পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাইৰাছ সংস্থাপিত কৰিব লাগিব। পৃথিৱী ৰক্ষাৰ এই গুৰুত্বপূৰ্ণ অভিযানৰ মুখ্য দায়িত্ব অৰ্পণ কৰা হয় পাইলট ষ্টিভেন হিলাৰৰ ওপৰত। তেওঁৰ নেতৃত্বত যাবলগীয়া দলটোৱে বৰ্হিজগতৰ প্ৰাণীৰ মুখ্য যানখনত সেই ভাইৰাছটো সংস্থাপিত কৰিব আৰু তাৰ পিছত নিউক্লিয়াৰ অস্ত্ৰ নিক্ষেপ কৰি যানখন ধ্বংস কৰিব। সামৰিক বাহিনীৰ শক্তি বঢ়োৱাৰ উদ্দেশ্য উৰাজাহাজ চলোৱাৰ অভিজ্ঞতা থকা মানুহৰ সন্ধান কৰা হয়। স্ব-ইচ্ছাই ওলাই অহা তেনে এজন ব্যক্তি হ’ল কাচ্ছে।

 এসময়ত আক্ৰমণ আৰম্ভ হয়। বহিৰ্জগতৰ প্ৰাণীৰ সুৰক্ষা বেষ্টনী নিষ্ক্ৰিয় কৰি উঠাৰ পিছত পাইলটসকলে মুখ্য যানখন ধ্বংস কৰিবলৈ প্ৰস্তুতি চলায়। কিন্তু ‘কাচ্ছে’ৰ উৰাজাহাজে কঢ়িয়াই অনা মিছাইলটোৰ জঁট লাগে। এক যান্ত্ৰিক বিজুতিৰ কাৰণে তেওঁ মিছাইলটো নিক্ষেপ কৰিব নোৱৰা হয়। অনাকাংক্ষিত এই পৰিস্থিতিৰ সন্মুখীন হৈ ‘কাচ্ছে’-এ সিদ্ধান্ত ল'লে-দেশ আৰু জনতাৰ ভৱিষ্যতৰ কাৰণে তেওঁ নিজৰ জীৱন উছৰ্গা কৰিব। আৰু সেয়াই হ’ল। মিছাইলটোৰ সৈতে তেওঁ বৰ্হিজগতৰ প্ৰাণীৰ যানখনত আক্ৰমণ কৰিলে৷ সিফালে ষ্টিভেন হিলাৰৰ নেতৃত্বত চলি থকা আক্ৰমণেও বৰ্হিজগতৰ প্ৰাণীবোৰৰ সংখ্যা কমাই আনিছে। কেইটিমান মুহূৰ্তৰ পিছত ‘কাচ্ছে’ৰ মিছাইলৰ টাইমাৰটোত ‘শূন্য’ অংকটো জিলিকিল৷ প্ৰকাণ্ড যানখনক এক বিশাল জ্যোতিৰে আৱৰি ধৰিলে আৰু পৃথিৱীত সন্ত্ৰাসৰ সৃষ্টি কৰা সেই প্ৰলয়ংকাৰী যানখন আকাশৰ পৰা খহি ভূখণ্ডত পৰি চূৰ্ণাকৃত হ'ল। পৰিমাপহীন আতংক আৰু ভীতিত ধুঁৱলি-কুঁৱলি হৈ থকা মানুহৰ চকুবোৰত লগে লগে আনন্দ আৰু বিজয়ৰ উছাহে ঢৌ খেলি গ’ল। বহিৰ্জগতৰ প্ৰাণীৰ পৰা জনতাই ‘স্বাধীনতা’ লাভ কৰিলে। পৃথিৱী নামৰ গ্ৰহটোৰ মানুহে পুনৰ এবাৰ জীৱশ্ৰেষ্ঠতাৰ প্ৰমাণ দিলে।

 এইয়াই হৈছে ’ইণ্ডিপেণ্ডেন্স ডে’ নামৰ সু- পৰিচালিত ছবিখনৰ থুলমূল কাহিনী।

 উল্লেখযোগ্য যে, ২০১৬ চনৰ ২৪ জুনত ‘ইণ্ডিপেণ্ডেন্স ডে’ৰ ছিকুৱেল ‘ইণ্ডিপেণ্ডেন্স ডে- ৰিচাৰজেন্স’-এ মুক্তি লাভ কৰে। কিন্তু ছবিখনে পূৰ্বৰ

দৰে ইতিবাচক সঁহাৰি নাপালে।

২৯