পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“The present is theirs; the future, for which I really worked, is mine."

Nikola Tesla

 কোঠাত পোহৰ বিয়পাই থকা বৈদ্যুতিক বাল্বটোৱে মানৱচক্ষুৰ সন্মুখলৈ লৈ আনে পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ বিজ্ঞানী টমাছ আলভা এডিছনৰ ছবিখন। এডিছন নামৰ অপাৰ প্ৰতিভাশালী মানুহজনৰ নিষ্ঠা, একাগ্ৰতা আৰু জীৱনজোৰা অধ্যৱসায়ৰ একো একোখন ছবিয়ে মুহূৰ্ততে প্ৰতিজন শিক্ষিত মানুহক কৰি তোলে এডিছনৰ প্ৰতি শ্ৰদ্ধাশীল আৰু কৃতজ্ঞ। সেই শ্ৰদ্ধা আৰু কৃতজ্ঞতা এডিছনৰ প্ৰাপ্য। কাৰণ, গৱেষণাগাৰৰ সহস্ৰাধিক পৰীক্ষাত বিফল হৈও ‘পৰাজয়ৰ সন্মুখত শিৰনত নকৰা অদমনীয় মনোবলৰ অবিস্মৰণীয় প্ৰতিমূৰ্তি টমাছ আলভা এডিছনৰ প্ৰতিভা আৰু সাধনাৰ ভেঁটিত থিয় হৈয়েইতো মানৱ সমাজ প্ৰগতি আৰু উত্তৰণৰ দিশে এখোঁজ আগুৱাই আহিল। বিজুলী বাঁতি, গাড়ীৰ বেটেৰী, ফ’ন’গ্ৰাফ, ম’ছন পিকছাৰ কেমেৰাকে ধৰি একাধিক গুৰুত্বপূৰ্ণ আৱিষ্কাৰেৰে মানৱসমাজ আৰু বিজ্ঞানজগত জ্যোতিৰ্ময় কৰা মহান বিজ্ঞানীজনৰ জীৱন, যৌৱন আৰু ব্যক্তিত্বৰ বিষয়ে আধুনিক সমাজত মনোজ্ঞ চৰ্চা আৰু বিষদ আলোচনা হৈয়েই আছে। তেওঁৰ খ্যাতি, যশস্যা আৰু জনপ্ৰিয়তা কোনোকালে স্নান হোৱা নাই আৰু তাৰ সম্ভাৱনাও নাই।

 ‘মেনলো পাৰ্কৰ যাদুকৰ’ (The wizard of Menlo Park)- এইবুলিয়েই কোৱা হৈছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ আৱিষ্কাৰজনক। বিজুলী বাঁতিৰ আৱিষ্কাৰ কৰি টমাছ আলভা এডিছন সমাজৰ দৃষ্টিত এজন ‘নায়ক’ হিচাপে পৰিগণিত হৈছিল। কাৰোবাৰ বাবে তেওঁ হৈ পৰিছিল ভগৱান। ৰাস্তাই-

৬০