পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঠাহ খাই থকা জি.এছ.কাৰৰ এই বিশেষ কিতাপখনেই ৰামানুজনৰ অন্তৰ্নিহিত প্ৰতিভা আৰু বুদ্ধিমত্তাৰ উত্তৰণ ঘটাই মানৱীয় উৎকৃষ্টতাৰ নৱতম শীৰ্ষত উপনীত কৰোৱাত অন্যতম ভূমিকা ল'লে। তাৰ পৰৱৰ্তী বছৰতেই ৰামানুজনে বাৰ্ণোলিৰ সংখ্যাৰ সম্বন্ধে নিজাবৱীয়া অন্বেষণ আৰম্ভ কৰিলে আৰু পোন্ধৰ দশমিক পৰ্যন্ত ‘ইউলাৰ-মেছকেৰ’ণিৰ ধ্ৰুৱকৰ মান নিৰূপণ কৰিলে।

 প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ষোল বছৰ বয়সত ৰামানুজনে কুম্ভকোনমৰ ’চৰকাৰী কলা মহাবিদ্যালয়’ত পঢ়িবলৈ বৃত্তি লাভ কৰে। কিন্তু অংকবলিয়া ৰামানুজনৰ মন আৰু মগজু অংকক বাদ দি বাকীবোৰ বিষয়ৰ গভীৰতালৈ প্ৰৱেশ কৰিবলৈ অমান্তি হৈছিল। ইয়াৰ পৰিণতিস্বৰূপে ৰামানুজনে বৃত্তিৰ সুবিধা হেৰুৱাইছিল। বুদ্ধিভ্ৰষ্ট হৈ ১৯০৫ চনৰ আগষ্ট মাহত ৰামানুজনে ঘৰৰ পৰা পলায়ন কৰে আৰু বিশাখাপট্টনমৰ ৰজামুন্দ্ৰিত থাকিবলৈ লয়। ৰজামুন্দ্ৰিত এমাহৰ বাবে আত্মগোপন কৰি পুনৰ মাদ্ৰাছৰ ‘পাচ্ছায়াপা মহাবিদ্যালয়’ত নামভৰ্তি কৰে। পিছে অংকৰ বাহিৰে ইংৰাজীকে সাঙুৰি বাকীবোৰ বিষয়ত তেওঁৰ প্ৰদৰ্শন আছিল নিৰাশাজনক।

 পৰৱৰ্তী দুটা বছৰত অনুষ্ঠিত হোৱা কলাৰ পৰীক্ষাত উপৰ্যুপৰি ৰামানুজন অনুত্তীৰ্ণ হয়। ডিগ্ৰীলাভৰ আশা তাতেই জলাঞ্জলি দি ৰামানুজনে মহাবিদ্যালয় ত্যাগ কৰিলে। সীমাহীন দৰিদ্ৰ আৰু খাদ্য-সংকটে এইবাৰ ৰামানুজনৰ পিছ ল'লে। কিন্তু এইবোৰ বাধায়েও ৰামানুজনৰ মূৰৰ পৰা অংক নামৰ ভূতটো খেদাব নোৱাৰিলে। ৰামানুজনে লগত এখন টোকাবহী ৰাখিছিল। গণিত সম্পৰ্কীয় নৱ-নতুন চিন্তাৰ ঢৌ যেতিয়াই তেওঁক মানসিক পৰিমণ্ডলত প্ৰৱেশ কৰিছিল তেতিয়াই সেই চিন্তাক শব্দৰ আকাৰত সেই টোকাবহীখনত লিপিবদ্ধ কৰিছিল।

 চৰম দৰিদ্ৰতা আৰু অনাটনৰ মাজত দিন-ৰাতি অতিবাহিত কৰি থকাৰ মাজতেই এদিন ৰামানুজনৰ জীৱনলৈ আহিল জানকী। ৰামানুজনৰ পত্নী জানকীমল। সমাজৰ প্ৰচলিত ৰীতি অনুযায়ী দহ বছৰীয়া জানকীয়ে বিবাহোত্তৰ জীৱনৰ প্ৰথম তিনিটা বছৰ মাতৃগৃহত কটাই মাদ্ৰাছত থকা ৰামানুজনৰ সংগী হ’বলৈ আহিল। লগত আহিল ৰামানুজনৰ মাক। সেই সময়ত জানকীৰ বয়স ছিল মাত্ৰ বাৰ বছৰ।

 এতিয়া ৰামানুজনক লাগে এটা চাকৰি। নহ'লে পৰিয়াল পোহ-পলি দিব কেনেকৈ? ইটো কাৰ্যালয়ৰ পিছত সিটো কাৰ্যালয়ৰ দুৱাৰ ৰামানুজনে টুকুৰিয়াই যাব ধৰিলে। বন্ধু এজনৰ ঘৰত থাকি চাকৰিৰ সন্ধান কৰা ৰামানুজনে দিনটোৰ এছোৱা। সময়ত প্ৰেডিডেন্সী কলেজৰ ছাত্ৰক টিউছন কৰি সামান্য ধন উপাৰ্জন কৰিছিল। তাৰ বাহিৰে ৰামানুজনৰ কাষত উপাৰ্জনৰ অন্য উৎস নাছিল। ৰোগ-ব্যাধিয়ে প্ৰায়ে অস্বস্তিত পেলোৱা ৰামানুজন বন্ধুৰ ঘৰতে পুনৰবাৰ অসুস্থ হৈছিল। মৃত্যুভয়ত কম্পিত হৈ ৰামানুজনে তেওঁৰ টোকাবহীখন বন্ধুৰ হাতত চমজাই সেইখন অংকৰ দুজনমান শিক্ষকলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছিল। পিছত যেনিবা ৰামানুজন সুস্থ হ'ল আৰু টোকাবহীখন ঘূৰাই ল'লে।

 ১৯১৩ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ত গৱেষকৰ পদ লাভ কৰাৰ পিছত মাতৃ-পত্নীসহ ৰামানুজন ট্ৰিপ্লিকেইন নামৰ ঠাইডোখৰলৈ আহিল। গৱেষণা কৰিবলৈ সুবিধা প্ৰদান কৰিছিল ভাৰতীয় গাণিতিক সমাজ (Indian Mathematical

Society) ৰ প্ৰতিষ্ঠাতা ৰামাস্বামী আয়াৰে। ১৯১০ চনত তেখেতৰ লগত হোৱা এক সাক্ষাতত আয়াৰে ৰামানুজনৰ চমৎকাৰী প্ৰতিভাৰ বিষয়ে জ্ঞাত হয়। মাদ্ৰাছৰ বৌদ্ধিক মহলত ৰামানুজনৰ জনপ্ৰিয়কৰণতো এইজন ৰামাস্বামীৰ উল্লেখযোগ্য

৪১