পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

The average person uses 10% of their brain capacity. Imagine what she could do with 100%.

 ২০১৪ চনত মুক্তি লাভ কৰা লুক বেছনৰ কাহিনী আৰু পৰিচালনাৰে লুচি (Lucy) নামৰ জনপ্ৰিয় আৰু বাণিজ্যিকভাৱে সফল কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ প’ষ্টাৰত ব্যৱহৃত হোৱা টেগলাইন আছিল উক্ত বাক্য দুশাৰী। তথ্যসমৃদ্ধ টেগলাইনটিয়ে এচাম চিত্ৰৰসিকৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিলে আৰু আন এচামৰ মাজত সৃষ্টি কৰিলে বিতৰ্কৰ। প্ৰায় এশ বিলিয়ন নিউৰনৰে (এক বিলিয়ন=১০০ কোটি) পৰিপূৰ্ণ মানৱ-মগজুৰ কেৱল ১০% শক্তিহে গড় হিচাপত এজন মানুহে ব্যৱহাৰ কৰিব পাৰে। আলোড়ণকাৰী এই তথ্যটিকে মূল উপজীৱ্য হিচাপে লৈ ছবিখনৰ কাহিনীভাগ গঢ় লৈছে।

 টাইৱানৰ অস্থায়ী নিবাসী ২৪ বছৰীয়া লুচি (স্কাৰলেট জহানছন)নামৰ আমেৰিকান যুৱতীগৰাকী প্ৰেমিকৰ কু অভিসন্ধিৰ বলি হৈ এক ড্ৰাগ ব্যৱসায়ীৰ সংস্পৰ্শলৈ আহে। কোৰিয়াৰ ড্ৰাগ ব্যৱসায়ী মিষ্টাৰ জেঙক এটা ব্ৰিফকেছ দিবলৈ গৈ লুচি সম্মুখীন হয় এক অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ৷ ব্ৰিফকেছটোৰ ভিতৰত থকা চিপিএইচ্ছ-ফোৰ (CPH4) নামৰ মূল্যৱান সাংশ্লেষিক ঔষধৰ পেকেট এটা জোৰ-জুলুমকৈ লুচিৰ তলপেটত সুমুৱাই দিয়া হয়। শাৰীৰিক আৰু মানসিক শক্তি কেইবাগুণ পৰ্যন্ত বৃদ্ধি কৰি সাধাৰণ মানুহ এজনক চূড়ান্তভাৱে মহাশক্তিশালী আৰু অপ্ৰতিৰোধ্য কৰিব পৰাৰ অধিকাৰী এই চিপিএইচ্ছ-ফোৰ। মানৱ দেহত থকা 6-Carboxy-5, 6, 7, 8-Tetrahydropterin নামৰ বিপাকীয় উৎসেচকবিধেই (Metabolic

২০