পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সময়ৰ ভিতৰতে জনাথনে তেওঁৰ স্বভাৱসুলভ সহৃদয়তা আৰু উদাৰ মানৱতাবাদী দৃষ্টিভংগীৰে সকলোৰে মন মুহি পেলালে। মন মুহিলে জেনৰো। ক’ৰবাত অন্তৰ্হিত হোৱা জীৱনৰ প্ৰতি সেই কৌতূহল, সেই আকৰ্ষণ, সেই মৰম-আকলুৱা অনুভূতিবোৰে জেনে আৱিষ্কাৰ কৰিলে জনাথন নামৰ পুৰুষজনৰ ভিতৰত। জেনৰ অন্যতম সহায়কাৰীৰ ৰূপত অৱতীৰ্ণ হ’ল জনাথন জ’নছ।

 কিন্তু ষ্টিফেন আৰু জেনৰ জীৱনৰ পৰা জনাথনে বিদায় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল যেতিয়া তৃতীয়টো সন্তানৰ জন্মৰ পিছত ষ্টিফেনৰ মাতৃৰ মুখত জনাথনে এটা তিক্ততাপূৰ্ণ প্ৰশ্ন শুনিছিল। অশেষ চেষ্টা কৰিও জেনে তেওঁক ৰখাব নোৱাৰিলে। ষ্টিফেনৰ অনুৰোধক্ৰমেহে জনাথন পুনৰ জেনৰ কাষলৈ আহে।

 ষ্টিফেন হকিঙৰ জীৱনৰ এছোৱা কঠিন সময়ৰ আৰম্ভণি হ’ল বৰডিউক্সৰ এটা বিশাল প্ৰেক্ষাগৃহত অপেৰা চাই থাকোঁতে। ষ্টিফেনে মুখলৈ নিয়া ৰুমালখনত তেজৰ দাগ পৰিলক্ষিত কৰাৰ পিছত তেওঁক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰীক্ষাত ধৰা পৰে, ষ্টিফেনৰ নিউমনিয়া হৈছে। জেনক খবৰ দিয়া হ’ল। পত্নী জেনৰ পৰা অনুমতি লৈ চিকিৎসকে ষ্টিফেনৰ অস্ত্ৰোপচাৰ কৰিলে। ইয়াৰ অন্যথা হকিঙৰ মৃত্যু অৱধাৰিত। অস্ত্ৰোপচাৰৰ ফলত ষ্টিফেনে বাক্‌শক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলালে।

 ষ্টিফেনৰ পৰিচৰ্যা কৰিবলৈ এইবাৰ এগৰাকী নাৰ্ছক নিয়োগ কৰা হ’ল। নাম তেওঁৰ ইলেইন। যিখন কালজয়ী গ্ৰন্থৰ বাবে ষ্টিফেন হকিঙক সমগ্ৰ বিশ্বই চিনি পায়, সেইখন গ্ৰন্থ ‘এ ব্ৰিফ হিষ্টৰি অৱ টাইম’ লিপিবদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এইগৰাকী ইলেইনে। উল্লেখনীয় যে, একেৰাহে ২৩৭ টা সপ্তাহৰ বাবে এই কিতাপখনে ব্ৰিটিছ চানডে’ টাইমছত বেষ্ট্ চেলাৰৰ শোভা বঢ়াইছিল। কম্পিউটাৰৰ লগত সংযুক্ত এটা ‘ধ্বনি সংশ্লেষক’ (voice Synthesizer)ৰ জৰিয়তে ষ্টিফেনে লিখি উলিয়াইছিল এই পৃথিৱীবিখ্যাত গ্ৰন্থখন।

 ইলেইন নামৰ নাৰ্ছগৰাকীয়ে ষ্টিফেন হকিঙৰ মন-মগজুতো এখন বিশেষ আসন দখল কৰিবলৈ সক্ষম হ’ল। গোপনে-সংগোপনে ষ্টিফেন হকিঙ ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল ইলেইনৰ প্ৰতি। দিনটোৰ

৫৮