পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

"Srinivasa Ramanujan was the strangest man in all of mathematics, probably in the entire history of science."

Michio Kaku (আমেৰিকাৰ তাত্ত্বিক পদাৰ্থবিদ)

 যিকোনো এটা সংখ্যাক সেই একেই সংখ্যাৰে হৰণ কৰিলে হৰণফল ‘এক’ হয়। অষ্টম শ্ৰেণীত অংকৰ শিক্ষকজনে সেইদিন এই কথাটো ছাত্ৰ-ছাত্ৰীহঁতক বুজাই আছিল। তেনেতে শিক্ষকজনক হতবাক-বিস্মিত কৰি শ্ৰেণীৰ এজন ছাত্ৰই অকস্মাতে প্ৰশ্ন কৰিলে-“এই কথাটো শূন্যৰ ক্ষেত্ৰতো শুদ্ধনে?”

 যিজন ল'ৰাৰ প্ৰশ্নৰ প্ৰখৰতা আৰ গভীৰতাই সেইদিনা অংকৰ শিক্ষকজনক মুহূৰ্তৰ কাৰণে স্তব্ধ কৰি পেলালে, সেইজন শীৰ্ণকায় ছাত্ৰ অইন কোনো নহয়; গণিত জগতৰ প্ৰতিভা, Mathematical Genius শ্ৰী নিবাস ৰামানুজন আয়েংগাৰ। শ্ৰী নিবাস ৰামানুজন আয়েংগাৰ আৰু তেওঁৰ ঈশ্বৰপ্ৰদত্ত চমৎকাৰী প্ৰতিভাক স্বৰাজোত্তৰ কালৰ ভাৰতৰ মানুহে কিমান শ্ৰদ্ধা আৰু সন্মানৰ দৃষ্টিৰে চালে, নাইবা ৰামানুজনৰ প্ৰতিভাৰ বিষয়ে সমাজত কিমান প্ৰচাৰ আৰু প্ৰসাৰ হ’ল;সেইয়া অন্য এক আলোচনাৰ বিষয়।

 কিন্তু ৰামানুজনৰ অনুৰাগীসকলৰ বাবে পৰম সুখৰ বতৰা কঢ়িয়াই আনিলে আলোড়ণ সৃষ্টিকাৰী ’জিনিয়াছ’গৰাকীৰ জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ক লৈ ইংৰাজী ভাষাত নিৰ্মাণ কৰা

এখন অন্যতম সুন্দৰ ছবিয়ে। নাম যাৰ-“দী মেন হু

৩৭