পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰ্মাণ কৰা মটৰটোৰ মাজত এইটোৱেই আছিল বিশেষ গুণগত পাৰ্থক্য। ১৮৮৮ চনৰ মে’ মাহত টেছলাৰ এই বিশেষ মটৰটোৱে ‘পেটেণ্ট’ লাভ কৰে। ‘টেছলা ইলেক্ট্ৰিক কোম্পানী’ৰ কাৰখানাৰ উদ্ভাৱন হোৱা এই নতুন যন্ত্ৰটোৰ বিষয়ে কোম্পানীয়ে বিভিন্ন মহলত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ১৮৮৮ চনৰ ১৬ মে’ত ‘দা আমেৰিকান ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰছ’ৰ আগশাৰীৰ ব্যক্তিসকলৰ সন্মুখত টেছলাই তেওঁৰ মটৰটোৰ কলা-কৌশল আৰু কাৰ্যদক্ষতা প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শনীৰ পিছতেই ‘Westinghouse Electric & Manufacturing Company’ৰ জৰ্জ বেষ্টিংহাউছে টেছলাক সাক্ষাৎ কৰে। পৰিৱৰ্তী প্ৰৱাহৰ বাণিজ্যিকীকৰণৰ প্ৰতি আকৃষ্ট ৱেষ্টিংহাউছ ঠিক এনে এটা মটৰৰেই সন্ধানত আছিল। টেছলাৰ মটৰটোৰ কাৰ্যদক্ষতাই তেওঁৰ দুচকুৰ আশী জীৱন্ত কৰি তুলিলে।

 কিন্তু টেছলাৰ মটৰটোৰ কাৰ্যদক্ষতাৰ সন্দৰ্ভত এডিছনৰ সঁহাৰি আছিল চূড়ান্তভাৱে বিপৰীতধৰ্মী। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এডিছনে সম্পূৰ্ণ নিৰুদ্বেগ আৰু বেপৰোৱা ভংগীমাৰে কৈছিল যে এইটো মটৰৰ কোনো ব্যৱহাৰিক প্ৰয়োগ নাই। এডিছনৰ মতে এইয়া মাথোঁ টেছলাৰ এক কল্পনাহে।

 যি কি নহওক, ১৮৮৮ৰ জুলাইত টেছলা ইলেকট্ৰিক কোম্পানীৰ স্বত্বাধিকাৰী আলফ্ৰেড ব্ৰাউন আৰু চাৰ্লছ পেকে নিক’লা টেছলাৰ ইণ্ডাকছন মটৰ আৰু ট্ৰেন্সফৰ্মাৰৰ আৰ্হি জৰ্জ ৱেষ্টিংহাউছৰ হাতত অৰ্পণ কৰি বৃহৎ মূল্যৰ এখন চুক্তি স্বাক্ষৰ কৰে। টেছলাক এবছৰৰ বাবে ৱেষ্টিংহাউছৰ কোম্পানীৰ পিটছবাৰ্গস্থিত গৱেষণাগাৰত পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হয়। সেই নিযুক্তিও হৈছিল এক বৃহৎ মাহিলী দৰমহাৰ বিনিময়ত। (আজিৰ তাৰিখত সেই মাহিলী দৰমহাৰ পৰিমাণ হ'বগৈ প্ৰায় ৫৩,৩০০ ডলাৰ৷)

 বহুচৰ্চিত ঐতিহাসিক বিদ্যুতৰ যুদ্ধখনৰ সূচনা হৈছিল নায়েগ্ৰা জলপ্ৰপাতৰ পৰা বিদ্যুৎ শক্তি উৎপাদন আৰু পৰিবহনক কেন্দ্ৰ কৰি। কোৱাটো

নিষ্প্ৰয়োজন যে যুদ্ধখনৰ প্ৰধান প্ৰতিদ্বন্দ্বী আছিল পৰিৱৰ্তী প্ৰৱাহৰ পৃষ্ঠপোষক জৰ্জ ৱেষ্টিংহাউছ আৰু একমুখী প্ৰৱাহৰ পৃষ্ঠপোষক টমাছ আলভা এডিছন। ৱেষ্টিংহাউছে যুক্তি দৰ্শাইছিল -টেছলাৰ মটৰটোৱে ইতিমধ্যেই ৪০টা ‘পেটেণ্ট’ লাভ কৰি নিজৰ গুৰুত্ব আৰু কাৰ্যদক্ষতা নিৰ্ভুলতাৰে প্ৰমাণ কৰিছে। টেছলাৰ মটৰটোৰ গুণ বখানি উদ্যোগী-উদ্ভাৱক ৱেষ্টিংহাউছে কৈছিল যে টেছলাৰ মটৰটোৰ জৰিয়তে পৰিৱৰ্তী প্ৰৱাহ উৎপাদন কৰিব পৰা যাব আৰু দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন সহজসাধ্য হৈ উঠিব। তীব্ৰ বিদ্ৰোপ আৰু ক্ষোভেৰে ইয়াৰ প্ৰত্যুত্তৰত এডিছনে কৈছিল যে-এই মটৰটো সম্পূৰ্ণ কাল্পনিক। নায়েগ্ৰা জলপ্ৰপাতৰ পৰা বিদ্যুৎ উৎপাদন, পৰিবহন, বিতৰণ কৰিবলৈ আমাৰ ওচৰত এটায়েই বিশ্বাসযোগ্য বিকল্প আছে-সেইয়া হৈছে একমুখী প্ৰৱাহ।

৬৯