পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাম নিৰ্বাচন কৰাত ব্যস্ত আছিল। মানুহৰ মাজত অপাৰ কৌতূহল আৰু তীব্ৰ জিজ্ঞাসাৰ সৃষ্টি কৰা সেই যন্ত্ৰটোৰ নাম ৰখা হৈছিল ফ’ন’গ্ৰাফ; যিটো আছিল এডিছনৰ জীৱনৰ অন্যতম উল্লেখযোগ্য আৱিষ্কাৰ।

 তেনে এক ক্ষণতেই এডিছনৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ নিক’লা টেছলা৷ টেছলাৰ লগত আছিল তেওঁ প্ৰস্তুত কৰা মটৰৰ এখন নক্সা৷ এইখিনিতে দুটা উল্লেখ কৰিবলগীয়া কথা। এডিছন আৰু তেওঁৰ কোম্পানীয়ে যিমানবোৰ বৈদ্যুতিক আহিলা-সঁজুলি নিৰ্মাণ কৰিছিল, সেই সমূহ আহিলাক চালিত কৰা হৈছিল একমুখী প্ৰৱাহৰ জৰিয়তে -যাক ইংৰাজী ভাষাত Direct Current বুলি কোৱা হয় আৰু যাক সংক্ষিপ্ত ৰূপত D.C. বুলি জনা যায়। এডিছনে আৱিষ্কাৰ কৰা বিজুলী-বাঁতিটো জ্বলিবলৈও প্ৰয়োজন হৈছিল একমুখী প্ৰৱাহৰ। কিন্তু বৰ্তমান যুগত সকলো বৈদ্যুতিক সামগ্ৰী পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত হয়। যাক ইংৰাজী ভাষাত Alternating Current অৰ্থাৎ A.C. বুলি জনা হয়। সাধাৰণতে D.C. আৰু A.C. সংক্ষিপ্ত নাম দুটাহে প্ৰচলিত আৰু

জনপ্ৰিয়। এডিছনৰ নেতৃত্বত আৰম্ভ হোৱা বিদ্যুৎ যোগান প্ৰক্ৰিয়াটো মূল চালিকা শক্তি আছিল D.C.৷ মানুহে A.C.ৰ নাম-গোন্ধয়েই শুনা নাছিল। কিন্তু টেছলাই উপলব্ধি কৰিছিল-D.C. জৰিয়তে বিদ্যুৎ পৰিবহন আৰু বিতৰণ কৰাৰ প্ৰক্ৰিয়াটো সুফলদায়ক নহয়। আৰ্থিক আৰু কাৰিকৰী দুয়োটা পৰ্যায়তে লোকচান হয়। কম দূৰত্বৰ পৰিবহনৰ বাবেই উৎপাদনস্থলী আৰু উপভোক্তাৰ মাজত D.C.ৰ কেইবাটাও উৎপাদনকেন্দ্ৰ স্থাপন কৰিবলগা হৈছিল। D.C.ৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন কৰিবলৈ যাওঁতে লোকচানৰ পৰিমাণ হৈ পৰিছিল অস্বস্তিদায়ক। D.C.ৰ আটাইতকৈ অসুবিধাটো আছিল- D.C.ত বিদ্যুৎ প্ৰৱাহৰ ৰূপান্তৰণ সম্ভৱ নহৈছিল। এটা দিশত প্ৰৱাহিত হোৱাৰ কাৰণেই ইয়াৰ নাম একমুখী প্ৰৱাহ। কিন্তু A.C. আছিল ইয়াৰ ওলোটা। A.C.তে। বিদ্যুতৰ সোঁত ধনাত্মক আৰু ঋনাত্মক-এই দুয়োটা দিশতে পৰিৱৰ্তিত হৈ আকে। তদুপৰি A.C. ব্যৱস্থাত ট্ৰেন্সফৰ্মাৰৰ জৰিয়তে বিদ্যুৎ প্ৰৱাহৰ মান কমাই

বিভৱ ভেদৰ পৰিমাণ বঢ়াব পাৰি, অথবা ইয়াৰ

৬৭