পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নহৈ এখন প্ৰকাণ্ড কাগজহে। নামগিৰি দেৱীৰ মন্দিৰত মজিয়ৰ সৰ্বত্ৰ ঠাই সংখ্যাৰে পূৰ্ণ কৰি পেলোৱা সেইজন আন কোনো নহয়-গাণিতিক বিস্ময় শ্ৰীনিবাস ৰামানুজন।

 সেইখিনি সময় আছিল ৰামানুজনৰ জীৱনৰ প্ৰত্যাহ্বানপূৰ্ণ বছৰ। পৰিয়াল পোহ-পাল দিবৰ বাবে চাকৰি বিচাৰি হায়ৰাণ হৈ পৰা ৰামানুজনৰ এটা চিন্তাগ্ৰস্ত বিমৰ্ষ ৰূপক খুব সতৰ্কতাৰে পৰিচালকে ছবিখনত উপস্থাপন কৰিছে। দেখুউৱা হৈছে দৰিদ্ৰতা আৰু খাদ্যসংকটে কোঙা কৰি পেলোৱা যুৱক ৰামানুজনৰ দৈনন্দিন জীৱনযাত্ৰাও।

 পত্নী জানকী আৰু ৰামানুজনৰ বিবাহোত্তৰ জীৱনকো বৰ গভীৰভাৱে ছবিখনৰ কাহিনীয়ে স্পৰ্শ কৰিছে। জানকীৰ ভয় হৈছিল-জানোচা ৰামানুজনে বিদেশলৈ গৈ পত্নীক পাহৰি যায়। স্বামীৰ পৰা পৃথক হোৱাৰ অন্তহীন বেদনাই জানকীক বিহ্বল-বিচলিত কৰি তুলিছিল। ৰামানুজন বিদেশলৈ যোৱাৰ বিদায়ৰ মুহূৰ্তটো ছবিখনৰ অন্যতম এটি আৱেগিক মুহূৰ্ত। বেদনাজৰ্জৰ কণ্ঠৰে দুচকুৰে চকুলো নিগৰাই জানকীয়ে ৰামানুজনক অনুৰোধ কৰে-“মোক পাহৰি নাযাবা।” অনুভূতিশীল ৰামানুজনেও দুগুণ প্ৰত্যয়ৰে সঁহাৰি জনায়-“কেতিয়াও নাযাওঁ।” পতি-ভক্তিত গদগদ হৈ তাৰপিছত জানকীয়ে ৰামানুজনৰ ভৰি স্পৰ্শ কৰে। গৈ থকা নাওখনলৈ বহুপৰ থৰ হৈ চাই থাকে জানকীয়ে। দুচকুত গভীৰ অস্থা আৰু বিশ্বাস- ৰামানুজনে তেওঁক পাহৰি নাযায়। পাহৰিব নোৱাৰে।

 একমাত্ৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰাৰ মানসেৰেহে ৰামানুজনে ট্ৰিনিটি কলেজত পদাৰ্পণ কৰিছিল যদিও হাৰ্ডি আৰু লিটলউডৰ পৰামৰ্শক্ৰমে ৰামানুজনে ট্ৰিনিটি কলেজত পাঠ গ্ৰহণ কৰিবলৈ মান্তি হ’ল। অংকশাস্ত্ৰৰ সুগভীৰ জ্ঞান অবিহনে ৰামানুজনৰ বাবে অংকৰ সমস্যাসমূহ প্ৰমাণ কৰা কামটো কষ্টকৰ হৈ পৰিব। কিয়নো ৰামানুজনৰ হাতত সমস্যাবোৰৰ সমাধানসূত্ৰ আছিল ঠিকেই, কিন্তু সেইবোৰৰ সত্যাসত্য নিৰূপণৰ বাবে ৰামানুজনৰ ওচৰত কোনো প্ৰমাণ নাছিল। গতিকে হাৰ্ডিয়ে বিচাৰিছিল। যে ৰামানুজনৰ সূত্ৰসমূহ যথোচিতভাৱে প্ৰমাণিত হওক। লগতে কলেজত দুই- এটা পাঠ গ্ৰহণ কৰিলে ইংৰাজী ভাষাটোও ৰামানুজনৰ আয়ত্ত্বাধীন হৈ উঠিব আৰু তেওঁলোকৰ ভাৱ-বিনিময় কাৰ্য সহজসাধ্য হৈ উঠিব। ৰামানুজনে লগত দুখন টোকাবহী লৈ গৈছিল, যি দুখনে হাৰ্ডি আৰু লিটলউডক স্তম্ভিত কৰি পেলাইছিল। বিস্ময়াহত হৈ লিটলউডে কৈছিল যে তেনে এখন টোকাবহী প্ৰস্তুত কৰোঁতে মানুহৰ এটা জীৱনকাল প্ৰয়োজন হ’ব৷

৪৫