পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘ফিলচফি অৱ ফিজিকেল চায়েন্স’ ইত্যাদিকে ধৰি কেইবাখনৌ মননশীল, বিজ্ঞানধৰ্মী গ্ৰন্থৰ লেখক এডিংটনে তৰাৰ অভ্যন্তৰভাগৰ তাত্ত্বিক অনুসন্ধান আৰু ইয়াৰ লগত জড়িত জ্যোতিৰ্বৈজ্ঞানিক পদ্ধতিৰ বিকাশ সাধনত মনোনিৱেশ কৰিছিল। এডিংটনৰ মতবাদে ক’ব খোজে যে তৰাবোৰৰ আভ্যন্তৰীণ উষ্ণতা কেইবা মিলিয়ন ডিগ্ৰী। ১৯২৪ চনত এডিংটনে তৰাৰ ভৰ-সংদীপ্তি সম্পৰ্ক’ (Mass-Luminosity Relation) আৱিষ্কাৰ কৰে, যিটো উল্লেখযোগ্য আৱিষ্কাৰে ভৱিষ্যতৰ জ্যোতিৰ্বৈজ্ঞানিক অনুসন্ধানৰ এখন নতুন দ্বাৰ মুকলি কৰি দিয়ে। এইক্ষেত্ৰত তেওঁ আগবঢ়োৱা বৰঙণিৰ প্ৰতি স্বীকৃতি জনাই তৰাৰ সংদীপ্তিৰ প্ৰাকৃতিক সীমাক (Natural Limit to the luminosity of stars) এডিংটন সীমা (Eddington Limit) হিচাপে নামাংকিত কৰা হয়। ১৯২০ চনৰ পৰা ১৯৩০ চনলৈকে এডিংটনে তেওঁৰ দ্বাৰা আৱিষ্কৃত এই আৰ্হিৰ বিকাশ আৰু সংবৰ্দ্ধনৰ কামত মনোনিৱেশ কৰে।

 এইখিনিতে এডিংটনৰ জীৱনৰ এটা বিশেষ বিতৰ্কৰ কথা উল্লেখনীয়, যিটো বিতৰ্কত সাঙোৰ খাই আছে ভাৰতীয় মূলৰ মাৰ্কিন জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ, ন’বেল বঁটা বিজয়ী সুব্ৰমণিয়াম চন্দ্ৰশেখৰৰ নামটো। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব আৰু প্ৰিন্সিপেইত আৰ্থাৰ এডিংটনৰ পৰীক্ষামূলক পৰ্যবেক্ষণে বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰাৰ পিছৰ কথা। তৰা এটাৰ ভিতৰভাগত যদি আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰ প্ৰয়োগ কৰা হয়, তেতিয়া কি হ’ব? এই বিশেষ প্ৰশ্নৰ সমাধানসূত্ৰ বিচাৰিবলৈ গৈ চন্দ্ৰশেখৰ নামৰ অপাৰ মেধাসম্পন্ন ভাৰতীয় যুৱকজনে শেষত দেখিলে যে তৰাৰ সমস্ত পোহৰ ম্লান হোৱাৰ পিছত তৰাবোৰে ক্ৰমাৎ এটা দীৰ্ঘস্থায়ী ধ্বংসমুখী পথলৈ আগবাঢ়ে আৰু শেষত মহাকাশ আৰু সময়ৰ মাজৰ এটা ফাঁকেৰে সৰকি যায়। শেষমুহূৰ্তত ই এনে এটা পৰ্যায় পায়গৈ, যাৰ মাজেৰে একোৱেই পাৰ হৈ যাব নোৱাৰে; আনকি পোহৰো। কৃষ্ণগহ্বৰৰ অস্তিত্ব সম্পৰ্কে প্ৰতিস্থাপিত আৰু প্ৰমাণিত হোৱা এইটোৱেই আছিল প্ৰথমটো গাণিতীক প্ৰমাণ, যিটো প্ৰমাণ কৰি দেখুৱাইছিল যুৱক চন্দ্ৰশেখৰে। কেমব্ৰিজত ভৰি থোৱাৰ আগতেই চন্দ্ৰশেখৰে এই তত্ত্বটো আৱিষ্কাৰ কৰিছিল। কেমব্ৰিজৰ পণ্ডিতসকলে চন্দ্ৰশেখৰৰ ধাৰণাৰ গুৰুত্ব উপলব্ধি কৰিব- এই প্ৰত্যাশা বুকুত বান্ধি চন্দ্ৰশেখৰে বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনত পদাৰ্পণ কৰিছিল। কিন্তু চন্দ্ৰশেখৰৰ আশাত চেঁচাপানী পৰিল, যেতিয়া চন্দ্ৰশেখৰৰ ধাৰণা তীক্ষ্ণধী পণ্ডিতসকলৰ সন্মুখত গুৰুত্বহীন হৈ পৰিল। সেইসময়ত আকৌ এডিংটন জনপ্ৰিয়তা আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল। কোৱাটো নিষ্প্ৰয়োজন, আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ বিখ্যাত পৰীক্ষামূলক অভিযানটোৱেই এডিংটনলৈ যশস্ব্যা আৰু খ্যাতি কঢ়িয়াই আনিছিল। ইয়াৰ উপৰিও সেইসময়ত এডিংটন ব্যস্ত আছিল কোৱাণ্টাম পদাৰ্থ বিজ্ঞান আৰু

১২