পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হ’ব, সেইয়া তেওঁলোকে বুজি উঠিছিল। সেইবাবেই জাৰ্মানীৰ বিপক্ষে যুদ্ধ ঘোষণা হোৱাৰ পিছদিনাই নৌসেনাৰ কমাণ্ডাৰ এলাষ্টেয়াৰ ডেনিষ্টনে এলান টুৰিং (Alan Turing) নামৰ তীক্ষ্ণধী গণিতজ্ঞজনক তেওঁৰ কক্ষলৈ আমন্ত্ৰণ কৰিলে।

 আধুনিক পৃথিৱীৰ কম্পিউটাৰ বিজ্ঞানৰ পিতৃস্বৰূপ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) পথপ্ৰদৰ্শক এলান টুৰিঙৰ নামটো কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত তৰ্কাতীতভাৱে স্মৰণযোগ্য। এলান টুৰিঙৰ জন্ম হৈছিল ১৯১২ চনৰ ২৩ জুনত, লণ্ডনত। সেইসময়ত আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। এলানৰ পিতৃ জুলিয়াছ মেথিছন টুৰিঙে প্ৰশাসনীয় সেৱাৰ বিষয়া হিচাপে উৰিষ্যাত আৰু মাতৃ ইথেল ছাৰাই ৰে’লৰ মুখ্য অভিযন্তাৰ ৰূপত মাদ্ৰিজত কাৰ্যনিৰ্বাহ কৰি আছিল। অৱশ্যে মহান বিজ্ঞানীজনৰ জন্ম ভাৰতত হোৱা নাছিল। গৰ্ভৱতী অৱস্থাত থকা পত্নী ইথেলক জুলিয়াছে লণ্ডনলৈ লৈ গৈছিল অৰুি তাতেই ‘মেইড ভেল’ অঞ্চলত ২৩ জুন তাৰিখে এলান টুৰিঙৰ জন্ম হৈছিল।

 এজন বিচক্ষণ অংকবিদ, তৰ্কবিজ্ঞানী আৰু সুনিপুণ কম্পিউটাৰ অভিযন্তা হোৱাৰ উপৰি এলান টুৰিঙে সাংকেতিক ভাষাৰ অৰ্থোদ্ধাৰ কৰাৰ কৰ্মতে (সংকেতবিশ্লেষক,Cryptanalyst) ঈৰ্ষণীয় পাৰদৰ্শিতা দেখুৱাইছিল। টুৰিঙে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ‘চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়’ত (Government Code and Cypher School (GCCS)) কাম কৰিছিল। টুৰিঙৰ জীৱনৰ আন এটা বিশেষ সাফল্য— যাৰ বাবে এলান টুৰিঙক বিশ্বৰ বিজ্ঞানসমাজে গভীৰ শ্ৰদ্ধা আৰু আন্তৰিকতাৰে সেইটো হৈছে— টুৰিং যন্ত্ৰৰ ধাৰণা (Turing machine)। এলগৰিথিম (Algorithm) আৰু গণনা (Computation)ৰ প্ৰচলিত ধাৰণাৰ উত্তৰণ ঘটাই তেওঁ ‘টুৰিং যন্ত্ৰ’ নামৰ প্ৰাকল্পিক সৰ্বাত্মক কম্পিউটাৰটো তৈয়াৰ কৰিছিল। কম্পিউটাৰৰ জগতলৈ টুৰিঙে আগবঢ়োৱা অতুলনীয় অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই ‘এছ’ছিয়েচন ফ’ৰ কম্পিউটিং মেছিনেৰি’ (Association Computing Machinery) নামৰ সংস্থাটোৱে ১৯৬৬ চনত টুৰিং বঁটা (Turing Award) নামৰ এটি সন্মানীয় বঁটাৰ প্ৰতিষ্ঠা কৰে, যাক ন’বেল বঁটাৰ সমপৰ্যায়ৰ হিচাপে গণ্য কৰা হয়। কম্পিউটাৰৰ কাৰিকৰী আৰু তাত্ত্বিক দিশক নতুন চিন্তা তথা কৰ্মৰে সমৃদ্ধিশালী কৰা ব্যক্তি একোজনলৈ প্ৰতিবছৰে এই টুৰিং বঁটা প্ৰদান কৰা হয়।

 বিৰল মেধাৰ গৰাকী এইজন জ্ঞানী টুৰিঙকে ব্ৰিটিছ নৌসেনাৰ কমাণ্ডাৰ ডেনিষ্টনে ব্লেট্‌ক্লি পাৰ্ক (Bletchley Park)ত সংস্থাপিত কৰিলে। ডেনিষ্টন আৰু টুৰিঙৰ মাজত হোৱা সাক্ষাৎকাৰটোও আমোদজনক। মাত্ৰ ২৭ বছৰীয়া টুৰিঙৰ মেধা আৰু প্ৰতিভাই ডেনিষ্টনক আকৃষ্ট কৰিছিল সঁচা কিন্তু টুৰিঙে জাৰ্মানী ভাষাৰ “জ’টোও জনা নাছিল। আশ্বৰ্যচকিত হৈ কমাণ্ডাৰে টুৰিঙক একপ্ৰকাৰ স্বগৃহলৈ উভতি যাবলৈকে নিৰ্দেশ দিছিল। পিছে টুৰিঙৰ মুখত উচ্চাৰিত হোৱা ‘এনিগ্‌মা’ সম্পৰ্কীয় তথ্য-যুক্তিয়ে কমাণ্ডাৰক শেষমুহূৰ্তত সিদ্ধান্ত সলাবলৈ বাধ্য কৰালে আৰু যাৰ ফলত ‘ব্লেট্‌ক্লি পাৰ্কত ইতিমধ্যেই গোট খোৱা অইন পাঁচজনীয়া বিজ্ঞানীৰ দলটোলৈ এজন নতুন যুৱকৰ আগমন ঘটিল-নাম যাৰ এলান মেথিছন টুৰিঙ।

 টুৰিঙ আৰু দলটোৰ সন্মুখত মূল প্ৰত্যাহ্বানটো হ’ল-জাৰ্মানীয়ে প্ৰত্যেক নিশা বাৰ বজাত ‘এনিগ্‌মা’ৰ ছেটিংছ সাল-সলনি কৰে। এই বাৰ্তাটো ব্ৰিটিছ সৈন্যই পুৱা ছয় বজাতহে সংগ্ৰহ কৰে,

৩১