পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৱেষণা আৰম্ভ কৰে। অৱশ্যে এডিংটনে গৱেষণাত আকাংক্ষিত ফল নাপালে।

 এডিংটনৰ জীৱনৰ এটা সোণালী অধ্যায়ৰ সূচনা ঘটাইছিল জ্যেষ্ঠ সহকৰ্মী ই.টি হুইটেকাৰে (E. T. Whittaker)। তেওঁ গ্ৰীণৱিছ ৰয়েল বীক্ষণাগাৰলৈ এখন পৰামৰ্শসূচক পত্ৰ প্ৰেৰণ কৰিছিল যত এডিংটনৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছিল আৰু বীক্ষণাগাৰৰ এটা বিশেষ পদত এডিংটনক মকৰল কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। পত্ৰত উল্লিখিত ব্যক্তিজনৰ কৰ্ম, পাণ্ডিত্যৰ গুৰুত্ব উপলব্ধি কৰি বীক্ষণাগাৰত এডিংটনক নিয়োজিত কৰা হ'ল।

 ১৯০৬ চনত এডিংটনে ৰয়েল গ্ৰীণৱিছ বীক্ষণাগাৰৰ মুখ্য সহকাৰীৰ পদত নিযুক্তি পালে। এডিংটনে পৰৱৰ্তী মাহতে গ্ৰীণৱিছলৈ ৰাওনা হ’ল। ১৯০০ চনতে আৰম্ভ হোৱা এটা বিশেষ বিষয়ত এডিংটনে বিস্তৰ অধ্যয়ণ আৰ বিশ্লেষণ কৰাত লাগিল। এই অধ্যয়নৰ অন্তত উদ্ভাৱন কৰা নতুন পাৰিসাংখ্যিক প্ৰক্ৰিয়াটোৰ বাবে ১৯০৭ চনত এডিংটনক ‘স্মিথ’ পুৰস্কাৰেৰে সন্মানীত কৰা হয়।

 ১৯১২ চনত জৰ্জ ডাৰউইন(চাৰ্লছ ডাৰউইনৰ পুত্ৰ)ৰ আকস্মিক মৃত্যুৰ পিছত এডিংটনক সেই পদলৈ পদোন্নতি ঘটে। এডিংটন হৈ পৰিল জ্যোতিৰ্বিজ্ঞান অৰুি পৰীক্ষামূলক দৰ্শনৰ ‘প্লুমিয়ান অধ্যাপক’ (Plumian Professor of Astronomy and Experimental Philosophy) সেই সময়ত এডিংটনৰ বয়স আছিল ২৫ বছৰ। সেই বছৰৰে শেষৰফালে তাত্ত্বিক ‘ল’নডিন আসন’ (Theoretical Lowndean Chair)ত কাৰ্যনিৰ্বাহ কৰি থকা ৰবাৰ্ট বলৰো পৰলোকপ্ৰাপ্তি হয়। আৰু তাৰ ঠিক পিছৰটো বছৰতেই এডিংটন হৈ পৰিল কেমব্ৰিজ বীক্ষণাগাৰৰ সঞ্চালক (Director)।

 এডিংটনে জীৱনকালত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছিল। ১৯১৪ চনত এডিংটন ৰয়েল ছ’ছাইটিৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ১৯১৮ চনত ৰয়েল মেডেল লাভ কৰে। ১৯৩০ চনত এডিংটনক ‘নাইট’ সন্মানেৰে বিভূষিত কৰা হয়। ১৯৩৮ চনত প্ৰদান কৰা হয় ‘অৰ্ডাৰ অৱ মেৰিট’ বঁটা। ‘ষ্টেলাৰ মুভমেণ্টচ্ এও ষ্ট্ৰাকচাৰ অৱ দ্য ইউনভাৰচ’, ‘দা নেইচ্চাৰ অৱ দ্য ফিজিকেল ৱৰ্ল্ড’,

১০