰ্পণ কৰা হয় পাইলট ষ্টিভেন হিলাৰৰ ওপৰত। তেওঁৰ নেতৃত্বত যাবলগীয়া দলটোৱে বৰ্হিজগতৰ প্ৰাণীৰ মুখ্য যানখনত সেই ভাইৰাছটো সংস্থাপিত কৰিব আৰু তাৰ পিছত নিউক্লিয়াৰ অস্ত্ৰ নিক্ষেপ কৰি যানখন ধ্বংস কৰিব। সামৰিক বাহিনীৰ শক্তি বঢ়োৱাৰ উদ্দেশ্য উৰাজাহাজ চলোৱাৰ অভিজ্ঞতা থকা মানুহৰ সন্ধান কৰা হয়। স্ব-ইচ্ছাই ওলাই অহা তেনে এজন ব্যক্তি হ’ল কাচ্ছে।

 এসময়ত আক্ৰমণ আৰম্ভ হয়। বহিৰ্জগতৰ প্ৰাণীৰ সুৰক্ষা বেষ্টনী নিষ্ক্ৰিয় কৰি উঠাৰ পিছত পাইলটসকলে মুখ্য যানখন ধ্বংস কৰিবলৈ প্ৰস্তুতি চলায়। কিন্তু ‘কাচ্ছে’ৰ উৰাজাহাজে কঢ়িয়াই অনা মিছাইলটোৰ জঁট লাগে। এক যান্ত্ৰিক বিজুতিৰ কাৰণে তেওঁ মিছাইলটো নিক্ষেপ কৰিব নোৱৰা হয়। অনাকাংক্ষিত এই পৰিস্থিতিৰ সন্মুখীন হৈ ‘কাচ্ছে’-এ সিদ্ধান্ত ল'লে-দেশ আৰু জনতাৰ ভৱিষ্যতৰ কাৰণে তেওঁ নিজৰ জীৱন উছৰ্গা কৰিব। আৰু সেয়াই হ’ল। মিছাইলটোৰ সৈতে তেওঁ বৰ্হিজগতৰ প্ৰাণীৰ যানখনত আক্ৰমণ কৰিলে৷ সিফালে ষ্টিভেন হিলাৰৰ নেতৃত্বত চলি থকা আক্ৰমণেও বৰ্হিজগতৰ প্ৰাণীবোৰৰ সংখ্যা কমাই আনিছে। কেইটিমান মুহূৰ্তৰ পিছত ‘কাচ্ছে’ৰ মিছাইলৰ টাইমাৰটোত ‘শূন্য’ অংকটো জিলিকিল৷ প্ৰকাণ্ড যানখনক এক বিশাল জ্যোতিৰে আৱৰি ধৰিলে আৰু পৃথিৱীত সন্ত্ৰাসৰ সৃষ্টি কৰা সেই প্ৰলয়ংকাৰী যানখন আকাশৰ পৰা খহি ভূখণ্ডত পৰি চূৰ্ণাকৃত হ'ল। পৰিমাপহীন আতংক আৰু ভীতিত ধুঁৱলি-কুঁৱলি হৈ থকা মানুহৰ চকুবোৰত লগে লগে আনন্দ আৰু বিজয়ৰ উছাহে ঢৌ খেলি গ’ল। বহিৰ্জগতৰ প্ৰাণীৰ পৰা জনতাই ‘স্বাধীনতা’ লাভ কৰিলে। পৃথিৱী নামৰ গ্ৰহটোৰ মানুহে পুনৰ এবাৰ জীৱশ্ৰেষ্ঠতাৰ প্ৰমাণ দিলে।

 এইয়াই হৈছে ’ইণ্ডিপেণ্ডেন্স ডে’ নামৰ সু- পৰিচালিত ছবিখনৰ থুলমূল কাহিনী।

 উল্লেখযোগ্য যে, ২০১৬ চনৰ ২৪ জুনত ‘ইণ্ডিপেণ্ডেন্স ডে’ৰ ছিকুৱেল ‘ইণ্ডিপেণ্ডেন্স ডে- ৰিচাৰজেন্স’-এ মুক্তি লাভ কৰে। কিন্তু ছবিখনে পূৰ্বৰ

দৰে ইতিবাচক সঁহাৰি নাপালে। [ ৩১ ]

"I believe that at the end of the century the use of words and general educated opinion will have altered so much that one will be able to speak of machines thinking without expecting to be contradicted.”

Alan Turing

 প্ৰথম বিশ্বযুদ্ধৰ শেষৰফালে জাৰ্মানীৰ এজন অভিযন্তা অৰ্থাৰ স্কিৰবিয়াছে ‘এনিগমা’ (Enigma) নামৰ এটি বিদ্যুৎ-চুম্বকীয় ঘূৰ্ণক যন্ত্ৰ সাজি উলিয়াইছিল। প্ৰধানতঃ সামৰিক বাহিনীৰ আভ্যন্তৰীণ যোগাযোগ কৌশলপূৰ্ণ আৰু বিপদশূন্য কৰাৰ স্বাৰ্থতেই এই বিশেষ সংকেতসূচক যন্ত্ৰবোৰ জাৰ্মানীয়ে ব্যৱহাৰ কৰিছিল। ’এনিগমা’ নামৰ অভিনৱ আৰু শক্তিশালী বাৰ্তাপ্ৰেৰক যন্ত্ৰটোৰ দ্বাৰা প্ৰেৰণ কৰা বাৰ্তা শত্ৰুপক্ষই উদ্ধাৰ কৰাত অসমৰ্থ হৈছিল। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নাজী জাৰ্মানীয়ে দমন আৰু আক্ৰমণ অব্যাহত ৰাখিছিল।

 ১৯৩৯ চনত ব্ৰিটেইন আৰু জাৰ্মানীৰ মাজত যুদ্ধ আৰম্ভ হ'ল। এনিগম’ৰ কান্ধত উঠি জাৰ্মানীৰ সৈন্যই ব্ৰিটিছ সৈন্যৰ বিপক্ষে এঘড়ী ভালদৰে যুঁজিবলৈ কঁকালত টঙালি বান্ধি ল'লে। জাৰ্মানী সৈন্যৰ কূট-কৌশল আৰু পৰিকল্পনাৰ উমান ব্ৰিটিছৰ সৈন্যৰ উচ্চপদবীধাৰীসকলে নোপোৱাকৈ থকা নাছিল। ‘এনিগমা’ৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তাৰ গোপনীয়তা ভংগ কৰিব পাৰিলে ব্ৰিটিছ সৈন্য কিমান লাভান্বিত [ ৩২ ] হ’ব, সেইয়া তেওঁলোকে বুজি উঠিছিল। সেইবাবেই জাৰ্মানীৰ বিপক্ষে যুদ্ধ ঘোষণা হোৱাৰ পিছদিনাই নৌসেনাৰ কমাণ্ডাৰ এলাষ্টেয়াৰ ডেনিষ্টনে এলান টুৰিং (Alan Turing) নামৰ তীক্ষ্ণধী গণিতজ্ঞজনক তেওঁৰ কক্ষলৈ আমন্ত্ৰণ কৰিলে।

 আধুনিক পৃথিৱীৰ কম্পিউটাৰ বিজ্ঞানৰ পিতৃস্বৰূপ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) পথপ্ৰদৰ্শক এলান টুৰিঙৰ নামটো কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত তৰ্কাতীতভাৱে স্মৰণযোগ্য। এলান টুৰিঙৰ জন্ম হৈছিল ১৯১২ চনৰ ২৩ জুনত, লণ্ডনত। সেইসময়ত আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। এলানৰ পিতৃ জুলিয়াছ মেথিছন টুৰিঙে প্ৰশাসনীয় সেৱাৰ বিষয়া হিচাপে উৰিষ্যাত আৰু মাতৃ ইথেল ছাৰাই ৰে’লৰ মুখ্য অভিযন্তাৰ ৰূপত মাদ্ৰিজত কাৰ্যনিৰ্বাহ কৰি আছিল। অৱশ্যে মহান বিজ্ঞানীজনৰ জন্ম ভাৰতত হোৱা নাছিল। গৰ্ভৱতী অৱস্থাত থকা পত্নী ইথেলক জুলিয়াছে লণ্ডনলৈ লৈ গৈছিল অৰুি তাতেই ‘মেইড ভেল’ অঞ্চলত ২৩ জুন তাৰিখে এলান টুৰিঙৰ জন্ম হৈছিল।

 এজন বিচক্ষণ অংকবিদ, তৰ্কবিজ্ঞানী আৰু সুনিপুণ কম্পিউটাৰ অভিযন্তা হোৱাৰ উপৰি এলান টুৰিঙে সাংকেতিক ভাষাৰ অৰ্থোদ্ধাৰ কৰাৰ কৰ্মতে (সংকেতবিশ্লেষক,Cryptanalyst) ঈৰ্ষণীয় পাৰদৰ্শিতা দেখুৱাইছিল। টুৰিঙে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ‘চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়’ত (Government Code and Cypher School (GCCS)) কাম কৰিছিল। টুৰিঙৰ জীৱনৰ আন এটা বিশেষ সাফল্য— যাৰ বাবে এলান টুৰিঙক বিশ্বৰ বিজ্ঞানসমাজে গভীৰ শ্ৰদ্ধা আৰু আন্তৰিকতাৰে সেইটো হৈছে— টুৰিং যন্ত্ৰৰ ধাৰণা (Turing machine)। এলগৰিথিম (Algorithm) আৰু গণনা (Computation)ৰ প্ৰচলিত ধাৰণাৰ উত্তৰণ ঘটাই তেওঁ ‘টুৰিং যন্ত্ৰ’ নামৰ প্ৰাকল্পিক সৰ্বাত্মক কম্পিউটাৰটো তৈয়াৰ কৰিছিল। কম্পিউটাৰৰ জগতলৈ টুৰিঙে আগবঢ়োৱা অতুলনীয় অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই ‘এছ’ছিয়েচন ফ’ৰ কম্পিউটিং মেছিনেৰি’ (Association Computing Machinery) নামৰ সংস্থাটোৱে ১৯৬৬ চনত টুৰিং বঁটা (Turing Award) নামৰ এটি সন্মানীয় বঁটাৰ প্ৰতিষ্ঠা কৰে, যাক ন’বেল বঁটাৰ সমপৰ্যায়ৰ হিচাপে গণ্য কৰা হয়। কম্পিউটাৰৰ কাৰিকৰী আৰু তাত্ত্বিক দিশক নতুন চিন্তা তথা কৰ্মৰে সমৃদ্ধিশালী কৰা ব্যক্তি একোজনলৈ প্ৰতিবছৰে এই টুৰিং বঁটা প্ৰদান কৰা হয়।

 বিৰল মেধাৰ গৰাকী এইজন জ্ঞানী টুৰিঙকে ব্ৰিটিছ নৌসেনাৰ কমাণ্ডাৰ ডেনিষ্টনে ব্লেট্‌ক্লি পাৰ্ক (Bletchley Park)ত সংস্থাপিত কৰিলে। ডেনিষ্টন আৰু টুৰিঙৰ মাজত হোৱা সাক্ষাৎকাৰটোও আমোদজনক। মাত্ৰ ২৭ বছৰীয়া টুৰিঙৰ মেধা আৰু প্ৰতিভাই ডেনিষ্টনক আকৃষ্ট কৰিছিল সঁচা কিন্তু টুৰিঙে জাৰ্মানী ভাষাৰ “জ’টোও জনা নাছিল। আশ্বৰ্যচকিত হৈ কমাণ্ডাৰে টুৰিঙক একপ্ৰকাৰ স্বগৃহলৈ উভতি যাবলৈকে নিৰ্দেশ দিছিল। পিছে টুৰিঙৰ মুখত উচ্চাৰিত হোৱা ‘এনিগ্‌মা’ সম্পৰ্কীয় তথ্য-যুক্তিয়ে কমাণ্ডাৰক শেষমুহূৰ্তত সিদ্ধান্ত সলাবলৈ বাধ্য কৰালে আৰু যাৰ ফলত ‘ব্লেট্‌ক্লি পাৰ্কত ইতিমধ্যেই গোট খোৱা অইন পাঁচজনীয়া বিজ্ঞানীৰ দলটোলৈ এজন নতুন যুৱকৰ আগমন ঘটিল-নাম যাৰ এলান মেথিছন টুৰিঙ।

 টুৰিঙ আৰু দলটোৰ সন্মুখত মূল প্ৰত্যাহ্বানটো হ’ল-জাৰ্মানীয়ে প্ৰত্যেক নিশা বাৰ বজাত ‘এনিগ্‌মা’ৰ ছেটিংছ সাল-সলনি কৰে। এই বাৰ্তাটো ব্ৰিটিছ সৈন্যই পুৱা ছয় বজাতহে সংগ্ৰহ কৰে, [ ৩৩ ] কৰে। গতিকে ‘এনিগ্‌মা ক'ডৰ অৰ্থোদ্ধাৰ কৰিবলৈ দলটোৰ হাতত সময় থাকে সম্পূৰ্ণ ওঠৰ ঘণ্টা। ওঠৰ ঘণ্টাৰ ভিতৰতে যদি কিবাপ্ৰকাৰে সংকেতৰ পাঠোদ্ধাৰ কৰিব পাৰি, তেন্তে শত্ৰুপক্ষৰ বহুতো কূট-কৌশল প্ৰতিহত কৰিব পৰা যাব। অন্যথা মাজনিশা বাৰ বজাত পুনৰ ‘এনিগ্‌মা’ৰ ছেটিঙছ সলাই শত্ৰু জাৰ্মানীয়ে নতুন ৰণকৌশল ৰচনা কৰিব। দুৰ্ভাগ্যজনকভাৱে এই কামটো অৰ্থাৎ, ‘এনিগ্‌মা’ৰ ক’ডৰ অৰ্থোদ্ধাৰ কৰা কামটো এইপৰ্যন্ত সম্ভৱপৰ হৈ উঠা নাই, যিটো ব্ৰিটেইনৰ বাবে এইমুহূৰ্তত হৈ পৰিছে শংকা আৰু সংকটৰ অন্যতম কাৰণ।


 সেই শংকা আৰু সংকটৰ গৰাহৰ পৰা ব্ৰিটেইনক উদ্ধাৰ কৰিবলৈ এলান টুৰিঙে সমস্ত একাগ্ৰতা আৰু নিষ্ঠাৰে কাম কৰিবলৈ যো-জা চলালে। প্ৰস্তুতিৰ প্ৰথমটো পদক্ষেপ হিচাপে তেওঁ কৰিলে কি; দলটোৰ বাকীকেইজন সতীৰ্থৰ লগত কাম নকৰি অকলশৰীয়াকৈ আনটো কোঠাত এটা বিশেষ যন্ত্ৰ সজাত লাগিল। টুৰিঙৰ দৃঢ় বিশ্বাস আছিল-তেওঁৰ এই যন্ত্ৰটোৱে জটিলৰো জটিল সাংকেতিক বাৰ্তাৰ অৰ্থ উদ্ধাৰ কৰিব পাৰিব। প্ৰথমাৱস্থাত কমাণ্ডাৰ ডেনিষ্টনে টুৰিঙৰ যন্ত্ৰ নিৰ্মাণৰ পৰিকল্পনাত সহযোগ কৰা নাছিল যদিও উইনষ্টন চাৰ্চিলৰ হস্তক্ষেপত ডেনিষ্টন অৱশেষত মান্তি হ’ল। চাৰ্চিলৰ নিৰ্দেশমৰ্মে টুৰিঙক দলটোৰ মুখীয়াল ঘোষণা কৰা হ’ল। নেতৃত্বৰ ভাৰ কান্ধত লৈয়েই টুৰিঙে দলটোৰ দুজন দুৰ্বল সদস্যক কামৰ পৰা অব্যাহতি দিলে। আৰু জোৱান ক্লাৰ্ক আৰু জেক গুড নামৰ এহাল যুৱক-যুৱতীক লিখিত সাক্ষাৎকাৰৰ জৰিয়তে এই বিশেষ কামটোৰ সদস্য কৰি ল’লে। পিছে পুৰুষৰ দলটোত একমাত্ৰ অকলশৰীয়া যুৱতী জোৱান ক্লাৰ্কে কাম কৰিবলৈ বিচৰা সিদ্ধান্তটো তেওঁৰ অভিভাৱকে পছন্দ কৰা নাছিল। প্ৰখৰ মেধাসম্পন্ন জোৱান ক্লাৰ্কৰ এই অসুবিধা দূৰ কৰাৰ হেতু এলান টুৰিং তেওঁলোকৰ ঘৰ ওলালগৈ। জোৱান ক্লাৰ্কৰ আগত মহিলাৰ সংকেত-বিশ্লেষকৰ গোট এটাৰ কথা উল্লেখ কৰিলে আৰু ক’লে যে জোৱান ক্লাৰ্কে মহিলাৰ এই দলটোত নিৰ্বিঘ্নে কমি কৰি যাব পাৰিব। ক্লাৰ্ক মান্তি হ’ল। তেওঁ মহিলাৰ গোটটোত চামিল হ’ল আৰু সংগ্ৰহিত নানান তথ্য[ ৩৪ ] পাতি, সংকেত গোপনে যন্ত্ৰ নিৰ্মাণত ব্যস্ত হৈ থকা টুৰিঙৰ হাতত গটাবলৈ ধৰিলে।

 সপোনৰ যন্ত্ৰটোক বাস্তৱ ৰূপ দিবলৈ টুৰিঙ ইমানেই ব্যাকুল আৰু মনোযোগী হৈ পৰিছিল যে হতাশাগ্ৰস্ত সতীৰ্থৰ অনাকাংক্ষিত ব্যৱহাৰেও টুৰিঙৰ মন ভাঙিব পৰা নাছিল। দিন-ৰাতি অহৰ্নিশে টুৰিঙৰ মাত্ৰ এটাই লক্ষ্য আছিল-যন্ত্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা আৰু দেশৰক্ষাৰ পৱিত্ৰ কৰ্মত ইয়াত উছৰ্গা কৰা৷

 টুৰিঙৰ ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ বলত এদিন এই যন্ত্ৰটোৰ নিৰ্মাণকাৰ্য সমাপ্ত হ’ল। কিন্তু টুৰিঙৰ দলটোৰ বাবে অস্বস্তিকৰ কথাটো হ’ল- ‘ক্ৰিষ্টোফাৰ’ নামধাৰী এই সংকেত-উদ্ধাৰকাৰী যন্ত্ৰটোৰ কাৰ্যপ্ৰণালী অত্যন্ত মন্থৰ, যিটো আছিল সন্দেহাতীতভাৱে অস্বস্তিকৰ। কাৰণ চৌবিশঘণ্টাৰ ভিতৰতে সলনি হোৱা জাৰ্মানীৰ সাংকেতিক বাৰ্তাৰ উদ্ধাৰ কৰাৰ পদ্ধতিটো হ’ব লাগিব পৰাপক্ষত বিস্ময়কৰভাৱে দ্ৰুত।

 এই ধীৰ গতিৰ যন্ত্ৰটোৰ কথা যেতিয়াই গৈ কমাণ্ডাৰ ডেনিষ্টনৰ কণিত পৰিল, তেতিয়াই ক্ষোভিত, অসন্তুষ্ট ডেনিষ্টনে সদলবলে টুৰিঙৰ কোঠালৈ আহিল আৰু তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত দিয়াৰ লগতে যন্ত্ৰটোকো ধ্বংস কৰিবলৈ কঠোৰতম আদেশ জাৰী কৰিলে। কিন্তু ডেনিষ্টনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিল টুৰিঙৰ সহযোগীবৃন্দ। টুৰিঙৰ অনুপস্থিতিত তেওঁলোকেও এই প্ৰকল্পত কাম নকৰে বুলি নিৰ্ভয়ে ঘোষণা কৰিলে। উপায়বিহীন হৈ ডেনিষ্টনে সিদ্ধান্ত সলাবলগীয়া হ’ল। এমাহৰ ভিতৰত প্ৰকল্পৰ এটা ইতিবাচক পৰিণতি আশা কৰি ডেনিষ্টনে বিদায় ল’লে।

 এলান টুৰিঙে বাঞ্ছিত ফল লাভ কৰাত সফল হ’লনে!

 হ’ল। সেই কাহিনীও পৰম আমোদজনক। এলানৰ সৈতে কাম কৰা জোৱান ক্লাৰ্ককে এসময়ত এলান টুৰিঙে বিবাহৰ প্ৰস্তাৱ দিলে। সেই উপলক্ষে আয়োজিত অভ্যৰ্থনা অনুষ্ঠানটিলৈ হেলেন নামৰ যুৱতী এগৰাকীৰ আগমন ঘটিছিল। হেলেন আছিল জোৱানৰ বান্ধৱী। ক’বলৈ গ’লে- হেলেনৰ সৈতে এলান টুৰিঙ আৰু তেওঁৰ সহযোগী হাগ এলেক্সজেণ্ডাৰৰ মাজত সংঘটিত হোৱা এটা বাৰ্তালাপেই জাৰ্মানীৰ ‘এনিগ্‌মা’ ক’ডৰ যৱনিকা মাতি আনিলে। এজন জাৰ্মান সৈন্যৰ প্ৰতি হেলেন আকৃষ্ট হৈছিল। কিন্তু সৈন্যজনৰ অইন কোনো যুৱতীৰ লগত সম্বন্ধ থকা বুলি সন্দেহ কৰি হেলেনে তেওঁক [ ৩৫ ] ত্যাগ কৰিছিল। জাৰ্মান সৈন্যজনে এক সাংকেতিক ভাষাৰে তেওঁৰ গোপন প্ৰেমিকালৈ বাৰ্তা প্ৰেৰণ কৰিছিল যাৰ অৰ্থ হেলেনে উদ্ধাৰ কৰিছিল। এই বিশেষ কথাটোৱেই এলেন টুৰিঙৰ মগজুত বিজুলীৰ দৰে ঢৌ খেলাই গ’ল। বিদ্যুৎসাহী এলান টুৰিঙে ততালিকে হেলেনৰ কাষ চাপিল আৰু কিদৰে তেওঁ সংকেতটোৰ পাঠোদ্ধাৰ কৰিছিল, তাৰ বিষয়ে জানিব বিচাৰিলে। হেলেনে তেতিয়া ক’লে যে জাৰ্মান সৈন্যজনে প্ৰেৰণ কৰা সকলো বাৰ্তায়েই সাইলাখ একে শব্দ একোটাৰে আৰম্ভ হৈছিল। তথ্যটো উদ্ধাৰ কৰিয়েই এলেন আৰু তাত ৰৈ নাথাকিল। নিজৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব-তেওঁ ততালিকে ধাৰণা কৰি ল'লে।

 তৰা নৰা চিঙি তেওঁ অনুষ্ঠানৰ পৰা ওলাই আহিল। অনুষ্ঠানত উপস্থিত তেওঁৰ সংগীসকল আৰু প্ৰেমিক কাৰ্যত আশ্বৰ্যচকিত হোৱা প্ৰেমিকা জোৱান ক্লাৰ্কে এলেনক অনুসৰণ কৰিলে। আটায়ে কৰ্মস্থলী অভিমুখে ৰাওনা হ’ল। এলেনৰ ধাৰণা আছিল,- সাংকেতিক বাৰ্তাবোৰত সঘনাই ব্যৱহৃত হোৱা কেতবোৰ শব্দ চিনাক্তকৰণ কৰিব পাৰিলে যন্ত্ৰটোৰ গতি বঢ়াব পৰা যাব। সেয়েহে তীক্ষ্ণ চকুৰে, দুৰন্ত গতিৰে আটায়ে কাম আৰম্ভ কৰিলে। আৰু এলেনে ভবামতে তেওঁৰ ধাৰণাই শেষত সৰ্বশুদ্ধ প্ৰমাণিত হ’ল। যন্ত্ৰটোৱে এইবাৰ খুব কম সময়ৰ ভিতৰতে ফলাফল দেখুৱালে। সেইয়াও সম্পূৰ্ণ সঠিক আৰু শুদ্ধ। আটাইকেইজন আনন্দত আত্মহাৰা। নহ’বয়েইবা কিয়! অতদিনৰ সাগৰসম পৰিশ্ৰম, নিৰলস সাধনা আৰু আন্তৰিক চেষ্টা নিহিত হৈ থকা এই প্ৰকল্পটোৰ সফলতাই এতিয়া দেশৰ আৰু জাতিৰ কিমান উপকাৰ সাধন কৰিব!

