পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইয়াতেই ক্ষান্ত নাথাকি এডিছনে তেওঁৰ প্ৰতিষ্ঠানৰ সন্মুখত একাধিক সাংবাদিক আৰু ব্যক্তি গোট খোৱাই পৰিৱৰ্তী প্ৰৱাহৰ ভয়াৱহতা আৰু নিৰাপত্তাহীনতাৰ প্ৰমাণ দাঙি ধৰিলে। বান্ধি থোৱা এটা কুকুৰৰ শৰীৰেৰে তেওঁলোকে পৰিৱৰ্তী প্ৰৱাহৰ সোঁত পাৰ কৰোৱালে। কুকুৰটোৱে তৎমুহূৰ্ততে প্ৰাণবায়ু এৰিলে। এজন চতুৰ ব্যৱসায়ীলৈ ৰূপ ধাৰণ কৰা বিজ্ঞানী এডিছনে জনতাক পতিয়ন নিয়াব বিচাৰিলে যে টেছলাৰ মটৰটোৰ ব্যৱহাৰে সকলোকে নিশ্চিত মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াব। গতিকে একমুখী প্ৰৱাহৰ ব্যৱহাৰৰ বাহিৰে এতিয়া গত্যন্তৰ নাই।

 পৰিৱৰ্তী প্ৰৱাহৰ এই ধ্বংসমুখী প্ৰচাৰৰ ঢৌক ভেটিবলৈ টেছলাই এটা সাহসী সিদ্ধান্ত ল'লে। ৰেষ্টিংহাউছৰ চিনাকি সাংবাদিক, সমাজৰ প্ৰভাৱশালী ব্যক্তিক তেওঁৰ গৱেষণাকক্ষলৈ আমন্ত্ৰিত কৰিলে। সকলোৱে আসন গ্ৰহণ কৰাৰ পিছত টেছলাই বিশেষ পৰীক্ষাটো প্ৰদৰ্শন কৰিবলৈ আগুৱাই আহিল। দুটা বাল্বৰ মাজত এডাল তাঁৰ সংযোগ কৰি তাৰ মাজেৰে পৰিৱৰ্তী প্ৰৱাহ চালিত কৰিলে। বিভৱ ভেদৰ অত্যধিক ক্ষমতা বহন কৰিব নোৱাৰি এসময়ত তাঁৰডাল পুৰি ছৰিখাৰ হ’ল। এইবাৰ নিকলী টেছলাই নিজৰ দুখন হাতকে তাঁৰডালৰ ঠাইত সংযুক্ত কৰাৰ কথা ঘোষণা কৰিলে। তেওঁ ক'লে যে 'If my alternating current kills, then I deserve to be victimize myself.” তেওঁ এখন হাত ইলেকট্ৰ’ডত থৈ আনখন হাতেৰে আনডাল। ইলেক্ট্ৰডত থ’বলৈ লওঁতেই সন্মুখত বহি থকা আসনৰ পৰা তেওঁৰ ভাল বন্ধু কেথেৰিন জনছন উঠি আহিল। টেছলাই কৰিবলৈ। ওলোৱা কামটোৰ সম্ভাৱ্য ভয়াৱহতা উপলব্ধি কৰি কেথেৰিন আতঙ্কত কম্পমান হৈ উঠিল। পিছে আত্মবিশ্বাসী টেছলাই তেওঁৰ হাতখনেৰে কেথেৰিনৰ হাতত স্পৰ্শ কৰি দিলে। কেথেৰিনৰ আনখন হাত ইতিমধ্যেই আনডাল ইলেক্টডত আছিলেই। টেছলাৰ হাতখনে কেথেৰিনৰ আঙুলিৰ মাজত আবদ্ধ হোৱাৰ ফলত বৰ্তনীটো সম্পূৰ্ণ হ’ল আৰু নুমাই যোৱা বাল্বদুটা জ্বলি উঠিল। উপস্থিত অতিথিবৃন্দই এই সমস্ত দৃশ্য পৰিমাপহীন বিস্ময় অৰুি অনিৰ্বচনীয় কৌতূহলেৰে প্ৰত্যক্ষ কৰি থাকিল।

 ছবিখনৰ কাহিনীত ইয়াৰ পিছত প্ৰৱেশ কৰে জে.পি, মৰ্গানে। জেপি মৰ্গান আছিল এজন প্ৰতিপত্তিশালী আমেৰিকান বিনিয়োগকাৰী। মৰ্গানৰ সুবিশাল কক্ষত এডিছন আৰু টেছলাৰ মাজত পুনৰ এখন তৰ্কযুদ্ধ হয়। তৰ্কত এডিছনক অধিক

আক্ৰমণাত্মক হৈ উঠা দেখা যায়। অৱশ্যে টেছলাৰ পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাইহে মৰ্গানৰ মন জয় কৰিবলৈ সক্ষম হ’ল আৰু মৰ্গানে টেছলাৰ লগত ব্যৱসায় কৰাৰ কথা প্ৰকাশ কৰিলে।

 এডিছনৰ কোম্পানীৰ সহায়ক বিভাগৰ এছাম মানুহ টেছলাৰ পৰিৱৰ্তী প্ৰৱাহৰ ধাৰণাটোৰ প্ৰতি আকৃষ্ট হৈছিল। নিজৰ A.C.-বিৰোধী মতসমূহক কোম্পানীৰ মানুহৰ মাজত সবলভাৱে পুনঃপ্ৰতিষ্ঠিত কৰিবৰ নোৱাৰাৰ বাবেই হয়তো বিদ্যুতৰ ব্যৱসায়ৰ প্ৰতি এডিছনে আকৰ্ষণ হেৰুৱাইছিল। আৰু

অৱশেষত বিদ্যুতৰ ব্যৱসায় এৰি এডিছনে লো

৭০