পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আপেক্ষিকতাবাদৰ তত্ত্বৰ ধাৰণাক সন্মিলিত কৰি এটা যুগান্তকাৰী নতুন ধাৰণা বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ অসামান্য কামটোত। সেইজন এডিংটন এইবাৰ আগুৱাই আহিল চন্দ্ৰশেখৰৰ দ্বাৰা আৱিষ্কৃত ধাৰণাটোক সমৰ্থন কৰিবলৈ। কেৱল সমৰ্থন কৰাতে ক্ষান্ত নাথাকি এডিংটনে অশ্বিাস দিলে যে ৰয়েল ছ’ছাইটিৰ সভাত তেওঁ চন্দ্ৰশেখৰৰ মতটোক ৰাজহুৱা কৰিব। স্বাভাৱিকতেই এইয়া আছিল চন্দ্ৰশেখৰৰ বাবে পৰম আনন্দ আৰু সীমাহীন সুখৰ বতৰা।

 অৱশেষত সেই দিনটো আহিল৷ ১৯৩৫ চনৰ ১১ জানুৱাৰী। ৰয়েল ছ’ছাইটিৰ ভব্য-গব্য সন্মানীয় অতিথিবৃন্দৰ সন্মুখত নিজৰ মত যুক্তিসহকাৰে উপস্থাপন কৰি চন্দ্ৰশেখৰ নিজৰ আসনত বহিল। এতিয়া মাথোঁ অপেক্ষা মহান এডিংটনে তেওঁৰ মতক স্বীকৃতি দিয়া মুহূৰ্তটোলৈ। অধীৰ আগ্ৰহ আৰু ব্যাকুলতাৰে চন্দ্ৰশেখৰে এডিংটনৰ ঘোষণালৈ অপেক্ষা কৰিলে। পিছে চন্দ্ৰশেখৰৰ গভীৰ আশা আৰু ইচ্ছাক চূড়ান্তভাৱে অপমান কৰি এডিংটনে সংঘটিত কৰিলে এনে এটা নাভ্ৰুত-নাশ্ৰুত কাণ্ড, যিটো কণ্ডি দেখি চন্দ্ৰশেখৰ হতবাক-বিস্মিত হৈ পৰিল। এইয়া যে তেওঁৰ সপোনৰো অগোচৰ! চন্দ্ৰশেখৰৰ ধাৰণাটোক স্বীকৃতি দিয়াতো দূৰৰে কৰা, এডিংটনে চন্দ্ৰশেখৰৰ ধাৰণাটোৰ মৰ্মাৰ্থকো দ্ব্যৰ্থহীন ভাষাৰে নাকচ কৰিলে। চন্দ্ৰশেখৰৰ ধাৰণাক তেওঁ পোনছাটেই কাল্পনিক, অসত্য বুলি কৈ উঠিল আৰু কৃষ্ণগহ্বৰৰ সমস্ত ধাৰণাক নস্যাৎ কৰিলে। তাৰ পৰিৱৰ্তে এডিংটনে বিশাল আকৃতিৰ এটা তৰা কেনেকৈ আৰু কিদৰে অদৃশ্য হৈ পৰিব পাৰে বুলি জোৰদাৰ প্ৰশ্নহে উত্থাপন কৰিলে৷ যদিও এডিংটনৰ বক্তব্য অতিৰঞ্জিত আৰু আৱেগসৰ্বস্ব আছিল, যদিও তেওঁৰ বক্তব্য ক্ষোভ আৰু যুক্তিহীনতাৰ বিস্ফোৰণ আছিল, তৎসত্ত্বেও ৰয়েল ছছাইটিৰ সদস্যসকলে এডিংটনৰ মতক প্ৰতিহত কৰিবলৈ আগবাঢ়ি অহা নাছিল। কিয়নো সেই সময়ত এডিংটনেই আছিল সৰ্বেসৰ্বা। গতিকে খ্যাতি আৰু যশস্যৰ উচ্চাসনত বহি থকা এইজন এডিংটনৰ অনাকাংক্ষিত, অবাঞ্ছিত বিস্ফোৰণে চন্দ্ৰশেখৰৰ দীৰ্ঘদিনীয়া সপোনটো লম্ফজম্ফ কৰি পেলালে।

 চন্দ্ৰশেখৰ আৰু এডিংটনৰ মাজত এই বহুচৰ্চিত বিতৰ্কৰ অৱসান হওঁতে ভালেমান দিন লাগিছিল। নিৰ্দিষ্ট সময়ৰ অন্তৰালত দুয়োজন একোখন বৌদ্ধিক তৰ্কযুদ্ধত লিপ্ত হৈছিল। কিন্তু কোনোদিনেই স্থায়ী সমাধান ওলোৱা নাছিল। সেই ঘটনাৰ চাৰি বছৰৰ পিছত, পেৰিছত হোৱা এটা সাক্ষাতত এডিংটনে দাবী কৰিলে যে- এডিংটন আৰু

১২