পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাধা-নিষেধ ওফৰাই তেওঁ নিজ লক্ষ্যাভিমুখে খোজ কাঢ়ি থাকিল। আৰু এদিন তেওঁ লক্ষ্যত উপনীত হ’ল। জীৱনে তেওঁৰ শিৰত বিজয়ৰ গৌৰৱোজ্জ্বল মুকুট পিন্ধালে। পৃথিৱীৰ লক্ষ-লক্ষ সাধাৰণ মানুহৰ বাবে এই মানুহজন মুহূৰ্ততে হৈ উঠিল অসাধাৰণ। তেওঁৰ অদম্য মনোবল আৰু অপ্ৰতিৰোধ্য ইচ্ছাশক্তি হৈ পৰিল বিশ্ববাসীৰ বাবে অপাৰ বিস্ময় তথা অন্তহীন কৌতূহলৰ বিষয়।

 আধুনিক পৃথিৱীৰ অগণন মানুহৰ মনত আশ্বৰ্য তথা বিস্ময়ৰ জোৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা তেনে এক অসাধাৰণ ব্যক্তি হ’ল জগদ্বিখ্যাত বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙ। এইজন মহান বিজ্ঞানী হকিঙৰ চিৰ-জ্যোতিস্মান বৰ্ণময় জীৱন- পৰিক্ৰমাক অন্যতম উপজীৱ হিচাপে লৈ নিৰ্মিত সমাদৃত ছবি ‘দা থিয়ৰি অৱ এভ্‌ৰিথিং (The Theory of Everything)-এ মহান বিজ্ঞানীজনৰ কৰ্ম, জীৱন আৰু সাধনাৰ প্ৰতি আমাক পুনৰবাৰ কৰি তুলিলে শ্ৰদ্ধাশীল আৰু মৰ্মে মৰ্মে উপলব্ধি কৰালে অক্লান্ত আশীৰ্বাদ আৰু অপৰাজেয় জীৱনপ্ৰেমেৰে পৰিপূৰ্ণ হকিঙৰ এষাৰ অবিস্মৰণীয় -“While there is life, there is hope." (য’তেই জীৱন, ত’তেই আশা।)

 শ্ৰেষ্ঠ অভিনেতাৰ শিতানত অস্কাৰকে ধৰি অইন একাধিক বঁটা-সন্মানেৰে সন্মানীত, মনোনীত ছবিখন পৰিচালনা কৰিছে জেমছ মাৰ্শ্বে। ষ্টিফেন হকিঙৰ জীৱনৰ প্ৰথম প্ৰেম তথী পত্নী জেন ৱাইল্ড হকিঙে লিখা “Travelling to Infinity: My Life with Stephen”ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য লিখিছে এন্থনি মেককাৰ্টনে। ছবিখনৰ মুখ্য চৰিত্ৰত এডি ৰেডমেইনে হৃদয়স্পৰ্শী আৰু নিখুঁত অভিনয় কৰি চলচ্চিত্ৰপ্ৰেমীৰ হৃদয়ত সন্মানীয় আসন দখল কৰিবলৈ সক্ষম হৈছে। হকিঙৰ ব্যক্তিত্বটোক যথোপযুক্ত মৰ্যাদা প্ৰদান কৰিবলৈ অভিনেতা ৰেডমেইনৰ আন্তৰিক প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ জেন ৱাইল্ডৰ ভূমিকাত অৱতীৰ্ণ হোৱা ফেলিছিটি জ’নছৰ অভিনয়ো ছবিখন জীৱন্ত হৈ উঠিছে।

৫৫