 পিছে এইখিনিতে আন এটা নতুন সমস্যাই মূৰ দাঙি উঠিল। যদিহে ‘এনিগ্‌মা’ ক’ডত লুকাই থকা অৰ্থ বুজি ব্ৰিটেইনে শত্ৰুপক্ষ জাৰ্মানীৰ পানীজাহাজ, উৰাজাহাজ তথা সৈন্যবাহিনীৰ ওপৰত আক্ৰমণ চলায়; তেতিয়া শত্ৰুপক্ষই জানো নুবুজাকে থাকিব যে জাৰ্মানীৰ ‘এনিগ্‌মা’ ক’ডৰ পাঠোদ্ধাৰ কৰিবলৈ ব্ৰিটেইন সক্ষম হৈছে। ইয়াৰ পৰিণতিত হ’ব কি। জাৰ্মানীয়ে পুনৰ নতুন ক’ডৰ সৃষ্টি কৰিব, [ ৩৬ ] নতুন কূট-কৌশলৰ ৰচনা হ’ব, আক্ৰমণৰ স্থান-কাল- পৰিৱেশ ভিন্ন হ’ব। আৰু জাৰ্মানীৰ নতুন ৰণকৌশল ফাদিল কৰিবলৈ এলেনহঁতে পুনৰ পশুশ্ৰম কৰিব লাগিব।

 এই দোদুল্যমান পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ এলেনহঁতে তেওঁলোকৰ সফলতা গোপনে ৰখাৰ সিদ্ধান্ত ল'লে। এলেন আৰু জোৱান ক্লাৰ্ক কাষ চাপিল মেজৰ জেনেৰেল ষ্টুৱাৰ্ট মেঞ্জিছৰ। এলেন আৰু জোৱানে মেঞ্জিছৰ ওচৰত প্ৰস্তাৱ ৰাখিলে - ‘এনিগ্‌‌মা’ৰ সম্পৰ্কীয় সমস্ত সংবাদ তেওঁলোকে ব্ৰিটেইনৰ প্ৰতিৰক্ষী বাহিনীৰ পৰা গোপনে ৰাখিব বিচাৰে। দ্বিতীয়তে, জাৰ্মানীৰ চকুত সন্দেহৰ উদ্ৰেক নঘটোৱাকৈ এলেনৰ দলটোৱে পৰিসংখ্যাৰ সহায়ত এনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব যাতে সাপো মৰিব আৰু লাঠিও নাভাঙিব। জেনেৰেল মেঞ্জিছ মান্তি হ’ল।

 জেনেৰেল মেঞ্জিছৰ পৃষ্ঠপোষকতাত এলেন টুৰিঙৰ দলটোৱে কাম কৰি গ'ল। জাৰ্মানীয়ে গম নোপোৱাকৈ অতি সংগোপনে, নিৰৱে এই দলটোৱে

‘এনিগমা’ ক'ডৰ ৰহস্য ভেদি লক্ষাধিক লোকৰ প্ৰাণ বচালে।

 যুদ্ধ যেতিয়া যুদ্ধ শেষ হ’ল, তেতিয়া জেনেৰেল মেঞ্জিছৰ নিৰ্দেশমৰ্মে ‘ক্ৰিষ্টোফাৰ’ নামৰ চমৎকাৰী যন্ত্ৰটোৰ লগতে এই প্ৰকল্পৰ লগত জড়িত সমস্ত তথ্য-নথি ধ্বংস কৰি দিয়া হ'ল। লগতে প্ৰকল্পত জড়িত ব্যক্তিসকলক তেওঁলোকৰ জীৱনৰ পৰম সাফল্যটোৰ কথা আমৃত্যু পৰ্যন্ত গোপনে ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল।

 বিশ্বখ্যাত এলান টুৰিঙৰ জীৱন, যৌৱন আৰু তেওঁৰ অতুলনীয় কৰ্ম-সাধনাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা বহুল প্ৰশংসিত আৰু বহুজন সমাদৃত “দা ইমিটেছন গেইম” (The Imitation Game) নামৰ ছবিখনৰ কাহিনীৰ সাৰাংশ এইয়া। দেশপ্ৰেমৰ পবিত্ৰ চেতনাৰে উদ্বুদ্ধ হৈ এলেন টুৰিঙ নামৰ এইজন প্ৰচুৰ মেধাসম্পন্ন অংকবিদ তথা কম্পিউটাৰ বিজ্ঞানীয়ে যৌৱনৰ গুৰুত্বপূৰ্ণ সময় এছোৱা এটা বিশেষ সংকেতৰ ৰহস্য ভেদ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি দিছিল আৰু নিজৰ চিন্তা আৰু [ ৩৭ ] বুদ্ধিমত্তাৰে এটা জটিল ক্ষণত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি শত্ৰুৰ ৰণকৌশলক যথোপযুক্ত প্ৰত্যুত্তৰ দিছিল।

 “দা ইমিটেছন গেইম” ছবিখনৰ সবাতোকৈ সৌন্দৰ্যশালী উপাদানটো হ'ল এলান টুৰিঙৰ চৰিত্ৰত বেনেডিক্ট কাম্বাৰবেটছে্ প্ৰদৰ্শন কৰা উৎকৃষ্টতম অভিনয়। তাৰ প্ৰমাণ-২০১৪ বৰ্ষৰ শীৰ্ষ দহটা অভিনয়ৰ ‘টাইম’-এ কাম্বাৰবেটছৰ অভিনয়ক প্ৰথম স্থানত ৰাখিছে। এণ্ড্ৰিউ হোজেছৰ ‘এলান টুৰিঙ-দা এনিগ্‌‌মা’ (Alan Turing: The Enigma) নামৰ জীৱনভিত্তিক গ্ৰন্থখনৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰিছে গ্ৰাহাম ম'ৰে। মৰ্টেন টিলডামৰ সুদক্ষ পৰিচালনাত প্ৰায় জীৱন্ত ৰূপ পৰিগ্ৰহ কৰা ছবিখনত কেইৰা নাইট্‌লি, মেথিউ গুডে, ৰ’ৰি কিনিয়েৰ, মাৰ্ক ষ্ট্ৰংগ আদিয়ে মননশীল অভিনয় কৰিছে। ৮৭তম একাডেমী বঁটাৰ ‘শ্ৰেষ্ঠ ছবি’, ‘শ্ৰেষ্ঠ পৰিচালক’ ‘শ্ৰেষ্ঠ অভিনেতা’, ‘শ্ৰেষ্ঠ সহ অভিনেত্ৰী’কে ধৰি মুঠ আঠটা শিতানৰ বাবে ছবিখনে মনোনয়ন লাভ কৰে আৰু ‘শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য’ (Best Adapted Screenplay)ৰ শিতানত ছবিখনে অ’স্কাৰ অৰ্জন কৰে।

 এলান টুৰিঙৰ জীৱন কাল আছিল মাত্ৰ ৪১ বছৰ। সমকামিতাকে ধৰি একাধিক বিতৰ্ক আৰু সংঘাতে টুৰিঙৰ জীৱন-যৌৱন তোলপাৰ লগাই আছিল। যুদ্ধৰ সময়ত টুৰিঙৰ অনুপস্থিতিয়ে আৰক্ষীৰ চকুত সন্দেহৰ উদ্ৰেক ঘটাইছিল যাৰ বাবে তেওঁলোকে যুদ্ধৰ পিছত টুৰিঙক জেৰা কৰিছিল। সেই জেৰাৰ সন্মুখীন হৈয়েই এজন আৰক্ষী বিষয়াৰ সন্মুখত টুৰিঙে তেওঁৰ যৌৱনৰ প্ৰতিখিলা পৃষ্ঠা উন্মোচন কৰে। জেৰাৰ অন্তত টুৰিঙৰ শান্তি ঘোষণা হয়। কাৰাবাস খাটি থাকোঁতেই টুৰিঙে ১৯৫৪ চনত আত্মহত্যা কৰে। আৰু এইদৰেই এলেন টুৰিঙ নামৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কম্পিউটাৰ বিজ্ঞানীজনৰ জীৱননাটৰ সামৰণি পৰে।

 টুৰিঙে জীৱন আৰু তেতিয়াৰ যুদ্ধবিধ্বস্ত সমাজখনক বৰ গভীৰ আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল। তেওঁৰ ভাষ্যত বাস্তৱবাদৰ স্পষ্ট পৰশ ফুটি উঠাটোও লক্ষণীয় কথা। টুৰিঙৰ ব্যক্তিত্বৰ এইটো দিশ দেখুৱাবলৈ ছবিখনত টুৰিঙৰ মুখত দিয়া হৈছে। কেইবাটাও অৰ্থৱহ সংলাপ। "Sometimes we can't do what feels good. We have to do what is logical.", "Hardest time to lie to somebody is when they are expecting to be lied to." "Sometimes it's the very people who no one imagine anything of who can do the things that no can imagine." তাৰে কেইটামান চিন্তা-উদ্ৰেককাৰী সংলাপ।

 অৱশ্যে ছবিখনৰ অবিস্মৰণীয় সংলাপটো মোৰ বোধেৰে উচ্চাৰিত হৈছে এলেনৰ অন্যতম এজন সহযোগী হাগ এলেক্সজেণ্ডাৰৰ মুখত। যেতিয়া এলেন টুৰিঙৰ বুদ্ধি আৰু মেধাৰ জোৰত তেওঁলোকে যন্ত্ৰটো সঠিকভাৱে সম্পাদনা কৰাত সফল হৈছিল তেতিয়া পৰম উচ্ছসিত হৈ এলেক্সজেণ্ডাৰে মন্তব্য কৰিছিল-

"You just defeat Nazism with a crossword puzzle." [ ৩৮ ]

"Srinivasa Ramanujan was the strangest man in all of mathematics, probably in the entire history of science."

Michio Kaku (আমেৰিকাৰ তাত্ত্বিক পদাৰ্থবিদ)

 যিকোনো এটা সংখ্যাক সেই একেই সংখ্যাৰে হৰণ কৰিলে হৰণফল ‘এক’ হয়। অষ্টম শ্ৰেণীত অংকৰ শিক্ষকজনে সেইদিন এই কথাটো ছাত্ৰ-ছাত্ৰীহঁতক বুজাই আছিল। তেনেতে শিক্ষকজনক হতবাক-বিস্মিত কৰি শ্ৰেণীৰ এজন ছাত্ৰই অকস্মাতে প্ৰশ্ন কৰিলে-“এই কথাটো শূন্যৰ ক্ষেত্ৰতো শুদ্ধনে?”

 যিজন ল'ৰাৰ প্ৰশ্নৰ প্ৰখৰতা আৰ গভীৰতাই সেইদিনা অংকৰ শিক্ষকজনক মুহূৰ্তৰ কাৰণে স্তব্ধ কৰি পেলালে, সেইজন শীৰ্ণকায় ছাত্ৰ অইন কোনো নহয়; গণিত জগতৰ প্ৰতিভা, Mathematical Genius শ্ৰী নিবাস ৰামানুজন আয়েংগাৰ। শ্ৰী নিবাস ৰামানুজন আয়েংগাৰ আৰু তেওঁৰ ঈশ্বৰপ্ৰদত্ত চমৎকাৰী প্ৰতিভাক স্বৰাজোত্তৰ কালৰ ভাৰতৰ মানুহে কিমান শ্ৰদ্ধা আৰু সন্মানৰ দৃষ্টিৰে চালে, নাইবা ৰামানুজনৰ প্ৰতিভাৰ বিষয়ে সমাজত কিমান প্ৰচাৰ আৰু প্ৰসাৰ হ’ল;সেইয়া অন্য এক আলোচনাৰ বিষয়।

 কিন্তু ৰামানুজনৰ অনুৰাগীসকলৰ বাবে পৰম সুখৰ বতৰা কঢ়িয়াই আনিলে আলোড়ণ সৃষ্টিকাৰী ’জিনিয়াছ’গৰাকীৰ জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ক লৈ ইংৰাজী ভাষাত নিৰ্মাণ কৰা এখন অন্যতম সুন্দৰ ছবিয়ে। নাম যাৰ-“দী মেন হু [ ৩৯ ] নিউ ইন্ফিনিটি” (The Man Who Knew Infinity)। ১৯৯১ চনত প্ৰকাশিত হোৱা ৰবাৰ্ট কানিগেলৰ জীৱনীমূলক উপন্যাস “দা মেন হু নিউ ইন্‌ফিনিটি”ৰ আধাৰত কাহিনীৰ চিত্ৰনাট্য ৰচনা। কৰিলে মেথিউ ব্ৰাউনে। এডৱাৰ্ড আৰ. প্ৰেছমেন, জিম ইয়ং, জিঅ' থ’মাছ আৰু মাৰ্ক মন্টেগ’মেৰিয়ে প্ৰযোজনা কৰা মননশীল চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে মেথিউ ব্ৰাউনে।

 ২০১৫ চনত ট’ৰণ্টৰ আন্তৰ্জাতিক ছবি মহোৎসৱকে ধৰি একাধিক ছবি মহোৎসৱত প্ৰশংসিত হোৱা ছবিখনে ৮ এপ্ৰিল আৰু ২৯ এপ্ৰিল তাৰিখে যথাক্ৰমে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি লাভ কৰে। ১০৮ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ অধিকাংশ চিত্ৰগ্ৰহণ ট্ৰিনিটি মহাবিদ্যালয়তে সম্পন্ন হয়। ৰামানুজনৰ চৰিত্ৰত সাৱলীল তথা মৰ্মস্পৰ্শী অভিনয় কৰা দেৱ পেটেলৰ অভিনয়- প্ৰতিভাই সমালোচক মহলৰ পৰা ইতিবাচক মন্তব্য লাভ কৰে। ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ গদফ্ৰে হেৰ’ল্ড হাৰ্ডিৰ ভূমিকাত অৱতীৰ্ণ হোৱা জেৰেমি আইৰণছকো তেওঁৰ অভিনয়ৰ বাবে যথোচিত প্ৰশংসা কৰা হয়।

 শ্ৰী নিবাস ৰামানজুন আয়েংগাৰ-বোধহয় এই নামটোৰ লগত সংযোজিত হ’ব পৰা সবাতোকৈ উৎকৃষ্ট শব্দটো হ’ব-“অংকবলিয়া’। হয়, ৰামানুজন। যথাৰ্থতে এজন অংকবলিয়া মানুহ আছিল। শয়নে- সপোনে, দিঠকে-বাস্তৱে কেৱল সংখ্যাৰ লগত সহবাস কৰিয়েই জীৱনকালৰ সম্পূৰ্ণ তেত্ৰিছটা বছৰ কটাই দিয়া এজন অদ্ভুত, অবিস্মৰণীয় গাণিতিক প্ৰতিভা শ্ৰী নিবাস ৰামানুজন আয়েংগাৰ৷ বহুতৰে বাবে মূৰৰ কামোৰণি হৈ উঠা সংখ্যাবোৰ, অংকবোৰ এইজন ৰামানুজনৰ বাবে হৈ পৰিছিল সুখ-দুখৰ সঙ্গী, হৈ পৰিছিল জীৱনৰ অন্যতম চালিকা শক্তি, হৈ পৰিছিল গতিশীল জীৱনৰ বাবে এক অন্তহীন প্ৰেৰণা, উদ্দীপনা অৰুি আশা-ভৰষাৰ উৎস। ৰামানুজনৰ কঠোৰ প্ৰত্যাহ্বানপূৰ্ণ জীৱনলৈ নামি অহা সংঘাত, বিচ্ছেদ, বিৰহ, দৰিদ্ৰতা, ৰোগ- কোনোটোৱেই ৰামানুজনক অংকৰ পৰা বিচ্ছেদ কৰিব পৰা নাছিল। প্ৰতিদিনে সত্তৰখিলাকৈ কাগজ অংক কৰিবৰ বাবে ব্যৱহাৰ কৰা ৰামানুজনে এসময়ত অভাৱত পৰি পেলনীয়া কাগজৰ টুকুৰাটো অংক কৰিছিল। নীলা চিঞাহীৰে লিখি হোৱাৰ পিছত একেখন কাগজতে তেওঁ ৰঙা চিঞাহীৰে অংক [ ৪০ ] কৰিছিল। অংকয়েই আছিল ৰামানুজনৰ প্ৰথম প্ৰেম। অংকৰ মাজতেই সোমাই আছিল ৰামানুজনৰ সমগ্ৰ সত্ত্বা আৰু শক্তি।

 ‘ৰামানুজন’ শব্দৰ অৰ্থ হ'ল ভগৱান ৰামচন্দ্ৰৰ ভায়েক। শ্ৰীনিবাসৰ শ্ৰীয়ে প্ৰতিনিধিত্ব কৰিছে ভগৱানৰ শক্তিৰ স্ত্ৰী ৰূপটোক, আনহাতে ‘নিবাস’-এ বুজাইছে বসতিস্থল। শ্ৰীনিবাস শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে “ঈশ্বৰীয় শক্তিৰ স্ত্ৰী ৰূপৰ বসতিস্থল।

 ১৮৮৭ চনৰ ২২ ডিচেম্বৰত মাদ্ৰাছৰ ইৰ’ডৰ (বৰ্তমানৰ তামিলনাড়ু) এটা দৰিদ্ৰ তামিল পৰিয়ালত জন্ম হৈছিল এইজনা কিংবদন্তীৰ৷ শাৰীৰ বিপণীত কেৰাণীৰ কাম কৰা ৰামানুজনৰ দেউতাক আছিল কে, শ্ৰীনিবাস আয়েংগাৰ। ৰামানুজনৰ মাতৃ কোমলতামল আছিল ঘৰগৃহিণী আৰু স্থানীয় মন্দিৰটোৰ অনিয়মীয়া গায়িকা। কুম্ভকোনমৰ এটা সাধাৰণ জুপুৰিত বাস কৰা পৰিয়ালটোৱে প্ৰাত্যহিক জীৱন অভাৱ আৰু অনাটনে জুৰুলা কৰি ৰাখিছিল। (উল্লেখনীয় যে কুম্ভকোনমৰ ঘৰটো এতিয়া সংৰক্ষিত কৰি ৰখা হৈছে।) ৰামানুজনৰ ডেৰ বছৰ বয়সতে মাতৃয়ে অইন এটা সন্তান প্ৰসৱ কৰে, যাৰ নাম ৰখা হৈছিল সদাগোপান। কিন্তু দুৰ্ভাগ্যবশতঃ ভ্ৰাতৃত্বৰ নিৰ্ভেজাল এনাজৰীৰে বান্ধ খাবলৈ নৌপাওঁতেই সদাগোপনে মাত্ৰ তিনি মাহ বয়সতে ইহসংসাৰ ত্যাগ কৰিলে। ১৮৯১ আৰু ১৮৯৪ চনত মাতৃগৰাকীয়ে পুনৰ দুটি সন্তান জন্ম দিছিল যদিও কেঁচুৱাকলিতেই সন্তানদ্বয়ৰ মৃত্যু হৈছিল।

 ১৮৮৯ চনৰে কোনোবা এটা দিনত ৰামানুজন বসন্ত ৰোগত আক্ৰান্ত হ'ল। সেইবছৰ বসন্ত ৰোগে বহুতৰে ঘৰলৈ কঢ়িয়াই আনিছিল। জীৱনৰ সকৰুণ, মৰ্মান্তিক সংবাদ। নিমিষতে মৃত্যুৰ শীতল কোলাত শুই পৰিছিল একো একোটি মানৱ- দেহ। কিন্তু ৰামানুজন বাছি গৈছিল। বসন্ত ৰোগৰ নিষ্ঠুৰ প্ৰহাৰক শিশু ৰামানুজনে প্ৰতিহত কৰিবলৈসক্ষম হৈছিল।

 বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ পাছতেই ৰামানুজন তেওঁৰ মাতৃৰ সৈতে কাঞ্চিপুৰমত থকা ককাকৰ(ৰামানুজনৰ মাকৰ দেউতাকৰ ঘৰ) ঘৰলৈ ৰাওনা হয়। কিন্তু ককাকে ন্যায়ালয়ৰ চাকৰিটো এৰিবলগীয়া হোৱাত ৰামানুজন আৰু মাতৃ কুম্ভকোনমলৈ ওলটি আহে। ওপৰত কৈ অহা হৈছেই যে ৰামানুজনৰ পিতৃৰ ঘৰ আছিল কুম্ভকোনমত। ইয়াৰে “কাংগায়ন প্ৰাথমিক বিদ্যালয়’’ত ৰামানুজনক নাম লগাই দিয়া হয়। কিন্তু কুম্ভকোনমত থকা ককাক (ৰামানুজনৰ দেউতাকৰ দেউতাক) ঢুকোৱাৰ পিছত তেওঁলোক পুনৰ মাদ্ৰাছলৈ যাবলগীয়াত পৰে। [ ৪১ ] মাদ্ৰাছৰ শিক্ষানুষ্ঠানত পঢ়িবলৈ ভাল নোপোৱা ৰামানুজনে প্ৰায়ে শিক্ষাগ্ৰহণৰ পৰা বিৰত আছিল। বিদ্যালয়ত ৰামানুজনৰ উপস্থিতি নিয়মীয়া কৰাৰ সংকল্পেৰে আমোদজনকভাৱে নিয়োগ কৰা হৈছিল এজন কনিষ্টবলক। যাতে কনিষ্টবলজনে ৰামানুজনৰ গতিবিধিৰ ওপৰত কাঢ়া চকুৰ ৰাখিব পাৰে আৰু ৰামানুজনৰ উপস্থিতিৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে। অৱশ্যে তাৰ ঠিক ছমাহৰ পিছতেই ৰামানুজনৰ কুম্ভকোনমলৈ প্ৰত্যাৱৰ্তন ঘটিছিল।

 ইংৰাজী, তামিল, ভূগোল আৰু গণিতত শ্ৰেষ্ঠ ফল দেখুৱাই ১৮৯৭ চনত ৰামানুজনে প্ৰাথমিকশিক্ষা সমাপ্ত কৰে৷ সেই বছৰতে ৰামানুজনক ‘টাউন হায়াৰ ছেকেণ্ডাৰী স্কুল’ত নামভৰ্তি কৰোৱা হয়, যিখন শিক্ষানুষ্ঠানতে ৰামানুজনে আনুষ্ঠানিক গণিতৰ সৈতে পৰিচয় ঘটে। অত্যন্ত ভাবুক স্বভাৱৰ ৰামানুজন তেওঁৰ সহপাঠীসকলৰ বাবে আছিল এক পাৰাপৰিহীন আশ্বৰ্য আৰু কৌতূহলৰ কেন্দ্ৰবিন্দু। একৰ পৰা দহহেজাৰৰ ভিতৰৰ প্ৰতিটো সংখ্যাক পৰম মিত্ৰৰ মৰ্যাদা প্ৰদান কৰা ৰামানুজনে দুইৰ বৰ্গমূল বা ‘পাই’(π)ৰ মূল্য যি কোনো দশমিকলৈকে সম্পূৰ্ণ নিৰ্ভুলভাৱে ক'ব পাৰিছিল।

 এঘাৰ বছৰ বয়সীয়া ৰামানুজনৰ মগজুটোৰ সৰ্বত্ৰ অংকই অধিকাৰ কৰি পেলাইছিল। এছ.এল.লোনিয়ে লিখা (S.L.Loney) ত্ৰিকোণমিতিৰ এখন কিতাপ গোগ্ৰাসে গিলি পেলোৱা বিস্ময়-শিশু ৰামানুজনে ত্ৰিকোণমিতি সম্পৰ্কীয় সূত্ৰ আৱিষ্কাৰ কৰিছিল তেৰ বছৰ বয়সত। নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই অংকৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমস্ত সমাধান লিখি শেষ কৰা ৰামানুজনক জ্যামিতি আৰু ‘অসীম শ্ৰেণী’য়ে(Infinite Series) আকৃষ্ট কৰিছিল। পোন্ধৰ বছৰ বয়সত ৰামানুজনে ত্ৰিঘাত সমীকৰণ সমাধান কৰিবলৈ শিকিছিল। আৰু খুব কম সময়ৰ ভিতৰতে তেনে সমীকৰণ সমাধান কৰিবলৈ নতুন এটা পদ্ধতি আৱিষ্কাৰ কৰিছিল।

 দিনক-দিনে অংক-ক্ষুধা বৃদ্ধি হোৱা ৰামানুজনৰ চিন্তাশক্তিলৈ নৱ-জোৱাৰ কঢ়িয়াই আনিলে জি.এছ.কাৰৰ "A Synopsis of Elementary Results in Pure and Applied Mathematics” শীৰ্ষক কিতাপখনে। ক’ব পাৰি, পুথিভঁৰালৰ পৰা এজন বন্ধুৱে গোটাই দিয়া এই কিতাপখনে ৰামানুজনক আধুনিক গণিতৰ অন্য এখন অচিন-অজান পৃথিৱীলৈ লৈ গ'ল। পাঁচ হাজাৰ সূত্ৰৰে [ ৪২ ] ঠাহ খাই থকা জি.এছ.কাৰৰ এই বিশেষ কিতাপখনেই ৰামানুজনৰ অন্তৰ্নিহিত প্ৰতিভা আৰু বুদ্ধিমত্তাৰ উত্তৰণ ঘটাই মানৱীয় উৎকৃষ্টতাৰ নৱতম শীৰ্ষত উপনীত কৰোৱাত অন্যতম ভূমিকা ল'লে। তাৰ পৰৱৰ্তী বছৰতেই ৰামানুজনে বাৰ্ণোলিৰ সংখ্যাৰ সম্বন্ধে নিজাবৱীয়া অন্বেষণ আৰম্ভ কৰিলে আৰু পোন্ধৰ দশমিক পৰ্যন্ত ‘ইউলাৰ-মেছকেৰ’ণিৰ ধ্ৰুৱকৰ মান নিৰূপণ কৰিলে।

