পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ চিন্তাশক্তিক প্ৰত্যাহ্বান জনোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পাইছে। তথাপিতো যেন মানুহৰ কৌতূহল স্তিমিত হোৱা নাই। মনৰ অনুসন্ধিৎসু আৰু উৎসুকতা মাৰ যোৱা নাই। কিছুমান বিচিত্ৰ প্ৰশ্নই মানুহক অহৰ্নিশে খেদি ফুৰিছে, সঘনাই আমনি কৰিছে। কৌতূহলী মানুহৰ মনত যুগে যুগে জাগ্ৰত হোৱা তেনে এটা প্ৰাচীন প্ৰশ্ন, যিটো প্ৰশ্নৰ এটা বিশ্বাসযোগ্য উত্তৰ শুনিবলৈ বিশ্বৰ অগণন মানুহৰ পঞ্চেন্দ্ৰিয় উদ্বাউল হৈ আছে; সেইটো হ'ল- মানুহৰ দৰে চিন্তাশীল আৰু বুধিয়ক জীৱ পৃথিৱীৰ বাহিৰেও অইন ক'ৰবাত আছে নেকি? আছে নেকি ব্ৰহ্মাণ্ডৰ কোনোবা মুলুকত জীৱশ্ৰেষ্ঠৰ লগত মোকাবিলা কৰিব পৰা অইন কোনো প্ৰাণীৰ অস্তিত্ব?

 গডজিলা আৰু ‘দী ডেই অফটাৰ টুমৰ’ৰ দৰে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু কাহিনীকাৰ ৰোলাণ্ড এমেৰিখৰ মনতো ঠিক এনেকুৱা এটা প্ৰশ্নয়েই খুন্দিয়াই আছিল। মনৰ সেই অনুভৱ তেওঁ ব্যক্ত কৰে ইউৰোপ মহাদেশত ’ষ্টাৰগেইট’ (Stargate) নামৰ কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ প্ৰচাৰ কৰি থকা অৱস্থাত। অৰুি এই প্ৰশ্নটোকে মূলধন হিচাপে লৈ তেওঁ যে এখন ছবি নিৰ্মাণ কৰাৰ সপোন

দেখিছে, সেই কথাও লগতে সদৰী কৰে। এই সপোনটোৰে তেওঁ নাম থ’লে- 'ইণ্ডিপেণ্ডেন্স ডে’ (Independence Day)। ১৯৯৫ চনৰ জুলাই মাহৰ নিউ ইয়ৰ্ক চিটিত ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ল আৰু প্ৰায় এবছৰৰ অন্তত ১৯৯৬ চনৰ ২০ জুনত ছবি সম্পৰ্কীয় সকলো কাম শেষ হ’ল। সেই বছৰৰে ৩ জুলাইত ছবিখনক সমগ্ৰ বিশ্বতে মুক্তি দিয়া হ'ল। খুউব কম সময়ৰ ভিতৰতে ছবিখনে আজুৰি আনিলে অভাৱনীয় সফলতা। ডিন ডেভলিন আৰু ৰোলাণ্ড এমেৰিখৰ দ্বাৰা ৰচিত এটা কল্প-কাহিনীৰ আধাৰত নিৰ্মিত “ইণ্ডিপেণ্ডেন্স ডে’-হৈ পৰিল ১৯৯৬ চনৰ সৰ্বাধিক ধন-উপাৰ্জনকাৰী ছবি। ভিজুৱেল এফেক্টছৰ শিতানত ছবিখনে লাভ কৰিলে সন্মানীয় অস্কাৰ বঁটা।‘ধ্বনি মিশ্ৰণ’ৰ শিতানত অস্কাৰৰ মনোনয়ন লাভ কৰা ‘ইণ্ডিপেণ্ডেন্স ডে’-ত অভিনয় কৰিছিল উইল স্মিথ, বিল পুলমেন, মাৰ্গাৰেট কলিন আদি পৰিদৰ্শী অভিনয়-শিল্পীয়ে।

 পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰা এখন অজ্ঞাত অথচ অতিকায় যানক কেন্দ্ৰ কৰি ছবিৰ কাহিনীভাগ গঢ় লৈ উঠিছে। ১৯৯৬ চনৰ ২ জুলাই তাৰিখে অতিকায় যানখনৰ পৰা নামি অহা আন

২৭