পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যিটো শেহতীয়া অপৰাধত হাণ্টিং জড়িত হৈ পৰিছিল, সেই গোচৰৰ ৰায়দান শুনিবলৈ প্ৰফেচাৰ গেৰাল্ডো ন্যায়ালয় পালেগৈ। আদালতত অধিবক্তা আৰু বিচাৰকৰ সন্মুখত হাণ্টিঙে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ যিবোৰ তথ্য, যুক্তি দাঙি ধৰিলে;সেইবোৰ দেখি-শুনি প্ৰফেচাৰ বিস্ময়াভিভূত হ’ল৷ যুৱকজনৰ অসাধাৰণ পাণ্ডিত্যই প্ৰফেচাৰ গেৰাল্ডক মুহূৰ্ততে সন্মোহিত কৰি পেলালে। বিস্ময়াহত প্ৰফেচাৰ প্ৰস্তাৱ আগবঢ়ালে-তোমাক মই আইনৰ কু-দৃষ্টিৰ পৰা আঁতৰাই আনিব পাৰোঁ। যদিহে তুমি মোৰ চকুৰ সমুখত থাকি পঢ়া-শুনা কৰা, অংকশাস্ত্ৰ অধ্যয়ন কৰা আৰু নিয়মীয়াকৈ থেৰাপিৰ ক্লাছলৈ যোৱা। সৌভাগ্যৰ কথা, উক্ত প্ৰস্তাৱৰ প্ৰতি উইল হাণ্টিঙে সমৰ্থন আগবঢ়ালে।

 অংকশাস্ত্ৰত হাণ্টিঙে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি থাকিল যদিও থেৰাপিৰ শিক্ষকসকলক নগুৰ-নাকটি কৰিলে৷ এজনো শিক্ষকে হাণ্টিঙৰ উদ্ভৎ আচৰণৰ সমুখত তিষ্ঠিব নোৱাৰিলে। উপায়ন্তৰ হৈ প্ৰফেছাৰ গেৰাল্ড কাষ চাপিল বাঙ্কাৰ হিল কমিউনটি কলেজত মনোবিজ্ঞানৰ সন্মানীয় প্ৰফেছাৰ, একালৰ বন্ধু ছিন মেগুৱাইৰ। প্ৰাৰম্ভিক জটিলতা নেওচি, হাণ্টিঙৰ উচ্ছৃংখল ব্যৱহাৰৰ লগত ধৈৰ্যৰে, সহ্যৰে মোকাবিলা কৰি ছিন মেগুৱাইৰে হাণ্টিঙৰ ভিতৰত অতদিনে লুকাই থকা প্ৰকৃত হাণ্টিঙজনক চিনাক্ত কৰাৰ দিশে ধাৱমান হ’ল। হাণ্টিঙৰ তিক্ততাপূৰ্ণ শৈশৱ, কৈশোৰৰ হৃদয়বিদাৰক অনুভূতিবোৰ ছিনৰ সন্মুখত ক্ৰমান্বয়ে প্ৰকাশিত হ’বলৈ ধৰিলে৷ প্ৰফেছাৰ ছিনেও হাণ্টিঙৰ আগত বৰ্ণনা কৰে- প্ৰথমবাৰৰ বাবে পত্নীক লগ পোৱাৰ কাহিনী; তেওঁৰ পত্নীৰ কৰুণ বিয়োগৰ কথা। মিথ্যাচাৰৰ আশ্ৰয় লৈ স্কাইলাৰ নামৰ যুৱতীৰ প্ৰেমপাশত আৱদ্ধ হোৱা হাণ্টিঙক ছিনৰ এই জীৱনমুখী কথা-বতৰাবোৰে নিজৰ জীৱনটোক সূক্ষ্মভাৱে চাবলৈ উদ্গনি যোগায়। প্ৰফেছাৰ ছিনৰ জীৱনসন্ধানী জ্ঞানৰ পোহৰে হাণ্টিঙৰ বিশৃংখল জীৱনলৈ ক্ৰমাৎ নতুনত্ব আহে। ঘন তমসা নেওচি পোহৰমুখী যাত্ৰাৰ পথিক হ’বলৈ হাণ্টিঙৰ

১৮