পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মগজুৰ অপৰিসীম শক্তিৰে অন্বেষণ কৰে৷ তাৰপিছত সংগ্ৰহিত তথ্যৰাজিৰ সমস্ত ভাণ্ডাৰ এটা অত্যাধুনিক ছুপাৰ কম্পিউটাৰ নিৰ্মাণ কৰে। কম্পিউটাৰটোৰ সমস্ত তথ্য এটা ক’লা বৰণীয়া সৰু ফ্লেছ ড্ৰাইভত জমা কৰি সৰ্বশেষত প্ৰফেছাৰ ছেমুৱেল নৰমানৰ হাতত সেইটো অৰ্পণ কৰে। তাৰপিছত লুচি অদৃশ্য হৈ পৰে৷ ড্ৰাগ মাফিয়া মিষ্টাৰ জেঙক সিপুৰীলৈ পঠিয়াই কোঠালৈ সোমাই অহা আৰক্ষী বিষয়াজনে যেতিয়া “Where is lucy?” বুলি প্ৰশ্ন কৰে, তেতিয়া তেওঁৰ ম’বাইলত দৃশ্যমান হয়-“ I am everywhere.” (I) তাৰপিছত নেপথ্যত প্ৰতিধ্বনিত হয় লুচিৰ কণ্ঠ-“Life was given to us a billion years ago. Now you know what to do with it.” থুলমূলকৈ এইয়াই হৈছে লুচিৰ কাহিনী।

 মুখ্য অভিনেত্ৰী স্কাৰলেট জোহানচনৰ অনবদ্য অভিনয়, দুৰন্তভাৱে গতিশীল চিত্ৰনাট্য,চমৎকাৰী কম্পিউটাৰ গ্ৰাফিক্স, প্ৰযুক্তিৰ প্ৰশংসনীয় প্ৰয়োগ,একশ্যনৰ দৃশ্যৰ দৃষ্টিনন্দন উপস্থাপন- এইবোৰ হৈছে ছবিখনৰ চালিকাশক্তি। ছবিখনৰ মূল বিষয়বস্তুয়ে সচেতন দৰ্শকৰ মনত কেতবোৰ কৌতূহলমিশ্ৰিত বিভ্ৰান্তি সৃষ্টি কৰিছে যদিও সেই বিভ্ৰান্তিৰ বিষয়ে (ৱিকিপিডিয়াত উপলব্ধ 10 percent of the brain myth শীৰ্ষক লেখাটি আগ্ৰহীজনে পঢ়িব পাৰে।) অধিক সুস্থিৰ গৱেষণা, মনোজ্ঞ আলোচনা কৰাৰ থল আছে। কেতিয়াবা একোটা বিতৰ্কইও সমাজলৈ যুগান্তকাৰী চিন্তাৰ সোঁত বোৱাই আনিব পাৰে৷ ‘লুচি’ নামৰ বিশেষ চিনেমাখন তেনে এক চিন্তামুখী যাত্ৰাৰেই পথপ্ৰদৰ্শক হওক।

২২