পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বিশ্বখ্যাত মাছাছুছেটছ্ ইনষ্টিটিউট্ অৱ টেকন’লজিৰ এজন অংকৰ অধ্যাপকে শিক্ষাৰ্থীসকলৰ মেধা আৰু বুদ্ধিমত্তাৰ উমান লোৱাৰ উদ্দেশ্যে এটা জটিল অংক শ্ৰেণীকোঠাৰ বাহিৰৰ ব’ৰ্ডখনত লিখি থৈ আহে। প্ৰশ্নটো লিখি থৈ অহাৰ কেইটামান ঘণ্টাৰ পিছতেই অংকটোৰ শুদ্ধ সমাধান বৰ্ডত দৃষ্টিগোচৰ হ’ল। অংকৰ প্ৰফেচাৰ গেৰাল্ড লেম্বুউৰ চকু কপালত। ইমান জটিল অংকটোৰ সমাধান ইমান নিখুঁতভাৱে কৰিলে কোনে! সহযোগী শিক্ষক আৰু অন্যান্য শিক্ষাৰ্থীসকলৰ হাতত ইয়াৰ উত্তৰ নাই। সেয়ে ‘জিনিয়াছ’জন চিনি উলিয়াবলৈ প্ৰফেচাৰ গেৰান্ডে এইবাৰ ‘মেট্ৰিক্স’ৰ জটিল অংক এটা ব’ৰ্ডত লিখি দিলে। আৰু সকলোৱে আশা কৰা ধৰণেই এইবাৰ মেকুৰী জোলোঙাত সোমাল। ‘জিনিয়াছ’-এ অংকৰ সমাধানটো লিখি থকাৰ মুহূৰ্ততে প্ৰফেচাৰে তেওঁক দেখা পালে। কিন্তু প্ৰফেছাৰে কৰায়ত্ত কৰাৰ আগতেই ‘জিনিয়াছ’-এ সেই স্থান এৰি পলায়ন কৰিলে। সন্ধান চলি থাকিল। সন্ধানত কেইবাটাও আলোড়ণকাৰী তথ্য পোহৰলৈ আহিল৷ এই ‘জিনিয়াছ’জন কোনো বিশ্ববিখ্যাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাছিল, নাছিল তেওঁ এমআইটিৰ উজ্জ্বল নক্ষত্ৰসমূহৰ অন্যতম। তেওঁৰ নাম উইল হাণ্টিং। বিশ বছৰীয়া, অনাথ, বিশৃংখল, বেপৰোৱা, সৰু-সুৰা কেইবাটাও অপৰাধ কৰি আইন-আদালতলৈ অহা-যোৱা কৰি থকা এজন যুৱক-নাম যাৰ উইল হাণ্টিং। এমআইটিৰ চৌহদ,বাৰাণ্ডা চাফ-চিকুণকৈ ৰখাৰ দায়িত্বত নিয়োজিত (জেনিটৰ, কেয়াৰটেকাৰ, তত্ত্বাবধায়ক) হাণ্টিঙে বন্ধুমহলৰ লগত সুৰাপান কৰি আজৰি সময় পাৰ কৰে। অসংযত জীৱনশৈলীত অভ্যস্ত হৈও উইল হাণ্টিং এক চমৎকাৰী চৰিত্ৰ। এক চলন্ত এনচাইক্ল’পেডিয়া। দ্বিধাহীনভাৱে যিজন মানুহৰ নামৰ আগত ‘জিনিয়াছ’ শব্দফেৰা সংযোজিত কৰিব পাৰি।

১৭