পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভিভিয়েন থ’মাছক জন্স হপকিন্স বিশ্ববিদ্যালয়ে কৰ্মনিষ্ঠা আৰু অতুলনীয় মেধাক আনুষ্ঠানিকভাৱে সন্মান যাঁচে। ভিভিয়েন থ’মাছলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়োৱা হয়। চিকিৎসালয়ৰ বেৰত তেওঁৰ এখন প্ৰতিকৃতি আলফ্ৰেড ব্লালাকৰ প্ৰতিকৃতিৰ কাষতেই আঁৰি ৰখা হয়। সেইয়া আছিল ভিভিয়েন থ’মাছৰ জীৱনৰ সবাতোকৈ গৌৰৱোজ্জ্বল ক্ষণ। দৰ্শকৰ প্ৰথম শাৰীত বহি থকা বৃদ্ধ ভিভিয়েন থ’মাছ আৰু তেওঁৰ পত্নীৰ চকুত কোণত জিলিকি উঠা অশ্ৰুয়েই সেই সুখানুভূতি প্ৰকাশিত কৰে৷ অভিনেতা-অভিনেত্ৰীসকলৰ হৃদয়স্পৰ্শী তথা সাৱলীল অভিনয়; নিখুঁত চিত্ৰনাট্য ছবিখনৰ মূল উপাদান। এমি, গল্ডেন গ্ল’বকে ধৰি একাধিক মনোনয়ন আৰু বঁটাৰে পুৰস্কৃত জোছেফ চাৰ্জেণ্টৰ দ্বাৰা পৰিচালিত ছবিখনক আমেৰিকান ফিল্ম ইন্‌ষ্টিটিউটে ২০০৪ চনৰ “শ্ৰেষ্ঠ টেলিভিছন ছবি” আখ্যা দিয়ে আৰু কয়-“A revelation..a bittersweet story [that] is an important tool for America as it continues to search for a public vocabulary to discuss issues of race.”(৷) হাইস্কুলীয়া শিক্ষাৰ পিছত অইন কোনো বিদ্যালয়ত পঢ়িবলৈ সুযোগ-সুবিধা আদায় কৰিব নোৱাৰা দৰিদ্ৰ কৃষ্ণাংগ যুৱক ভিভিয়েন থ’মাছে বৰ্ণ-বৈষম্যত পোত যোৱা সমাজক পৰাস্ত কৰি যিদৰে চিকিৎসা-বিজ্ঞানৰ ইতিহাসত মাইলৰ খুঁটি স্থাপন কৰিলে; নিৰলস চেষ্টা, ঐকান্তিকতা আৰু প্ৰজ্ঞাৰ উজ্জ্বল আভাৰে যিদৰে আধুনিক অস্ত্ৰোপচাৰ শৈলীলৈ যুগান্তকাৰী বোৱাই আনিলে;সেইয়া চিৰকাল স্মৰণীয় আৰু শ্ৰদ্ধাযোগ্য হৈ থাকিব।

২৫