পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাদ্ৰাছৰ শিক্ষানুষ্ঠানত পঢ়িবলৈ ভাল নোপোৱা ৰামানুজনে প্ৰায়ে শিক্ষাগ্ৰহণৰ পৰা বিৰত আছিল। বিদ্যালয়ত ৰামানুজনৰ উপস্থিতি নিয়মীয়া কৰাৰ সংকল্পেৰে আমোদজনকভাৱে নিয়োগ কৰা হৈছিল এজন কনিষ্টবলক। যাতে কনিষ্টবলজনে ৰামানুজনৰ গতিবিধিৰ ওপৰত কাঢ়া চকুৰ ৰাখিব পাৰে আৰু ৰামানুজনৰ উপস্থিতিৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে। অৱশ্যে তাৰ ঠিক ছমাহৰ পিছতেই ৰামানুজনৰ কুম্ভকোনমলৈ প্ৰত্যাৱৰ্তন ঘটিছিল।

 ইংৰাজী, তামিল, ভূগোল আৰু গণিতত শ্ৰেষ্ঠ ফল দেখুৱাই ১৮৯৭ চনত ৰামানুজনে প্ৰাথমিকশিক্ষা সমাপ্ত কৰে৷ সেই বছৰতে ৰামানুজনক ‘টাউন হায়াৰ ছেকেণ্ডাৰী স্কুল’ত নামভৰ্তি কৰোৱা হয়, যিখন শিক্ষানুষ্ঠানতে ৰামানুজনে আনুষ্ঠানিক গণিতৰ সৈতে পৰিচয় ঘটে। অত্যন্ত ভাবুক স্বভাৱৰ ৰামানুজন তেওঁৰ সহপাঠীসকলৰ বাবে আছিল এক পাৰাপৰিহীন আশ্বৰ্য আৰু কৌতূহলৰ কেন্দ্ৰবিন্দু। একৰ পৰা দহহেজাৰৰ ভিতৰৰ প্ৰতিটো সংখ্যাক পৰম মিত্ৰৰ মৰ্যাদা প্ৰদান কৰা ৰামানুজনে দুইৰ বৰ্গমূল বা ‘পাই’(π)ৰ মূল্য যি কোনো দশমিকলৈকে সম্পূৰ্ণ নিৰ্ভুলভাৱে ক'ব পাৰিছিল।

 এঘাৰ বছৰ বয়সীয়া ৰামানুজনৰ মগজুটোৰ সৰ্বত্ৰ অংকই অধিকাৰ কৰি পেলাইছিল। এছ.এল.লোনিয়ে লিখা (S.L.Loney) ত্ৰিকোণমিতিৰ এখন কিতাপ গোগ্ৰাসে গিলি পেলোৱা বিস্ময়-শিশু ৰামানুজনে ত্ৰিকোণমিতি সম্পৰ্কীয় সূত্ৰ আৱিষ্কাৰ কৰিছিল তেৰ বছৰ বয়সত। নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই অংকৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমস্ত সমাধান লিখি শেষ কৰা ৰামানুজনক জ্যামিতি আৰু ‘অসীম শ্ৰেণী’য়ে(Infinite Series) আকৃষ্ট কৰিছিল। পোন্ধৰ বছৰ বয়সত ৰামানুজনে ত্ৰিঘাত সমীকৰণ সমাধান কৰিবলৈ শিকিছিল। আৰু খুব কম সময়ৰ ভিতৰতে তেনে সমীকৰণ সমাধান কৰিবলৈ নতুন এটা পদ্ধতি আৱিষ্কাৰ কৰিছিল।

 দিনক-দিনে অংক-ক্ষুধা বৃদ্ধি হোৱা ৰামানুজনৰ চিন্তাশক্তিলৈ নৱ-জোৱাৰ কঢ়িয়াই আনিলে জি.এছ.কাৰৰ "A Synopsis of Elementary Results in Pure and Applied Mathematics” শীৰ্ষক কিতাপখনে। ক’ব পাৰি,

পুথিভঁৰালৰ পৰা এজন বন্ধুৱে গোটাই দিয়া এই কিতাপখনে ৰামানুজনক আধুনিক গণিতৰ অন্য এখন অচিন-অজান পৃথিৱীলৈ লৈ গ'ল। পাঁচ হাজাৰ সূত্ৰৰে

৪০