পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপৰীতটোও সম্ভৱ অৰ্থাৎ বিভৱ ভেদৰ পৰিমাণ কমাই আনি প্ৰৱাহৰ মান বঢ়াব পাৰি। এই সুবিধাৰ কাৰণেই আধুনিক যুগত A.C.ৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহন সম্ভৱ হৈছে। D.C.ত যিদৰে জৰিয়তে বিদ্যুৎ সৰবৰাহ কৰিলে বিদ্যুৎ শক্তিৰ যিমান অপচয় হয়, D.C.ৰ যোগেদি পৰিবহন কৰিলে বিদ্যুতৰ তাতকৈ অধিক গুণে অপচয় হয়।

  পৰিৱৰ্তী প্ৰৱাহৰ এই বৈশিষ্ট্যগত ধাৰণাটোক সাৰথি কৰিয়েই প্ৰৱল আত্মবিশ্বাসী টেছলা এডিছনৰ কাষ চাপিছিল। কিন্তু যেতিয়া নিক’লী টেছলাই তেওঁৰ অভিনৱ নক্সাটো এডিছনক দেখুৱাই Alternating Current প্ৰসংগ উলিয়ালে, তেতিয়া মহান বিজ্ঞানীজন হতভম্ব হৈ পৰিল। কিয়নো ইয়াৰ আগলৈকে তেওঁ এই দুটা শব্দ শুনায়েই নাছিল। নতুন প্ৰতিভাৰ অনুসন্ধিৎসু দৃষ্টিক একপ্ৰকাৰ অৱহেলা কৰি তেওঁৰ চকুত জিলিকি উঠিল বিদ্ৰোপমিশ্ৰিত আশ্বৰ্যৰ এক ক্ষীণ আভা।

 এডিছনে টেছলাৰ নক্সাটোক উপেক্ষা কৰিলে৷ পিছে টেছলা নিৰাশ নহ'ল। এডিছনৰ কোম্পানীত কাম কৰি থাকিল যদিও তেওঁৰ অৱচেতন মনত সেই বিশেষ ধাৰণাটোৱে অগা-দেৱা কৰি থাকিল৷ পিছে এডিছনৰ কোম্পানীত ছমাহ কাম কৰাৰ পিছত তেওঁ এডিছনৰ লগত হোৱা মনোমালিন্যৰ বাবে কোম্পানী ত্যাগ কৰিলে। মনোমালিন্যৰ কাৰণ ব’নাছ সম্পৰ্কীয় বুলি ঠাৱৰ কৰা হয়৷

 এদিন চহৰত এদল বনুৱাৰ লগত গাত খান্দি থকা অৱস্থাত টেছলাক দেখা পায় এখন প্ৰতিষ্ঠিত কাকতৰ সম্পাদক বব জনছন আৰু তেওঁৰ পত্নী কেথেৰিন জনছনে। এই দুজন ব্যক্তি বিশেষকৈ কেথেৰিনৰ লগত টেছলাৰ আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল। এই বন্ধুত্বৰ খাতিৰতে জনছন দম্পতীয়ে টেছলাক সামৰ্থানুযায়ী সহায় কৰাৰ আশ্বাস দিছিল। জীৱনৰ এইছোৱা সময়ক কষ্টদায়ক বুলি অভিহিত কৰি টেছলাই স্পষ্ট আক্ষেপেৰে কৈছে-“My high education in various branches of science, mechanics and literature seemed to me like a mockery."

 অপেক্ষাৰ ফল মিঠা। টেছলাৰ ক্ষেত্ৰতো সেইয়াই ঘটিল। ১৮৮৬ চনত ৱেষ্টাৰ্ণ ইউনিয়ন অধীক্ষক আলফ্ৰেড ব্ৰাউন আৰু তেওঁৰ এজন সতীৰ্থৰ লগত টেছলাৰ সাক্ষাৎ হয়। কথোপকথনৰ অন্তত এই দুজন ব্যক্তিয়ে টেছলাৰ সপোনৰ প্ৰকল্পটোত আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁৰ হাতত এখন ‘চেক্’ অৰ্পণ কৰে। ১৮৮৭ চনৰ এপ্ৰিলত তেওঁলোকৰ সহযোগিতাত ‘টেছলা ইলেকট্ৰিক কোম্পানী’ স্থাপন কৰা হয় য'ত টেছলাই অভিনৱ আৰ্হিৰ মটৰটোৰ নিৰ্মাণকাৰ্যত গভীৰভাৱে মনোনিৱেশ কৰে। সেই বছৰৰে কোনোবা এটা দিনত টেছলাই তেওঁৰ কাৰখানাত ‘ইণ্ডাকছন মটৰ’ (Induction Motor)ৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। ক’ব পাৰি এই বিশেষ মটৰটোৰ আৱিষ্কাৰেই বৈদ্যুতিক ক্ষেত্ৰখনলৈ আলোড়ণকাৰী ধৰা কঢ়িয়াই আনিলে। টেছলাৰ মটৰটো একমুখী প্ৰৱাহৰ পৰিৱৰ্তে পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত হৈছিল। এই বিশেষ মটৰটোত কমিউটেটৰ নামৰ অংশটো নাছিল যাৰ ফলত পূৰ্বৰ মটৰবোৰৰ দৰে এই মটৰত বিদ্যুতৰ অপচয় নহৈছিল। কমিউটেটযুক্ত মটৰবোৰত ‘স্পাৰ্কি’ (Sparking)ৰ ফলত এক গুৰুত্বপূৰ্ণ পৰিমাণৰ

বিদ্যুত ক্ষয় হৈছিল। প্ৰচলিত মটৰ আৰু টেছলাই

৬৮