পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূমিকা আছে। ৰাজহৰ কাৰ্যালয়ত চাকৰি এটা বিচাৰি যেতিয়া ৰামানুজনে তেওঁৰ টোকাবহীখন আয়াৰক দেখুৱাইছিল, তেতিয়া ৰামাস্বামী আয়াৰত পৰম বিস্ময়ত হতভম্ব হৈ পৰিছিল। পিছত তেওঁ মন্তব্য কৰিছিল-“টোকবিহীত সন্নিৱিষ্ট হোৱা অংকৰ অসাধাৰণ ফলাফলসমূহে মোক শিহৰিত কৰিছিল। ৰাজহ বিভাগৰ তল খাপৰ এটা চাকৰিত নিয়োগ কৰি এইজন জিনিয়াছক সীমিত কৰি ৰাখিবলৈ মোৰ মন নাছিল।”

 ‘মন নথকা’ৰ কাৰণেই দূৰদৃষ্টিসম্পন্ন ৰামাস্বামী আয়াৰে ৰামানুজনৰ প্ৰতিভা আৰু দক্ষতাৰ বিষয়ে সমাজক জনাবলৈ, ৰামানুজনৰ ঈশ্বৰপ্ৰদত্ত প্ৰতিভাৰ বিষয়ে চৌদিশে প্ৰসাৰ কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছিল। ৰামানুজনৰ হাতত এখন পৰিচয়মূলক চিঠি চমজাই তেওঁৰ বন্ধুমহলৰ কাষলৈ পঠিয়াইছিল। সেই সূত্ৰেই ৰামানুজনৰ প্ৰতিভাই মন্ত্ৰমুগ্ধ কৰিছিল ভাৰতীয় গাণিতিক সমাজৰ সম্পাদক পি. ৰামচন্দ্ৰ ৰাওক। অৱশ্যে সন্মোহনৰ সেই চাৱনিত সামান্য সংশয়ৰ ভাৱো আছিল৷ পিছে অংকৰ একাধিক বিষয়ত ৰামানুজনৰ অবাধ বিচৰণ আৰু পুঙ্খানুপুঙ্খ বিশ্লেষণ যেতিয়া মানুহজনে স্বচক্ষে প্ৰত্যক্ষ কৰিলে;তেতিয়া ৰাওৰ মনত থকা ৰামানুজন-কেন্দ্ৰিক সংশয়ৰ ভাৱ অন্তৰ্হিত হ'ল। ভাৰতীয় গাণিতিক সমাজৰ এই দুজন ব্যক্তি যথাক্ৰমে ৰামাস্বামী আয়াৰ আৰু ৰামচন্দ্ৰ ৰাওৰ সহযোগিতা আৰু তত্ত্বাৱধানত থাকিয়েই ৰামানুজনে নিজৰ গাণিতিক যাত্ৰা চলাই গ'ল আৰু ’ভাৰতীয় গাণিতিক সমাজ’ৰ আলোচনীত প্ৰবন্ধ প্ৰকাশিত কৰিবলৈ ধৰিলে। প্ৰকাশিত এটা উল্লেখযোগ্য নিবন্ধ আছিল ’বাৰ্ণোলি সংখ্যাৰ কিছুমান ধৰ্ম’ (Some properties of Bernoulli Numbers)৷

 ১৯১২ চনৰ পহিলা মাৰ্চত মাহিলী ত্ৰিশ টকাৰ বিনিময়ত ৰামানুজনে তৃতীয় বৰ্গৰ এজন কেৰাণী হিচাপে নিযুক্তি লাভ কৰে, মাদ্ৰাছ প’ৰ্ট ট্ৰাষ্টত। এই চাকৰিটো পোৱাত ৰামানুজনক সহায় কৰিলে প্ৰেডিডেন্সী কলেজৰ অংকৰ অধ্যাপক ই.ডব্লিউ.মিডলমাষ্টে। কাৰ্যালয়ত ৰামানুজন অত্যন্ত কৰ্ম-তৎপৰ আৰু বিচক্ষণ আছিল। খুব কম সময়ৰ ভিতৰতে নিজৰ কাৰ্যালয়ৰ কাম সমাপ্ত কৰি ৰামানুজনে আজৰি সময়খিনি কটাইছিল অংকৰ মাজত।

 ১৯১৩ চনত ৰামানুজনৰ গাণিতিক প্ৰতিভাৰ বিষয়ে ব্ৰিটেইনৰ বিদ্বান সমাজক জনোৱাৰ যো-জা চলিল। যো-জা চলালে ই.ডব্লিউ, মিডলমাষ্ট, ৰামচন্দ্ৰ

৪২