পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিউ ইন্ফিনিটি” (The Man Who Knew Infinity)। ১৯৯১ চনত প্ৰকাশিত হোৱা ৰবাৰ্ট কানিগেলৰ জীৱনীমূলক উপন্যাস “দা মেন হু নিউ ইন্‌ফিনিটি”ৰ আধাৰত কাহিনীৰ চিত্ৰনাট্য ৰচনা। কৰিলে মেথিউ ব্ৰাউনে। এডৱাৰ্ড আৰ. প্ৰেছমেন, জিম ইয়ং, জিঅ' থ’মাছ আৰু মাৰ্ক মন্টেগ’মেৰিয়ে প্ৰযোজনা কৰা মননশীল চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে মেথিউ ব্ৰাউনে।

 ২০১৫ চনত ট’ৰণ্টৰ আন্তৰ্জাতিক ছবি মহোৎসৱকে ধৰি একাধিক ছবি মহোৎসৱত প্ৰশংসিত হোৱা ছবিখনে ৮ এপ্ৰিল আৰু ২৯ এপ্ৰিল তাৰিখে যথাক্ৰমে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি লাভ কৰে। ১০৮ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ অধিকাংশ চিত্ৰগ্ৰহণ ট্ৰিনিটি মহাবিদ্যালয়তে সম্পন্ন হয়। ৰামানুজনৰ চৰিত্ৰত সাৱলীল তথা মৰ্মস্পৰ্শী অভিনয় কৰা দেৱ পেটেলৰ অভিনয়- প্ৰতিভাই সমালোচক মহলৰ পৰা ইতিবাচক মন্তব্য লাভ কৰে। ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ গদফ্ৰে হেৰ’ল্ড হাৰ্ডিৰ ভূমিকাত অৱতীৰ্ণ হোৱা জেৰেমি আইৰণছকো তেওঁৰ অভিনয়ৰ বাবে যথোচিত প্ৰশংসা কৰা হয়।

 শ্ৰী নিবাস ৰামানজুন আয়েংগাৰ-বোধহয় এই নামটোৰ লগত সংযোজিত হ’ব পৰা সবাতোকৈ উৎকৃষ্ট শব্দটো হ’ব-“অংকবলিয়া’। হয়, ৰামানুজন। যথাৰ্থতে এজন অংকবলিয়া মানুহ আছিল। শয়নে- সপোনে, দিঠকে-বাস্তৱে কেৱল সংখ্যাৰ লগত সহবাস কৰিয়েই জীৱনকালৰ সম্পূৰ্ণ তেত্ৰিছটা বছৰ কটাই দিয়া এজন অদ্ভুত, অবিস্মৰণীয় গাণিতিক প্ৰতিভা শ্ৰী নিবাস ৰামানুজন আয়েংগাৰ৷ বহুতৰে বাবে মূৰৰ কামোৰণি হৈ উঠা সংখ্যাবোৰ, অংকবোৰ এইজন ৰামানুজনৰ বাবে হৈ পৰিছিল সুখ-দুখৰ সঙ্গী, হৈ পৰিছিল জীৱনৰ অন্যতম চালিকা শক্তি, হৈ পৰিছিল গতিশীল জীৱনৰ বাবে এক অন্তহীন প্ৰেৰণা, উদ্দীপনা অৰুি আশা-ভৰষাৰ উৎস। ৰামানুজনৰ কঠোৰ প্ৰত্যাহ্বানপূৰ্ণ জীৱনলৈ নামি অহা সংঘাত, বিচ্ছেদ, বিৰহ, দৰিদ্ৰতা, ৰোগ- কোনোটোৱেই ৰামানুজনক অংকৰ পৰা বিচ্ছেদ কৰিব পৰা নাছিল। প্ৰতিদিনে সত্তৰখিলাকৈ কাগজ অংক কৰিবৰ বাবে ব্যৱহাৰ কৰা ৰামানুজনে এসময়ত অভাৱত পৰি পেলনীয়া কাগজৰ টুকুৰাটো অংক কৰিছিল। নীলা চিঞাহীৰে লিখি হোৱাৰ পিছত

একেখন কাগজতে তেওঁ ৰঙা চিঞাহীৰে অংক

৩৮