পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘটে তেওঁৰ বিষয়ে সৰৱ তথা প্ৰশংসাসূচক চৰ্চা হৈছিল। তেওঁৰ সোঁৱে-বাঁৱে সমাৱেশ ঘটিছিল অসংখ্য গুণমুগ্ধৰ। সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলেও এডিছনক যথেষ্ট সমীহ কৰি চলিছিল। ক’ব পাৰি, এডিছন আৰু তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰসমূহে তেতিয়াৰ সমাজখনক একপ্ৰকাৰে সন্মোহিত কৰি ৰাখিছিল। ক’ব পাৰি, এই সন্মোহন আৰু আকৰ্ষণেই এডিছনক সমাজৰ এজন ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে গঢ়ি তুলিছিল।

 চৰ্চা আৰু আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা এজন প্ৰভাৱশালী মানুহৰ কাষলৈ যেতিয়া অন্য এজন প্ৰতিভাশালী মানুহৰ আগমন ঘটে; যেতিয়া সেই প্ৰতিস্থিত মানুহজনৰ কৰ্ম আৰু চিন্তাৰ ওপৰত অখ্যাত আৰু অল্পচৰ্চিত অন্য এক বৌদ্ধিক শক্তিয়ে প্ৰশ্নচিহ্ন তোলে, তেতিয়া প্ৰভাৱশালী মানুহজনৰ মনত সামান্য পৰিমাণে হ’লেও বিব্ৰতবোধ জাগ্ৰত হয়, তেওঁ এক ব্যাখ্যাহীন অসন্তুষ্টিত ভোগে। জনপ্ৰিয়তাৰ শীৰ্ষতম বিন্দুত অৱস্থান কৰা প্ৰভাৱশালী এই মানুহজনে অপৰিচিত এই ব্যক্তিজনৰ উপস্থাপিত মতসমূহৰ ওপৰত জ্ঞান আৰু যুক্তিৰ দৃষ্টি নিক্ষেপ নকৰি সন্দেহ আৰু শংকাৰ চকুৰেহে চাবলৈ আৰম্ভ কৰে। কাজেই দুই প্ৰতিভাৰ মাজত এখন ৰণৰ সূচনা হয়। এই ৰণ হয় নতুন চিন্তা আৰু প্ৰতিস্থিত চিন্তাৰ মাজত। এই ৰণৰ এফালে থাকে এজন প্ৰভাৱশালী প্ৰতিভা আৰু আনফালে থাকে এজন অখ্যাত-অজ্ঞাত প্ৰতিভা। অঘোষিত ৰণখনত কোন জিকে, কোন হাৰে-সেইয়া নিৰ্ণয় কৰে সময়ে, যুদ্ধ কৰাৰ কৌশলে, নিৰ্ণয় কৰে দুই প্ৰতিদ্বন্দ্বীৰ সামৰ্থ্য আৰু তেওঁলোকৰ সমৰ্থকসকলৰ শক্তিয়ে।

 দুই প্ৰতিভাৰ মাজত আৰম্ভ হোৱা বৌদ্ধিক যুদ্ধখনৰ অপাৰ-বিচিত্ৰ ৰূপ দেখি সমাজ বিস্ময়াভিভূত হয়। সমাজৰ সচেতন-জিজ্ঞাসু শ্ৰেণীটোয়ে অপাৰ অগ্ৰহৰে বাট চায় যুদ্ধ শেষ হোৱালৈ। কাৰণ তেওঁলোকে হৃদয়ংগম কৰে যে- বৌদ্ধিক সক্ষমতাৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেই যিখন যুদ্ধৰ মূল নীতি আৰু যিখন যুদ্ধৰ পশ্চাদপটত এক কল্যাণমুখী শক্তিয়ে অহৰহ ক্ৰিয়া কৰি আছে; সেইখন যুদ্ধৰ পৰিণতি কেতিয়াও সমাজৰ বাবে হানিকাৰক হ’ব নোৱাৰে। তেওঁলোকে বিশ্বাস কৰে এই তয়াময় যুদ্ধৰ অন্তত ভৱিষ্যতৰ সমাজখনে লাভ কৰিব একো একোটা অমূল্য আৰু অনবদ্য উপহাৰ যিটো উপহাৰে পুনৰ এবাৰ সদম্ভে ঘোষণা কৰিব মানুহ হোৱাৰ গৌৰৱগাঁথা।

 ঊনৈশ শতিকাৰ শেষৰফালে আমেৰিকান বিজ্ঞানী টমাছ আলভা এডিছন আৰু অষ্ট্ৰিয়াৰ বৈদ্যুতিক অভিযন্তা নিক’লা টেছলাৰ মাজতো ঠিক এনে এখন যুদ্ধৰেই সূচনা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল-এই যুদ্ধখনৰ এজন প্ৰতিদ্বন্দ্বীৰ কথাহে মানুহে মনত ৰাখিলে। আনজন প্ৰতিদ্বন্দ্বী অপাৰ প্ৰতিভাশালী নিক’লা টেছলাৰ অৱদান, গুণাৱলীতো বাদেই; তেওঁৰ নামটোৱেই বহুতৰ স্মৃতিজগতৰ পৰা অন্তৰ্হিত হৈছে।

 যুগদ্ৰষ্টা পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনক এবাৰ হেনো সোধা হৈছিল-“পৃথিৱীত আটাইতকৈ বুদ্ধিয়ক মানুহ হিচাপে চিনাকি দি আপোনাৰ কেনে অনুভৱ হয়?” জ্ঞান আৰু প্ৰজ্ঞাৰ সাধকজনে স্বভাৱসুলভ সৰলতাৰে ইয়াৰ উত্তৰত কৈছিল-“মই নাজানো। তোমালোকে নিক’লা টেছলাক সুধিব লাগিব।”

 চমৎকাৰী প্ৰতিভা আৰু অসামান্য বুদ্ধিমত্তাৰে পুষ্ট এইজন নিক’লা টেছলাৰ ব্যক্তিত্ব, জীৱন আৰু কৰ্মক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবি হৈছে “দা ছিক্ৰেট অৱ নিক’লা টেছলা” (The Secret of Nikola Tesla)। ১৯৮০ চনত

৬১