পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উৎপত্তিত্ত্বৰ (Population Genetics) ক্ষেত্ৰত উদ্ভাৱণ কৰা “হাৰ্ডি-ৱেনবাৰ্গ” নীতিৰ বাবেও বিখ্যাত। লিখক হিচাপে সুপৰিচিত হাৰ্ডিৰ অন্যতম কৃতিত্ব হ’ল ১৯৪০ চনত তেওঁৰ দ্বাৰা ৰচিত বহুল জনপ্ৰিয় গ্ৰন্থ A Mathematician's Apology'.(1) স্মিথ পুৰস্কাৰ, ৰয়েল পদক, ডি মৰ্গান পদক, ছিলভেষ্টাৰ পদক, ক’পলি পদককে ধৰি কেইবাটাও বঁটা- সন্মানেৰে বিভূষিত মহান গণিতজ্ঞজনৰ ১৯৪৭ চনৰ ১ ডিচেম্বৰত মৃত্যু হৈছিল।

 মহান গণিতজ্ঞ হাৰ্ডি আছিল এজন ক্ৰিকেটপ্ৰেমী। এবাৰ হাৰ্ডিয়ে এখন ক্ৰিকেট খেল উপভোগ কৰি আছিল৷ তেনেতে দৰ্শক বহি থকা স্থানৰ পৰা অহা এক উজ্জ্বল ৰশ্মিয়ে ক্ৰীজৰ বেটমেনজনক যথেষ্ট অস্বস্তিত পেলোৱা দেখা গ'ল। বেটমেনৰ আপত্তিৰ প্ৰতি সঁহাৰি জনাই আম্পায়াৰে পোহৰৰ উৎসৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে। ফলত খেল ক্ষন্তেকৰ বাবে বন্ধ হ’ল। অৱশেষত পোহৰৰ উৎস ‘পোহৰ’লৈ আহিল। পোহৰৰ ৰশ্মিৰ উত্স হৈছে এগৰাকী কে’থলিক ধৰ্মযাজকৰ বহল বুকুৰ ওপৰতে ওলমি থকা এটা প্ৰকাণ্ড ক্ৰুছৰ ক্ৰুছৰ। ক্ৰুছৰ প্ৰতীকটো আঁতৰাই থ'বলৈ আম্পায়াৰদ্বয়ে ততালিকে ধৰ্মযাজকজনক অনুৰোধ কৰিলে। ঈশ্বৰৰ অস্তিত্বলৈ সদায়েই দোমোজাত থকা হাৰ্ডিয়ে এই কথাত ইমানেই ৰং পালে যে এই আমোদজনক কথাটোৰ বিষয়ে বৰ্ণনা কৰি হাৰ্ডিয়ে ভোজন বিৰতিৰ সময়ত তেওঁৰ ধৰ্মপ্ৰাণ বন্ধুসকললৈ চিঠিয়েই লিখি পেলালে।

 যদিও হাৰ্ডিয়ে ১৯০৮ খন গৱেষণা পত্ৰ লিখিছিল, তথাপিতো গণিতৰ ব্যৱহাৰিক দিশটোৰ প্ৰতি তেওঁৰ আগ্ৰহী নাছিল। অতবোৰ গৱেষণাৰ ভিতৰত তেওঁৰ মাত্ৰ এখন গৱেষণাপত্ৰহে ব্যৱহাৰিক দিশত প্ৰয়োগ কৰা হৈছিল- আৰ.এইচ, ৰক্তপুঞ্জ অধ্যয়নত।

 এতিয়া আহোঁ-ছবিখনৰ মাজলৈ।

 "Mathematics, rightly viewed, possesses not only truth but supreme beauty.”ব্ৰাটাণ্ড ৰাছেলৰ চিত্তাকৰ্ষক উক্তিটোৰে আৰম্ভ হোৱা ছবিখনৰ কাহিনীৰ সূচনা হয় ১৯২০ চনত কেমব্ৰিজৰ ট্ৰিনিটি কলেজত লেখক-গণিতজ্ঞ হাৰ্ডিয়ে নিজা কক্ষত বহি এখন গ্ৰন্থ ৰচনা কৰি থকাৰ দৃশ্যটোৰ পৰা। পশ্চাদপটত ধ্বনিত হয় হাৰ্ডিৰ কণ্ঠ। হাৰ্ডিৰ কণ্ঠই কৈ যায়-“...I owe more to him than to anyone else in the world and my association with him is the one romantic incident of my life.’’

 তাৰপিছতেই ছবিৰ কাহিনীয়ে গতি কৰে ১৯১৪ চনৰ মাদ্ৰাছলৈ। গাণিতিক বিস্ময় ৰামানুজনৰ দেশলৈ। দেখুউৱা হয়- মন্দিৰৰ মজিয়াত চকপেন্সিলেৰে অংক কৰাত মচগুল হৈ থকা ধূতি-কূৰ্তা পৰিহিত যুৱক এজনক। যেন মজিয়াখন মজিয়া

৪৪