পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শক্তিশালী বাসনাই ক্ৰমশঃ আপোনাৰ মন-মগজু অধিকাৰ কৰিব আৰু ৰঙা গ্ৰহ মংগলৰ এই চৰম বিপদজনক, সংকটজনক আৰু নিসংগ অৱস্থাত থাকিও আপোনাৰ মুখৰ পৰা সৰকি পৰিব সংকল্পসূচক শব্দকেইটা—‘I’m not gonna die here.’

 আপুনি এতিয়া কোনটো বিকল্প আদৰি লয়- সেই কথা মোতকৈ বেছি ভালদৰে জানিব আপুনি। কিন্তু ৰিডলি স্কটে পৰিচালনা কৰা ২০১৫ চনৰ বিখ্যাত, বহুপ্ৰশংসিত আৰু বহুজন সমাদৃত কল্প- বিজ্ঞানধৰ্মী ছবি “দা মাৰ্টিয়ান”ৰ মহাকাশচাৰী মাৰ্ক ৱাটনিয়ে বাছি ল’লে দ্বিতীয়টো পথ। প্ৰচণ্ড ধুমুহজাকৰ কৱলত পৰি মাৰ্ক ৱাটনিৰ মৃত্যু হোৱা বুলি অনুমান কৰি তেওঁৰ বন্ধু-মহাকাশচাৰীসকলে তেওঁক তাতে এৰি থৈ যেতিয়া গুচি আহিল, তেতিয়া মাৰ্ক ৱাটনিৰো মন-মগজুলৈ অজস্ৰ নেতিবাচক চিন্তাৰ সোঁত বৈছিল। মৃত্যুৰ ভয়েও তেওঁৰ অৱচেতন মনত থিতাপি লৈছিল। কিন্তু জীয়াই থকাৰ উদগ্ৰ বাসনা যেতিয়া এজন মানুহৰ মন-মগজুত গুৰিলৈকে সংস্থাপিত হয়, তেতিয়া পৃথিৱীৰ অলঙ্ঘণীয়, অকল্পনীয় দুৰ্যোগে সেই বাসনাৰ সন্মুখত সৰু হৈ পৰে। জীয়াই থকাৰ বাসনাই অপ্ৰতিৰোধ্য, সুউচ্চ ৰূপ এটা পৰিগ্ৰহ কৰি সন্মুখৰ বন্ধ পথবোৰ এটা এটাকৈ খুলি দিয়ে।

 মংগল গ্ৰহৰ চৌদিশে সংকটে আগুৰি থকা মাৰ্ক ৱাটনিৰো জীয়াই থকা দুৰ্দান্ত বাসনা আছিল, অৰুি সেই দুৰ্দান্ত বাসনাকেই নাম দিয়া হ’ল –‘দা মাৰ্টিয়ান। জীয়াই থাকিবলৈ মাৰ্ক ৱাটনীয়ে কি কি কৰা নাছিল। মানুহৰ বিষ্ঠা আৰু কৃত্ৰিমভাৱে প্ৰস্তুত কৰা পানীৰে মাৰ্ক ৱাটনিয়ে ‘হেব’ৰ ভিতৰতে আলুৰ খেতি আৰম্ভ কৰিলে। মাৰ্ক ৱাটনি এজন উদ্ভিদবিজ্ঞানী আছিল। যি মঙলৰ মাটিত উদ্ভিদৰ নামত অপতৃণ এডালো নাছিল, সেই মাটিতে মাৰ্কে আলুৰ খেতি কৰি সফল হ’ল। মাৰ্কে ডাঙৰ ডাঙৰ আলুবোৰ গোটাই থৈ সৰু আলুবোৰক পুনৰ বীজ হিচাপে ব্যৱহাৰ কৰিলে। কিন্তু দুৰ্ভাগ্যৰ কথা; প্ৰচণ্ড এজাক ধুমুহা এদিন ‘হেব’ৰ গোলাকাৰ প্ৰৱেশপথ ভেদি ভিতৰলৈ সোমাই আহিল আৰু সমস্ত আলু নষ্ট কৰি পেলালে। গোটাই থোৱা আলুখিনিৰেই মাৰ্কে কম পৰিমাণে খাই দিন কটাবলৈ ধৰিলে।

 ইফালে মংগলত মাৰ্কৰ জীয়াই থকাৰ অভিযান চলি থাকোঁতেই নাছাৰ অভিযানসমূহৰ

৫১