পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰ্মজীৱনৰ পাতনি মেলে। টেছলাক বিজুলী-বাঁতি সংযোগ কৰাৰ (বৈদ্যুতিকীকৰণ) গুৰু দায়িত্ব অৰ্পণ কৰা হয়। বৈদ্যুতিকীকৰণৰ এই কামটোৱেই টেছলাৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰালটো টনকিয়াল কৰে বুলি ক'ব পাৰি। টেছলাৰ উদ্যম আৰু একাগ্ৰতাই কোম্পানীৰ উচ্চবৰ্গীয় সদস্যসকলক যথেষ্ট প্ৰভাৱান্বিত কৰে আৰু তেওঁলোকে টেছলাক ডাইনাম’ আৰু মটৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণৰ কামত নিয়োগ কৰে।

 ১৮৮৪ চন। বোধহয় টেছলাৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সময়। কাৰণ সেইবছৰতে টেছলা মুখামুখি হয় সেই সময়ৰ পৃথিৱীৰ বহুচৰ্চিত আৰু প্ৰভাৱশালী ব্যক্তি টমাছ আলভা এডিছনৰ। পেৰিচত চলি থকা সমস্ত কামৰ নিৰীক্ষক তথা এডিছন কোম্পানীৰ মেনেজাৰ চাৰ্লছ বেট্‌চেলেৰক

সেইবছৰ আমেৰিকাৰ নিউ ইয়ৰ্কস্থিত ‘এডিছন মটৰ ৱৰ্কছ’ৰ কাম-কাজ চোৱা-চিতা কৰিবলৈ মাতি পঠিউৱা হয়। বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞানেৰে ইতিমধ্যেই টেছলা এডিছনৰ কোম্পানীত সামান্য জনপ্ৰিয় হৈ উঠিছিল। কৰ্মৰ জৰিয়তে আহৰণ কৰা সেই সামান্য খ্যাতিয়েই টেছলাৰ বাবে এখন নতুন দুৱাৰ খুলি দিলে মেনেজাৰ চাৰ্লছ বেট্‌চেলেৰৰ লগত এতিয়া নিক’লা টেছলাকো নিউ ইয়ৰ্কস্থিত কোম্পানীলৈ আহিবলৈ নিৰ্দেশ দিয়া হ'ল। আৰু অৱশেষত ১৮৮৪ চনৰ জুন মাহত টেছলাই নিউ ইউৰ্কত পদাৰ্পণ কৰে।

 টেছলাই নিউ ইয়ৰ্কলৈ প্ৰব্ৰজন কৰা কলিছোৱাৰপৰাই ‘দা ছিক্ৰেট অৱ নিক’ল টেছলা’ৰ মূল কাহিনী আগবাঢ়িছে। অৱশ্যে ছবিখনৰ প্ৰাৰম্ভতে এটা সাক্ষাৎকাৰৰ দৃশ্য দেখুউৱা হয়। নিউ ইয়ৰ্কৰ হোটেলৰ এটা প্ৰায় অন্ধকাৰ কোঠাত বৃদ্ধ নিক’লা টেছলা আধা আন্ধাৰ-আধা পোহৰৰ মাজত এখন চকীত বহি থাকে। তেওঁৰ সন্মুখত বহি থকা ডেকা সাংবাদিকজনে টেছলাক কৰ্মময় জীৱন আৰু তেওঁৰ বিচিত্ৰ ব্যক্তিত্বৰ বিষয়ে একাধিক প্ৰশ্ন সোধে। প্ৰশ্নকালত টেছলাসম্পৰ্কীয় নানানটা অদ্ভুত তথ্য পোহৰলৈ আহে। কেইবাবছৰৰো আগতে মৃত্য হোৱা একালৰ সংগী ৱেষ্টিংহাউছ অৰুি মাৰ্ক টুৱেইনৰ লগত টেছলাই শেহতীয়াকৈ বাৰ্তালাপ কৰা বুলি স্বীকাৰোক্তি দিয়ে যি কথাই সাংবাদিকজনক হতবাক- বিস্মিত কৰে।

 যি সময়ত টেছলাই নিউ ইয়ৰ্কত ভৰি থৈছিলগৈ, সেই সময়ত বিজ্ঞানী এডিছনে তেওঁৰ নতুনকৈ আৱিষ্কাৰ কৰা পৰম বিস্ময়কৰ যন্ত্ৰটোৰ