 প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ষোল বছৰ বয়সত ৰামানুজনে কুম্ভকোনমৰ ’চৰকাৰী কলা মহাবিদ্যালয়’ত পঢ়িবলৈ বৃত্তি লাভ কৰে। কিন্তু অংকবলিয়া ৰামানুজনৰ মন আৰু মগজু অংকক বাদ দি বাকীবোৰ বিষয়ৰ গভীৰতালৈ প্ৰৱেশ কৰিবলৈ অমান্তি হৈছিল। ইয়াৰ পৰিণতিস্বৰূপে ৰামানুজনে বৃত্তিৰ সুবিধা হেৰুৱাইছিল। বুদ্ধিভ্ৰষ্ট হৈ ১৯০৫ চনৰ আগষ্ট মাহত ৰামানুজনে ঘৰৰ পৰা পলায়ন কৰে আৰু বিশাখাপট্টনমৰ ৰজামুন্দ্ৰিত থাকিবলৈ লয়। ৰজামুন্দ্ৰিত এমাহৰ বাবে আত্মগোপন কৰি পুনৰ মাদ্ৰাছৰ ‘পাচ্ছায়াপা মহাবিদ্যালয়’ত নামভৰ্তি কৰে। পিছে অংকৰ বাহিৰে ইংৰাজীকে সাঙুৰি বাকীবোৰ বিষয়ত তেওঁৰ প্ৰদৰ্শন আছিল নিৰাশাজনক।

 পৰৱৰ্তী দুটা বছৰত অনুষ্ঠিত হোৱা কলাৰ পৰীক্ষাত উপৰ্যুপৰি ৰামানুজন অনুত্তীৰ্ণ হয়। ডিগ্ৰীলাভৰ আশা তাতেই জলাঞ্জলি দি ৰামানুজনে মহাবিদ্যালয় ত্যাগ কৰিলে। সীমাহীন দৰিদ্ৰ আৰু খাদ্য-সংকটে এইবাৰ ৰামানুজনৰ পিছ ল'লে। কিন্তু এইবোৰ বাধায়েও ৰামানুজনৰ মূৰৰ পৰা অংক নামৰ ভূতটো খেদাব নোৱাৰিলে। ৰামানুজনে লগত এখন টোকাবহী ৰাখিছিল। গণিত সম্পৰ্কীয় নৱ-নতুন চিন্তাৰ ঢৌ যেতিয়াই তেওঁক মানসিক পৰিমণ্ডলত প্ৰৱেশ কৰিছিল তেতিয়াই সেই চিন্তাক শব্দৰ আকাৰত সেই টোকাবহীখনত লিপিবদ্ধ কৰিছিল।

 চৰম দৰিদ্ৰতা আৰু অনাটনৰ মাজত দিন-ৰাতি অতিবাহিত কৰি থকাৰ মাজতেই এদিন ৰামানুজনৰ জীৱনলৈ আহিল জানকী। ৰামানুজনৰ পত্নী জানকীমল। সমাজৰ প্ৰচলিত ৰীতি অনুযায়ী দহ বছৰীয়া জানকীয়ে বিবাহোত্তৰ জীৱনৰ প্ৰথম তিনিটা বছৰ মাতৃগৃহত কটাই মাদ্ৰাছত থকা ৰামানুজনৰ সংগী হ’বলৈ আহিল। লগত আহিল ৰামানুজনৰ মাক। সেই সময়ত জানকীৰ বয়স ছিল মাত্ৰ বাৰ বছৰ।

 এতিয়া ৰামানুজনক লাগে এটা চাকৰি। নহ'লে পৰিয়াল পোহ-পলি দিব কেনেকৈ? ইটো কাৰ্যালয়ৰ পিছত সিটো কাৰ্যালয়ৰ দুৱাৰ ৰামানুজনে টুকুৰিয়াই যাব ধৰিলে। বন্ধু এজনৰ ঘৰত থাকি চাকৰিৰ সন্ধান কৰা ৰামানুজনে দিনটোৰ এছোৱা। সময়ত প্ৰেডিডেন্সী কলেজৰ ছাত্ৰক টিউছন কৰি সামান্য ধন উপাৰ্জন কৰিছিল। তাৰ বাহিৰে ৰামানুজনৰ কাষত উপাৰ্জনৰ অন্য উৎস নাছিল। ৰোগ-ব্যাধিয়ে প্ৰায়ে অস্বস্তিত পেলোৱা ৰামানুজন বন্ধুৰ ঘৰতে পুনৰবাৰ অসুস্থ হৈছিল। মৃত্যুভয়ত কম্পিত হৈ ৰামানুজনে তেওঁৰ টোকাবহীখন বন্ধুৰ হাতত চমজাই সেইখন অংকৰ দুজনমান শিক্ষকলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছিল। পিছত যেনিবা ৰামানুজন সুস্থ হ'ল আৰু টোকাবহীখন ঘূৰাই ল'লে।

 ১৯১৩ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ত গৱেষকৰ পদ লাভ কৰাৰ পিছত মাতৃ-পত্নীসহ ৰামানুজন ট্ৰিপ্লিকেইন নামৰ ঠাইডোখৰলৈ আহিল। গৱেষণা কৰিবলৈ সুবিধা প্ৰদান কৰিছিল ভাৰতীয় গাণিতিক সমাজ (Indian Mathematical Society) ৰ প্ৰতিষ্ঠাতা ৰামাস্বামী আয়াৰে। ১৯১০ চনত তেখেতৰ লগত হোৱা এক সাক্ষাতত আয়াৰে ৰামানুজনৰ চমৎকাৰী প্ৰতিভাৰ বিষয়ে জ্ঞাত হয়। মাদ্ৰাছৰ বৌদ্ধিক মহলত ৰামানুজনৰ জনপ্ৰিয়কৰণতো এইজন ৰামাস্বামীৰ উল্লেখযোগ্য [ ৪৩ ] ভূমিকা আছে। ৰাজহৰ কাৰ্যালয়ত চাকৰি এটা বিচাৰি যেতিয়া ৰামানুজনে তেওঁৰ টোকাবহীখন আয়াৰক দেখুৱাইছিল, তেতিয়া ৰামাস্বামী আয়াৰত পৰম বিস্ময়ত হতভম্ব হৈ পৰিছিল। পিছত তেওঁ মন্তব্য কৰিছিল-“টোকবিহীত সন্নিৱিষ্ট হোৱা অংকৰ অসাধাৰণ ফলাফলসমূহে মোক শিহৰিত কৰিছিল। ৰাজহ বিভাগৰ তল খাপৰ এটা চাকৰিত নিয়োগ কৰি এইজন জিনিয়াছক সীমিত কৰি ৰাখিবলৈ মোৰ মন নাছিল।”

 ‘মন নথকা’ৰ কাৰণেই দূৰদৃষ্টিসম্পন্ন ৰামাস্বামী আয়াৰে ৰামানুজনৰ প্ৰতিভা আৰু দক্ষতাৰ বিষয়ে সমাজক জনাবলৈ, ৰামানুজনৰ ঈশ্বৰপ্ৰদত্ত প্ৰতিভাৰ বিষয়ে চৌদিশে প্ৰসাৰ কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছিল। ৰামানুজনৰ হাতত এখন পৰিচয়মূলক চিঠি চমজাই তেওঁৰ বন্ধুমহলৰ কাষলৈ পঠিয়াইছিল। সেই সূত্ৰেই ৰামানুজনৰ প্ৰতিভাই মন্ত্ৰমুগ্ধ কৰিছিল ভাৰতীয় গাণিতিক সমাজৰ সম্পাদক পি. ৰামচন্দ্ৰ ৰাওক। অৱশ্যে সন্মোহনৰ সেই চাৱনিত সামান্য সংশয়ৰ ভাৱো আছিল৷ পিছে অংকৰ একাধিক বিষয়ত ৰামানুজনৰ অবাধ বিচৰণ আৰু পুঙ্খানুপুঙ্খ বিশ্লেষণ যেতিয়া মানুহজনে স্বচক্ষে প্ৰত্যক্ষ কৰিলে;তেতিয়া ৰাওৰ মনত থকা ৰামানুজন-কেন্দ্ৰিক সংশয়ৰ ভাৱ অন্তৰ্হিত হ'ল। ভাৰতীয় গাণিতিক সমাজৰ এই দুজন ব্যক্তি যথাক্ৰমে ৰামাস্বামী আয়াৰ আৰু ৰামচন্দ্ৰ ৰাওৰ সহযোগিতা আৰু তত্ত্বাৱধানত থাকিয়েই ৰামানুজনে নিজৰ গাণিতিক যাত্ৰা চলাই গ'ল আৰু ’ভাৰতীয় গাণিতিক সমাজ’ৰ আলোচনীত প্ৰবন্ধ প্ৰকাশিত কৰিবলৈ ধৰিলে। প্ৰকাশিত এটা উল্লেখযোগ্য নিবন্ধ আছিল ’বাৰ্ণোলি সংখ্যাৰ কিছুমান ধৰ্ম’ (Some properties of Bernoulli Numbers)৷

 ১৯১২ চনৰ পহিলা মাৰ্চত মাহিলী ত্ৰিশ টকাৰ বিনিময়ত ৰামানুজনে তৃতীয় বৰ্গৰ এজন কেৰাণী হিচাপে নিযুক্তি লাভ কৰে, মাদ্ৰাছ প’ৰ্ট ট্ৰাষ্টত। এই চাকৰিটো পোৱাত ৰামানুজনক সহায় কৰিলে প্ৰেডিডেন্সী কলেজৰ অংকৰ অধ্যাপক ই.ডব্লিউ.মিডলমাষ্টে। কাৰ্যালয়ত ৰামানুজন অত্যন্ত কৰ্ম-তৎপৰ আৰু বিচক্ষণ আছিল। খুব কম সময়ৰ ভিতৰতে নিজৰ কাৰ্যালয়ৰ কাম সমাপ্ত কৰি ৰামানুজনে আজৰি সময়খিনি কটাইছিল অংকৰ মাজত।

 ১৯১৩ চনত ৰামানুজনৰ গাণিতিক প্ৰতিভাৰ বিষয়ে ব্ৰিটেইনৰ বিদ্বান সমাজক জনোৱাৰ যো-জা চলিল। যো-জা চলালে ই.ডব্লিউ, মিডলমাষ্ট, ৰামচন্দ্ৰ [ ৪৪ ] ৰাও আৰু ৰামানুজনৰ সহকৰ্মী তথী ভাৰতীয় গাণিতিক সমাজৰ কোষাগাৰিক নাৰায়ণ আয়াৰে। “অংকত ৰামানুজনৰ দক্ষতা আছে যদিও প্ৰয়োজনীয় আনুষ্ঠানিক শিক্ষাৰ অভাৱত ৰামানুজনৰ প্ৰতিভাই সঠিক দিশত অগ্ৰসৰ হোৱা নাই আৰু তেওঁৰ সূত্ৰসমূহো ত্ৰুটিপূৰ্ণ।” লণ্ডনৰ অংকৰ অধ্যাপকৰ পৰা অহা এনেধৰণৰ মন্তব্যই প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকক নিৰাশ কৰিছিল যদিও তেওঁলোকে চেষ্টা এৰি দিয়া নাছিল।

 ১৯১৩ চনৰ ১৬ জানুৱাৰীত ৰামানুজনে গণিতজ্ঞ জি.এইছ.হাৰ্ডিলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে। ৰামানুজনৰ প্ৰতিভাৰ স্বাক্ষৰ বহনকাৰী ন পৃষ্ঠাৰ পত্ৰকেইখনে হাৰ্ডিক প্ৰথমাৱস্থাত বিবুদ্ধিত পেলাইছিল যদিও অইন অধ্যাপকৰ দৰে তেওঁ ৰামানুজনৰ প্ৰতিভাক নস্যাৎ কৰা নাছিল। তেওঁ তেওঁৰ সতীৰ্থ জে.ই.লিটলউদৰ পৰামৰ্শ বিচাৰিছিল, যিজন লিটলউদক ইতিমধ্যেই ৰামানুজনৰ বুদ্ধিদীপ্ততাই মোহাচ্ছন্ন কৰি পেলাইছিল।

 নিজা অনুসন্ধানৰ আৰু লিটলউডৰ সৈতে হোৱা আলোচনাৰ অন্তত হাৰ্ডিয়ে মন্তব্য কৰিবলৈ বাধ্য হৈছিল যে “ৰামানুজন এজন উচ্চতম দক্ষতাৰ গণিতবিদ। অসামান্য মৌলিকত্ব আৰু শক্তিৰে পৰিপূৰ্ণ এজন মানুহ।” (A mathematician of the highest quality, a man of altogether exceptional originality and power.")

 অৱশেষত ৰামানুজনৰ জীৱনত এক নতুন দিগন্তৰ সূচনা কৰি সেই বহুপ্ৰত্যাশিত চিঠিখন ভাৰত পালেহি। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অংকবিদ হাৰ্ডিয়ে ৰামানুজনক কেমব্ৰিজলৈ আহিবলৈ অনুৰোধ কৰিলে৷ পিছে ৰামানুজনে দেশ ত্যাগ কৰিবলৈ অমান্তি হ'ল। ব্ৰাহ্মণ সমাজৰ সংস্কাৰপূৰ্ণ ৰীতি-নীতিৰ প্ৰতি ৰামানুজন আছিল অত্যন্ত শ্ৰদ্ধাশীল। সেই শ্ৰদ্ধাভাৱৰ হীন-ডেঢ়ি হোৱাৰ শংকাতেই ৰামানুজনে সমুদ্ৰযাত্ৰা কৰিবলৈ ইচ্ছুক নাছিল।

 ই.এইছ,নেভাইল নামৰ হাৰ্ডিৰ এজন। সতীৰ্থই সেইমুহূৰ্তত মাদ্ৰাছতে অধ্যাপনা কৰি আছিল। হাৰ্ডিৰ পৰামৰ্শমৰ্মে এইজন অধ্যাপকে ৰামানুজনক লণ্ডনলৈ লৈ যোৱাত যথেষ্ট তৎপৰতা দেখুৱালে৷ অৱশেষত ১৯১৪ চনৰ ১৭ মাৰ্চৰ দিনাখন। ৰামানুজনৰ সমুদ্ৰযাত্ৰা আৰম্ভ হ'ল। অৱশ্যে তেওঁৰ এই যাত্ৰাত তেওঁৰ পত্নী আৰু মাতৃয়ে সংগ দিয়া নাছিল।

 ভাৰতৰ শ্ৰীনিবাস ৰামানুজন কেমব্ৰিজৰ অংকবিদ হাৰ্ডি আছিল দুটী বিপৰীতধৰ্মী চৰিত্ৰ। দুখন ভিন্ন দেশৰ দুটি ভিন্ন ব্যক্তিত্ব- তেওঁলোকৰ ধৰ্ম, আচাৰ-ব্যৱহাৰ, ৰীত-নীতি, জীৱন- ধাৰণৰ শৈলী, চিন্তাৰ গঠন, বিশ্বাস-সকলোতে আছিল ভিন্নতা। ৰামানুজন আছিল পৰম ঈশ্বৰ বিশ্বাসী। আনহাতে হাৰ্ডি আছিল এজন অজ্ঞেয়বাদী। প্ৰমাণ অবিহনে হাৰ্ডিয়ে অংকৰ সূত্ৰসমূহ আৰু তাত সমাধানসূত্ৰত পতিয়ন নগৈছিল। এইটো দিশত ৰামানুজনে এক আশ্বৰ্যকৰ বিশ্বাস মানি চলিছিল। তেওঁৰ প্ৰমাণৰ পৰিৱৰ্তে বিশ্বাস কৰিছিল তেওঁৰ স্বজ্ঞাৰ (Intuition) প্ৰখৰতাক। নৈষ্ঠিক হিন্দুৰ সকলো নিয়ম-কানুন মানি চলা ৰামানুজনে আনকি ট্ৰিনিটিত থকাৰ সময়তো মাছ-মাংস মুখত দিয়া নাছিল আৰু পূজা-পাতল নকৰাকৈ এটা দিনো অতিবাহিত কৰা নাছিল।

 ১৮৭৭ চনৰ ৭ ফেব্ৰুৱাৰিত ইংলেণ্ডৰ ছাৰেৰ ক্ৰেনলেঘ নামৰ ঠাইত এটা শিক্ষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গডফ্ৰে হেৰল্ড হাৰ্ডিক স্মৰণ কৰা হয় সংখ্যাতত্ত্ব আৰু গাণিতিক বিশ্লেষণলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে। ১৯০৮ খন গৱেষণা পত্ৰ লিখি উলিওৱা গণিতজ্ঞ হাৰ্ডি জনসমষ্টি [ ৪৫ ] উৎপত্তিত্ত্বৰ (Population Genetics) ক্ষেত্ৰত উদ্ভাৱণ কৰা “হাৰ্ডি-ৱেনবাৰ্গ” নীতিৰ বাবেও বিখ্যাত। লিখক হিচাপে সুপৰিচিত হাৰ্ডিৰ অন্যতম কৃতিত্ব হ’ল ১৯৪০ চনত তেওঁৰ দ্বাৰা ৰচিত বহুল জনপ্ৰিয় গ্ৰন্থ A Mathematician's Apology'.(1) স্মিথ পুৰস্কাৰ, ৰয়েল পদক, ডি মৰ্গান পদক, ছিলভেষ্টাৰ পদক, ক’পলি পদককে ধৰি কেইবাটাও বঁটা- সন্মানেৰে বিভূষিত মহান গণিতজ্ঞজনৰ ১৯৪৭ চনৰ ১ ডিচেম্বৰত মৃত্যু হৈছিল।

 মহান গণিতজ্ঞ হাৰ্ডি আছিল এজন ক্ৰিকেটপ্ৰেমী। এবাৰ হাৰ্ডিয়ে এখন ক্ৰিকেট খেল উপভোগ কৰি আছিল৷ তেনেতে দৰ্শক বহি থকা স্থানৰ পৰা অহা এক উজ্জ্বল ৰশ্মিয়ে ক্ৰীজৰ বেটমেনজনক যথেষ্ট অস্বস্তিত পেলোৱা দেখা গ'ল। বেটমেনৰ আপত্তিৰ প্ৰতি সঁহাৰি জনাই আম্পায়াৰে পোহৰৰ উৎসৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে। ফলত খেল ক্ষন্তেকৰ বাবে বন্ধ হ’ল। অৱশেষত পোহৰৰ উৎস ‘পোহৰ’লৈ আহিল। পোহৰৰ ৰশ্মিৰ উত্স হৈছে এগৰাকী কে’থলিক ধৰ্মযাজকৰ বহল বুকুৰ ওপৰতে ওলমি থকা এটা প্ৰকাণ্ড ক্ৰুছৰ ক্ৰুছৰ। ক্ৰুছৰ প্ৰতীকটো আঁতৰাই থ'বলৈ আম্পায়াৰদ্বয়ে ততালিকে ধৰ্মযাজকজনক অনুৰোধ কৰিলে। ঈশ্বৰৰ অস্তিত্বলৈ সদায়েই দোমোজাত থকা হাৰ্ডিয়ে এই কথাত ইমানেই ৰং পালে যে এই আমোদজনক কথাটোৰ বিষয়ে বৰ্ণনা কৰি হাৰ্ডিয়ে ভোজন বিৰতিৰ সময়ত তেওঁৰ ধৰ্মপ্ৰাণ বন্ধুসকললৈ চিঠিয়েই লিখি পেলালে।

 যদিও হাৰ্ডিয়ে ১৯০৮ খন গৱেষণা পত্ৰ লিখিছিল, তথাপিতো গণিতৰ ব্যৱহাৰিক দিশটোৰ প্ৰতি তেওঁৰ আগ্ৰহী নাছিল। অতবোৰ গৱেষণাৰ ভিতৰত তেওঁৰ মাত্ৰ এখন গৱেষণাপত্ৰহে ব্যৱহাৰিক দিশত প্ৰয়োগ কৰা হৈছিল- আৰ.এইচ, ৰক্তপুঞ্জ অধ্যয়নত।

 এতিয়া আহোঁ-ছবিখনৰ মাজলৈ।

 "Mathematics, rightly viewed, possesses not only truth but supreme beauty.”ব্ৰাটাণ্ড ৰাছেলৰ চিত্তাকৰ্ষক উক্তিটোৰে আৰম্ভ হোৱা ছবিখনৰ কাহিনীৰ সূচনা হয় ১৯২০ চনত কেমব্ৰিজৰ ট্ৰিনিটি কলেজত লেখক-গণিতজ্ঞ হাৰ্ডিয়ে নিজা কক্ষত বহি এখন গ্ৰন্থ ৰচনা কৰি থকাৰ দৃশ্যটোৰ পৰা। পশ্চাদপটত ধ্বনিত হয় হাৰ্ডিৰ কণ্ঠ। হাৰ্ডিৰ কণ্ঠই কৈ যায়-“...I owe more to him than to anyone else in the world and my association with him is the one romantic incident of my life.’’

