পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিচালনা কৰা অন্যতম ব্যক্তি ভিনচেণ্ট কাপুৰ আৰু ছেটেলাইট কমিউনিকেশন বিভাগৰ কৰ্মী মিন্দি পাৰ্কে মঙল গ্ৰহত মাৰ্ক ৱাটনিৰ গতিবিধি লক্ষ্য কৰিলে। মুহূৰ্ততে এক উৎকণ্ঠামিহলি প্ৰৱল চাপে নাছাৰ অভ্যন্তৰ তোলপাৰ লগলে। কাৰণ নাছাই ইতিমধ্যেই মাৰ্কৰ মৃত্যু হোৱা বুলি ভাবিছিল। এতিয়া মাৰ্কৰ সম্ভেদ পাই তেওঁৰ লগত কিদৰে যোগাযোগ কৰিব পাৰি, তেওঁক কেনেকৈ পুনৰ পৃথিৱীলৈ ঘূৰাই আনিব পাৰি-সেইবিষয়ে নাছাৰ তীক্ষ মগজু ব্যস্ত হৈ পৰিল। ব্যস্ত হৈ পৰিল কেলিফৰ্ণিয়াস্থিত জেট প্ৰপালছন লেবৰেটৰীৰ বিজ্ঞানীসমাজ।

 সিপিনে ১৯৯৬ চনৰ পৰা মংগলৰ মাটিত নিৰৱ হৈ থকা ‘পাথফাইণ্ডাৰ’টো (Pathfinder) বিচাৰি মাৰ্কে মেৰামতি কৰি লোৱা ৰোভাৰখনৰে যাত্ৰাৰম্ভ কৰে। জেট প্ৰপালছন লেবৰেটৰীত উপস্থিত থকা ভিনচেণ্ট কাপুৰৰ তৎপৰতা আৰু সতীৰ্থসকলৰ আন্তৰিক প্ৰচেষ্টাত লেণ্ডাৰৰ (Lander's Camera) কেমেৰা ব্যৱহাৰ কৰি মাৰ্কৰ লগত তেওঁলোকে যোগাযোগ কৰিবলৈ সক্ষম হয়।

 আৰম্ভ হ’ল নাছাৰ মাৰ্ক-উদ্ধাৰকাৰী অভিযান। প্ৰাৰম্ভিক পৰিকল্পনা প্ৰত্যাহাৰ কৰি নাছাৰ উচ্চপদবীধাৰীসকলে শেষত সিদ্ধান্ত ল'লে- তেওঁলোকে ৰিচ্চ পাৰ্ণেল নামৰ বিশৃংখল জীৱনশৈলীত অভ্যস্ত অথচ সন্দেহাতীতভাৱে মেধাৱী যুৱকজনৰ পৰামৰ্শমতে আগবাঢ়িব। মাৰ্কক মঙলত এৰি পৃথিৱী অভিমুখে ধীৰ গতিৰে আহি থকা হাৰমিছ মহাকাশযানৰ গতিবেগ বঢ়াই পুনৰ মঙলমুৱা কৰি মাৰ্কক ঘূৰাই আনিব পৰা যায়-এইয়াই হ’ল ৰিচ্চ পাৰ্ণেলৰ দিহা। হাৰমিছত থকা একালৰ মাৰ্কৰ সতীৰ্থসকলে এই প্ৰস্তাৱত অন্তৰিকতাৰে সন্মতি জনালে। গভীৰ প্ৰত্যাশা বুকুত বান্ধি মিছন কমাণ্ডাৰৰ লিউছ, বেক, জোহানচন, ভিগেল আৰু মাৰ্টিনেজে ৰাওনা হ’ল মঙললৈ-প্ৰিয় বন্ধুক উদ্ধাৰ কৰিবলৈ।

 সেইদিনা মঙলৰ মাটিত মাৰ্ক ৱাটনিৰ ৫৬১সংখ্যক দিন। পৃথিৱীত তেওঁৰ উদ্ধাৰ অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ ৰাজহুৱাকৈ দেখুৱাই থকা হৈছে। আনহাতে মাৰ্কক উদ্ধাৰৰ হেতু গমন কৰা মহাকশৰ সতীৰ্থসকলে প্ৰতিমুহূৰ্ততে ন-ন কৌশল উদ্ভাৱণ কৰিছে-যাতে জীৱন্ত অৱস্থাত মাৰ্কক ঘূৰাই পাব পাৰি৷ মিছন কমাণ্ডাৰ লিউচে পুনৰ এবাৰ যুঁজ দিব লগা হৈছে প্ৰচণ্ড চাপ আৰু প্ৰত্যাহ্বানৰ বিৰুদ্ধে। মহাকাশৰ পৰা পৃথিৱীৰ ভূখণ্ডলৈকে-সকলোতে প্ৰচুৰ উৎকণ্ঠা আৰু উত্তেজনা। সকলোৰে মুখবোৰ দুশ্চিন্তাময়।

 অৱশেষত বিৰল সংবাদটো আহিল। নাছাৰ বিশাল মনিটৰৰ সন্মুখত বহি থকা উৎকণ্ঠিত

৫২