পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিশুৰ শৰীৰত দৃষ্টিগোচৰ হোৱা ‘ব্লু বেবি ছিনড্ৰম’ (Blue Baby Syndrome) নামৰ বিসংগতিটো, যাক টেট্ৰাল’জি অৱ ফেল’ট (Tetralogy of Fallot) বুলিও জনা যায়; তাক নিৰ্মূলৰ অৰ্থে ভিভিয়ান থ’মাছে লেবৰটৰীত সাজি উলিয়াইছিল এক অনন্য সঁজুলি। অকল সেয়াই নহয়, সেই সঁজুলিৰ ব্যৱহাৰ কৰি আমেৰিকাৰ আগশাৰীৰ চিকিৎসকৰ সন্মুখত, আলফ্ৰেড ব্লালাকৰ সৈতে ‘ব্লু বেবি’ অস্ত্ৰোপচাৰো সফলতাৰে সম্পন্ন কৰিছিল ভিভিয়ান থ’মাছে। শল্য চিকিৎসক আলফ্ৰেড ব্লালাকে ভিভিয়েন থ’মাছৰ অস্ত্ৰোপচাৰ-শৈলীৰ উচ্চপ্ৰশংসা কৰি মন্তব্য কৰিছিল- "Like something the lord made.” পিছে বেদনাদায়ক কথাটো হ’ল ‘ব্লু বেবি’ অস্ত্ৰোপচাৰৰ অন্যতম নায়ক ভিভিয়েন থ’মাছক আলফ্ৰেড ব্লালাকৰ লেখীয়াকৈ তৎমুহূৰ্ততে যথোপযুক্ত স্বীকৃতি আৰু সন্মান জনোৱা হোৱা নাছিল। আনকি যিখন জন্স হপকিন্স চিকিৎসালয়ত তেওঁ তত্ত্বাবধায়ক হিচাপে কাম কৰিছিল, সেইখন চিকিৎসালয়ৰ লেবৰটৰীত তেওঁ পিছ দুৱাৰেদিহে প্ৰৱেশ কৰিবলগীয়া হৈছিল। কাৰণ সেইসময়ত জন্স হপকিন্স চিকিৎসালয়কে ধৰি আমেৰিকাৰ আগশাৰীৰ সমাজত কৃষ্ণাংগসকলক হীন দৃষ্টিৰে চোৱা হৈছিল। গাৰ ক’লা বৰণটোৱেই তেওঁলোকৰ সামাজিক মৰ্যাদা প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰধান হেঙাৰ হৈ উঠিছিল। হৃদয়বিদাৰক আছিল তেতিয়াৰ সমাজৰ চিন্তা আৰু ধ্যান-ধাৰণাৰ সামগ্ৰিক সোঁতটো।

 অৱশ্যে স্বীকৃতি, সন্মান আৰু সামাজিক পৰিচিতৰ দ্বাৰা লালায়িত নহৈ ভিভিয়েন থ’মাছে নিজৰ দায়িত্ব আৰু কৰ্তব্য অত্যন্ত নিষ্ঠাসহকাৰে পালন কৰি গৈছিল আৰু চিকিৎসক আলফ্ৰেড ব্লালাকৰ সৈতে একাধিক অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। চিকিৎসালয়ৰ নৱাগত চিকিৎসকসকলক তেওঁ প্ৰশিক্ষিত কৰে। ভিভিয়েন থমাছে প্ৰায় ৩৫ বছৰ কাল জন্স হপকিন্স চিকিৎসালয়ত পৰ্যবেক্ষক (Supervisor) হিচাপে কাম কৰে। আলফ্ৰেড ব্লালাকৰ জীৱনৰ অন্তিমকালছোৱালৈকে ভিভিয়েন থ’মাছে তেওঁক সংগ দিছিল। থমাছৰ মৃত্যুৰ পিছত

২৪