 তাৰপিছতেই ছবিৰ কাহিনীয়ে গতি কৰে ১৯১৪ চনৰ মাদ্ৰাছলৈ। গাণিতিক বিস্ময় ৰামানুজনৰ দেশলৈ। দেখুউৱা হয়- মন্দিৰৰ মজিয়াত চকপেন্সিলেৰে অংক কৰাত মচগুল হৈ থকা ধূতি-কূৰ্তা পৰিহিত যুৱক এজনক। যেন মজিয়াখন মজিয়া [ ৪৬ ] নহৈ এখন প্ৰকাণ্ড কাগজহে। নামগিৰি দেৱীৰ মন্দিৰত মজিয়ৰ সৰ্বত্ৰ ঠাই সংখ্যাৰে পূৰ্ণ কৰি পেলোৱা সেইজন আন কোনো নহয়-গাণিতিক বিস্ময় শ্ৰীনিবাস ৰামানুজন।

 সেইখিনি সময় আছিল ৰামানুজনৰ জীৱনৰ প্ৰত্যাহ্বানপূৰ্ণ বছৰ। পৰিয়াল পোহ-পাল দিবৰ বাবে চাকৰি বিচাৰি হায়ৰাণ হৈ পৰা ৰামানুজনৰ এটা চিন্তাগ্ৰস্ত বিমৰ্ষ ৰূপক খুব সতৰ্কতাৰে পৰিচালকে ছবিখনত উপস্থাপন কৰিছে। দেখুউৱা হৈছে দৰিদ্ৰতা আৰু খাদ্যসংকটে কোঙা কৰি পেলোৱা যুৱক ৰামানুজনৰ দৈনন্দিন জীৱনযাত্ৰাও।

 পত্নী জানকী আৰু ৰামানুজনৰ বিবাহোত্তৰ জীৱনকো বৰ গভীৰভাৱে ছবিখনৰ কাহিনীয়ে স্পৰ্শ কৰিছে। জানকীৰ ভয় হৈছিল-জানোচা ৰামানুজনে বিদেশলৈ গৈ পত্নীক পাহৰি যায়। স্বামীৰ পৰা পৃথক হোৱাৰ অন্তহীন বেদনাই জানকীক বিহ্বল-বিচলিত কৰি তুলিছিল। ৰামানুজন বিদেশলৈ যোৱাৰ বিদায়ৰ মুহূৰ্তটো ছবিখনৰ অন্যতম এটি আৱেগিক মুহূৰ্ত। বেদনাজৰ্জৰ কণ্ঠৰে দুচকুৰে চকুলো নিগৰাই জানকীয়ে ৰামানুজনক অনুৰোধ কৰে-“মোক পাহৰি নাযাবা।” অনুভূতিশীল ৰামানুজনেও দুগুণ প্ৰত্যয়ৰে সঁহাৰি জনায়-“কেতিয়াও নাযাওঁ।” পতি-ভক্তিত গদগদ হৈ তাৰপিছত জানকীয়ে ৰামানুজনৰ ভৰি স্পৰ্শ কৰে। গৈ থকা নাওখনলৈ বহুপৰ থৰ হৈ চাই থাকে জানকীয়ে। দুচকুত গভীৰ অস্থা আৰু বিশ্বাস- ৰামানুজনে তেওঁক পাহৰি নাযায়। পাহৰিব নোৱাৰে।

 একমাত্ৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰাৰ মানসেৰেহে ৰামানুজনে ট্ৰিনিটি কলেজত পদাৰ্পণ কৰিছিল যদিও হাৰ্ডি আৰু লিটলউডৰ পৰামৰ্শক্ৰমে ৰামানুজনে ট্ৰিনিটি কলেজত পাঠ গ্ৰহণ কৰিবলৈ মান্তি হ’ল। অংকশাস্ত্ৰৰ সুগভীৰ জ্ঞান অবিহনে ৰামানুজনৰ বাবে অংকৰ সমস্যাসমূহ প্ৰমাণ কৰা কামটো কষ্টকৰ হৈ পৰিব। কিয়নো ৰামানুজনৰ হাতত সমস্যাবোৰৰ সমাধানসূত্ৰ আছিল ঠিকেই, কিন্তু সেইবোৰৰ সত্যাসত্য নিৰূপণৰ বাবে ৰামানুজনৰ ওচৰত কোনো প্ৰমাণ নাছিল। গতিকে হাৰ্ডিয়ে বিচাৰিছিল। যে ৰামানুজনৰ সূত্ৰসমূহ যথোচিতভাৱে প্ৰমাণিত হওক। লগতে কলেজত দুই- এটা পাঠ গ্ৰহণ কৰিলে ইংৰাজী ভাষাটোও ৰামানুজনৰ আয়ত্ত্বাধীন হৈ উঠিব আৰু তেওঁলোকৰ ভাৱ-বিনিময় কাৰ্য সহজসাধ্য হৈ উঠিব। ৰামানুজনে লগত দুখন টোকাবহী লৈ গৈছিল, যি দুখনে হাৰ্ডি আৰু লিটলউডক স্তম্ভিত কৰি পেলাইছিল। বিস্ময়াহত হৈ লিটলউডে কৈছিল যে তেনে এখন টোকাবহী প্ৰস্তুত কৰোঁতে মানুহৰ এটা জীৱনকাল প্ৰয়োজন হ’ব৷

[ ৪৭ ]  ৰামানুজনক হাৰ্ডিয়ে বিশ্ববিখ্যাত গণিতজ্ঞ ইউলাৰ আৰু জাকোবিৰ সমপৰ্যায়ৰ বুলি অভিহিত কৰিছিল আৰু প্ৰতিমুহূৰ্ততে কলেজৰ পাঠদান কাৰ্যত মনোনিৱেশ কৰিবলৈ আন্তৰিক অনুৰোধ কৰিছিল। অংকত প্ৰমাণ অবিহনে যে সকলো নিস্ফল-সেই কথা বাৰম্বাৰ হাৰ্ডিয়ে ৰামানুজনৰ কাণত পেলাই আছিল। হাৰ্ডিয়ে ৰামানুজনক ট্ৰিনিটি কলেজৰ বিখ্যাত ৰেইন পুথিভঁৰালটোলৈ লৈ গৈছিল আৰু নিজৰ প্ৰতিভা আৰু মেধাৰ স্বাক্ষৰ এইটো পুথিভঁৰালত গজ্‌গজীয়াকৈ ৰাখি থৈ যাবলৈ উৎসাহিত কৰিছিল।

 অংকক কেন্দ্ৰ কৰিয়েই দুইজন গণিতজ্ঞ সময়ে-সময়ে তৰ্কত লিপ্ত হৈছিল। অৱশ্যে কেতিয়াবা তৰ্কই গণিতৰ সীমা অতিক্ৰমি ধৰ্মীয় বিশ্বাস আৰু ঈশ্বৰীয় ধাৰণাৰ গণ্ডী স্পৰ্শ কৰিছিল। সি যিয়েই নহওক; হাৰ্ডিৰ আপ্ৰাণ চেষ্টা আৰু মহানুভৱতাৰ জোৰতেই ৰামানুজনে লণ্ডন গাণিতিক সমাজত তেওঁৰ প্ৰথমখন গৱেষণাপত্ৰ প্ৰকাশ কৰিবলৈ সমৰ্থৱান হৈছিল। “জটিল যৌগিক সংখ্যা”ৰ এইখন গৱেষণা পত্ৰত সন্নিৱিষ্ট দুটামান সূত্ৰৰ প্ৰমাণ আগবঢ়াই অধ্যাপক হাৰ্ডিয়ে ৰামানুজনৰ সাফল্যমুখী যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

 প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰামানুজন ট্ৰিনিটি কলেজতে আছিল। প্ৰচুৰ খাদ্য-সংকটে জুৰুলা কৰা ৰামানুজন সেই সময়ত শ্ৰেণীবৈষম্যৰ মৰ্মান্তিক প্ৰহাৰৰো সন্মুখীন হৈছিল। শ্বেতাংগ বাহিনীৰ দ্বাৰা ৰামানুজন শাৰিৰীকভাৱে প্ৰহৃত হৈছিল। চূড়ান্তভাৱে কটু বাক্যবাণ নিক্ষেপ কৰি ৰামানুজনৰ বজাৰৰ মোনা লণ্ডভণ্ড কৰি মাজৰাস্তাত সিঁচৰতি কৰি পেলোৱা হৈছিল।

 সিপিনে ৰামানুজনে পত্নীলৈ পঠিওৱা পত্ৰবোৰ মাতৃয়ে লুকুৱাই থোৱাত জানকীয়ে সেইসমূহ পঢ়াৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। মুঠতে মানসিক আৰু শাৰিৰীক দুয়োটা দিশৰ পৰাই দুৰ্যোগৰ বলিয়া বা বলিছিল। ৰামানুজন টি.বি.ৰোগত আক্ৰান্ত হৈছিল। পৰিৱৰ্তিত জলবায়ু আৰু খাদ্যাভাৱ আছিল ইয়াৰ মূল কাৰণ। তথাপিতো নৰীয়া গাৰেই ৰামানুজনে হাৰ্ডিৰ সৈতে লগ লাগি ট্ৰিনিটিৰে অন্যতম পণ্ডিত মানুহ মেজৰ মেকমোহনৰ মুখামুখি হৈছিল। মেকমোহনৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি ৰামানুজন আৰু হাৰ্ডিয়ে তেওঁৰ অংকুৰ যুদ্ধত পৰাস্ত কৰে। ৰামানুজনৰ চমৎকাৰী প্ৰতিভাই বাক্-স্তব্ধ কৰি পেলাই মেকমোহনক।

[ ৪৮ ]  ৰামানুজনৰ শাৰিৰীক অৱস্থা ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ হ’বলৈ ধৰে। স্বাস্থ্য-পৰীক্ষাৰ অন্তত পোহৰলৈ আহে যে ৰামানুজনৰ আয়ুস ক্ৰমাৎ টুটি আহিছে। হতাশ-বিমৰ্ষ ৰামানুজনৰ চকুৰে অন্ধকাৰৰ বাহিৰে অইন একো চিনি নোপোৱা হ’ল। জীৱনৰ সকলো আশা-আকাংক্ষা যেন ধূলিস্যাৎ হৈ গ’ল। হঠাতে যেন নিশ্চিহ্ন হৈ গ’ল অংকৰে জগত জিনাৰ সপোন। পোৱা-নোপোৱাৰ আলিদোমোজাত আত্মবিভোৰ হৈ থকাৰ সকৰুণ অৱস্থাতেই এখন বাছে খুন্দিয়াই থৈ গ’লহি ৰামানুজনক।

 অসহনীয় শাৰিৰিক যন্ত্ৰণাত পিষ্ট ৰামানুজনক ভৰ্তি কৰোৱা হয় অস্থায়ী চিকিৎসা- কেন্দ্ৰত। ততালিকে খবৰ প্ৰেৰণ কৰা হ’ল হাৰ্ডিলৈ। হাৰ্ডি গৈ তৎমুহূৰ্ততে উপস্থিত হয় ৰামানুজনৰ কাষত। সামান্য সুস্থিৰ অনুভৱ কৰাৰ পিছত ৰামানুজনে হাৰ্ডিৰ সন্মুখত ক’বলৈ আৰম্ভ কৰে তেওঁৰ চমৎকাৰী প্ৰতিভাৰ উৎসৰ বিষয়ে। ঈশ্বৰৰ অস্তিত্বক লৈ সদা সন্দিহান গণিতজ্ঞ হাৰ্ডিয়ে ৰামানুজনৰ অকৃত্ৰিম ঈশ্বৰ বিশ্বাসৰ বিষয়ে জানিব পাৰিলে। জানিব পাৰিলে নামগিৰি দেৱীৰ মাহাত্ম্যৰ বিষয়ে। চিকিৎসা-কেন্দ্ৰৰ বিচনাত বহি থকা দুৰ্বল ৰামানুজনৰ কথাবোৰ হতবাক-বিস্মিত হৈ একান্তমনে শুনি যায় হাৰ্ডিয়ে। নামগিৰি দেৱীয়ে ৰামানুজনৰ লগত কথা পাতে। কেতিয়াবা নিদ্ৰাৰত অৱস্থাত নাইবা কেতিয়াবা প্ৰাৰ্থনাৰত অৱস্থাত থকা ৰামানুজনক অংকৰ বৈচিত্ৰময় জগত এখনৰ সম্ভেদ দিয়েহি এইগৰাকী দেৱীয়ে। হাৰ্ডিয়ে প্ৰত্যুত্তৰত কয় যে-প্ৰমাণ অবিহনে তেওঁ কোনো কথাতেই বিশ্বাস নকৰে। কিন্তু ৰামানুজনে কয় যে-যেতিয়ালৈকে এটা সমীকৰণত ভগৱানৰ চিন্তা প্ৰতিফলিত নহয়, তেতিয়ালৈকে সেই সমীকৰণে ৰামানুজনৰ বাবে কোনো তাৎপৰ্য বহন নকৰে।

 ১৯১৮ চনত ৰামানুজনক ৰয়েল ছ’ছাইটিৰ সভ্য পদ যচা হয়। ৰামানুজনৰ জীৱনৰ অন্যতম সুখদায়ক মুহূৰ্তটোৰ বাস্তৱায়িত কৰাৰ আঁৰতো মুখ্য ভূমিকা আছিল গণিতজ্ঞ হাৰ্ডিৰ৷ ট্ৰিনিটি কলেজৰ নেতৃস্থানীয় পণ্ডিত মহলৰ সন্মুখত তেওঁ ৰামানুজনে আৱিষ্কাৰ কৰা সূত্ৰসমূহ আৰু সেইসমূহৰ প্ৰমাণ অতি বিশ্বাসযোগ্যতাৰে দাঙি ধৰিছিল আৰু ৰামানুজনক সভ্য পদ দিবলৈ উচ্চ পদবীধাৰী মেকমোহনক পতিয়ন নিয়াইছিল। উল্লেখ্য যে, মাপাংকীয় সমীকৰণ, নিৰ্দিষ্ট অখণ্ড ৰাশি, উপবৃত্তীয় আৰু অতি জ্যামিতিক ফলন সম্বন্ধীয় বহুতো গৱেষণাপত্ৰ ৰামানুজনে সেইছোৱা সময়ৰ ভিতৰত প্ৰকাশ কৰিছিল।

 ১৯১৯ চনত ৰামানুজনে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে। যিখন গাড়ীত উঠি হাৰ্ডি ৰামানুজনৰ কাষলৈ বিদায় জনাবলৈ আহিছিল, ৰগৰ কৰি হাৰ্ডিয়ে [ ৪৯ ] গাড়ীখনৰ নম্বৰটো (১৭২৯) দুৰ্ভাগ্যপূৰ্ণ বুলি কৈছিল। কিন্তু হাৰ্ডিৰ ৰগৰক নস্যাৎ কৰি ৰামানুজনে ততালিকে কৈ উঠিছিল-“এইটো দুটা বেলেগ বেলেগ উপায়েৰে দুটা ঘনাঙ্কৰ যোগফলস্বৰূপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা।” হাৰ্ডিৰ ওঁঠৰে এটা হাঁহি সৰকি পৰিছিল। ৰামানুজনৰ প্ৰতিভা আৰু মেধা হাৰ্ডিৰ কাৰণে সদায়েই আছিল বিস্ময়কৰভাৱে অসামান্য। পুনৰ সাক্ষাৎ হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰামানুজনে হাৰ্ডিৰ পৰা বিদায় লৈছিল।

 কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতত উপস্থিত হোৱাৰ ঠিক এবছৰৰ পাছতেই ৰামানুজনে পৃথিৱী ত্যাগ কৰিছিল, চিৰদিনৰ বাবে। ৰামানুজনৰ মৃত্য- সংবাদ লাভ কৰি গণিতজ্ঞ হাৰ্ডি অতিশয় মৰ্মাহত হৈ পৰিছিল। ট্ৰিনিটিৰ সভ্য সমাজত থোকাথুকি মাতেৰে হাৰ্ডিয়ে দুঃসংবাদটো ঘোষণা কৰিছিল আৰু ৰামানুজনৰ সান্নিধ্যই তেওঁক কিমান দূৰলৈকে প্ৰভাৱান্বিত কৰিছিল-তাক প্ৰকাৰান্তৰে বুজাবলৈ চেষ্টা কৰিছিল।

 মাত্ৰ তেত্ৰিছ বছৰ বয়সতে গণিতৰ জগতত এক সুদূৰপ্ৰসাৰী আৰু যুগজয়ী প্ৰভাৱ ৰাখি থৈ যোৱা ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞজনলৈ এইটো লেখাৰ জৰিয়তেই যাঁচিলোঁ শতকোটি নমস্কাৰ।

পৰিশেষতঃ ব্ৰিটিছ গণিতজ্ঞ গডফ্ৰে হেৰল্ড হাৰ্ডিৰ সান্নিধ্যলৈ নহাহেঁতেন ৰামানুজনৰ প্ৰতিভা আৰু মেধাই হয়তো উৎকৃষ্টতাৰ পবিত্ৰ পৰশ লাভ নকৰিলেহেঁতেন। হয়তো দৰিদ্ৰতা আৰু আশাহীনতাৰ মাজতেই ৰামানুজনে জীৱনৰ বাকীছোৱা সময় পাৰ কৰিবলগা হ’লহেঁতেন। সেয়েহে আমাৰ ভাৰতীয় সমাজ এইজন ব্ৰিটিছ গণিতজ্ঞৰ প্ৰতি সদায়েই শ্ৰদ্ধাশীল অৰুি কৃতজ্ঞ হৈ থকা উচিত। সম্পূৰ্ণ এটা ভিন্ন পৰিৱেশৰ পৰা উঠি অহা ৰামানুজনক বুজাই- বঢ়াই, তেওঁক অংকৰ পৰম্পৰাগত আৰু শুদ্ধ পথটোৰে যাত্ৰা কৰোৱাই গণিতজ্ঞ হাৰ্ডিয়ে ৰামানুজনক ৰয়েল ছ’ছাইটিৰ সভ্যপদত অধিষ্ঠিত কৰাবলৈ সমৰ্থৱন হৈছিল। ৰয়েল ছ’ছাইটিৰ সভ্য হোৱাত ৰামানুজনৰ নিজা অধ্যৱসায়, দৃঢ়তা আৰু মেধাই যিমান সহায় কৰিছিল; ৰামানুজনক এই সন্মানপ্ৰাপ্তিৰ দিশে আগুৱাই নিয়তি হাৰ্ডিৰ ঐকান্তিক প্ৰেৰণা আৰু সহযোগিতায়েও সিমানে সহায় কৰিছিল। ৰামানুজন অৰুি হাৰ্ডিৰ এই অনবদ্য যুগলবন্দীয়ে গণিতৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল; আৰু এই যুগলবন্দীকেই অনুপম ৰূপত তুলি ধৰিলে “দা হু নিউ ইন্‌ফিনিটি” নামৰ ছবিখনে৷

[ ৫০ ]
 

“The ultimate measure of a man is not where he stands in moments of comfort and convenience, but where he stands at times of challenges and controversy.”

Martin Luther King Jr

 পৃথিৱীৰ পৰা ৫ কোটি কিলোমিটাৰতকৈও অধিক নিলগত থকা ৰঙা গ্ৰহ—মংগল। ধৰি লওক, আপুনি এইমুহূৰ্তত মংগল গ্ৰহত আছে। মংগলৰ ভূখণ্ডত চলি থকা নাছাৰ এক ঐতিহাসিক অভিযানৰ আপুনি এজন অন্যতম সদস্য। মংগলৰ মাটি, পানী, বায়ু, জলবায়ু আৰু জীৱৰ অস্তিত্ব সম্বন্ধীয় বিচিত্ৰ তথ্য অনুসন্ধান, অন্বেষণ আৰু সংগ্ৰহত আপুনি আৰু আপোনাৰ অভিযানৰ সংগীসকল এতিয়া ভীষণ ব্যস্ত। তেনে ব্যস্ততাৰে ভৰা ক্ষণ এটাতেই-যেতিয়া আপোনালোকে পৰম মনোযোগেৰে নিজ নিজ দায়িত্ব পালন কৰি আছিল; তেনে এটা মুহূৰ্ততেই আপোনালোকৰ কাণত পৰিলহি এক উৎকণ্ঠামিশ্ৰিত সতৰ্কবাণী- “এজাক প্ৰচণ্ড ধুমুহা আহি আছে। এজাক প্ৰচণ্ড ধুমুহা আহি আছে। সকলোৱে নিৰাপদ স্থানলৈ আহিব লাগে।” মুহূৰ্ততে হৈ-চৈ আৰম্ভ হ’ল। প্ৰাণনাশী এই ধুমুহজাকৰ পৰা ৰক্ষা পোৱাৰ নিমিত্তে বিশেষ অভিযানটোৰ নেতৃত্ব লোৱা ব্যক্তিজনে অভিযানৰ জৰুৰী সমাপ্তি ঘোষণা কৰিলে আৰু তৎকালে সকলোকে লৈ নিৰাপদ স্থানত থকা যানৰ দিশে যাবলৈ ধৰিলে। কেইটিমান ছেকেণ্ডৰ ভিতৰতে প্ৰচণ্ড ধুমুহজাক আপোনালোকৰ কাষ পালেহি। বিধ্বংসী ধুমুহাৰ তীব্ৰ সোঁত ভেদি যানখনলৈ আগুৱাই গৈ থাকোঁতেই ধুমুহাত উৰি অহা আৱৰ্জনাসদৃশ কঠিন সামগ্ৰীয়ে আপোনাৰ দেহত [ ৫১ ] সজোৰে খুন্দিয়ালে আৰু আপোনাক পলকতে নি আঁতৰত পেলালেগৈ। মুহূৰ্ততে আপুনি দলটোৰ পৰা বিচ্ছিন্ন আৰু সংযোগহীন হৈ পৰিল। আপোনাৰ বিশেষ পোছাকযোৰত সংযোজিত এণ্টেনাডাল ধুমুহাই ছিঙি পেলালে যাৰ ফলত আপোনাৰ সাম্প্ৰতিক অৱস্থান সম্বন্ধীয় কোনো তথ্যয়েই আপোনাৰ সংগীবৃন্দই উদ্ধাৰ কৰিব নোৱাৰিলে। ধুমুহাত আপোনাৰ মৃত্যু হৈছে বুলি তেওঁলোকৰ মনত শংকা গঢ় লৈ উঠিল। সিপিনে যানৰ জৰুৰী উৎক্ষেপনৰ সময়ে ওচৰ চাপি আহিছে। অৱশেষত আপোনাৰ মৃত্যু সম্পৰ্কীয় শংকা বিশ্বাসলৈ পৰিণত হ’ল আৰু উপায়বিহীন হৈ আপোনাৰ সতীৰ্থসকলে আপোনাক এৰি গুচি আহিল।

 কিন্তু আশ্চৰ্যজনক কথাটো হ’ল, তেওঁলোকে ভবাৰ দৰে আপোনাৰ মৃত্যু হোৱা নাছিল। ধুমুহাজাকৰ অৱসান ঘটাৰ পিছত আপুনি সম্বিৎ ঘূৰাই ফালে। পেটত সোমাই আছে এণ্টেনাৰ ভঙা টুকুৰা। প্ৰচণ্ড যন্ত্ৰণাক একাষৰীয়া কৰি আপুনি খুপি খুপি “Hab”লৈ গ’ল। (Hab-মহাকাশচাৰীসকলে যিটো অত্যাধুনিক আশ্ৰয়স্থলত থাকি মংগলত গৱেষণা কৰি আছিল) হেবত পদাৰ্পণ কৰি আপুনি নিজেই নিজৰ চিকিৎসা কৰিলে।

 সুস্থিৰ হোৱাৰ পিছত আপোনাৰ অনুভৱ হ’ল- জনপ্ৰাণীহীন মংগল গ্ৰহটোত আপুনিয়েই এতিয়া একমাত্ৰ বাসিন্দা। আপোনাৰ সতীৰ্থসকলে আপোনাৰ অবিহনেই পৃথিৱী অভিমুখে গমন কৰিছে। পলকতে আপোনাক পৰ্বতপ্ৰমাণ নিসঙ্গতাই আগুৰি ধৰিলে। অৱশ্যে সেইয়া স্বাভাৱিকে। কাৰণ, আপুনি থাকিবলগীয়া ‘হেব’খনৰ নিৰ্মাণ কৰা হৈছে মাত্ৰ ৩১ দিন টিকিবৰ বাবেহে। তাৰপিছত সেইখনে আপোনাক পৰ্যাপ্ত পৰিমাণে অক্সিজেনৰ যোগান ধৰিব নোৱাৰিব। বহুকেইটা অত্যাৱশ্যকীয় উপাদান বিকল হ’বলৈ আৰম্ভ কৰিব। নাছাৰ লগত যোগাযোগ কৰিব পৰাকৈ আপোনাৰ ওচৰত কোনোধৰণৰ কাৰ্যক্ষম যন্ত্ৰপাতি মজুত নাই। সম্ভাব্য পৰৱৰ্তী মংগল অভিযানটোৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব চাৰিটা বছৰ৷ ধৰি লওক; সৌভাগ্যক্ৰমে এইকেইটা চৰ্ত ভুল প্ৰমাণিত হ’ল। কিন্তু তথাপিতো আপোনাৰ জীয়াই থকাৰ সম্ভাৱণীয়তা নগণ্য। কিয়নো আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সম্ভাৰ নাই। কেইদিনমানৰ পিছতেই আপুনি ভুগিব লাগিব অভাৱনীয় খাদ্য-সংকটত আৰু খাদ্য অবিহনে আপুনি জীয়াই থাকিবইবা কেইদিন? এদিন, এসপ্তাহ নে পোন্ধৰদিন? গতিকে আপুনি ভাবিব পাৰে- আপুনি মাত্ৰ কেইটামান দিনৰহে আলহী।

 শেষত গৈ আপোনাৰ হাতত ৰৈছে দুটা বিকল্প—

 (ক) জীয়াই থকাৰ সমস্ত বাসনা পৰিত্যাগ কৰিব। মজুত থকা খাদ্য-সামগ্ৰী শেষ নোহোৱাপৰ্যন্ত আপুনি জীয়াই থাকিব। পৰিস্থিতিয়ে আপোনাক য’লৈকে লৈ যায়, আপুনি ত’লৈকে যাব। যিদিনাই খাদ্য-সামগ্ৰী শেষ হ’ব, তাৰ পিছদিনাৰ পৰাই আপুনি তিলতিলকৈ মৃত্যুৰ বাবে অপেক্ষা কৰিব।

 (খ) আপুনি জীয়াই থকাৰ বাসনাক জলাঞ্জলি নিদিয়ে। আপুনি মৰ্মে মৰ্মে হৃদয়ঙ্গম কৰিব যে- প্ৰায় পাঁচ কোটি কিলোমিটাৰ দূৰত অৱস্থিত পৃথিৱী নামৰ গ্ৰহটোৱে আপোনাক এইমুহূৰ্তত হাত বাউল দি মাতি আছে। পৃথিৱী নামৰ গ্ৰহটোত আপোনাৰ এখন ঘৰ আছে। ঘৰত আপোনাৰ প্ৰিয়জন আছে। তেওঁলোকৰ সন্মুখত গৈ উপস্থিত হ’বলৈ আপোনাৰ মনটো ব্যাকুল হৈ উঠিব। তেওঁলোকৰ উজ্জ্বল মুখকেইখনত জিলিকি উঠা আত্মীয়তাৰ নিৰ্ভেজাল ৰূপৰেখা এবাৰ নিচেই ওচৰৰ পৰা চাবলৈ আপুনি উদ্বাউল হৈ উঠিব। জীয়াই থকাৰ এই পৰম [ ৫২ ] শক্তিশালী বাসনাই ক্ৰমশঃ আপোনাৰ মন-মগজু অধিকাৰ কৰিব আৰু ৰঙা গ্ৰহ মংগলৰ এই চৰম বিপদজনক, সংকটজনক আৰু নিসংগ অৱস্থাত থাকিও আপোনাৰ মুখৰ পৰা সৰকি পৰিব সংকল্পসূচক শব্দকেইটা—‘I’m not gonna die here.’

