পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসাধাৰণ কাৰুকাৰ্যই তেওঁৰ শিক্ষকসকলক বিস্ময়াভিভূত কৰিছিল। তেওঁলোকে সন্দেহ কৰিছিল যে টেছলাই শিক্ষকসকলক ঠগি আছে। অৱশ্যে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বৈদ্যুতিক অভিযন্তা নিক’লা টেছলাক বিদ্যুতক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট কৰিছিল এজন পদাৰ্থ বিজ্ঞানৰ অধ্যাপকেই৷ তেওঁৰ মুখত শুনি থকা বিদ্যুতৰ আশ্বৰ্যকৰ ক্ৰিয়া-প্ৰক্ৰিয়াবোৰেই টেছলাক বিদ্যুৎক্ষেত্ৰখনৰ বিষয়ে অধিক অন্বেষণ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল।

 শিক্ষাগ্ৰহণৰ অন্তত ১৮৭৩ চনত টেছলা তেওঁৰ জন্মস্থান স্মিলিজান গাঁৱলৈ প্ৰত্যাৱৰ্তন কৰে। গাঁৱত পদাৰ্পণ কৰাৰ পিছতেই টেছলা কলেৰা ৰোগত আক্ৰান্ত হয়। ভয়ংকৰ কলেৰাৰ কোপদৃষ্টিৰ পৰা টেছলাৰ জীৱটো যেনেতেনেহে ৰক্ষা পৰিছিল। প্ৰায় নটা মাহ তেওঁ শয্যাশায়ী অৱস্থাত আছিল। এই সংকটৰ মুহূৰ্ততে অৱশ্যে এটা অপ্ৰত্যাশিত সংবাদ টেছলাৰ কাণত পৰিল। ঘোষণাটো আহিল শোকবিহ্বল দেউতাকৰ ফালৰ পৰা। টেছলাক দেউতাকে ধৰ্মযাজকৰ শিক্ষাৰে শিক্ষিত কৰাৰ আশী পুহি ৰাখিছিল। কিন্তু এতিয়া টেছলাৰ সুপ্ত হৈ থকা বিস্ময়কৰ প্ৰতিভাৰ উমান পাই দেউতাকে ঘোষণা কৰিলে টেছলা সুস্থ হৈ উঠিলেই টেছলাক ভালতকৈও ভাল অভিযান্ত্ৰিক বিদ্যালয়লৈ পঠিউৱা হ'ব৷

 পিছে কলেৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ পিছত ১৮৭৪ চনত টেছলা মুখামুখি হ’বলগীয়া হ’ল আৰ্মীৰ এটা সাক্ষাৎকাৰৰ। কিন্তু টেছলা তাৰ পৰা পলাই ট’মিনগঞ্জ নামৰ ঠাই এডোখৰ পালেগৈ। প্ৰকৃতিৰ বিচিত্ৰ অনুপম উপদানেৰে পৰিপূৰ্ণ এই ঠাইতেই টেছলাই চিকাৰীৰ বেশভূষা পৰিধান কৰি পাহাৰৰ ৰূপ-গুণ-সৌন্দৰ্য উপভোগ কৰিলে। টেছলাৰ মন আৰু শৰীৰ প্ৰকৃতিয়ে শক্তি আৰু সামৰ্থ্যৰে উজ্জীৱিত কৰি তুলিলে। কালজয়ী সাহিত্যিক মাৰ্ক টুৱেইনৰ সৃষ্টিৰাজিকে ধৰি আন বহুতেো গ্ৰন্থ এই সময়ছোৱাত নিক’লা টেছলাৰ বৌদ্ধিক সংগী হ’ল।

 জীৱনৰ আদি সময়ছোৱাত টেছলাই প্ৰায়ে এটা অদ্ভুত, আশ্বৰ্যকৰ অসুস্থতাত ভুগিছিল। এইয়া টেছলাই আত্মজীৱনীত লিখি থৈ যোৱা কথা। অসুস্থ হৈ থকা সময়ছোৱাত টেছলাৰ চকুৰ আগত পোহৰৰ বিকিৰিত ৰশ্মি কিছুমানে একো একোটা সপোনৰ দৰে অগা-দেৱা কৰিছিলহি। সপোনবোৰৰ লগত এটা বিশেষ শব্দ নাইবা ধাৰণ সংপৃক্ত হৈ আছিল৷ কোনোবা এক ক্ষণত এই বিশেষ দৃষ্টিৰ জৰিয়তে টেছলাই পৰিচিত সমস্যা একোটাৰ সমাধানৰ ইংগিত

৬৩