পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘দা ছিক্ৰেট অৱ নিক’লা টেছলা’ৰ ছবিখনত টেছলাৰ জীৱনৰ এই সময়ছোৱালৈকে উপস্থাপিত কৰা হয়। আচলতে ছবিৰ সমগ্ৰ কাহিনী হোটেলৰ কোঠাত বহি বৃদ্ধ টেছলাই কৰি থকা অতীত- সোঁৱৰণহে। ছবিখনত নেদেখুউৱা বহুকেইটা ঘটনা- পৰিঘটনাই টেছলাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ দখল কৰি আছে।

 টেছলাৰ ব্যক্তিত্বত কিছুমান এনে বৈশিষ্ট্য আছিল, যিবোৰ আন মানুহৰ ব্যক্তিত্বত খুব কমেইহে পৰিলক্ষিত হৈছিল। তেনে এটা বৈশিষ্ট্য আছিল- টেছলাই কোনোদিনেই কোনো মানুহৰ লগত কৰমৰ্দন নকৰিছিল। অত্যন্ত কষ্টসহিষ্ণু টেছলা অবিবাহিত আছিল। বিবাহ সম্বন্ধত টেছলাৰ ভাষ্য আছিল আমোদজনক। তেওঁ কৈছিল-“I do not think you many great inventions that have been made by married man.’’

 বিভিন্ন ঘাত-প্ৰতিঘাত,বিতৰ্ক আৰু সংঘাতেৰে পৰিপূৰ্ণ টেছলা মানুহজন বহুতৰে ভাষাত ৰহস্যময় আছিল। তেওঁ যিধৰণে চিন্তা-চৰ্চা কৰিছিল, যিধৰণে তেওঁ আৱিষ্কাৰৰ সূত্ৰসমূহ লাভ কৰিছিল, যিধৰণে মানুহৰ লগত ভাৱ-বিনিময় কৰিছিল, যিদৰে জীৱনটো যাপন কৰিছিল, টেছলাৰ ভাৱ-ভংগী, অভিব্যক্তি-সেই সকলো দিশতে সদায়েই এক ৰহস্যৰ প্ৰলেপ আছিল। মানুহৰ বাবে টেছলা পৰম কৌতূহল আৰু আশ্বৰ্যৰ কৰিণ হৈ পৰিছিল। সেই কৌতূহল আৰু আশ্বৰ্য আজিকোপতি মাৰ যোৱা নাই।

 ১৯৪৩ চনৰ ৭ জানুৱাৰীত নিউ ইয়ৰ্ক হোটেলৰ ৩৩২৭ নং কোঠাত এলিছ ম'নাগহান নামৰ বনকৰা মহিলাগৰাকীয়ে টেছলাৰ অলৰ-অচৰ শৰীৰটো উদ্ধাৰ কৰে। টেছলাই তেওঁৰ কোঠাৰ দুৱাৰত আঁৰি থোৱা "do not disturb"ৰ কাগজখিলাক আওকাণ কৰি সোমাই যাওঁতেহে মহিলাগৰাকীয়ে এই দৃশ্য দেখা পালে, যিখন কাগজ দুদিন আগতেই তেওঁৰ দুৱাৰত ওলোমাই থৈছিল। স্বাস্থ্যপৰীক্ষাৰ অন্তত পোহৰলৈ আহিল-Coronary Thrombosis' নামৰ ৰোগত আক্ৰান্ত হৈ টেছলাৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত টেছলাৰ বয়স আছিল ৮৬ বছৰ।

 এইদৰেই সৰ্বকালৰ এজন মহান অথচ অল্পখ্যাত বিজ্ঞানী নিক’লী টেছলাৰ জীৱনৰ অৱসান ঘটে৷

৭২