 আপুনি এতিয়া কোনটো বিকল্প আদৰি লয়- সেই কথা মোতকৈ বেছি ভালদৰে জানিব আপুনি। কিন্তু ৰিডলি স্কটে পৰিচালনা কৰা ২০১৫ চনৰ বিখ্যাত, বহুপ্ৰশংসিত আৰু বহুজন সমাদৃত কল্প- বিজ্ঞানধৰ্মী ছবি “দা মাৰ্টিয়ান”ৰ মহাকাশচাৰী মাৰ্ক ৱাটনিয়ে বাছি ল’লে দ্বিতীয়টো পথ। প্ৰচণ্ড ধুমুহজাকৰ কৱলত পৰি মাৰ্ক ৱাটনিৰ মৃত্যু হোৱা বুলি অনুমান কৰি তেওঁৰ বন্ধু-মহাকাশচাৰীসকলে তেওঁক তাতে এৰি থৈ যেতিয়া গুচি আহিল, তেতিয়া মাৰ্ক ৱাটনিৰো মন-মগজুলৈ অজস্ৰ নেতিবাচক চিন্তাৰ সোঁত বৈছিল। মৃত্যুৰ ভয়েও তেওঁৰ অৱচেতন মনত থিতাপি লৈছিল। কিন্তু জীয়াই থকাৰ উদগ্ৰ বাসনা যেতিয়া এজন মানুহৰ মন-মগজুত গুৰিলৈকে সংস্থাপিত হয়, তেতিয়া পৃথিৱীৰ অলঙ্ঘণীয়, অকল্পনীয় দুৰ্যোগে সেই বাসনাৰ সন্মুখত সৰু হৈ পৰে। জীয়াই থকাৰ বাসনাই অপ্ৰতিৰোধ্য, সুউচ্চ ৰূপ এটা পৰিগ্ৰহ কৰি সন্মুখৰ বন্ধ পথবোৰ এটা এটাকৈ খুলি দিয়ে।

 মংগল গ্ৰহৰ চৌদিশে সংকটে আগুৰি থকা মাৰ্ক ৱাটনিৰো জীয়াই থকা দুৰ্দান্ত বাসনা আছিল, অৰুি সেই দুৰ্দান্ত বাসনাকেই নাম দিয়া হ’ল –‘দা মাৰ্টিয়ান। জীয়াই থাকিবলৈ মাৰ্ক ৱাটনীয়ে কি কি কৰা নাছিল। মানুহৰ বিষ্ঠা আৰু কৃত্ৰিমভাৱে প্ৰস্তুত কৰা পানীৰে মাৰ্ক ৱাটনিয়ে ‘হেব’ৰ ভিতৰতে আলুৰ খেতি আৰম্ভ কৰিলে। মাৰ্ক ৱাটনি এজন উদ্ভিদবিজ্ঞানী আছিল। যি মঙলৰ মাটিত উদ্ভিদৰ নামত অপতৃণ এডালো নাছিল, সেই মাটিতে মাৰ্কে আলুৰ খেতি কৰি সফল হ’ল। মাৰ্কে ডাঙৰ ডাঙৰ আলুবোৰ গোটাই থৈ সৰু আলুবোৰক পুনৰ বীজ হিচাপে ব্যৱহাৰ কৰিলে। কিন্তু দুৰ্ভাগ্যৰ কথা; প্ৰচণ্ড এজাক ধুমুহা এদিন ‘হেব’ৰ গোলাকাৰ প্ৰৱেশপথ ভেদি ভিতৰলৈ সোমাই আহিল আৰু সমস্ত আলু নষ্ট কৰি পেলালে। গোটাই থোৱা আলুখিনিৰেই মাৰ্কে কম পৰিমাণে খাই দিন কটাবলৈ ধৰিলে।

 ইফালে মংগলত মাৰ্কৰ জীয়াই থকাৰ অভিযান চলি থাকোঁতেই নাছাৰ অভিযানসমূহৰ [ ৫৩ ] পৰিচালনা কৰা অন্যতম ব্যক্তি ভিনচেণ্ট কাপুৰ আৰু ছেটেলাইট কমিউনিকেশন বিভাগৰ কৰ্মী মিন্দি পাৰ্কে মঙল গ্ৰহত মাৰ্ক ৱাটনিৰ গতিবিধি লক্ষ্য কৰিলে। মুহূৰ্ততে এক উৎকণ্ঠামিহলি প্ৰৱল চাপে নাছাৰ অভ্যন্তৰ তোলপাৰ লগলে। কাৰণ নাছাই ইতিমধ্যেই মাৰ্কৰ মৃত্যু হোৱা বুলি ভাবিছিল। এতিয়া মাৰ্কৰ সম্ভেদ পাই তেওঁৰ লগত কিদৰে যোগাযোগ কৰিব পাৰি, তেওঁক কেনেকৈ পুনৰ পৃথিৱীলৈ ঘূৰাই আনিব পাৰি-সেইবিষয়ে নাছাৰ তীক্ষ মগজু ব্যস্ত হৈ পৰিল। ব্যস্ত হৈ পৰিল কেলিফৰ্ণিয়াস্থিত জেট প্ৰপালছন লেবৰেটৰীৰ বিজ্ঞানীসমাজ।

 সিপিনে ১৯৯৬ চনৰ পৰা মংগলৰ মাটিত নিৰৱ হৈ থকা ‘পাথফাইণ্ডাৰ’টো (Pathfinder) বিচাৰি মাৰ্কে মেৰামতি কৰি লোৱা ৰোভাৰখনৰে যাত্ৰাৰম্ভ কৰে। জেট প্ৰপালছন লেবৰেটৰীত উপস্থিত থকা ভিনচেণ্ট কাপুৰৰ তৎপৰতা আৰু সতীৰ্থসকলৰ আন্তৰিক প্ৰচেষ্টাত লেণ্ডাৰৰ (Lander's Camera) কেমেৰা ব্যৱহাৰ কৰি মাৰ্কৰ লগত তেওঁলোকে যোগাযোগ কৰিবলৈ সক্ষম হয়।

 আৰম্ভ হ’ল নাছাৰ মাৰ্ক-উদ্ধাৰকাৰী অভিযান। প্ৰাৰম্ভিক পৰিকল্পনা প্ৰত্যাহাৰ কৰি নাছাৰ উচ্চপদবীধাৰীসকলে শেষত সিদ্ধান্ত ল'লে- তেওঁলোকে ৰিচ্চ পাৰ্ণেল নামৰ বিশৃংখল জীৱনশৈলীত অভ্যস্ত অথচ সন্দেহাতীতভাৱে মেধাৱী যুৱকজনৰ পৰামৰ্শমতে আগবাঢ়িব। মাৰ্কক মঙলত এৰি পৃথিৱী অভিমুখে ধীৰ গতিৰে আহি থকা হাৰমিছ মহাকাশযানৰ গতিবেগ বঢ়াই পুনৰ মঙলমুৱা কৰি মাৰ্কক ঘূৰাই আনিব পৰা যায়-এইয়াই হ’ল ৰিচ্চ পাৰ্ণেলৰ দিহা। হাৰমিছত থকা একালৰ মাৰ্কৰ সতীৰ্থসকলে এই প্ৰস্তাৱত অন্তৰিকতাৰে সন্মতি জনালে। গভীৰ প্ৰত্যাশা বুকুত বান্ধি মিছন কমাণ্ডাৰৰ লিউছ, বেক, জোহানচন, ভিগেল আৰু মাৰ্টিনেজে ৰাওনা হ’ল মঙললৈ-প্ৰিয় বন্ধুক উদ্ধাৰ কৰিবলৈ।

 সেইদিনা মঙলৰ মাটিত মাৰ্ক ৱাটনিৰ ৫৬১সংখ্যক দিন। পৃথিৱীত তেওঁৰ উদ্ধাৰ অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ ৰাজহুৱাকৈ দেখুৱাই থকা হৈছে। আনহাতে মাৰ্কক উদ্ধাৰৰ হেতু গমন কৰা মহাকশৰ সতীৰ্থসকলে প্ৰতিমুহূৰ্ততে ন-ন কৌশল উদ্ভাৱণ কৰিছে-যাতে জীৱন্ত অৱস্থাত মাৰ্কক ঘূৰাই পাব পাৰি৷ মিছন কমাণ্ডাৰ লিউচে পুনৰ এবাৰ যুঁজ দিব লগা হৈছে প্ৰচণ্ড চাপ আৰু প্ৰত্যাহ্বানৰ বিৰুদ্ধে। মহাকাশৰ পৰা পৃথিৱীৰ ভূখণ্ডলৈকে-সকলোতে প্ৰচুৰ উৎকণ্ঠা আৰু উত্তেজনা। সকলোৰে মুখবোৰ দুশ্চিন্তাময়।

 অৱশেষত বিৰল সংবাদটো আহিল। নাছাৰ বিশাল মনিটৰৰ সন্মুখত বহি থকা উৎকণ্ঠিত [ ৫৪ ] বিজ্ঞানী, কাৰিকৰী শাখাৰ ব্যক্তিসকল আৰু ৰাস্তাই- ঘাটে ওলমি থকা ডিজিটেল পৰ্দালৈ পৰম কৌতূহলৰে চাই থকা অগণন মানুহৰ মুখত আনন্দ আৰু বিজয়ৰ উজ্জ্বল জ্যোতি বিয়পি পৰিল।

 মাৰ্ক ৱাটনি উদ্ধাৰ হ’ল। মিছন কমাণ্ডাৰ লিউছৰ স্পষ্ট আৰু আত্মবিশ্বাসী কণ্ঠৰে নিগৰি অহা অবিস্মৰণীয় খবৰটোৱে, নাছাৰ এই দুঃসাহসী অভিযানে পৃথিৱীবাসীৰ সন্মুখত পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে-অসম্ভৱ বুলি একো নাই-“Nothing is Impossible.”

 এইয়াই হৈছে দা মাৰ্টিয়ান নামৰ ছবিখনৰ কাহিনী। উল্লেখযোগ্য যে, এই ছবিখনৰ নিৰ্মাণ আৰু সঠিক উপস্থাপনৰ গুৰুত্ব উপলব্ধি কৰি মহাকাশ সংস্থা নাছায়েও ছবিনিৰ্মাতাৰ লগত তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞানৰ আদান-প্ৰদান কৰে। নাছাৰ সদস্য জেমছ এল, গ্ৰীণ আৰু ডেভ লেভাৰিয়ে ছবিনিৰ্মাতাৰ বহু কৌতূহল দূৰ কৰে৷ ‘দা মাৰ্টিয়ান’ৰ কাহিনী, মহাকাশচাৰীৰ পোছাক, ‘হেব’ৰ আৰ্হি ইত্যাদিক লৈ উত্থাপিত হোৱা শতাধিক প্ৰশ্নৰ উত্তৰ নাছাৰ ফালৰ পৰা দিয়া হয়।

 ২০১১ চনৰ এণ্ডি ৱেৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনে বাণিজ্যিকভাৱেও অপাৰ সফলতা লাভ কৰিছে। লাভ কৰিলে বহুকেইটা জনপ্ৰিয় বঁটা আৰু একাধিক মনোনয়ন। মুখ্য চৰিত্ৰত মেট ডেমনে মননশীল অভিনয় কৰিছে। ছবিখনৰ গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হোৱা জেছিকা ছছটেইন, ক্ৰিষ্টেন উইগ, জেফ ডেনিয়েলছ আদিৰ কামো প্ৰশংসনীয়।

 কল্পবিজ্ঞানধৰ্মী ছবিখনত তথ্য-প্ৰযুক্তিৰ ভৰপূৰ প্ৰয়োগ হৈছে, উচ্চাৰিত হৈছে কিছুমান জটিল কাৰিকৰী শব্দ। কিন্তু ছবিখনৰ সেই জটিল কাৰিকৰী ভাষাৰ আঁৰত লুকাই আছে এক সৰল সংবেদনশীল বাৰ্তা। সেই বাৰ্তাত উন্মোচিত হৈছে জীৱনৰ প্ৰতি থকা এজন মানুহৰ অপৰিসীম-অক্লান্ত ভালপোৱা। জীৱনৰ প্ৰতি থকা যি অকৃত্ৰিম ভালপোৱাৰ ভেটিত উঠি মানুহজনে আৱিষ্কাৰ কৰিছিল জীৱনৰ প্ৰকৃত অৰ্থ আৰু মহত্ব। কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ এই জীৱনমুখী আৰু প্ৰাণসঞ্চাৰকাৰী বাৰ্তাটোৰ বাবেই ছবিখনে নাছাৰ উচ্চপদবীত থকা বিজ্ঞানীজনৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ মানুহ এজনলৈকে-সকলোৰে হৃদয়ত উচ্চাসন দখল কৰিবলৈ সক্ষম হৈছে।

 স্মৰণ কৰিছোঁ আৰ্ণেষ্ট হেমিঙৱেৰ সেই বাক্যশাৰী-“Man can be destroyed. But not defeated.”(৷) -মানুহক ধ্বংস কৰিব পাৰি, কিন্তু পৰাভূত কৰিব নোৱাৰি। মঙলৰ প্ৰতিকূল জলবায়ু, সীমাহীন খাদ্য-সংকট আৰু অসহনীয় নিসংগতায়েও পৰাভূত কৰিব নোৱাৰা মহাকাশচাৰী মাৰ্ক ৱাটনিৰ জীৱন-কাহিনীয়ে যেন সেই সত্যকেই পুনৰবাৰ প্ৰতিস্থাপিত কৰিলে।

[ ৫৫ ]

“However bad life may seem, there is always something you can do and succeed at. While there is life, there is hope.”

—Stephen Hawking

 জনপ্ৰিয় মটিভেশ্যনেল স্পীকাৰ সন্দীপ মহেশ্বৰীয়ে জীৱনত বিজয়ী হোৱা আৰু পৰাস্ত হোৱা- এই দুই প্ৰকৃতিৰ মানুহৰ মানসিকতাৰ প্ৰভেদ সম্বন্ধে ব্যাখ্যা আগবঢ়াই কেতবোৰ অনুপ্ৰেৰণাদায়ক কথা কৈছিল৷ তাৰ ভাৱাৰ্থ আছিল—জীৱনত পৰাস্ত হোৱা যি কোনো এজন মানুহৰ কাষলৈ আপুনি গ'লে সেই মানুহজনে অজুহাতৰ দীঘলীয়া তালিকা এখন উলিয়াই আপোনাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব যে সেই এশ-এবুৰিটা অজুহাতৰ বাবে তেওঁ জীৱনত সফল হ'ব নোৱাৰিলে৷ ‘মোৰ জীৱনত এইটো ঘটিছিল যাৰ বাবে মই এইটো কৰিব নোৱাৰিলোঁ, মই কৰিব বিচাৰিছিলোঁ কিন্তু মই সা-সুবিধা নাপালোঁ’ ইত্যাদি বিভিন্ন বিচিত্ৰ অজুহাত তেওঁৰ হাতত সদায় মজুত থাকে৷

  জীৱনত বিজয় সাব্যস্ত কৰা এজন মানুহৰ কাষতো এদিন তেনে অজস্ৰ অজুহাত আছিল, সহস্ৰ কাৰণ আছিল যিবোৰে তেওঁক আকাংক্ষিত পথত ৰোধৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন৷ তেওঁৰ মন ভাঙি দিব পাৰিলেহেঁতেন৷ কিন্তু বিফলতামুখী তেনে হাজাৰটা কাৰণ, অজুহাত আৰু হেঙাৰক একাষৰীয়া কৰি বিজয়ীজনে তেওঁৰ সমগ্ৰ দৃষ্টি নিবদ্ধ কৰিছিল তেওঁৰ জীৱনৰ এনে এটা অন্যতম পৱিত্ৰ উদ্দেশ্যত যিটোৱে তেওঁক তেওঁৰ লক্ষ্য অভিমুখে আগবাঢ়ি যাবলৈ প্ৰতিপল প্ৰেৰণা যোগাই আছিল৷ অন্তৰৰ সেই প্ৰেৰণাসূচক জীৱনদায়িনী আহ্বানক যাত্ৰাপথৰ সংগী হিচাপে লৈ মানুহজন আগুৱাই আহি থাকিল, সন্মুখৰ প্ৰতিটো [ ৫৬ ] বাধা-নিষেধ ওফৰাই তেওঁ নিজ লক্ষ্যাভিমুখে খোজ কাঢ়ি থাকিল। আৰু এদিন তেওঁ লক্ষ্যত উপনীত হ’ল। জীৱনে তেওঁৰ শিৰত বিজয়ৰ গৌৰৱোজ্জ্বল মুকুট পিন্ধালে। পৃথিৱীৰ লক্ষ-লক্ষ সাধাৰণ মানুহৰ বাবে এই মানুহজন মুহূৰ্ততে হৈ উঠিল অসাধাৰণ। তেওঁৰ অদম্য মনোবল আৰু অপ্ৰতিৰোধ্য ইচ্ছাশক্তি হৈ পৰিল বিশ্ববাসীৰ বাবে অপাৰ বিস্ময় তথা অন্তহীন কৌতূহলৰ বিষয়।

 আধুনিক পৃথিৱীৰ অগণন মানুহৰ মনত আশ্বৰ্য তথা বিস্ময়ৰ জোৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা তেনে এক অসাধাৰণ ব্যক্তি হ’ল জগদ্বিখ্যাত বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙ। এইজন মহান বিজ্ঞানী হকিঙৰ চিৰ-জ্যোতিস্মান বৰ্ণময় জীৱন- পৰিক্ৰমাক অন্যতম উপজীৱ হিচাপে লৈ নিৰ্মিত সমাদৃত ছবি ‘দা থিয়ৰি অৱ এভ্‌ৰিথিং (The Theory of Everything)-এ মহান বিজ্ঞানীজনৰ কৰ্ম, জীৱন আৰু সাধনাৰ প্ৰতি আমাক পুনৰবাৰ কৰি তুলিলে শ্ৰদ্ধাশীল আৰু মৰ্মে মৰ্মে উপলব্ধি কৰালে অক্লান্ত আশীৰ্বাদ আৰু অপৰাজেয় জীৱনপ্ৰেমেৰে পৰিপূৰ্ণ হকিঙৰ এষাৰ অবিস্মৰণীয় -“While there is life, there is hope." (য’তেই জীৱন, ত’তেই আশা।)

 শ্ৰেষ্ঠ অভিনেতাৰ শিতানত অস্কাৰকে ধৰি অইন একাধিক বঁটা-সন্মানেৰে সন্মানীত, মনোনীত ছবিখন পৰিচালনা কৰিছে জেমছ মাৰ্শ্বে। ষ্টিফেন হকিঙৰ জীৱনৰ প্ৰথম প্ৰেম তথী পত্নী জেন ৱাইল্ড হকিঙে লিখা “Travelling to Infinity: My Life with Stephen”ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য লিখিছে এন্থনি মেককাৰ্টনে। ছবিখনৰ মুখ্য চৰিত্ৰত এডি ৰেডমেইনে হৃদয়স্পৰ্শী আৰু নিখুঁত অভিনয় কৰি চলচ্চিত্ৰপ্ৰেমীৰ হৃদয়ত সন্মানীয় আসন দখল কৰিবলৈ সক্ষম হৈছে। হকিঙৰ ব্যক্তিত্বটোক যথোপযুক্ত মৰ্যাদা প্ৰদান কৰিবলৈ অভিনেতা ৰেডমেইনৰ আন্তৰিক প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ জেন ৱাইল্ডৰ ভূমিকাত অৱতীৰ্ণ হোৱা ফেলিছিটি জ’নছৰ অভিনয়ো ছবিখন জীৱন্ত হৈ উঠিছে।

[ ৫৭ ]  ষ্টিফেন হকিঙৰ জীৱনত যেতিয়া মটৰ

নিউৰন নামৰ ভয়ংকৰ দুৰাৰোগ্য ৰোগটোৱে প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ একৈশ বছৰ। শৰীৰৰ স্নায়ু এফালৰ পৰা ধ্বংস কৰি মানুহজনক এসময়ত মৃত্যুৰ শীতল কোলাত শোৱাই দিয়াটোৱেই এই ৰোগটোৰ প্ৰধান উদ্দেশ্য। বেমাৰৰ সমুখত পৰাজয় বৰণ কৰি চিকিত্সকে ক্ষমাহীন ঘোষণা কৰিলে,মাত্ৰ দুই-আঢ়ৈ বছৰৰ পিছতেই হকিঙৰ মৃত্যু নিশ্চিত। এই ভয়ংকৰ বেমাৰটোৱে খুব কম সময়ৰ ভিতৰতে হকিঙৰ ভৰি-হতিকে ধৰি অধিকাংশ অংগ অকামিল কৰি আনিব আৰু অলৰ- অচৰ শৰীৰটো লৈ হকিঙ জীয়াই থকাটো একপ্ৰকাৰৰ দুঃসহ হৈ উঠিব। তেওঁ খোজ কাঢ়িব নোৱৰা হ'ব, হাত লৰাব নোৱৰা হ'ব, স্পষ্টতাৰে কথা নোৱৰী হ'ব আৰু এসময়ত তেওঁৰ বাক্‌শক্তিয়েই সম্পূৰ্ণ বিলুপ্ত হ'ব। ইমানেই ভয়ংকৰ এই ৰোগটো! সাধাৰণ পানী লগা জ্বৰতেই কাৰ্যালয়ৰ পৰা ছুটি লৈ দুদিন-দুৰাতি বিচনাৰ পৰা নামি নহা আমাৰ দৰে মানুহে হয়তো চিকিৎসক মুখত তেনে এষাৰ কথা শুনি ঠাইতে মূৰ্চা যাম আৰু বাকী থকা দিনকেইটা উদাস, বিষন্ন হৈ যাপন কৰি মৃত্যুৰ বাবে অপেক্ষা কৰি থাকিম।

 কিন্তু আমি কথা পাতিছোঁ ষ্টিফেন হকিঙৰ বিষয়ে, সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ, এজন পদাৰ্থবিজ্ঞানীৰ বিষয়ে। সাধাৰণ যদু-মধুৰ বিষয়ে নহয়। অৱশ্যে কথাষাৰ এনেকৈও ক’ব পাৰি সাধাৰণ মানুহ হৈও হকিঙ অসাধাৰণ, অনন্য। সেইকাৰণেই হয়তো মটৰ নিউৰনৰ দৰে বিৰল বেমাৰটোৱে সৰ্বশৰীৰ অকামিলা কৰি পেলোৱাৰ পিছতো, জীৱনৰ অবিচ্ছেদ্য সংগীস্বৰূপ হুইলচেয়াৰত বহি কম্পিউটাৰৰ জৰিয়তে লক্ষ-লক্ষলোকৰ লগত ভাৱ-বিনিময় কৰা এই মানুহজনৰ মুখেৰে নিঃসৃত হৈছে "While there is life, there is hope"ৰ দৰে মহামূল্যৱান প্ৰাণসঞ্চাৰী বাক্য।

 হকিঙৰ জীৱনত অইন এগৰাকী মানুহ আছিল, যিয়ে হকিঙৰ দুৰ্দিনৰ সময়ত তেওঁৰ কাষত থিয় হৈছিলহি। তেওঁ হৈ পৰিছিল হকিঙৰ বাবে অন্তহীন প্ৰেৰণী আৰু উৎসাহৰ উৎস। মটৰ নিউৰনৰ নামৰ বেমাৰটোৰ আগমন ঘটাৰ মাত্ৰ কেইটিমান দিনৰ আগতে হকিঙ চিনাকি হৈছিল সাহিত্যৰ ছাত্ৰী জেন আইল্ডৰ সৈতে। কেইটিমান মুহূৰ্ত একেলগে অতিবাহিত কৰাৰ পিছতেই পৰস্পৰে পৰস্পৰৰ ব্যক্তিত্বৰ প্ৰতি অনুভৱ কৰিছিল ব্যাখ্যাহীন আকৰ্ষণ। এই আকৰ্ষণেই দুয়োকে দুয়োৰে [ ৫৮ ]

