পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছিল। অংকয়েই আছিল ৰামানুজনৰ প্ৰথম প্ৰেম। অংকৰ মাজতেই সোমাই আছিল ৰামানুজনৰ সমগ্ৰ সত্ত্বা আৰু শক্তি।

 ‘ৰামানুজন’ শব্দৰ অৰ্থ হ'ল ভগৱান ৰামচন্দ্ৰৰ ভায়েক। শ্ৰীনিবাসৰ শ্ৰীয়ে প্ৰতিনিধিত্ব কৰিছে ভগৱানৰ শক্তিৰ স্ত্ৰী ৰূপটোক, আনহাতে ‘নিবাস’-এ বুজাইছে বসতিস্থল। শ্ৰীনিবাস শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে “ঈশ্বৰীয় শক্তিৰ স্ত্ৰী ৰূপৰ বসতিস্থল।

 ১৮৮৭ চনৰ ২২ ডিচেম্বৰত মাদ্ৰাছৰ ইৰ’ডৰ (বৰ্তমানৰ তামিলনাড়ু) এটা দৰিদ্ৰ তামিল পৰিয়ালত জন্ম হৈছিল এইজনা কিংবদন্তীৰ৷ শাৰীৰ বিপণীত কেৰাণীৰ কাম কৰা ৰামানুজনৰ দেউতাক আছিল কে, শ্ৰীনিবাস আয়েংগাৰ। ৰামানুজনৰ মাতৃ কোমলতামল আছিল ঘৰগৃহিণী আৰু স্থানীয় মন্দিৰটোৰ অনিয়মীয়া গায়িকা। কুম্ভকোনমৰ এটা সাধাৰণ জুপুৰিত বাস কৰা পৰিয়ালটোৱে প্ৰাত্যহিক জীৱন অভাৱ আৰু অনাটনে জুৰুলা কৰি ৰাখিছিল। (উল্লেখনীয় যে কুম্ভকোনমৰ ঘৰটো এতিয়া সংৰক্ষিত কৰি ৰখা হৈছে।) ৰামানুজনৰ ডেৰ বছৰ বয়সতে মাতৃয়ে অইন এটা সন্তান প্ৰসৱ কৰে, যাৰ নাম ৰখা হৈছিল সদাগোপান। কিন্তু দুৰ্ভাগ্যবশতঃ ভ্ৰাতৃত্বৰ নিৰ্ভেজাল এনাজৰীৰে বান্ধ খাবলৈ নৌপাওঁতেই সদাগোপনে মাত্ৰ তিনি মাহ বয়সতে ইহসংসাৰ ত্যাগ কৰিলে। ১৮৯১ আৰু ১৮৯৪ চনত মাতৃগৰাকীয়ে পুনৰ দুটি সন্তান জন্ম দিছিল যদিও কেঁচুৱাকলিতেই সন্তানদ্বয়ৰ মৃত্যু হৈছিল।

 ১৮৮৯ চনৰে কোনোবা এটা দিনত ৰামানুজন বসন্ত ৰোগত আক্ৰান্ত হ'ল। সেইবছৰ বসন্ত ৰোগে বহুতৰে ঘৰলৈ কঢ়িয়াই আনিছিল। জীৱনৰ সকৰুণ, মৰ্মান্তিক সংবাদ। নিমিষতে মৃত্যুৰ শীতল কোলাত শুই পৰিছিল একো একোটি মানৱ- দেহ। কিন্তু ৰামানুজন বাছি গৈছিল। বসন্ত ৰোগৰ নিষ্ঠুৰ প্ৰহাৰক শিশু ৰামানুজনে প্ৰতিহত কৰিবলৈসক্ষম হৈছিল।

 বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ পাছতেই ৰামানুজন তেওঁৰ মাতৃৰ সৈতে কাঞ্চিপুৰমত থকা ককাকৰ(ৰামানুজনৰ মাকৰ দেউতাকৰ ঘৰ) ঘৰলৈ ৰাওনা হয়। কিন্তু ককাকে ন্যায়ালয়ৰ চাকৰিটো এৰিবলগীয়া হোৱাত ৰামানুজন আৰু মাতৃ

কুম্ভকোনমলৈ ওলটি আহে। ওপৰত কৈ অহা হৈছেই যে ৰামানুজনৰ পিতৃৰ ঘৰ আছিল কুম্ভকোনমত। ইয়াৰে “কাংগায়ন প্ৰাথমিক বিদ্যালয়’’ত ৰামানুজনক নাম লগাই দিয়া হয়। কিন্তু কুম্ভকোনমত থকা ককাক (ৰামানুজনৰ দেউতাকৰ দেউতাক) ঢুকোৱাৰ পিছত তেওঁলোক পুনৰ মাদ্ৰাছলৈ যাবলগীয়াত পৰে।

৩৯