পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰে। গতিকে ‘এনিগ্‌মা ক'ডৰ অৰ্থোদ্ধাৰ কৰিবলৈ দলটোৰ হাতত সময় থাকে সম্পূৰ্ণ ওঠৰ ঘণ্টা। ওঠৰ ঘণ্টাৰ ভিতৰতে যদি কিবাপ্ৰকাৰে সংকেতৰ পাঠোদ্ধাৰ কৰিব পাৰি, তেন্তে শত্ৰুপক্ষৰ বহুতো কূট-কৌশল প্ৰতিহত কৰিব পৰা যাব। অন্যথা মাজনিশা বাৰ বজাত পুনৰ ‘এনিগ্‌মা’ৰ ছেটিঙছ সলাই শত্ৰু জাৰ্মানীয়ে নতুন ৰণকৌশল ৰচনা কৰিব। দুৰ্ভাগ্যজনকভাৱে এই কামটো অৰ্থাৎ, ‘এনিগ্‌মা’ৰ ক’ডৰ অৰ্থোদ্ধাৰ কৰা কামটো এইপৰ্যন্ত সম্ভৱপৰ হৈ উঠা নাই, যিটো ব্ৰিটেইনৰ বাবে এইমুহূৰ্তত হৈ পৰিছে শংকা আৰু সংকটৰ অন্যতম কাৰণ।


 সেই শংকা আৰু সংকটৰ গৰাহৰ পৰা ব্ৰিটেইনক উদ্ধাৰ কৰিবলৈ এলান টুৰিঙে সমস্ত একাগ্ৰতা আৰু নিষ্ঠাৰে কাম কৰিবলৈ যো-জা চলালে। প্ৰস্তুতিৰ প্ৰথমটো পদক্ষেপ হিচাপে তেওঁ কৰিলে কি; দলটোৰ বাকীকেইজন সতীৰ্থৰ লগত কাম নকৰি অকলশৰীয়াকৈ আনটো কোঠাত এটা বিশেষ যন্ত্ৰ সজাত লাগিল। টুৰিঙৰ দৃঢ় বিশ্বাস আছিল-তেওঁৰ এই যন্ত্ৰটোৱে জটিলৰো জটিল সাংকেতিক বাৰ্তাৰ অৰ্থ উদ্ধাৰ কৰিব পাৰিব। প্ৰথমাৱস্থাত কমাণ্ডাৰ ডেনিষ্টনে টুৰিঙৰ যন্ত্ৰ নিৰ্মাণৰ পৰিকল্পনাত সহযোগ কৰা নাছিল যদিও উইনষ্টন চাৰ্চিলৰ হস্তক্ষেপত ডেনিষ্টন অৱশেষত মান্তি হ’ল। চাৰ্চিলৰ নিৰ্দেশমৰ্মে টুৰিঙক দলটোৰ মুখীয়াল ঘোষণা কৰা হ’ল। নেতৃত্বৰ ভাৰ কান্ধত লৈয়েই টুৰিঙে দলটোৰ দুজন দুৰ্বল সদস্যক কামৰ পৰা অব্যাহতি দিলে। আৰু জোৱান ক্লাৰ্ক আৰু জেক গুড নামৰ এহাল যুৱক-যুৱতীক লিখিত সাক্ষাৎকাৰৰ জৰিয়তে এই বিশেষ কামটোৰ সদস্য কৰি ল’লে। পিছে পুৰুষৰ দলটোত একমাত্ৰ অকলশৰীয়া যুৱতী জোৱান ক্লাৰ্কে কাম কৰিবলৈ বিচৰা সিদ্ধান্তটো তেওঁৰ অভিভাৱকে পছন্দ কৰা নাছিল। প্ৰখৰ মেধাসম্পন্ন জোৱান ক্লাৰ্কৰ এই অসুবিধা দূৰ কৰাৰ হেতু এলান টুৰিং তেওঁলোকৰ ঘৰ ওলালগৈ। জোৱান ক্লাৰ্কৰ আগত মহিলাৰ সংকেত-বিশ্লেষকৰ গোট এটাৰ কথা উল্লেখ কৰিলে আৰু ক’লে যে জোৱান ক্লাৰ্কে মহিলাৰ এই দলটোত নিৰ্বিঘ্নে কমি কৰি যাব পাৰিব। ক্লাৰ্ক মান্তি হ’ল। তেওঁ মহিলাৰ গোটটোত চামিল হ’ল আৰু সংগ্ৰহিত নানান তথ্য-

৩২