ওচৰ চপাই নিছিল। আৰু ক্ৰমাৎ সেই আকৰ্ষণে প্ৰেমৰ ৰূপ পৰিগ্ৰহ কৰিছিল।

 মৃত্যু সংবাদ লৈ মটৰ নিউৰন নামৰ ৰোগটোৱে প্ৰেমিক ষ্টিফেনৰ জীৱনত প্ৰৱেশ কৰাৰ খবৰটো যেতিয়া প্ৰেমিকা জেনে জানিব পাৰিলে, তেতিয়া তেওঁ দুখ বা বিষাদত চিৎকাৰ কৰি উঠা নাছিল। অনাকাংক্ষিত পৰিস্থিতিত দিশহাৰা হৈ পৰা ষ্টিফেনৰ আৱেগবিহ্বল নিৰ্দেশ মানি তেওঁৰ জীৱনৰ পৰা জেন আঁতৰিও অহা নাছিল। বৰং ষ্টিফেনৰ প্ৰতি তেওঁ পূৰ্বতকৈ অধিক অনুভূতিশীল আৰু কৰ্তব্যশীল হৈ উঠিছিল। হৃদয়ত থূপ খোৱাই ৰখা অসীম ভালপোৱা আৰু স্নেহেৰে মৃত্যুমুখী ষ্টিফেনক জীৱনৰ আলোকোজ্জ্বল গন্তব্যস্থান অভিমুখে আগবঢ়াই নিবলৈ জেন সংকল্পবদ্ধ হ’ল। দুৰাৰোগ্য ৰোগত আক্ৰান্ত প্ৰেমিক ষ্টিফেনৰ জীৱন-সংগী হ’বলৈ জেনে বাঞ্ছাপ্ৰকাশ কৰিলে। আৰু এদিন জেনৰ এই বাঞ্ছা বাস্তৱত পৰিণত হ’ল। দুয়ো বিবাহপাশত আৱদ্ধ হ’ল।

 জেনৰ অকৃত্ৰিম স্নেহ আৰু পৰিচৰ্যাৰ জোৰত ষ্টিফেন আগবাঢ়ি গ’ল। ষ্টিফেনে গৱেষণাত সফলতা লাভ কৰিলে। কৃষ্ণগহ্বৰ সম্বন্ধীয় মৌলিক বিষয়ত গৱেষণা কৰা ষ্টিফেন হকিঙ নামৰ প্ৰখৰ বুধিয়ক ছাত্ৰজনৰ বিষয়ে জ্ঞানীৰ মহলত চৰ্চা আৰম্ভ হ’ল। শাৰিৰীক দুৰ্বলতাৰে নহয়, ষ্টিফেনে পৰিচয় লাভ কৰিলে এজন পদাৰ্থ বিজ্ঞানীৰূপে। কোৱাটো নিষ্প্ৰয়োজন, ষ্টিফেনৰ এই সফলতা আৰু যশস্যাপ্ৰাপ্তিৰ মূলতেই আছিল তেওঁৰ পত্নী জেন ৱাইল্ডৰ সীমাহীন পৰিশ্ৰম আৰু পৰিচৰ্যা।

 কিন্তু ষ্টিফেন আৰু সন্তান দুটিৰ পৰিচৰ্যাত ব্যস্ত থকা পত্নী জেনে যেতিয়া তেওঁৰ জীৱনৰ ব্যক্তিগত সপোন, আশা-আকাংক্ষাবোৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে, তেতিয়া তেওঁৰ মনটোক হতাশাৰ বতাহ এজাকে কঁপাই গল। সাহিত্যৰ প্ৰতিভাৱান ছাত্ৰী জেনৰ মনলৈ বিষন্নতাৰ ভাৱ আহিল। ষ্টিফেনৰ বাবে সময় উলিওৱাত তেওঁ এতিয়া ইমানেই ব্যস্ত হৈ পৰিল যে নিজৰ জীৱনটোৰ বাবে তেওঁৰ হাতত এতিয়া সময়ৰ অভাৱ। ক্ৰমাৎ বাঢ়ি অহা অসন্তুষ্টিৰ ভাৱ প্ৰত্যক্ষ কৰি মাকে জেনক গীৰ্জালৈ গৈ কোৰাছৰ দলত অংশ ল’বলৈ পৰামৰ্শ আগবঢ়ায়।

 গীৰ্জাত সংগীত শিকোৱা জনাথন জ’নছৰ লগত জেনৰ পৰিচয় হয়। দুয়োৰে মাজত অন্তৰঙ্গতা বাঢ়ে। জেনৰ জৰিয়তে জনাথন জ’নছে ষ্টিফেন আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে জানিব পাৰিলে। ষ্টিফেনৰ ঘৰলৈ জনাথনৰ আগমন ঘটিল আৰু অতি কম [ ৫৯ ] সময়ৰ ভিতৰতে জনাথনে তেওঁৰ স্বভাৱসুলভ সহৃদয়তা আৰু উদাৰ মানৱতাবাদী দৃষ্টিভংগীৰে সকলোৰে মন মুহি পেলালে। মন মুহিলে জেনৰো। ক’ৰবাত অন্তৰ্হিত হোৱা জীৱনৰ প্ৰতি সেই কৌতূহল, সেই আকৰ্ষণ, সেই মৰম-আকলুৱা অনুভূতিবোৰে জেনে আৱিষ্কাৰ কৰিলে জনাথন নামৰ পুৰুষজনৰ ভিতৰত। জেনৰ অন্যতম সহায়কাৰীৰ ৰূপত অৱতীৰ্ণ হ’ল জনাথন জ’নছ।

 কিন্তু ষ্টিফেন আৰু জেনৰ জীৱনৰ পৰা জনাথনে বিদায় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল যেতিয়া তৃতীয়টো সন্তানৰ জন্মৰ পিছত ষ্টিফেনৰ মাতৃৰ মুখত জনাথনে এটা তিক্ততাপূৰ্ণ প্ৰশ্ন শুনিছিল। অশেষ চেষ্টা কৰিও জেনে তেওঁক ৰখাব নোৱাৰিলে। ষ্টিফেনৰ অনুৰোধক্ৰমেহে জনাথন পুনৰ জেনৰ কাষলৈ আহে।

 ষ্টিফেন হকিঙৰ জীৱনৰ এছোৱা কঠিন সময়ৰ আৰম্ভণি হ’ল বৰডিউক্সৰ এটা বিশাল প্ৰেক্ষাগৃহত অপেৰা চাই থাকোঁতে। ষ্টিফেনে মুখলৈ নিয়া ৰুমালখনত তেজৰ দাগ পৰিলক্ষিত কৰাৰ পিছত তেওঁক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰীক্ষাত ধৰা পৰে, ষ্টিফেনৰ নিউমনিয়া হৈছে। জেনক খবৰ দিয়া হ’ল। পত্নী জেনৰ পৰা অনুমতি লৈ চিকিৎসকে ষ্টিফেনৰ অস্ত্ৰোপচাৰ কৰিলে। ইয়াৰ অন্যথা হকিঙৰ মৃত্যু অৱধাৰিত। অস্ত্ৰোপচাৰৰ ফলত ষ্টিফেনে বাক্‌শক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলালে।

 ষ্টিফেনৰ পৰিচৰ্যা কৰিবলৈ এইবাৰ এগৰাকী নাৰ্ছক নিয়োগ কৰা হ’ল। নাম তেওঁৰ ইলেইন। যিখন কালজয়ী গ্ৰন্থৰ বাবে ষ্টিফেন হকিঙক সমগ্ৰ বিশ্বই চিনি পায়, সেইখন গ্ৰন্থ ‘এ ব্ৰিফ হিষ্টৰি অৱ টাইম’ লিপিবদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এইগৰাকী ইলেইনে। উল্লেখনীয় যে, একেৰাহে ২৩৭ টা সপ্তাহৰ বাবে এই কিতাপখনে ব্ৰিটিছ চানডে’ টাইমছত বেষ্ট্ চেলাৰৰ শোভা বঢ়াইছিল। কম্পিউটাৰৰ লগত সংযুক্ত এটা ‘ধ্বনি সংশ্লেষক’ (voice Synthesizer)ৰ জৰিয়তে ষ্টিফেনে লিখি উলিয়াইছিল এই পৃথিৱীবিখ্যাত গ্ৰন্থখন।

 ইলেইন নামৰ নাৰ্ছগৰাকীয়ে ষ্টিফেন হকিঙৰ মন-মগজুতো এখন বিশেষ আসন দখল কৰিবলৈ সক্ষম হ’ল। গোপনে-সংগোপনে ষ্টিফেন হকিঙ ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল ইলেইনৰ প্ৰতি। দিনটোৰ [ ৬০ ] অধিকাংশ সময় অতিবাহিত কৰা ইলেইনৰ প্ৰতি থকা এই দুৰ্বাৰ আকৰ্ষণ পোনপ্ৰথমবাৰৰ বাবে পত্নী জেনে আৱিষ্কাৰ কৰিলে তেতিয়া যেতিয়া আমেৰিকাত হ’বলগীয়া এটা বঁটা-প্ৰদান অনুষ্ঠানলৈ ষ্টিফেন হকিঙে জেনৰ পৰিৱৰ্তে ইলেইনক লৈ যোৱাৰ কথা ব্যক্ত কৰিলে। সীমাহীন বিষাদ আৰু দুখে সেইদিন জেনৰ হৃদয় উপচাই পেলাইছিল। আলফুলেৰে গঢ় দিয়া বৈবাহিক সম্বন্ধটো যে এতিয়া অসীম সংকটত-সেইয়া জেনে উপলব্ধি কৰিলে। অৱশেষত ষ্টিফেন আৰু জেনে বিবাহ-বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে।

 শূন্য হৃদয়খন লৈ দিশহাৰা জেন কাষ চাপিল হৃদয়ৱান জনাথনৰ। আৰু জনাথনৰ বুকুৰ উমতেই জেনে বিচাৰি পালে নিজৰ সত্ত্বাক। পুনৰ আৱিষ্কাৰ কৰিলে জীৱনৰ মহত্ব। অনুভৱ কৰিলে জীৱনৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেম।

 থুলমূলকৈ এইয়াই হৈছে ছবিখনৰ কাহিনী। চাবলৈ গলে; ষ্টিফেন হকিঙৰ জীৱন আৰু কৰ্মতকৈ ষ্টিফেন হকিঙ আৰু জেন ৱাইল্ডৰ প্ৰাক-বৈবাহিক আৰু বিবাহোত্তৰ জীৱনেহে ছবিখনত অধিক প্ৰাধান্য পাইছে। ষ্টিফেন, জেন, জনাথন আৰু ইলেইন নামৰ বাস্তৱ জীৱনৰ চৰিত্ৰকেইটিৰ ভাৱাৱেগ আৰু পাৰস্পৰিক সংযোগ-সংঘাতৰ যি বিচিত্ৰ পৰিণতি- সেই পৰিণতিয়েই যেন জীৱন্ত ৰূপত পৰিস্ফুট হৈছে ‘দা থিয়ৰি অৱ এভূৰিথিঙ’ নমিৰ ছবিখনত। পৰিচালক জেমছ মাৰ্শ্বৰ ভাষাতেই কওঁ-“...It's a very unusual love story in a very strange environment....”

পুনশ্চঃ ষ্টিফেন হকিঙৰ জীৱন-দৰ্শন

 পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ জীৱনত দৰ্শন আছে নে নাই, জীৱন নামৰ শব্দটোৱে তেওঁলোকৰ মনতনো কেনে ভাৱানুভূতিৰ উদ্ৰেক কৰে, সেইয়া জানিবলৈ অনুসন্ধিৎসু মানুহৰ অপাৰ কৌতূহল থাকে। ষ্টিফেন হকিঙে জীৱন সম্বন্ধে কি চিন্তা কৰে-তাৰ সামান্য অভাষ পাব পাৰি আমেৰিকাৰ এখন বিশেষ সভাত উত্থাপিত হোৱা এটা বিশেষ প্ৰশ্ন আৰু তাৰ প্ৰত্যুত্তৰত ষ্টিফেন হকিঙে দিয়া উত্তৰে। কেোৱা বাহুল্য, বিশেষ প্ৰশ্নটোৰ উত্তৰতেই ষ্টিফেনৰ প্ৰচুৰ আশাবাদী মনৰ স্পষ্ট ইংগিত পৰিলক্ষিত হৈছে। তেওঁক সোধা হৈছিল-
“You have said you do not believe on god. Do you have a philosophy of life that helps you?”

প্ৰশ্নৰ উত্তৰত ষ্টিফেনে কৈছিল-

It is clear that we are just an advanced breed of primates, on a minor planet orbiting around an average star, in an outer suburb of one among a hundred billion galaxies. But ever since the dawn of civilization, people have craved for an understanding of the underlying order of the world. There ought to be something very special about the boundary conditions of the universe. And what can be more special that there is no boundary? And there should be no boundary to human endeavor. We are all different. However bad life may seem, there is always something you can do and succeed at. While there is life, there is hope.[ ৬১ ]

“The present is theirs; the future, for which I really worked, is mine."

Nikola Tesla

 কোঠাত পোহৰ বিয়পাই থকা বৈদ্যুতিক বাল্বটোৱে মানৱচক্ষুৰ সন্মুখলৈ লৈ আনে পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ বিজ্ঞানী টমাছ আলভা এডিছনৰ ছবিখন। এডিছন নামৰ অপাৰ প্ৰতিভাশালী মানুহজনৰ নিষ্ঠা, একাগ্ৰতা আৰু জীৱনজোৰা অধ্যৱসায়ৰ একো একোখন ছবিয়ে মুহূৰ্ততে প্ৰতিজন শিক্ষিত মানুহক কৰি তোলে এডিছনৰ প্ৰতি শ্ৰদ্ধাশীল আৰু কৃতজ্ঞ। সেই শ্ৰদ্ধা আৰু কৃতজ্ঞতা এডিছনৰ প্ৰাপ্য। কাৰণ, গৱেষণাগাৰৰ সহস্ৰাধিক পৰীক্ষাত বিফল হৈও ‘পৰাজয়ৰ সন্মুখত শিৰনত নকৰা অদমনীয় মনোবলৰ অবিস্মৰণীয় প্ৰতিমূৰ্তি টমাছ আলভা এডিছনৰ প্ৰতিভা আৰু সাধনাৰ ভেঁটিত থিয় হৈয়েইতো মানৱ সমাজ প্ৰগতি আৰু উত্তৰণৰ দিশে এখোঁজ আগুৱাই আহিল। বিজুলী বাঁতি, গাড়ীৰ বেটেৰী, ফ’ন’গ্ৰাফ, ম’ছন পিকছাৰ কেমেৰাকে ধৰি একাধিক গুৰুত্বপূৰ্ণ আৱিষ্কাৰেৰে মানৱসমাজ আৰু বিজ্ঞানজগত জ্যোতিৰ্ময় কৰা মহান বিজ্ঞানীজনৰ জীৱন, যৌৱন আৰু ব্যক্তিত্বৰ বিষয়ে আধুনিক সমাজত মনোজ্ঞ চৰ্চা আৰু বিষদ আলোচনা হৈয়েই আছে। তেওঁৰ খ্যাতি, যশস্যা আৰু জনপ্ৰিয়তা কোনোকালে স্নান হোৱা নাই আৰু তাৰ সম্ভাৱনাও নাই।

 ‘মেনলো পাৰ্কৰ যাদুকৰ’ (The wizard of Menlo Park)- এইবুলিয়েই কোৱা হৈছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ আৱিষ্কাৰজনক। বিজুলী বাঁতিৰ আৱিষ্কাৰ কৰি টমাছ আলভা এডিছন সমাজৰ দৃষ্টিত এজন ‘নায়ক’ হিচাপে পৰিগণিত হৈছিল। কাৰোবাৰ বাবে তেওঁ হৈ পৰিছিল ভগৱান। ৰাস্তাই[ ৬২ ] ঘটে তেওঁৰ বিষয়ে সৰৱ তথা প্ৰশংসাসূচক চৰ্চা হৈছিল। তেওঁৰ সোঁৱে-বাঁৱে সমাৱেশ ঘটিছিল অসংখ্য গুণমুগ্ধৰ। সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলেও এডিছনক যথেষ্ট সমীহ কৰি চলিছিল। ক’ব পাৰি, এডিছন আৰু তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰসমূহে তেতিয়াৰ সমাজখনক একপ্ৰকাৰে সন্মোহিত কৰি ৰাখিছিল। ক’ব পাৰি, এই সন্মোহন আৰু আকৰ্ষণেই এডিছনক সমাজৰ এজন ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে গঢ়ি তুলিছিল।

 চৰ্চা আৰু আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা এজন প্ৰভাৱশালী মানুহৰ কাষলৈ যেতিয়া অন্য এজন প্ৰতিভাশালী মানুহৰ আগমন ঘটে; যেতিয়া সেই প্ৰতিস্থিত মানুহজনৰ কৰ্ম আৰু চিন্তাৰ ওপৰত অখ্যাত আৰু অল্পচৰ্চিত অন্য এক বৌদ্ধিক শক্তিয়ে প্ৰশ্নচিহ্ন তোলে, তেতিয়া প্ৰভাৱশালী মানুহজনৰ মনত সামান্য পৰিমাণে হ’লেও বিব্ৰতবোধ জাগ্ৰত হয়, তেওঁ এক ব্যাখ্যাহীন অসন্তুষ্টিত ভোগে। জনপ্ৰিয়তাৰ শীৰ্ষতম বিন্দুত অৱস্থান কৰা প্ৰভাৱশালী এই মানুহজনে অপৰিচিত এই ব্যক্তিজনৰ উপস্থাপিত মতসমূহৰ ওপৰত জ্ঞান আৰু যুক্তিৰ দৃষ্টি নিক্ষেপ নকৰি সন্দেহ আৰু শংকাৰ চকুৰেহে চাবলৈ আৰম্ভ কৰে। কাজেই দুই প্ৰতিভাৰ মাজত এখন ৰণৰ সূচনা হয়। এই ৰণ হয় নতুন চিন্তা আৰু প্ৰতিস্থিত চিন্তাৰ মাজত। এই ৰণৰ এফালে থাকে এজন প্ৰভাৱশালী প্ৰতিভা আৰু আনফালে থাকে এজন অখ্যাত-অজ্ঞাত প্ৰতিভা। অঘোষিত ৰণখনত কোন জিকে, কোন হাৰে-সেইয়া নিৰ্ণয় কৰে সময়ে, যুদ্ধ কৰাৰ কৌশলে, নিৰ্ণয় কৰে দুই প্ৰতিদ্বন্দ্বীৰ সামৰ্থ্য আৰু তেওঁলোকৰ সমৰ্থকসকলৰ শক্তিয়ে।

 দুই প্ৰতিভাৰ মাজত আৰম্ভ হোৱা বৌদ্ধিক যুদ্ধখনৰ অপাৰ-বিচিত্ৰ ৰূপ দেখি সমাজ বিস্ময়াভিভূত হয়। সমাজৰ সচেতন-জিজ্ঞাসু শ্ৰেণীটোয়ে অপাৰ অগ্ৰহৰে বাট চায় যুদ্ধ শেষ হোৱালৈ। কাৰণ তেওঁলোকে হৃদয়ংগম কৰে যে- বৌদ্ধিক সক্ষমতাৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেই যিখন যুদ্ধৰ মূল নীতি আৰু যিখন যুদ্ধৰ পশ্চাদপটত এক কল্যাণমুখী শক্তিয়ে অহৰহ ক্ৰিয়া কৰি আছে; সেইখন যুদ্ধৰ পৰিণতি কেতিয়াও সমাজৰ বাবে হানিকাৰক হ’ব নোৱাৰে। তেওঁলোকে বিশ্বাস কৰে এই তয়াময় যুদ্ধৰ অন্তত ভৱিষ্যতৰ সমাজখনে লাভ কৰিব একো একোটা অমূল্য আৰু অনবদ্য উপহাৰ যিটো উপহাৰে পুনৰ এবাৰ সদম্ভে ঘোষণা কৰিব মানুহ হোৱাৰ গৌৰৱগাঁথা।

 ঊনৈশ শতিকাৰ শেষৰফালে আমেৰিকান বিজ্ঞানী টমাছ আলভা এডিছন আৰু অষ্ট্ৰিয়াৰ বৈদ্যুতিক অভিযন্তা নিক’লা টেছলাৰ মাজতো ঠিক এনে এখন যুদ্ধৰেই সূচনা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল-এই যুদ্ধখনৰ এজন প্ৰতিদ্বন্দ্বীৰ কথাহে মানুহে মনত ৰাখিলে। আনজন প্ৰতিদ্বন্দ্বী অপাৰ প্ৰতিভাশালী নিক’লা টেছলাৰ অৱদান, গুণাৱলীতো বাদেই; তেওঁৰ নামটোৱেই বহুতৰ স্মৃতিজগতৰ পৰা অন্তৰ্হিত হৈছে।

 যুগদ্ৰষ্টা পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনক এবাৰ হেনো সোধা হৈছিল-“পৃথিৱীত আটাইতকৈ বুদ্ধিয়ক মানুহ হিচাপে চিনাকি দি আপোনাৰ কেনে অনুভৱ হয়?” জ্ঞান আৰু প্ৰজ্ঞাৰ সাধকজনে স্বভাৱসুলভ সৰলতাৰে ইয়াৰ উত্তৰত কৈছিল-“মই নাজানো। তোমালোকে নিক’লা টেছলাক সুধিব লাগিব।”

 চমৎকাৰী প্ৰতিভা আৰু অসামান্য বুদ্ধিমত্তাৰে পুষ্ট এইজন নিক’লা টেছলাৰ ব্যক্তিত্ব, জীৱন আৰু কৰ্মক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবি হৈছে “দা ছিক্ৰেট অৱ নিক’লা টেছলা” (The Secret of Nikola Tesla)। ১৯৮০ চনত [ ৬৩ ] মুক্তিপ্ৰাপ্ত ছবিখনৰ পৰিচালকৰ নাম ক্ৰষ্টেী পাপিক (Krsto Papié)। আইভ’ ব্ৰেছনান (Ivo Bresan), ইভান কুছান (Ivan Kusan) আৰু ক্ৰষ্টো পাপিকৰ (Krsto Papić) দ্বাৰা ৰচিত আত্মজীৱনীমূলক কাহিনীটোৰ মুখ্য ভূমিকাত জীৱন্ত অভিনয় কৰিছে অভিনেতা পিটাৰ ব’জ’ভিকে (Petar BoZovic)।

 লেখাৰ আৰম্ভণিতে উল্লেখ কৰা এডিছন আৰু টেছলাৰ বিশেষ যুদ্ধখন ছবিখনৰ মূল উপজীব্য। ছবিখনৰ ভিতৰচ’ৰালৈ গতি কৰাৰ আগেয়ে মহান বিজ্ঞানী টেছলাৰ বৰ্ণিল জীৱনত সামান্য আলোকপাত কৰি লোৱা যাওক।

 ১৮৫৬ চনৰ ১০ জুলাইত বৰ্তমানৰ ক্ৰ’য়েছিয়াৰ স্মিলিজান নামৰ এখন গাঁৱত টেছলাৰ জন্ম হৈছিল। টেছলাৰ পিতাক মিলুটিন টেছলা (Milutin Tesla) আছিল গীৰ্জাৰ এজন যাজক। টেছলাৰ মাতৃৰ নাম আছিল ডুকা টেছলা (Duka Tesla)। মাতৃ ডুকা আছিল অত্যন্ত সৃজনীশীল। ঘৰত ব্যৱহৃত সা-সঁজুলিকে ধৰি যান্ত্ৰিক আহিলা-পাতি নিৰ্মাণতো মাতৃ ডুকাই অপাৰ বিচক্ষণতা দেখুৱাইছিল। আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ শৰণাপন্ন নোহোৱা মাতৃ ডুকাৰ চাৰ্বিয়ান কাব্যৰ কবিতাও মুখস্থ আছিল। টেছলাই তেওঁৰ অসামান্য সৃজনীশীল প্ৰতিভা আৰু বিস্ময়কৰ স্মৰণশক্তি তেওঁৰ মাতৃৰ পৰাই জন্মসূত্ৰে আহৰণ কৰা বুলি ক’ব খোজে।

 ১৮৬১ চনত গাঁও স্মিলিজানতে টেছলাই প্ৰাথমিক শিক্ষাগ্ৰহণ কৰে। ইয়াতে তেওঁ জাৰ্মান, গণিত আৰু ধৰ্মৰ পাঠ পঢ়ে। অৱশ্যে টেছলাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰে অষ্ট্ৰিয়া ভূখণ্ডৰ গছপিকত য’লৈ টেছলাৰ পৰিয়াল ১৮৬২ চনত স্থানান্তৰিত হৈছিল। প্ৰাথমিক শিক্ষাৰ অন্তত টেছলাই মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে।

