পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সময়ত, যেতিয়া সূৰ্যৰ পোহৰৰ তীব্ৰতা যথেষ্ট পৰিমাণে হ্ৰাস পাব আৰু সূৰ্যৰ চৌদিশে থকা নক্ষত্ৰকেইটা দৃশ্যমান হ’ব।

 নক্ষত্ৰৰ পোহৰ বেঁকা হৈ যোৱা দৃশ্য ফটোগ্ৰাফিক প্লেটত ধৰি ৰখাৰ আকাংক্ষাৰেই আৰ্থাৰ এডিংটন আৰু তেওঁৰ বন্ধু ডাইছন উপস্থিত হৈছিলগৈ পশ্চিম আফ্ৰিকাৰ প্ৰিন্সিপেই (PRINCIPE) নামৰ ঠাইডোখৰত। তেওঁলোকৰ কষ্ট সাৰ্থক হৈছিল। নিউটনৰ প্ৰতিষ্ঠিত ধাৰণাক একাষৰীয়া কৰি আইনষ্টাইনৰ আপেক্ষিকতাবাদে নিশাটোৰ ভিতৰতে খ্যাতিৰ শিখৰত আৰোহণ কৰিছিল। কোৱাটো নিষ্প্ৰয়োজন, ছাৰ অৰ্থাৰ এডিংটনে অশেষ কষ্ট স্বীকাৰ কৰি, নিউটনীয়ান ধাৰণাৰ অন্ধ সমৰ্থকসকলৰ বিৰোধিতা উফৰাই, প্ৰতিকূলতাক প্ৰত্যাহ্বান জনাই এই দুৰ্গম ঠাইত আপেক্ষিকতাবাদৰ পৰীক্ষামূলক পৰ্যবেক্ষণটো নকৰাহেঁতেন আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই বিশ্বব্যাপি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰু কেইদশকমান ৰ’ব লাগিলহেঁতেন।

 এডিংটনৰ জন্ম হৈছিল ১৮৮২ চনত বৰ্তমানে কাম্ব্ৰিয়া নামে জনাজাত, ইংলেণ্ডৰ এখন ঠাইত। দেউতাক অৰ্থাৰ হেৰি এডিংটন আছিল কোৱেকাৰ (Quaker) বিদ্যালয়ৰ প্ৰধান শিক্ষক। কোৱেকাৰ হৈছে জৰ্জ ফক্স নামৰ ব্যক্তি এজনে প্ৰতিষ্ঠা কৰা এটা ধাৰ্মিক বিশ্বাস। কোৱেকাৰসকল হিংসা-যুদ্ধৰ বিৰোধী আৰু শান্তি, মৈত্ৰীৰ পৃষ্ঠপোষক। তেনে এটা শান্তিপ্ৰিয় পৰিয়ালতে জন্ম লৈছিল এডিংটনে। এডিংটনৰ মাকৰ নাম ছৰি এন স্বাউট।

 পঢ়া-শুনাত এডিংটনে সৰুৰেপৰাই আগবঢ়া আছিল। প্ৰখৰ মেধা আৰু বুদ্ধিমত্তাৰ গৰাকী শিশু এডিংটন গণিত আৰু ইংৰাজী সাহিত্যত অত্যন্ত পাৰদৰ্শী আছিল। ১৮৯৮ চনত এটা জলপানি লাভ কৰি এডিংটন মানচেষ্টাৰৰ ওৱেনছ্ কলেজলৈ পঢ়িবলৈ যায়। পদাৰ্থ বিজ্ঞান আৰু গণিতৰ শিক্ষক ক্ৰমে আৰ্থাৰ হাষ্টাৰ (Arthur Schuster) আৰু হৰেচ লেম্বে (Horace Lamb) এডিংটনক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল। ১৯০২ চনত তেওঁ প্ৰথম শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। স্মৰণযোগ্য যে, তীক্ষ্ণধী ছাত্ৰ এডিংটনে শিক্ষাগ্ৰহণ কালছোৱাত কেইবাটাও জলপানি লাভ কৰিছিল।

 ১৯০৫ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনৰ ত্ৰিনিটি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এডিংটনে ‘Thermionic Emission' বিষয়ত