পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাও আৰু ৰামানুজনৰ সহকৰ্মী তথী ভাৰতীয় গাণিতিক সমাজৰ কোষাগাৰিক নাৰায়ণ আয়াৰে। “অংকত ৰামানুজনৰ দক্ষতা আছে যদিও প্ৰয়োজনীয় আনুষ্ঠানিক শিক্ষাৰ অভাৱত ৰামানুজনৰ প্ৰতিভাই সঠিক দিশত অগ্ৰসৰ হোৱা নাই আৰু তেওঁৰ সূত্ৰসমূহো ত্ৰুটিপূৰ্ণ।” লণ্ডনৰ অংকৰ অধ্যাপকৰ পৰা অহা এনেধৰণৰ মন্তব্যই প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকক নিৰাশ কৰিছিল যদিও তেওঁলোকে চেষ্টা এৰি দিয়া নাছিল।

 ১৯১৩ চনৰ ১৬ জানুৱাৰীত ৰামানুজনে গণিতজ্ঞ জি.এইছ.হাৰ্ডিলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে। ৰামানুজনৰ প্ৰতিভাৰ স্বাক্ষৰ বহনকাৰী ন পৃষ্ঠাৰ পত্ৰকেইখনে হাৰ্ডিক প্ৰথমাৱস্থাত বিবুদ্ধিত পেলাইছিল যদিও অইন অধ্যাপকৰ দৰে তেওঁ ৰামানুজনৰ প্ৰতিভাক নস্যাৎ কৰা নাছিল। তেওঁ তেওঁৰ সতীৰ্থ জে.ই.লিটলউদৰ পৰামৰ্শ বিচাৰিছিল, যিজন লিটলউদক ইতিমধ্যেই ৰামানুজনৰ বুদ্ধিদীপ্ততাই মোহাচ্ছন্ন কৰি পেলাইছিল।

 নিজা অনুসন্ধানৰ আৰু লিটলউডৰ সৈতে হোৱা আলোচনাৰ অন্তত হাৰ্ডিয়ে মন্তব্য কৰিবলৈ বাধ্য হৈছিল যে “ৰামানুজন এজন উচ্চতম দক্ষতাৰ গণিতবিদ। অসামান্য মৌলিকত্ব আৰু শক্তিৰে পৰিপূৰ্ণ এজন মানুহ।” (A mathematician of the highest quality, a man of altogether exceptional originality and power.")

 অৱশেষত ৰামানুজনৰ জীৱনত এক নতুন দিগন্তৰ সূচনা কৰি সেই বহুপ্ৰত্যাশিত চিঠিখন ভাৰত পালেহি। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অংকবিদ হাৰ্ডিয়ে ৰামানুজনক কেমব্ৰিজলৈ আহিবলৈ অনুৰোধ কৰিলে৷ পিছে ৰামানুজনে দেশ ত্যাগ কৰিবলৈ অমান্তি হ'ল। ব্ৰাহ্মণ সমাজৰ সংস্কাৰপূৰ্ণ ৰীতি-নীতিৰ প্ৰতি ৰামানুজন আছিল অত্যন্ত শ্ৰদ্ধাশীল। সেই শ্ৰদ্ধাভাৱৰ হীন-ডেঢ়ি হোৱাৰ শংকাতেই ৰামানুজনে সমুদ্ৰযাত্ৰা কৰিবলৈ ইচ্ছুক নাছিল।

 ই.এইছ,নেভাইল নামৰ হাৰ্ডিৰ এজন। সতীৰ্থই সেইমুহূৰ্তত মাদ্ৰাছতে অধ্যাপনা কৰি আছিল। হাৰ্ডিৰ পৰামৰ্শমৰ্মে এইজন অধ্যাপকে ৰামানুজনক লণ্ডনলৈ লৈ যোৱাত যথেষ্ট তৎপৰতা দেখুৱালে৷ অৱশেষত ১৯১৪ চনৰ ১৭ মাৰ্চৰ দিনাখন। ৰামানুজনৰ সমুদ্ৰযাত্ৰা আৰম্ভ হ'ল। অৱশ্যে তেওঁৰ এই যাত্ৰাত তেওঁৰ পত্নী আৰু মাতৃয়ে সংগ দিয়া নাছিল।

 ভাৰতৰ শ্ৰীনিবাস ৰামানুজন কেমব্ৰিজৰ অংকবিদ হাৰ্ডি আছিল দুটী বিপৰীতধৰ্মী চৰিত্ৰ। দুখন ভিন্ন দেশৰ দুটি ভিন্ন ব্যক্তিত্ব- তেওঁলোকৰ ধৰ্ম, আচাৰ-ব্যৱহাৰ, ৰীত-নীতি, জীৱন- ধাৰণৰ শৈলী, চিন্তাৰ গঠন, বিশ্বাস-সকলোতে আছিল ভিন্নতা। ৰামানুজন আছিল পৰম ঈশ্বৰ বিশ্বাসী। আনহাতে হাৰ্ডি আছিল এজন অজ্ঞেয়বাদী। প্ৰমাণ অবিহনে হাৰ্ডিয়ে অংকৰ সূত্ৰসমূহ আৰু তাত সমাধানসূত্ৰত পতিয়ন নগৈছিল। এইটো দিশত ৰামানুজনে এক আশ্বৰ্যকৰ বিশ্বাস মানি চলিছিল। তেওঁৰ প্ৰমাণৰ পৰিৱৰ্তে বিশ্বাস কৰিছিল তেওঁৰ স্বজ্ঞাৰ (Intuition) প্ৰখৰতাক। নৈষ্ঠিক হিন্দুৰ সকলো নিয়ম-কানুন মানি চলা ৰামানুজনে আনকি ট্ৰিনিটিত থকাৰ সময়তো মাছ-মাংস মুখত দিয়া নাছিল আৰু পূজা-পাতল নকৰাকৈ এটা দিনো অতিবাহিত কৰা নাছিল।

 ১৮৭৭ চনৰ ৭ ফেব্ৰুৱাৰিত ইংলেণ্ডৰ ছাৰেৰ ক্ৰেনলেঘ নামৰ ঠাইত এটা শিক্ষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গডফ্ৰে হেৰল্ড হাৰ্ডিক স্মৰণ কৰা হয় সংখ্যাতত্ত্ব আৰু গাণিতিক বিশ্লেষণলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে। ১৯০৮ খন গৱেষণা পত্ৰ লিখি উলিওৱা গণিতজ্ঞ হাৰ্ডি জনসমষ্টি

৪৩