পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুক্তিপ্ৰাপ্ত ছবিখনৰ পৰিচালকৰ নাম ক্ৰষ্টেী পাপিক (Krsto Papié)। আইভ’ ব্ৰেছনান (Ivo Bresan), ইভান কুছান (Ivan Kusan) আৰু ক্ৰষ্টো পাপিকৰ (Krsto Papić) দ্বাৰা ৰচিত আত্মজীৱনীমূলক কাহিনীটোৰ মুখ্য ভূমিকাত জীৱন্ত অভিনয় কৰিছে অভিনেতা পিটাৰ ব’জ’ভিকে (Petar BoZovic)।

 লেখাৰ আৰম্ভণিতে উল্লেখ কৰা এডিছন আৰু টেছলাৰ বিশেষ যুদ্ধখন ছবিখনৰ মূল উপজীব্য। ছবিখনৰ ভিতৰচ’ৰালৈ গতি কৰাৰ আগেয়ে মহান বিজ্ঞানী টেছলাৰ বৰ্ণিল জীৱনত সামান্য আলোকপাত কৰি লোৱা যাওক।

 ১৮৫৬ চনৰ ১০ জুলাইত বৰ্তমানৰ ক্ৰ’য়েছিয়াৰ স্মিলিজান নামৰ এখন গাঁৱত টেছলাৰ জন্ম হৈছিল। টেছলাৰ পিতাক মিলুটিন টেছলা (Milutin Tesla) আছিল গীৰ্জাৰ এজন যাজক। টেছলাৰ মাতৃৰ নাম আছিল ডুকা টেছলা (Duka Tesla)। মাতৃ ডুকা আছিল অত্যন্ত সৃজনীশীল। ঘৰত ব্যৱহৃত সা-সঁজুলিকে ধৰি যান্ত্ৰিক আহিলা-পাতি নিৰ্মাণতো মাতৃ ডুকাই অপাৰ বিচক্ষণতা দেখুৱাইছিল। আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ শৰণাপন্ন নোহোৱা মাতৃ ডুকাৰ চাৰ্বিয়ান কাব্যৰ কবিতাও মুখস্থ আছিল। টেছলাই তেওঁৰ অসামান্য সৃজনীশীল প্ৰতিভা আৰু বিস্ময়কৰ স্মৰণশক্তি তেওঁৰ মাতৃৰ পৰাই জন্মসূত্ৰে আহৰণ কৰা বুলি ক’ব খোজে।

 ১৮৬১ চনত গাঁও স্মিলিজানতে টেছলাই প্ৰাথমিক শিক্ষাগ্ৰহণ কৰে। ইয়াতে তেওঁ জাৰ্মান, গণিত আৰু ধৰ্মৰ পাঠ পঢ়ে। অৱশ্যে টেছলাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰে অষ্ট্ৰিয়া ভূখণ্ডৰ গছপিকত য’লৈ টেছলাৰ পৰিয়াল ১৮৬২ চনত স্থানান্তৰিত হৈছিল। প্ৰাথমিক শিক্ষাৰ অন্তত টেছলাই মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে।

 বিদ্যালয়ত থকা সময়তেই টেছলাই তেওঁৰ অসামান্য প্ৰতিভাৰ চানেকি দাঙি ধৰিছিল। কিতাপ-কলমৰ সহায় অবিহনে, মগজুৰ ভিতৰতেই টেছলাই ‘ইণ্ট্ৰিগেল কেলকুলাছ’ৰ (Integral Calculus) সমস্যা সমাধান কৰিব পাৰিছিল৷ চাৰিবছৰীয়া পাঠ্যক্ৰম তিনিবছৰতে সমাপ্ত কৰি টেছলাই ১৮৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে। টেছলাৰ এনে

( ৬২ )