পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইবাখনো মহাকাশযানে পৃথিৱীৰ প্ৰখ্যাত চহৰবোৰৰ ওপৰত অৱস্থান গ্ৰহণ কৰে৷ কেতিয়াও মুখামুখি নোহোৱা এই বিস্ময়কৰ পৰিঘটনাই চহৰবাসীৰ মাজত সৃষ্টি কৰে চেপা উত্তেজনা আৰু পৰম উৎকণ্ঠাৰ। কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা এটা বিচিত্ৰ সংকেতৰ অৰ্থোদ্ধাৰ কৰি উঠি আতঙ্কিত হৈ পৰা ডেভিড লেভিনছন নামৰ মানুহজনে হোৱাইট হাউচত থকা তেওঁৰ প্ৰাক্তন পত্নীৰ লগত যোগাযোগ কৰি এই ভয়ংকৰ বিপদৰ আগজাননী দিয়ে। যিকোনো ক্ষণতে পৃথিৱীবাসী সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ, নামি আহিব পাৰে প্ৰলয়। ৰাষ্ট্ৰপতি হোৱাইটম’ৰকো এই বিপদৰ আগজাননী দিয়া হয়। মুহূৰ্ততে হৈ-চৈ আৰম্ভ হয়। নিজৰ প্ৰাণটো বচাই কিদৰে চহৰ এৰি নিৰাপদ দূৰত্বলৈ যাব পাৰি, তাৰেই এক ব্যাপক প্ৰস্তুতি আৰম্ভ হয় জনগণৰ মাজত। ইতিমধ্যেই লচ এঞ্জেলছকে ধৰি দুখনমান বিখ্যাত চহৰত সেই বিচিত্ৰ যানকেইখনে ধ্বংসলীলা। আৰম্ভ কৰে। তাৰ পিছদিনা আন্তঃৰাষ্ট্ৰীয় সামৰিক বাহিনীৰ নেতৃত্বত সেই যানকেইখনৰ ওপৰত প্ৰচণ্ড আক্ৰমণ চলোৱা হয়। আৰু সেই আক্ৰমণৰ

পৰিণতিতেই সুদক্ষ সেনা, পাইলট ষ্টিভেন হিলাৰে বহিৰ্জগতৰ কিম্ভুতকিম্বাকাৰ প্ৰাণী এটাক কৰায়ত্ব কৰিবলৈ সমৰ্থ হয় আৰু অচেতন অৱস্থাত প্ৰাণীটোক গৱেষণাৰ হেতু পৰীক্ষাকেন্দ্ৰলৈ লৈ যোৱা হয়। চিকিৎসাৰত অৱস্থাত সেই প্ৰাণীটোৱে সংজ্ঞা ঘূৰাই পায় আৰু এজন চিকিৎসক-বিজ্ঞানীক আক্ৰমণ কৰে। বিজ্ঞানীজনৰ মনত প্ৰৱেশ কৰি সেই অদ্ভুত প্ৰাণীটোৱে তেওঁৰ কণ্ঠনলীৰে ৰাষ্ট্ৰপতি হোৱাইটম’ৰেৰ লগত বাৰ্তা-বিনিময় কৰে৷ বাৰ্তালাপৰ অন্তত ৰাষ্ট্ৰপতি হোৱাইটম’ৰে এই প্ৰাণীবোৰৰ যাত্ৰাৰ ৰহস্য অৰু ধ্বংসকামী উদ্দেশ্যৰ বিষয়ে অৱগত হয়। আৰু সিহঁতৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ দৃঢ় সংকল্প লয়।

 ৪ জুলাই। আমেৰিকাৰ স্বাধীনতা দিৱস। ছেটেলাইট টেকনিচিয়ান ডেভিড লেভিনছনে বৰ্হিজগতৰ প্ৰাণীবোৰক পৰভূত কৰা আৰু যানকেইখন ধ্বংস কৰাৰ একমাত্ৰ কৌশলটো আৱিষ্কাৰ কৰে। যানকেইখনৰ চৌপাশ আৱৰি ৰখা শক্তিশালী সুৰক্ষা বেষ্টনীখন নিষ্ক্ৰিয় কৰিব লাগিব

আৰু তাকে কৰিবলৈ তেওঁলোকে মুখ্য যানখনত এটা

২৮