 বিদ্যালয়ত থকা সময়তেই টেছলাই তেওঁৰ অসামান্য প্ৰতিভাৰ চানেকি দাঙি ধৰিছিল। কিতাপ-কলমৰ সহায় অবিহনে, মগজুৰ ভিতৰতেই টেছলাই ‘ইণ্ট্ৰিগেল কেলকুলাছ’ৰ (Integral Calculus) সমস্যা সমাধান কৰিব পাৰিছিল৷ চাৰিবছৰীয়া পাঠ্যক্ৰম তিনিবছৰতে সমাপ্ত কৰি টেছলাই ১৮৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে। টেছলাৰ এনে [ ৬৪ ] অসাধাৰণ কাৰুকাৰ্যই তেওঁৰ শিক্ষকসকলক বিস্ময়াভিভূত কৰিছিল। তেওঁলোকে সন্দেহ কৰিছিল যে টেছলাই শিক্ষকসকলক ঠগি আছে। অৱশ্যে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বৈদ্যুতিক অভিযন্তা নিক’লা টেছলাক বিদ্যুতক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট কৰিছিল এজন পদাৰ্থ বিজ্ঞানৰ অধ্যাপকেই৷ তেওঁৰ মুখত শুনি থকা বিদ্যুতৰ আশ্বৰ্যকৰ ক্ৰিয়া-প্ৰক্ৰিয়াবোৰেই টেছলাক বিদ্যুৎক্ষেত্ৰখনৰ বিষয়ে অধিক অন্বেষণ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল।

 শিক্ষাগ্ৰহণৰ অন্তত ১৮৭৩ চনত টেছলা তেওঁৰ জন্মস্থান স্মিলিজান গাঁৱলৈ প্ৰত্যাৱৰ্তন কৰে। গাঁৱত পদাৰ্পণ কৰাৰ পিছতেই টেছলা কলেৰা ৰোগত আক্ৰান্ত হয়। ভয়ংকৰ কলেৰাৰ কোপদৃষ্টিৰ পৰা টেছলাৰ জীৱটো যেনেতেনেহে ৰক্ষা পৰিছিল। প্ৰায় নটা মাহ তেওঁ শয্যাশায়ী অৱস্থাত আছিল। এই সংকটৰ মুহূৰ্ততে অৱশ্যে এটা অপ্ৰত্যাশিত সংবাদ টেছলাৰ কাণত পৰিল। ঘোষণাটো আহিল শোকবিহ্বল দেউতাকৰ ফালৰ পৰা। টেছলাক দেউতাকে ধৰ্মযাজকৰ শিক্ষাৰে শিক্ষিত কৰাৰ আশী পুহি ৰাখিছিল। কিন্তু এতিয়া টেছলাৰ সুপ্ত হৈ থকা বিস্ময়কৰ প্ৰতিভাৰ উমান পাই দেউতাকে ঘোষণা কৰিলে টেছলা সুস্থ হৈ উঠিলেই টেছলাক ভালতকৈও ভাল অভিযান্ত্ৰিক বিদ্যালয়লৈ পঠিউৱা হ'ব৷

 পিছে কলেৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ পিছত ১৮৭৪ চনত টেছলা মুখামুখি হ’বলগীয়া হ’ল আৰ্মীৰ এটা সাক্ষাৎকাৰৰ। কিন্তু টেছলা তাৰ পৰা পলাই ট’মিনগঞ্জ নামৰ ঠাই এডোখৰ পালেগৈ। প্ৰকৃতিৰ বিচিত্ৰ অনুপম উপদানেৰে পৰিপূৰ্ণ এই ঠাইতেই টেছলাই চিকাৰীৰ বেশভূষা পৰিধান কৰি পাহাৰৰ ৰূপ-গুণ-সৌন্দৰ্য উপভোগ কৰিলে। টেছলাৰ মন আৰু শৰীৰ প্ৰকৃতিয়ে শক্তি আৰু সামৰ্থ্যৰে উজ্জীৱিত কৰি তুলিলে। কালজয়ী সাহিত্যিক মাৰ্ক টুৱেইনৰ সৃষ্টিৰাজিকে ধৰি আন বহুতেো গ্ৰন্থ এই সময়ছোৱাত নিক’লা টেছলাৰ বৌদ্ধিক সংগী হ’ল।

 জীৱনৰ আদি সময়ছোৱাত টেছলাই প্ৰায়ে এটা অদ্ভুত, আশ্বৰ্যকৰ অসুস্থতাত ভুগিছিল। এইয়া টেছলাই আত্মজীৱনীত লিখি থৈ যোৱা কথা। অসুস্থ হৈ থকা সময়ছোৱাত টেছলাৰ চকুৰ আগত পোহৰৰ বিকিৰিত ৰশ্মি কিছুমানে একো একোটা সপোনৰ দৰে অগা-দেৱা কৰিছিলহি। সপোনবোৰৰ লগত এটা বিশেষ শব্দ নাইবা ধাৰণ সংপৃক্ত হৈ আছিল৷ কোনোবা এক ক্ষণত এই বিশেষ দৃষ্টিৰ জৰিয়তে টেছলাই পৰিচিত সমস্যা একোটাৰ সমাধানৰ ইংগিত [ ৬৫ ] পাইছিল। আহিলা নাইবা সঁজুলি এটাৰ নাম শুনাৰ মুহূৰ্ততে টেছলাই তাৰ ব্যৱহাৰিক ৰূপটো কল্পনা কৰিবলৈ সক্ষম হৈছিল। টেছলাৰ কল্পনাশক্তি আছিল অবিশ্বাস্যভাৱে বিস্ময়কৰ। নতুন আৱিষ্কাৰৰ নিৰ্মাণকাৰ্যত মনোনিৱেশ কৰাৰ আগতেই তেওঁ সেই বস্তুবিধৰ জোখ-মাখকে ধৰি সমস্ত নিৰ্মাণশৈলী সম্পূৰ্ণ নিখুঁতভাৱে মনৰ মাজতে গঢ় দিব পাৰিছিল। তেওঁ কাগজ-পাতিত নিৰ্মাণৰ ছবি অকাৰ পৰিৱৰ্তে স্মৃতিৰ পৰাহে নিৰ্মাণসম্বন্ধীয় সমস্ত তথ্য-পাতি আহৰণ কৰিছিল। টেছলাৰ স্মৃতিৰ এই শক্তিক “Eidetic Memory” বুলি ক'ব পাৰি। যাৰ জৰিয়তে টেছলাৰ কল্পনাশক্তি এখন আলোকচিত্ৰৰ দৰে নিখুঁত হৈ পৰিছিল।

 যি কি নহওক, সামৰিক শাখা এটাৰ পৰা বৃত্তি লাভ কৰি ১৮৭৫ চনত টেছলাই অষ্ট্ৰিয়াৰ গ্ৰেজত স্থাপিত অষ্ট্ৰিয়ান পলিটেক্‌নিকত নামভৰ্তি কৰে। শিক্ষাগ্ৰহণৰ প্ৰথম দুটা বছৰ টেছলাই এজন আদৰ্শৱান আৰু নিষ্ঠাৱান ছাত্ৰৰ ভূমিকা পালন কৰে। টেছলাৰ পুৱাৰ দৈনন্দিন কৰ্মসূচীত জিৰণি, ছুটি নাইবা দেওবাৰ নামৰ কোনো শব্দয়েই নাছিল। পুৱতি নিশা তিনি বজাৰ পৰা নিশা ১১ বজালৈকে টেছলা নিজ কামত অহৰহ ব্যস্ত হৈ আছিল। প্ৰথম বৰ্ষত তেওঁ এদিনো ক্লাছ ক্ষতি কৰা নাছিল। প্ৰয়োজনতকৈও দুগুণ বেছিসংখ্যক পৰীক্ষাত (সৰ্বমুঠ নটা) টেছলা উত্তীৰ্ণ হৈছিল। শিক্ষাৰ্থী টেছলাৰ কাণ্ডত হতভম্ব হৈ কাৰিকৰী বিভাগৰ প্ৰধানে টেছলাৰ দেউতাকলৈ চিঠি লিখি পঠিয়াইছিল-“Your son is a star of first rank.”(আপোনাৰ ল’ৰা প্ৰথম স্থানৰ এটা তৰা)। ১৮৭৯ চনত টেছলাৰ দেউতাকৰ মৃত্যুৰ পিছত টেছলাই কেতবোৰ চিঠি উদ্ধাৰ কৰিছিল যিবোৰ টেছলাৰ দেউতাকলৈ বিদ্যালয়ৰ অধ্যাপকে প্ৰেৰণ কৰিছিল। সেই চিঠিবোৰৰ জৰিয়তে দেউতাকক সতৰ্কবাণী দিয়া হৈছিল যে টেছলাক অনতিপলমে বিদ্যালয়ৰ পৰা লৈ যাবহি লাগে, অন্যথা অত্যধিক কাম কৰি তেওঁ ল’ৰাৰ বিদ্যালয়তে অকাল মৃত্যু ঘটিব।

 শিক্ষাগ্ৰহণৰ দ্বিতীয় বৰ্ষত টেছলাৰ লগত অধ্যাপক প’চ্ছেলৰ (Poeschl) বাদানুবাদ টেছলাৰ [ ৬৬ ] জীৱনৰ অন এক গুৰুত্বপূৰ্ণ দিশ। তৰ্কৰ বিষয়টো আছিল-গ্ৰামে ডাইনাম’। ডাইনাম’ হৈছে একমুখী প্ৰৱাহত চালিত হোৱা বিদ্যুৎ যান্ত্ৰিক যন্ত্ৰ। সাধাৰণতে এইলেখীয়া যন্ত্ৰত কমুটেটৰ (Commutator) নামৰ অংশ থাকে যি বিদ্যুৎ-চুম্বকীয় বৰ্তনীত উৎপন্ন হোৱা পৰিৱৰ্তী প্ৰৱাহক একমুখী প্ৰৱাহলৈ ৰূপান্তৰিত কৰে। টেছলাই যুক্তি দৰ্শাইছিল যে-এই যন্ত্ৰটোত ‘কমিউটেটৰ’ৰ ব্যৱহাৰ অনাৱশ্যক।

 শিক্ষাগ্ৰহণৰ তৃতীয় বৰ্ষত টেছলাৰ ছন্দপতন ঘটিল৷ নিক’লা টেছলাৰ মন-মগজুত জুৱাৰ আসক্তি লম্ভিল। জলপানিটো হেৰুউৱাৰ পিছত টেছলাই নিজৰ ভাট্টা আৰু টিউচনৰ সমস্ত টকাও জুৱাৰ নিচাই কাঢ়ি নিলে। যেতিয়া পৰীক্ষাৰ সময় সমাগত হ’ল, তেতিয়া অপ্ৰস্তুত টেছলাই পৰীক্ষা পিছুৱাই দিবলৈ অহ্বান জনালে। যাতে টেছলাই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে। কিন্তু টেছলাৰ এই কাতৰ আহ্বানৰ প্ৰতি বিদ্যালয় কতৃপক্ষই কাণসাৰ নিদিলে। ইয়াৰ ফলাফল হিচাপে টেছলাই বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভ নকৰিলে আৰু অন্তিম ষান্মানিকৰ বাবে নম্বৰো নাপালে।

 ১৮৭৮ চনৰ ডিচেম্বৰত টেছলাই পলিটেকনিক ত্যাগ কৰিবলৈ বাধ্য হয়। শিক্ষা- জীৱনত সংঘটিত এই গুৰুতৰ বিসংগতিৰ কথা ঘৰৰ মানুহে যাতে গম নাপায়, তাৰ বাবে টেছলাই ঘৰৰ মানুহৰ পৰা আত্মগোপন কৰে। শিক্ষা আধাতে সামৰি টেছলা বৰ্তমানৰ শ্ল’ভেনিয়া আৰু তেতিয়াৰ ‘ম’ৰিবৰ’ নামে ঠাইলৈ যায়। ইয়াতে টেছলাই নক্সাকাৰ (draftsman) হিচাপে কাম কৰে।

 পুত্ৰক বিচাৰি ১৮৭৯ চনৰ মাৰ্চত দেউতাক মিলুটিন ম’ৰিবৰত উপস্থিত হয়। কিন্তু দেউতাকৰ কাতৰ প্ৰাৰ্থনাক অগ্ৰাহ্য কৰি পুত্ৰ টেছলাই ম’ৰিবৰতে থকাৰ সিদ্ধান্ত লয়। সেইছোৱা সময়তে টেছলা এক স্নায়ৱিক বিজুতিৰ সন্মুখীন হয় যদিও সৌভাগ্যবশতঃ টেছলাৰ প্ৰাণ ৰক্ষা পৰে। তাৰ পিছৰ মাহতে দেউতাক মিলুটিনৰ ষাঠি বছৰ বয়সত মৃত্যু হয়।

 পিতাকৰ মৃত্যুৰ পিছত যুৱক টেছলাই ১৮৮০ চনত ‘প্ৰাগ’লৈ গমন কৰে। (দুজন খুড়ীয়েকৰ পৰা টেছলাই আৰ্থিক সাহায্য লাভ কৰে।) এই যাত্ৰাৰ উদ্দেশ্য আছিল আধৰুৱা শিক্ষা সমাপ্ত কৰা। বিলম্বিত পদাৰ্পণৰ বাবে ‘প্ৰাগ’ৰ চাৰ্লছ-ফাৰ্দিনাও বিশ্ববিদ্যালয়ত টেছলাই নামভৰ্তি কৰিব নোৱাৰিলে। তদুপৰি টেছলাই গ্ৰীচ আৰু ‘চেক’ (Czech) ভাষাৰো ভূ-ভা নাপাইছিল, যিকেইটা ভাষা পাঠ্যক্ৰমৰ বাবে নিতান্তই আৱশ্যকীয় আছিল। শেষত সেইখন বিশ্ববিদ্যালয়ৰ এজন অডিটৰ হিচাপে (auditor) হিচাপে নিযুক্ত হৈ টেছলাই অধ্যাপকৰ বক্তৃতাসমূহ শুনাৰ সুযোগ লাভ কৰিলে।

 পৰৱৰ্তী বছৰত অৰ্থাৎ ১৮৮১ চনত টেছলাই বুডাপেষ্টত থকা ’চেণ্ট্ৰেল টেলিগ্ৰাফ অফিচ’ত নক্সাকাৰ হিচাপে কাম কৰে। তাৰ ঠিক কেইটামান মাহৰ পিছতেই তেওঁৰ কৰ্মস্থলীৰ ঠিকনা সলনি হয়। টেছলাই ’বুডাপেষ্ট টেলিফোন এক্সচেঞ্জ’ত মুখ্য ইলেক্ট্ৰিচিয়ানৰ পদত সংস্থাপিত হয়। এক্সচেঞ্জৰ মালিক হ’ল টিভাদাৰ পুছকাছ (Tivadar Puskas)। কাৰ্যনিৰ্বাহৰ সময়ছোৱাত টেছলাই টিভাদাৰ পুছকছি মালিকানাধীন প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ বিকাশ সাধন কৰে৷

 ১৮৮২ চনত টেছলাই পেৰিছস্থিত টমাছ আলভা এডিছনৰ বিখ্যাত ‘এডিছন’ কোম্পানীত চাকৰি কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰে। এই সুযোগটো প্ৰদান কৰে এক্সচেঞ্জৰ মালিক টিভাদাৰ পুছকাছে। এডিছন কোম্পানীৰ 'Société Electrique Edison' শাখাতেই টেছলাই নতুন [ ৬৭ ] কৰ্মজীৱনৰ পাতনি মেলে। টেছলাক বিজুলী-বাঁতি সংযোগ কৰাৰ (বৈদ্যুতিকীকৰণ) গুৰু দায়িত্ব অৰ্পণ কৰা হয়। বৈদ্যুতিকীকৰণৰ এই কামটোৱেই টেছলাৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰালটো টনকিয়াল কৰে বুলি ক'ব পাৰি। টেছলাৰ উদ্যম আৰু একাগ্ৰতাই কোম্পানীৰ উচ্চবৰ্গীয় সদস্যসকলক যথেষ্ট প্ৰভাৱান্বিত কৰে আৰু তেওঁলোকে টেছলাক ডাইনাম’ আৰু মটৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণৰ কামত নিয়োগ কৰে।

 ১৮৮৪ চন। বোধহয় টেছলাৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সময়। কাৰণ সেইবছৰতে টেছলা মুখামুখি হয় সেই সময়ৰ পৃথিৱীৰ বহুচৰ্চিত আৰু প্ৰভাৱশালী ব্যক্তি টমাছ আলভা এডিছনৰ। পেৰিচত চলি থকা সমস্ত কামৰ নিৰীক্ষক তথা এডিছন কোম্পানীৰ মেনেজাৰ চাৰ্লছ বেট্‌চেলেৰক

সেইবছৰ আমেৰিকাৰ নিউ ইয়ৰ্কস্থিত ‘এডিছন মটৰ ৱৰ্কছ’ৰ কাম-কাজ চোৱা-চিতা কৰিবলৈ মাতি পঠিউৱা হয়। বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞানেৰে ইতিমধ্যেই টেছলা এডিছনৰ কোম্পানীত সামান্য জনপ্ৰিয় হৈ উঠিছিল। কৰ্মৰ জৰিয়তে আহৰণ কৰা সেই সামান্য খ্যাতিয়েই টেছলাৰ বাবে এখন নতুন দুৱাৰ খুলি দিলে মেনেজাৰ চাৰ্লছ বেট্‌চেলেৰৰ লগত এতিয়া নিক’লা টেছলাকো নিউ ইয়ৰ্কস্থিত কোম্পানীলৈ আহিবলৈ নিৰ্দেশ দিয়া হ'ল। আৰু অৱশেষত ১৮৮৪ চনৰ জুন মাহত টেছলাই নিউ ইউৰ্কত পদাৰ্পণ কৰে।

 টেছলাই নিউ ইয়ৰ্কলৈ প্ৰব্ৰজন কৰা কলিছোৱাৰপৰাই ‘দা ছিক্ৰেট অৱ নিক’ল টেছলা’ৰ মূল কাহিনী আগবাঢ়িছে। অৱশ্যে ছবিখনৰ প্ৰাৰম্ভতে এটা সাক্ষাৎকাৰৰ দৃশ্য দেখুউৱা হয়। নিউ ইয়ৰ্কৰ হোটেলৰ এটা প্ৰায় অন্ধকাৰ কোঠাত বৃদ্ধ নিক’লা টেছলা আধা আন্ধাৰ-আধা পোহৰৰ মাজত এখন চকীত বহি থাকে। তেওঁৰ সন্মুখত বহি থকা ডেকা সাংবাদিকজনে টেছলাক কৰ্মময় জীৱন আৰু তেওঁৰ বিচিত্ৰ ব্যক্তিত্বৰ বিষয়ে একাধিক প্ৰশ্ন সোধে। প্ৰশ্নকালত টেছলাসম্পৰ্কীয় নানানটা অদ্ভুত তথ্য পোহৰলৈ আহে। কেইবাবছৰৰো আগতে মৃত্য হোৱা একালৰ সংগী ৱেষ্টিংহাউছ অৰুি মাৰ্ক টুৱেইনৰ লগত টেছলাই শেহতীয়াকৈ বাৰ্তালাপ কৰা বুলি স্বীকাৰোক্তি দিয়ে যি কথাই সাংবাদিকজনক হতবাক- বিস্মিত কৰে।

 যি সময়ত টেছলাই নিউ ইয়ৰ্কত ভৰি থৈছিলগৈ, সেই সময়ত বিজ্ঞানী এডিছনে তেওঁৰ নতুনকৈ আৱিষ্কাৰ কৰা পৰম বিস্ময়কৰ যন্ত্ৰটোৰ [ ৬৮ ] নাম নিৰ্বাচন কৰাত ব্যস্ত আছিল। মানুহৰ মাজত অপাৰ কৌতূহল আৰু তীব্ৰ জিজ্ঞাসাৰ সৃষ্টি কৰা সেই যন্ত্ৰটোৰ নাম ৰখা হৈছিল ফ’ন’গ্ৰাফ; যিটো আছিল এডিছনৰ জীৱনৰ অন্যতম উল্লেখযোগ্য আৱিষ্কাৰ।

 তেনে এক ক্ষণতেই এডিছনৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ নিক’লা টেছলা৷ টেছলাৰ লগত আছিল তেওঁ প্ৰস্তুত কৰা মটৰৰ এখন নক্সা৷ এইখিনিতে দুটা উল্লেখ কৰিবলগীয়া কথা। এডিছন আৰু তেওঁৰ কোম্পানীয়ে যিমানবোৰ বৈদ্যুতিক আহিলা-সঁজুলি নিৰ্মাণ কৰিছিল, সেই সমূহ আহিলাক চালিত কৰা হৈছিল একমুখী প্ৰৱাহৰ জৰিয়তে -যাক ইংৰাজী ভাষাত Direct Current বুলি কোৱা হয় আৰু যাক সংক্ষিপ্ত ৰূপত D.C. বুলি জনা যায়। এডিছনে আৱিষ্কাৰ কৰা বিজুলী-বাঁতিটো জ্বলিবলৈও প্ৰয়োজন হৈছিল একমুখী প্ৰৱাহৰ। কিন্তু বৰ্তমান যুগত সকলো বৈদ্যুতিক সামগ্ৰী পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত হয়। যাক ইংৰাজী ভাষাত Alternating Current অৰ্থাৎ A.C. বুলি জনা হয়। সাধাৰণতে D.C. আৰু A.C. সংক্ষিপ্ত নাম দুটাহে প্ৰচলিত আৰু

জনপ্ৰিয়। এডিছনৰ নেতৃত্বত আৰম্ভ হোৱা বিদ্যুৎ যোগান প্ৰক্ৰিয়াটো মূল চালিকা শক্তি আছিল D.C.৷ মানুহে A.C.ৰ নাম-গোন্ধয়েই শুনা নাছিল। কিন্তু টেছলাই উপলব্ধি কৰিছিল-D.C. জৰিয়তে বিদ্যুৎ পৰিবহন আৰু বিতৰণ কৰাৰ প্ৰক্ৰিয়াটো সুফলদায়ক নহয়। আৰ্থিক আৰু কাৰিকৰী দুয়োটা পৰ্যায়তে লোকচান হয়। কম দূৰত্বৰ পৰিবহনৰ বাবেই উৎপাদনস্থলী আৰু উপভোক্তাৰ মাজত D.C.ৰ কেইবাটাও উৎপাদনকেন্দ্ৰ স্থাপন কৰিবলগা হৈছিল। D.C.ৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন কৰিবলৈ যাওঁতে লোকচানৰ পৰিমাণ হৈ পৰিছিল অস্বস্তিদায়ক। D.C.ৰ আটাইতকৈ অসুবিধাটো আছিল- D.C.ত বিদ্যুৎ প্ৰৱাহৰ ৰূপান্তৰণ সম্ভৱ নহৈছিল। এটা দিশত প্ৰৱাহিত হোৱাৰ কাৰণেই ইয়াৰ নাম একমুখী প্ৰৱাহ। কিন্তু A.C. আছিল ইয়াৰ ওলোটা। A.C.তে। বিদ্যুতৰ সোঁত ধনাত্মক আৰু ঋনাত্মক-এই দুয়োটা দিশতে পৰিৱৰ্তিত হৈ আকে। তদুপৰি A.C. ব্যৱস্থাত ট্ৰেন্সফৰ্মাৰৰ জৰিয়তে বিদ্যুৎ প্ৰৱাহৰ মান কমাই বিভৱ ভেদৰ পৰিমাণ বঢ়াব পাৰি, অথবা ইয়াৰ [ ৬৯ ] বিপৰীতটোও সম্ভৱ অৰ্থাৎ বিভৱ ভেদৰ পৰিমাণ কমাই আনি প্ৰৱাহৰ মান বঢ়াব পাৰি। এই সুবিধাৰ কাৰণেই আধুনিক যুগত A.C.ৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন সম্ভৱ হৈছে। D.C.ত যিদৰে জৰিয়তে বিদ্যুৎ সৰবৰাহ কৰিলে বিদ্যুৎ শক্তিৰ যিমান অপচয় হয়, D.C.ৰ যোগেদি পৰিবহন কৰিলে বিদ্যুতৰ তাতকৈ অধিক গুণে অপচয় হয়।

  পৰিৱৰ্তী প্ৰৱাহৰ এই বৈশিষ্ট্যগত ধাৰণাটোক সাৰথি কৰিয়েই প্ৰৱল আত্মবিশ্বাসী টেছলা এডিছনৰ কাষ চাপিছিল। কিন্তু যেতিয়া নিক’লী টেছলাই তেওঁৰ অভিনৱ নক্সাটো এডিছনক দেখুৱাই Alternating Current প্ৰসংগ উলিয়ালে, তেতিয়া মহান বিজ্ঞানীজন হতভম্ব হৈ পৰিল। কিয়নো ইয়াৰ আগলৈকে তেওঁ এই দুটা শব্দ শুনায়েই নাছিল। নতুন প্ৰতিভাৰ অনুসন্ধিৎসু দৃষ্টিক একপ্ৰকাৰ অৱহেলা কৰি তেওঁৰ চকুত জিলিকি উঠিল বিদ্ৰোপমিশ্ৰিত আশ্বৰ্যৰ এক ক্ষীণ আভা।

 এডিছনে টেছলাৰ নক্সাটোক উপেক্ষা কৰিলে৷ পিছে টেছলা নিৰাশ নহ'ল। এডিছনৰ কোম্পানীত কাম কৰি থাকিল যদিও তেওঁৰ অৱচেতন মনত সেই বিশেষ ধাৰণাটোৱে অগা-দেৱা কৰি থাকিল৷ পিছে এডিছনৰ কোম্পানীত ছমাহ কাম কৰাৰ পিছত তেওঁ এডিছনৰ লগত হোৱা মনোমালিন্যৰ বাবে কোম্পানী ত্যাগ কৰিলে। মনোমালিন্যৰ কাৰণ ব’নাছ সম্পৰ্কীয় বুলি ঠাৱৰ কৰা হয়৷

 এদিন চহৰত এদল বনুৱাৰ লগত গাত খান্দি থকা অৱস্থাত টেছলাক দেখা পায় এখন প্ৰতিষ্ঠিত কাকতৰ সম্পাদক বব জনছন আৰু তেওঁৰ পত্নী কেথেৰিন জনছনে। এই দুজন ব্যক্তি বিশেষকৈ কেথেৰিনৰ লগত টেছলাৰ আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল। এই বন্ধুত্বৰ খাতিৰতে জনছন দম্পতীয়ে টেছলাক সামৰ্থানুযায়ী সহায় কৰাৰ আশ্বাস দিছিল। জীৱনৰ এইছোৱা সময়ক কষ্টদায়ক বুলি অভিহিত কৰি টেছলাই স্পষ্ট আক্ষেপেৰে কৈছে-“My high education in various branches of science, mechanics and literature seemed to me like a mockery."

