পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুদ্ধিমত্তাৰে এটা জটিল ক্ষণত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি শত্ৰুৰ ৰণকৌশলক যথোপযুক্ত প্ৰত্যুত্তৰ দিছিল।

 “দা ইমিটেছন গেইম” ছবিখনৰ সবাতোকৈ সৌন্দৰ্যশালী উপাদানটো হ'ল এলান টুৰিঙৰ চৰিত্ৰত বেনেডিক্ট কাম্বাৰবেটছে্ প্ৰদৰ্শন কৰা উৎকৃষ্টতম অভিনয়। তাৰ প্ৰমাণ-২০১৪ বৰ্ষৰ শীৰ্ষ দহটা অভিনয়ৰ ‘টাইম’-এ কাম্বাৰবেটছৰ অভিনয়ক প্ৰথম স্থানত ৰাখিছে। এণ্ড্ৰিউ হোজেছৰ ‘এলান টুৰিঙ-দা এনিগ্‌‌মা’ (Alan Turing: The Enigma) নামৰ জীৱনভিত্তিক গ্ৰন্থখনৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰিছে গ্ৰাহাম ম'ৰে। মৰ্টেন টিলডামৰ সুদক্ষ পৰিচালনাত প্ৰায় জীৱন্ত ৰূপ পৰিগ্ৰহ কৰা ছবিখনত কেইৰা নাইট্‌লি, মেথিউ গুডে, ৰ’ৰি কিনিয়েৰ, মাৰ্ক ষ্ট্ৰংগ আদিয়ে মননশীল অভিনয় কৰিছে। ৮৭তম একাডেমী বঁটাৰ ‘শ্ৰেষ্ঠ ছবি’, ‘শ্ৰেষ্ঠ পৰিচালক’ ‘শ্ৰেষ্ঠ অভিনেতা’, ‘শ্ৰেষ্ঠ সহ অভিনেত্ৰী’কে ধৰি মুঠ আঠটা শিতানৰ বাবে ছবিখনে মনোনয়ন লাভ কৰে আৰু ‘শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য’ (Best Adapted Screenplay)ৰ শিতানত ছবিখনে অ’স্কাৰ অৰ্জন কৰে।

 এলান টুৰিঙৰ জীৱন কাল আছিল মাত্ৰ ৪১ বছৰ। সমকামিতাকে ধৰি একাধিক বিতৰ্ক আৰু সংঘাতে টুৰিঙৰ জীৱন-যৌৱন তোলপাৰ লগাই আছিল। যুদ্ধৰ সময়ত টুৰিঙৰ অনুপস্থিতিয়ে আৰক্ষীৰ চকুত সন্দেহৰ উদ্ৰেক ঘটাইছিল যাৰ বাবে তেওঁলোকে যুদ্ধৰ পিছত টুৰিঙক জেৰা কৰিছিল। সেই জেৰাৰ সন্মুখীন হৈয়েই এজন আৰক্ষী বিষয়াৰ সন্মুখত টুৰিঙে তেওঁৰ যৌৱনৰ প্ৰতিখিলা পৃষ্ঠা উন্মোচন কৰে। জেৰাৰ অন্তত টুৰিঙৰ শান্তি ঘোষণা হয়। কাৰাবাস খাটি থাকোঁতেই টুৰিঙে ১৯৫৪ চনত আত্মহত্যা কৰে। আৰু এইদৰেই এলেন টুৰিঙ নামৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কম্পিউটাৰ বিজ্ঞানীজনৰ জীৱননাটৰ সামৰণি পৰে।

 টুৰিঙে জীৱন আৰু তেতিয়াৰ যুদ্ধবিধ্বস্ত সমাজখনক বৰ গভীৰ আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল। তেওঁৰ ভাষ্যত বাস্তৱবাদৰ স্পষ্ট পৰশ ফুটি উঠাটোও লক্ষণীয় কথা। টুৰিঙৰ ব্যক্তিত্বৰ এইটো দিশ দেখুৱাবলৈ ছবিখনত টুৰিঙৰ মুখত দিয়া হৈছে। কেইবাটাও অৰ্থৱহ সংলাপ। "Sometimes we can't do what feels good. We have to do what is logical.", "Hardest time to lie to somebody is when they are expecting to be lied to." "Sometimes it's the very people who no one imagine anything of who can do the things that no can imagine." তাৰে কেইটামান চিন্তা-উদ্ৰেককাৰী সংলাপ।

 অৱশ্যে ছবিখনৰ অবিস্মৰণীয় সংলাপটো মোৰ বোধেৰে উচ্চাৰিত হৈছে এলেনৰ অন্যতম এজন সহযোগী হাগ এলেক্সজেণ্ডাৰৰ মুখত। যেতিয়া এলেন টুৰিঙৰ বুদ্ধি আৰু মেধাৰ জোৰত তেওঁলোকে যন্ত্ৰটো সঠিকভাৱে সম্পাদনা কৰাত সফল হৈছিল তেতিয়া পৰম উচ্ছসিত হৈ এলেক্সজেণ্ডাৰে মন্তব্য কৰিছিল-

"You just defeat Nazism with a crossword puzzle."

৩৬