পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এলিছাৰ সৈতে এৰাএৰি, আপেক্ষিকতাবাদৰ তত্ত্বৰ সত্য প্ৰতিষ্ঠিত হোৱাৰ পিছতে আইনষ্টাইনৰ জীৱনলৈ এলিছাৰ পুনৰাগমন আইনষ্টাইনৰ প্ৰত্যাহ্বানপূৰ্ণ পাৰিবাৰিক জীৱনৰ মিলন-সংঘাত-বিৰহক একাদিক্ৰমে ছবিখনত দেখুউৱা হৈছে। বিজ্ঞানী মেক্স প্লেংকৰ লগত আইনষ্টাইনৰ বন্ধুত্বসুলভ সম্পৰ্ককো ছবিখনত চিত্ৰিত কৰা হৈছে। প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাময় জাৰ্মানীৰ খ্যাতনামা বিজ্ঞানীসকলৰ স্বাক্ষৰসম্বলিত “Manifesto to the Civilized World” শীৰ্ষক জাননীখনত আইনষ্টাইনে স্বাক্ষৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ কথাটো সৰ্বজনবিদিত; যিখন জাননীত ৯৩জন আগশাৰীৰ মানুহে জাৰ্মানীৰ সামৰিক বাহিনীৰ সিদ্ধান্ত আৰু কাৰ্যকলাপৰ সন্মতি জনাই সমৰ্থনসূচক স্বাক্ষৰ কৰিছিল। যুদ্ধত ব্যৱহাৰাৰ্থে আইনষ্টাইনৰ এদল সতীৰ্থই এক বিষাক্ত গেছ (Poison Gas) তৈয়াৰ কৰিছিল যিটো কথা আইনষ্টাইনে মুঠেই পছন্দ কৰা নাছিল আৰু বিজ্ঞানক হত্যা কৰাৰ দৰে অপকাৰী কামত প্ৰয়োগ কৰা হৈছে বুলি ক্ষোভ উজাৰিছিল। মেক্স প্লেংক, ফ্ৰিজ হাৰ্বাৰকে ধৰি কেইবাজনো জ্যেষ্ঠ ব্যক্তিয়ে কমন ৰূমত বহি আলোচনাত মগ্ন হৈ থকা অৱস্থাত আইনষ্টাইনে উন্মাদৰ দৰে প্ৰৱেশ কৰিছিল আৰু মেজত ঢকিয়াই ঢকিয়াই বিষাদজৰ্জৰ কণ্ঠেৰে প্ৰশ্ন কৰিছিল-“এইবোৰ কি পগলামি”? (What is this madness?) কোৱাটো নিষ্প্ৰয়োজন, এনেবোৰ ব্যতিক্ৰমী স্বভাৱ আৰু কল্যাণকামী চিন্তাধাৰাই আইনষ্টাইনক আন বিজ্ঞানীসকলৰ পৰা পৃথক কৰে। যদিও আইনষ্টাইনৰ পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ পথছোৱা একাঁ-বেঁকা, সংঘাতেৰে পৰিপূৰ্ণ, তথাপিও স্বীকাৰ কৰিব লাগিব আইনষ্টাইন শিশুৰ দৰে কোমল মন এটাৰ গৰাকী আছিল। বিজ্ঞানৰ জটিল আৱেষ্টনীৰ মাজত আৱদ্ধ হৈও আইনষ্টাইনৰ দৃষ্টিভংগী আছিল সৰল, উদাৰ আৰু জীৱনমুখী। আইনষ্টাইনে এটা সুনিৰ্দিষ্ট আৰু পৰিকল্পিত জীৱন-দৰ্শনত বিশ্বাস কৰিছিল আৰু কোনোপধ্যেই নিজ আদৰ্শ-নীতিৰ লগত আপোচ কৰিবলৈ আগ্ৰহী নাছিল। উল্লেখনীয় যে, এলিছাৰ দ্বাৰা প্ৰত্যাখিত হৈ হতাশগ্ৰস্ত প্ৰেমিকৰ দৰে মাজৰাস্তাৰে ধলংপলঙকৈ খোজ কাঢ়ি গৈ থাকোঁতেই আইনষ্টাইনৰ চিন্তাজগতত আৱদ্ধ হৈছিলহি আপেক্ষিকতাবাদ সম্পৰ্কীয় এটা চমৎকাৰী ধাৰণা। পথৰ ওপৰেৰে ভিন্ন গতিৰে গৈ থকা গাড়ীবোৰৰ বিসদৃশ আৰু একা-বেঁকা গতিৰ দৃশ্যই বিষাদগ্ৰস্ত আইনষ্টাইনৰ চকুহাললৈ হঠাতে কঢ়িয়াই আনিছিল বিস্ময়মিশ্ৰিত পৰম আনন্দ। ততালিকে আৰ্থাৰ এডিংটনৰ পৰা অহা এখন প্ৰশ্নসূচক চিঠিৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিলে আইনষ্টাইনে। দিনৰাতি কামত নিমজ্জিত হৈ আইনষ্টাইনে মেক্স প্লেংকৰ হতুৱাই সেই চিঠিখন এডিংটনলৈ প্ৰেৰণ কৰিছিল। আৰু সেই চিঠিখনক ভেটি হিচাপে লৈয়েই এডিংটনে পশ্চিম আফ্ৰিকাৰ অভিযানটোৰ পৰিকল্পনাৰ যুগুত কৰিছিল। আপেক্ষিকতাবাদৰ তত্ত্ব সম্বন্ধীয় ধাৰণাটোক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ আইনষ্টাইনে অমানুষিক শ্ৰম কৰিছিল আৰু ইয়াৰ পৰিণতিত তেওঁ দেহত ৰোগে বেমাৰে বাহ লৈছিল৷ সেইসময়ত তেওঁৰ কাষত প্ৰেমিকা এলিছাও নাছিল। নিজৰ কাম শেষ কৰিয়েই আইনষ্টাইনে পুনৰ প্ৰাক্তন পত্নী মিলেভাৰ কাষলৈ গৈছিল। ৰুগ্ন দেহাৰে জধলা আইনষ্টাইনক পৰিচৰ্যা কৰাত ব্যস্ত হৈ পৰা মিলেভাই আইনষ্টাইনক কৈছিল-“Your work has made you ill. I hope what you have been doing is worth all this sacrifice.” প্ৰত্যুত্তৰত আইনষ্টাইনৰ মুখৰ পৰা ওলাইছিল কেইশাৰীমান অবিস্মৰণীয় জীৱনমুখী বাক্য যিকেইশাৰী বাক্য আইনষ্টাইন নামৰ মানুহজনৰ কষ্টসহিষ্ণুতা,

১৪