 অপেক্ষাৰ ফল মিঠা। টেছলাৰ ক্ষেত্ৰতো সেইয়াই ঘটিল। ১৮৮৬ চনত ৱেষ্টাৰ্ণ ইউনিয়ন অধীক্ষক আলফ্ৰেড ব্ৰাউন আৰু তেওঁৰ এজন সতীৰ্থৰ লগত টেছলাৰ সাক্ষাৎ হয়। কথোপকথনৰ অন্তত এই দুজন ব্যক্তিয়ে টেছলাৰ সপোনৰ প্ৰকল্পটোত আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁৰ হাতত এখন ‘চেক্’ অৰ্পণ কৰে। ১৮৮৭ চনৰ এপ্ৰিলত তেওঁলোকৰ সহযোগিতাত ‘টেছলা ইলেকট্ৰিক কোম্পানী’ স্থাপন কৰা হয় য'ত টেছলাই অভিনৱ আৰ্হিৰ মটৰটোৰ নিৰ্মাণকাৰ্যত গভীৰভাৱে মনোনিৱেশ কৰে। সেই বছৰৰে কোনোবা এটা দিনত টেছলাই তেওঁৰ কাৰখানাত ‘ইণ্ডাকছন মটৰ’ (Induction Motor)ৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। ক’ব পাৰি এই বিশেষ মটৰটোৰ আৱিষ্কাৰেই বৈদ্যুতিক ক্ষেত্ৰখনলৈ আলোড়ণকাৰী ধৰা কঢ়িয়াই আনিলে। টেছলাৰ মটৰটো একমুখী প্ৰৱাহৰ পৰিৱৰ্তে পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত হৈছিল। এই বিশেষ মটৰটোত কমিউটেটৰ নামৰ অংশটো নাছিল যাৰ ফলত পূৰ্বৰ মটৰবোৰৰ দৰে এই মটৰত বিদ্যুতৰ অপচয় নহৈছিল। কমিউটেটযুক্ত মটৰবোৰত ‘স্পাৰ্কি’ (Sparking)ৰ ফলত এক গুৰুত্বপূৰ্ণ পৰিমাণৰ বিদ্যুত ক্ষয় হৈছিল। প্ৰচলিত মটৰ আৰু টেছলাই [ ৭০ ] নিৰ্মাণ কৰা মটৰটোৰ মাজত এইটোৱেই আছিল বিশেষ গুণগত পাৰ্থক্য। ১৮৮৮ চনৰ মে’ মাহত টেছলাৰ এই বিশেষ মটৰটোৱে ‘পেটেণ্ট’ লাভ কৰে। ‘টেছলা ইলেক্ট্ৰিক কোম্পানী’ৰ কাৰখানাৰ উদ্ভাৱন হোৱা এই নতুন যন্ত্ৰটোৰ বিষয়ে কোম্পানীয়ে বিভিন্ন মহলত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ১৮৮৮ চনৰ ১৬ মে’ত ‘দা আমেৰিকান ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰছ’ৰ আগশাৰীৰ ব্যক্তিসকলৰ সন্মুখত টেছলাই তেওঁৰ মটৰটোৰ কলা-কৌশল আৰু কাৰ্যদক্ষতা প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শনীৰ পিছতেই ‘Westinghouse Electric & Manufacturing Company’ৰ জৰ্জ বেষ্টিংহাউছে টেছলাক সাক্ষাৎ কৰে। পৰিৱৰ্তী প্ৰৱাহৰ বাণিজ্যিকীকৰণৰ প্ৰতি আকৃষ্ট ৱেষ্টিংহাউছ ঠিক এনে এটা মটৰৰেই সন্ধানত আছিল। টেছলাৰ মটৰটোৰ কাৰ্যদক্ষতাই তেওঁৰ দুচকুৰ আশী জীৱন্ত কৰি তুলিলে।

 কিন্তু টেছলাৰ মটৰটোৰ কাৰ্যদক্ষতাৰ সন্দৰ্ভত এডিছনৰ সঁহাৰি আছিল চূড়ান্তভাৱে বিপৰীতধৰ্মী। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এডিছনে সম্পূৰ্ণ নিৰুদ্বেগ আৰু বেপৰোৱা ভংগীমাৰে কৈছিল যে এইটো মটৰৰ কোনো ব্যৱহাৰিক প্ৰয়োগ নাই। এডিছনৰ মতে এইয়া মাথোঁ টেছলাৰ এক কল্পনাহে।

 যি কি নহওক, ১৮৮৮ৰ জুলাইত টেছলা ইলেকট্ৰিক কোম্পানীৰ স্বত্বাধিকাৰী আলফ্ৰেড ব্ৰাউন আৰু চাৰ্লছ পেকে নিক’লা টেছলাৰ ইণ্ডাকছন মটৰ আৰু ট্ৰেন্সফৰ্মাৰৰ আৰ্হি জৰ্জ ৱেষ্টিংহাউছৰ হাতত অৰ্পণ কৰি বৃহৎ মূল্যৰ এখন চুক্তি স্বাক্ষৰ কৰে। টেছলাক এবছৰৰ বাবে ৱেষ্টিংহাউছৰ কোম্পানীৰ পিটছবাৰ্গস্থিত গৱেষণাগাৰত পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হয়। সেই নিযুক্তিও হৈছিল এক বৃহৎ মাহিলী দৰমহাৰ বিনিময়ত। (আজিৰ তাৰিখত সেই মাহিলী দৰমহাৰ পৰিমাণ হ'বগৈ প্ৰায় ৫৩,৩০০ ডলাৰ৷)

 বহুচৰ্চিত ঐতিহাসিক বিদ্যুতৰ যুদ্ধখনৰ সূচনা হৈছিল নায়েগ্ৰা জলপ্ৰপাতৰ পৰা বিদ্যুৎ শক্তি উৎপাদন আৰু পৰিবহনক কেন্দ্ৰ কৰি। কোৱাটো

নিষ্প্ৰয়োজন যে যুদ্ধখনৰ প্ৰধান প্ৰতিদ্বন্দ্বী আছিল পৰিৱৰ্তী প্ৰৱাহৰ পৃষ্ঠপোষক জৰ্জ ৱেষ্টিংহাউছ আৰু একমুখী প্ৰৱাহৰ পৃষ্ঠপোষক টমাছ আলভা এডিছন। ৱেষ্টিংহাউছে যুক্তি দৰ্শাইছিল -টেছলাৰ মটৰটোৱে ইতিমধ্যেই ৪০টা ‘পেটেণ্ট’ লাভ কৰি নিজৰ গুৰুত্ব আৰু কাৰ্যদক্ষতা নিৰ্ভুলতাৰে প্ৰমাণ কৰিছে। টেছলাৰ মটৰটোৰ গুণ বখানি উদ্যোগী-উদ্ভাৱক ৱেষ্টিংহাউছে কৈছিল যে টেছলাৰ মটৰটোৰ জৰিয়তে পৰিৱৰ্তী প্ৰৱাহ উৎপাদন কৰিব পৰা যাব আৰু দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন সহজসাধ্য হৈ উঠিব। তীব্ৰ বিদ্ৰোপ আৰু ক্ষোভেৰে ইয়াৰ প্ৰত্যুত্তৰত এডিছনে কৈছিল যে-এই মটৰটো সম্পূৰ্ণ কাল্পনিক। নায়েগ্ৰা জলপ্ৰপাতৰ পৰা বিদ্যুৎ উৎপাদন, পৰিবহন, বিতৰণ কৰিবলৈ আমাৰ ওচৰত এটায়েই বিশ্বাসযোগ্য বিকল্প আছে-সেইয়া হৈছে একমুখী প্ৰৱাহ।

[ ৭১ ]  ইয়াতেই ক্ষান্ত নাথাকি এডিছনে তেওঁৰ প্ৰতিষ্ঠানৰ সন্মুখত একাধিক সাংবাদিক আৰু ব্যক্তি গোট খোৱাই পৰিৱৰ্তী প্ৰৱাহৰ ভয়াৱহতা আৰু নিৰাপত্তাহীনতাৰ প্ৰমাণ দাঙি ধৰিলে। বান্ধি থোৱা এটা কুকুৰৰ শৰীৰেৰে তেওঁলোকে পৰিৱৰ্তী প্ৰৱাহৰ সোঁত পাৰ কৰোৱালে। কুকুৰটোৱে তৎমুহূৰ্ততে প্ৰাণবায়ু এৰিলে। এজন চতুৰ ব্যৱসায়ীলৈ ৰূপ ধাৰণ কৰা বিজ্ঞানী এডিছনে জনতাক পতিয়ন নিয়াব বিচাৰিলে যে টেছলাৰ মটৰটোৰ ব্যৱহাৰে সকলোকে নিশ্চিত মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াব। গতিকে একমুখী প্ৰৱাহৰ ব্যৱহাৰৰ বাহিৰে এতিয়া গত্যন্তৰ নাই।

 পৰিৱৰ্তী প্ৰৱাহৰ এই ধ্বংসমুখী প্ৰচাৰৰ ঢৌক ভেটিবলৈ টেছলাই এটা সাহসী সিদ্ধান্ত ল'লে। ৰেষ্টিংহাউছৰ চিনাকি সাংবাদিক, সমাজৰ প্ৰভাৱশালী ব্যক্তিক তেওঁৰ গৱেষণাকক্ষলৈ আমন্ত্ৰিত কৰিলে। সকলোৱে আসন গ্ৰহণ কৰাৰ পিছত টেছলাই বিশেষ পৰীক্ষাটো প্ৰদৰ্শন কৰিবলৈ আগুৱাই আহিল। দুটা বাল্বৰ মাজত এডাল তাঁৰ সংযোগ কৰি তাৰ মাজেৰে পৰিৱৰ্তী প্ৰৱাহ চালিত কৰিলে। বিভৱ ভেদৰ অত্যধিক ক্ষমতা বহন কৰিব নোৱাৰি এসময়ত তাঁৰডাল পুৰি ছৰিখাৰ হ’ল। এইবাৰ নিকলী টেছলাই নিজৰ দুখন হাতকে তাঁৰডালৰ ঠাইত সংযুক্ত কৰাৰ কথা ঘোষণা কৰিলে। তেওঁ ক'লে যে 'If my alternating current kills, then I deserve to be victimize myself.” তেওঁ এখন হাত ইলেকট্ৰ’ডত থৈ আনখন হাতেৰে আনডাল। ইলেক্ট্ৰডত থ’বলৈ লওঁতেই সন্মুখত বহি থকা আসনৰ পৰা তেওঁৰ ভাল বন্ধু কেথেৰিন জনছন উঠি আহিল। টেছলাই কৰিবলৈ। ওলোৱা কামটোৰ সম্ভাৱ্য ভয়াৱহতা উপলব্ধি কৰি কেথেৰিন আতঙ্কত কম্পমান হৈ উঠিল। পিছে আত্মবিশ্বাসী টেছলাই তেওঁৰ হাতখনেৰে কেথেৰিনৰ হাতত স্পৰ্শ কৰি দিলে। কেথেৰিনৰ আনখন হাত ইতিমধ্যেই আনডাল ইলেক্টডত আছিলেই। টেছলাৰ হাতখনে কেথেৰিনৰ আঙুলিৰ মাজত আবদ্ধ হোৱাৰ ফলত বৰ্তনীটো সম্পূৰ্ণ হ’ল আৰু নুমাই যোৱা বাল্বদুটা জ্বলি উঠিল। উপস্থিত অতিথিবৃন্দই এই সমস্ত দৃশ্য পৰিমাপহীন বিস্ময় অৰুি অনিৰ্বচনীয় কৌতূহলেৰে প্ৰত্যক্ষ কৰি থাকিল।

 ছবিখনৰ কাহিনীত ইয়াৰ পিছত প্ৰৱেশ কৰে জে.পি, মৰ্গানে। জেপি মৰ্গান আছিল এজন প্ৰতিপত্তিশালী আমেৰিকান বিনিয়োগকাৰী। মৰ্গানৰ সুবিশাল কক্ষত এডিছন আৰু টেছলাৰ মাজত পুনৰ এখন তৰ্কযুদ্ধ হয়। তৰ্কত এডিছনক অধিক

আক্ৰমণাত্মক হৈ উঠা দেখা যায়। অৱশ্যে টেছলাৰ পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাইহে মৰ্গানৰ মন জয় কৰিবলৈ সক্ষম হ’ল আৰু মৰ্গানে টেছলাৰ লগত ব্যৱসায় কৰাৰ কথা প্ৰকাশ কৰিলে।

 এডিছনৰ কোম্পানীৰ সহায়ক বিভাগৰ এছাম মানুহ টেছলাৰ পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাটোৰ প্ৰতি আকৃষ্ট হৈছিল। নিজৰ A.C.-বিৰোধী মতসমূহক কোম্পানীৰ মানুহৰ মাজত সবলভাৱে পুনঃপ্ৰতিষ্ঠিত কৰিবৰ নোৱাৰাৰ বাবেই হয়তো বিদ্যুতৰ ব্যৱসায়ৰ প্ৰতি এডিছনে আকৰ্ষণ হেৰুৱাইছিল। আৰু অৱশেষত বিদ্যুতৰ ব্যৱসায় এৰি এডিছনে লো [ ৭২ ] আকৰ শোধন কৰাৰ প্ৰকল্প এটাৰ সৈতে জড়িত হৈ পৰিল।

 পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাটোৰ জৰিয়তে লাভ কৰা ‘পেটেণ্ট’ আৰু উপাৰ্জন কৰা ধনৰ সহায়ত টেছলাই ব্যক্তিগত কেতবোৰ আকাংক্ষা পূৰণৰ দিশে আগবাঢ়িল। মানহাট্টানৰ একাধিক ঠাইত টেছলাই নিজৰ গৱেষণাগাৰ সাজি কেইবাটাও অভিনৱ আৱিষ্কাৰ কৰিলে। এইবোৰৰ ভিতৰত টেছলা কয়ল, তাঁৰবিহীন বৈদ্যুতিকীকৰণ, ভাপ চালিত দোলিত উৎপাদক আছিল প্ৰধান। টেছলাই আৱিষ্কাৰ কৰা কেইবাটাও অভিনৱ কৰ্মৰ নিদৰ্শনক ছবিখনত মনোগ্ৰাহীকৈ উপস্থাপন কৰা হৈছে। তাৰ ভিতৰত - ৰিম’ট ৰেডিঅ’ কণ্ট্ৰ’ল, কল’ৰাড’ স্প্ৰিংজ, ৱাৰ্ডেনক্লাইফ আদি।

 টেছলাৰ জীৱনৰ এটা দুৰ্ভাগ্যজনক ক্ষণক ছবিখনত উপস্থাপিত কৰা হৈছে। ১৮৯৫ চনৰ ১৩ মাৰ্চ। ছাউথ ফিফথ এভিনিউস্থিত টেছলাৰ গৱেষণাগাৰটোক প্ৰকাণ্ড অগ্নিশিখাই আগুৰি ধৰিলে। টেছলাৰ প্ৰাণতকৈও আপোন কিছুমান গুৰুত্বপূৰ্ণ নথি, আৰ্হি আৰু সঁজুলি ভস্মীভূত হ'ল। জুইৰ এই তাণ্ডৱে টেছলাক মানসিকভাৱে যথেষ্ট হতাশ কৰি তুলিছিল। হতাশগ্ৰস্ততাৰ পৰা উলটি আহি টেছলাই নিজৰ গৱেষণাগাৰ হাউস্টনৰ দুটা মহলাত নিৰ্মাণ কৰিছিল।

 জে.পি.মৰ্গানৰ পৰা পোৱা ধন খটুৱাই ১৯০১ চনত টেছলাই এটা বৃহৎ প্ৰকল্প হাতত ল'লে। তাঁৰবিহীন পৰিবহন। ইয়াৰ বাবে প্ৰয়োজন হৈছিল এটা সুউচ্চ টাৱাৰ- যাৰ নাম ৰখা হৈছিল। ‘ৰ্ডেনক্লাইফ টাৱাৰ'। নিউ ইয়ৰ্কৰ শ্ব’ৰহ’মত টেছলাৰ এই প্ৰকল্প অৰম্ভ হ'ল। সেইসময়তে মাৰ্কণি নামৰ বিখ্যাত বিজ্ঞানীজনো ঠিক তেনে এটা প্ৰকল্পৰ ৰূপায়ণতে ব্যস্ত আছিল। টেছলাই যাক তেওঁৰ

প্ৰকল্পটোৰ নকল বুলি অভিহিত কৰিছিল। টেছলাই মাৰ্কণিক উচিত প্ৰত্যুত্তৰ দিয়াৰ প্ৰত্যাশাৰে আগতকৈও শক্তিশালী ‘ট্ৰেন্সমিটাৰ’ এটা নিৰ্মাণৰ কথা ভাবিলে। কিন্তু তেওঁৰ বিনিয়োগকাৰী মৰ্গানে টেছলাৰ প্ৰকল্পৰ বাবে অতিৰিক্ত অৰ্থ সাহায্য দিবলৈ অমান্তি হ’ল। সপোনৰ প্ৰকল্পটোৰ বাবে অৰ্থ সাহায্য বিচাৰি টেছলাই পৰৱৰ্তী পাঁচটা বছৰত জেপি মৰ্গানলৈ পঞ্চাছখনতকৈও অধিক অনুৰোধসূচক চিঠি প্ৰেৰণ কৰিছিল। জে.পি.মৰ্গানৰ বিয়োগৰ পিছত টেছলাই চিঠি লিখিবলৈ ধৰিলে তেওঁৰ পুত্ৰ জেক মৰ্গানলৈ। এই সময়ৰ ভিতৰতে মাৰ্ণিয়ে তেওঁৰ আৱিষ্কাৰৰ জৰিয়তে জনাজাত আৰু প্ৰভাৱশালী হৈ পৰিল। ‘তাঁৰবিহীন পৰিবহন’ কৰা প্ৰথমজন ব্যক্তি হিচাপে মাৰ্কণিক সকলোৱে চিনি পালে।

 টেছলাৰ আকাংক্ষিত সাফল্যৰ সন্মুখত হেঙাৰ হৈ থিয় দিলেহি সংবাদ মহলৰ একাংশ মানুহ। তেওঁলোকে টেছলাৰ প্ৰকল্পক ‘ভুৱা’ আখ্যা দিলে। এইবোৰ বেমেজালিয়ে টেছলাৰ আৱিষ্কাৰৰ গতি স্তিমিত কৰি তুলিলে। ১৯০৫ প্ৰকল্প নিৰ্মাণকাৰ্য বন্ধ হ’ল। সিপিনে ক্ৰমাৎ ধাৰত পেতি যোৱা টেছলাই অৱশেষত ধাৰ মাৰিবলৈ। ‘ৱাৰ্ডেনক্লাইফ'ৰ সম্পত্তি বন্ধকত দিবলগীয়া হ'ল। ১৯১৫ চনত টেছলাই এই সম্পত্তিও হেৰুৱালে আৰু ১৯১৭ চনত সমস্ত প্ৰকল্প ধ্বংস কৰি দিয়া হ'ল।

[ ৭৩ ]  ‘দা ছিক্ৰেট অৱ নিক’লা টেছলা’ৰ ছবিখনত টেছলাৰ জীৱনৰ এই সময়ছোৱালৈকে উপস্থাপিত কৰা হয়। আচলতে ছবিৰ সমগ্ৰ কাহিনী হোটেলৰ কোঠাত বহি বৃদ্ধ টেছলাই কৰি থকা অতীত- সোঁৱৰণহে। ছবিখনত নেদেখুউৱা বহুকেইটা ঘটনা- পৰিঘটনাই টেছলাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ দখল কৰি আছে।

 টেছলাৰ ব্যক্তিত্বত কিছুমান এনে বৈশিষ্ট্য আছিল, যিবোৰ আন মানুহৰ ব্যক্তিত্বত খুব কমেইহে পৰিলক্ষিত হৈছিল। তেনে এটা বৈশিষ্ট্য আছিল- টেছলাই কোনোদিনেই কোনো মানুহৰ লগত কৰমৰ্দন নকৰিছিল। অত্যন্ত কষ্টসহিষ্ণু টেছলা অবিবাহিত আছিল। বিবাহ সম্বন্ধত টেছলাৰ ভাষ্য আছিল আমোদজনক। তেওঁ কৈছিল-“I do not think you many great inventions that have been made by married man.’’

 বিভিন্ন ঘাত-প্ৰতিঘাত,বিতৰ্ক আৰু সংঘাতেৰে পৰিপূৰ্ণ টেছলা মানুহজন বহুতৰে ভাষাত ৰহস্যময় আছিল। তেওঁ যিধৰণে চিন্তা-চৰ্চা কৰিছিল, যিধৰণে তেওঁ আৱিষ্কাৰৰ সূত্ৰসমূহ লাভ কৰিছিল, যিধৰণে মানুহৰ লগত ভাৱ-বিনিময় কৰিছিল, যিদৰে জীৱনটো যাপন কৰিছিল, টেছলাৰ ভাৱ-ভংগী, অভিব্যক্তি-সেই সকলো দিশতে সদায়েই এক ৰহস্যৰ প্ৰলেপ আছিল। মানুহৰ বাবে টেছলা পৰম কৌতূহল আৰু আশ্বৰ্যৰ কৰিণ হৈ পৰিছিল। সেই কৌতূহল আৰু আশ্বৰ্য আজিকোপতি মাৰ যোৱা নাই।

 ১৯৪৩ চনৰ ৭ জানুৱাৰীত নিউ ইয়ৰ্ক হোটেলৰ ৩৩২৭ নং কোঠাত এলিছ ম'নাগহান নামৰ বনকৰা মহিলাগৰাকীয়ে টেছলাৰ অলৰ-অচৰ শৰীৰটো উদ্ধাৰ কৰে। টেছলাই তেওঁৰ কোঠাৰ দুৱাৰত আঁৰি থোৱা "do not disturb"ৰ কাগজখিলাক আওকাণ কৰি সোমাই যাওঁতেহে মহিলাগৰাকীয়ে এই দৃশ্য দেখা পালে, যিখন কাগজ দুদিন আগতেই তেওঁৰ দুৱাৰত ওলোমাই থৈছিল। স্বাস্থ্যপৰীক্ষাৰ অন্তত পোহৰলৈ আহিল-Coronary Thrombosis' নামৰ ৰোগত আক্ৰান্ত হৈ টেছলাৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত টেছলাৰ বয়স আছিল ৮৬ বছৰ।

 এইদৰেই সৰ্বকালৰ এজন মহান অথচ অল্পখ্যাত বিজ্ঞানী নিক’লী টেছলাৰ জীৱনৰ অৱসান ঘটে৷