পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“However bad life may seem, there is always something you can do and succeed at. While there is life, there is hope.”

—Stephen Hawking

 জনপ্ৰিয় মটিভেশ্যনেল স্পীকাৰ সন্দীপ মহেশ্বৰীয়ে জীৱনত বিজয়ী হোৱা আৰু পৰাস্ত হোৱা- এই দুই প্ৰকৃতিৰ মানুহৰ মানসিকতাৰ প্ৰভেদ সম্বন্ধে ব্যাখ্যা আগবঢ়াই কেতবোৰ অনুপ্ৰেৰণাদায়ক কথা কৈছিল৷ তাৰ ভাৱাৰ্থ আছিল—জীৱনত পৰাস্ত হোৱা যি কোনো এজন মানুহৰ কাষলৈ আপুনি গ'লে সেই মানুহজনে অজুহাতৰ দীঘলীয়া তালিকা এখন উলিয়াই আপোনাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব যে সেই এশ-এবুৰিটা অজুহাতৰ বাবে তেওঁ জীৱনত সফল হ'ব নোৱাৰিলে৷ ‘মোৰ জীৱনত এইটো ঘটিছিল যাৰ বাবে মই এইটো কৰিব নোৱাৰিলোঁ, মই কৰিব বিচাৰিছিলোঁ কিন্তু মই সা-সুবিধা নাপালোঁ’ ইত্যাদি বিভিন্ন বিচিত্ৰ অজুহাত তেওঁৰ হাতত সদায় মজুত থাকে৷

  জীৱনত বিজয় সাব্যস্ত কৰা এজন মানুহৰ কাষতো এদিন তেনে অজস্ৰ অজুহাত আছিল, সহস্ৰ কাৰণ আছিল যিবোৰে তেওঁক আকাংক্ষিত পথত ৰোধৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন৷ তেওঁৰ মন ভাঙি দিব পাৰিলেহেঁতেন৷ কিন্তু বিফলতামুখী তেনে হাজাৰটা কাৰণ, অজুহাত আৰু হেঙাৰক একাষৰীয়া কৰি বিজয়ীজনে তেওঁৰ সমগ্ৰ দৃষ্টি নিবদ্ধ কৰিছিল তেওঁৰ জীৱনৰ এনে এটা অন্যতম পৱিত্ৰ উদ্দেশ্যত যিটোৱে তেওঁক তেওঁৰ লক্ষ্য অভিমুখে আগবাঢ়ি যাবলৈ প্ৰতিপল প্ৰেৰণা যোগাই আছিল৷ অন্তৰৰ সেই প্ৰেৰণাসূচক জীৱনদায়িনী আহ্বানক যাত্ৰাপথৰ সংগী হিচাপে লৈ মানুহজন আগুৱাই আহি থাকিল, সন্মুখৰ প্ৰতিটো

৫৪