পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱনৰ অন এক গুৰুত্বপূৰ্ণ দিশ। তৰ্কৰ বিষয়টো আছিল-গ্ৰামে ডাইনাম’। ডাইনাম’ হৈছে একমুখী প্ৰৱাহত চালিত হোৱা বিদ্যুৎ যান্ত্ৰিক যন্ত্ৰ। সাধাৰণতে এইলেখীয়া যন্ত্ৰত কমুটেটৰ (Commutator) নামৰ অংশ থাকে যি বিদ্যুৎ-চুম্বকীয় বৰ্তনীত উৎপন্ন হোৱা পৰিৱৰ্তী প্ৰৱাহক একমুখী প্ৰৱাহলৈ ৰূপান্তৰিত কৰে। টেছলাই যুক্তি দৰ্শাইছিল যে-এই যন্ত্ৰটোত ‘কমিউটেটৰ’ৰ ব্যৱহাৰ অনাৱশ্যক।

 শিক্ষাগ্ৰহণৰ তৃতীয় বৰ্ষত টেছলাৰ ছন্দপতন ঘটিল৷ নিক’লা টেছলাৰ মন-মগজুত জুৱাৰ আসক্তি লম্ভিল। জলপানিটো হেৰুউৱাৰ পিছত টেছলাই নিজৰ ভাট্টা আৰু টিউচনৰ সমস্ত টকাও জুৱাৰ নিচাই কাঢ়ি নিলে। যেতিয়া পৰীক্ষাৰ সময় সমাগত হ’ল, তেতিয়া অপ্ৰস্তুত টেছলাই পৰীক্ষা পিছুৱাই দিবলৈ অহ্বান জনালে। যাতে টেছলাই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে। কিন্তু টেছলাৰ এই কাতৰ আহ্বানৰ প্ৰতি বিদ্যালয় কতৃপক্ষই কাণসাৰ নিদিলে। ইয়াৰ ফলাফল হিচাপে টেছলাই বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভ নকৰিলে আৰু অন্তিম ষান্মানিকৰ বাবে নম্বৰো নাপালে।

 ১৮৭৮ চনৰ ডিচেম্বৰত টেছলাই পলিটেকনিক ত্যাগ কৰিবলৈ বাধ্য হয়। শিক্ষা- জীৱনত সংঘটিত এই গুৰুতৰ বিসংগতিৰ কথা ঘৰৰ মানুহে যাতে গম নাপায়, তাৰ বাবে টেছলাই ঘৰৰ মানুহৰ পৰা আত্মগোপন কৰে। শিক্ষা আধাতে সামৰি টেছলা বৰ্তমানৰ শ্ল’ভেনিয়া আৰু তেতিয়াৰ ‘ম’ৰিবৰ’ নামে ঠাইলৈ যায়। ইয়াতে টেছলাই নক্সাকাৰ (draftsman) হিচাপে কাম কৰে।

 পুত্ৰক বিচাৰি ১৮৭৯ চনৰ মাৰ্চত দেউতাক মিলুটিন ম’ৰিবৰত উপস্থিত হয়। কিন্তু দেউতাকৰ কাতৰ প্ৰাৰ্থনাক অগ্ৰাহ্য কৰি পুত্ৰ টেছলাই ম’ৰিবৰতে থকাৰ সিদ্ধান্ত লয়। সেইছোৱা সময়তে টেছলা এক স্নায়ৱিক বিজুতিৰ সন্মুখীন হয় যদিও সৌভাগ্যবশতঃ টেছলাৰ প্ৰাণ ৰক্ষা পৰে। তাৰ পিছৰ মাহতে দেউতাক মিলুটিনৰ ষাঠি বছৰ বয়সত মৃত্যু হয়।

 পিতাকৰ মৃত্যুৰ পিছত যুৱক টেছলাই ১৮৮০ চনত ‘প্ৰাগ’লৈ গমন কৰে। (দুজন খুড়ীয়েকৰ পৰা টেছলাই আৰ্থিক সাহায্য লাভ কৰে।) এই যাত্ৰাৰ উদ্দেশ্য আছিল আধৰুৱা শিক্ষা সমাপ্ত কৰা। বিলম্বিত পদাৰ্পণৰ বাবে ‘প্ৰাগ’ৰ চাৰ্লছ-ফাৰ্দিনাও বিশ্ববিদ্যালয়ত টেছলাই নামভৰ্তি কৰিব নোৱাৰিলে। তদুপৰি টেছলাই গ্ৰীচ আৰু ‘চেক’ (Czech) ভাষাৰো ভূ-ভা নাপাইছিল, যিকেইটা ভাষা পাঠ্যক্ৰমৰ বাবে নিতান্তই আৱশ্যকীয় আছিল। শেষত সেইখন বিশ্ববিদ্যালয়ৰ এজন অডিটৰ হিচাপে (auditor) হিচাপে নিযুক্ত হৈ টেছলাই অধ্যাপকৰ বক্তৃতাসমূহ শুনাৰ সুযোগ লাভ কৰিলে।

 পৰৱৰ্তী বছৰত অৰ্থাৎ ১৮৮১ চনত টেছলাই বুডাপেষ্টত থকা ’চেণ্ট্ৰেল টেলিগ্ৰাফ অফিচ’ত নক্সাকাৰ হিচাপে কাম কৰে। তাৰ ঠিক কেইটামান মাহৰ পিছতেই তেওঁৰ কৰ্মস্থলীৰ ঠিকনা সলনি হয়। টেছলাই ’বুডাপেষ্ট টেলিফোন এক্সচেঞ্জ’ত মুখ্য ইলেক্ট্ৰিচিয়ানৰ পদত সংস্থাপিত হয়। এক্সচেঞ্জৰ মালিক হ’ল টিভাদাৰ পুছকাছ (Tivadar Puskas)। কাৰ্যনিৰ্বাহৰ সময়ছোৱাত টেছলাই টিভাদাৰ পুছকছি মালিকানাধীন প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ বিকাশ সাধন কৰে৷

 ১৮৮২ চনত টেছলাই পেৰিছস্থিত টমাছ আলভা এডিছনৰ বিখ্যাত ‘এডিছন’ কোম্পানীত চাকৰি কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰে। এই সুযোগটো প্ৰদান কৰে এক্সচেঞ্জৰ মালিক টিভাদাৰ পুছকাছে। এডিছন কোম্পানীৰ 'Société Electrique Edison' শাখাতেই টেছলাই নতুন

৬৫