পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ষ্টিফেন হকিঙৰ জীৱনত যেতিয়া মটৰ নিউৰন নামৰ ভয়ংকৰ দুৰাৰোগ্য ৰোগটোৱে প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ একৈশ বছৰ। শৰীৰৰ স্নায়ু এফালৰ পৰা ধ্বংস কৰি মানুহজনক এসময়ত মৃত্যুৰ শীতল কোলাত শোৱাই দিয়াটোৱেই এই ৰোগটোৰ প্ৰধান উদ্দেশ্য। বেমাৰৰ সমুখত পৰাজয় বৰণ কৰি চিকিত্সকে ক্ষমাহীন ঘোষণা কৰিলে,মাত্ৰ দুই-আঢ়ৈ বছৰৰ পিছতেই হকিঙৰ মৃত্যু নিশ্চিত। এই ভয়ংকৰ বেমাৰটোৱে খুব কম সময়ৰ ভিতৰতে হকিঙৰ ভৰি-হতিকে ধৰি অধিকাংশ অংগ অকামিল কৰি আনিব আৰু অলৰ- অচৰ শৰীৰটো লৈ হকিঙ জীয়াই থকাটো একপ্ৰকাৰৰ দুঃসহ হৈ উঠিব। তেওঁ খোজ কাঢ়িব নোৱৰা হ'ব, হাত লৰাব নোৱৰা হ'ব, স্পষ্টতাৰে কথা নোৱৰী হ'ব আৰু এসময়ত তেওঁৰ বাক্‌শক্তিয়েই সম্পূৰ্ণ বিলুপ্ত হ'ব। ইমানেই ভয়ংকৰ এই ৰোগটো! সাধাৰণ পানী লগা জ্বৰতেই কাৰ্যালয়ৰ পৰা ছুটি লৈ দুদিন-দুৰাতি বিচনাৰ পৰা নামি নহা আমাৰ দৰে মানুহে হয়তো চিকিৎসক মুখত তেনে এষাৰ কথা শুনি ঠাইতে মূৰ্চা যাম আৰু বাকী থকা দিনকেইটা উদাস, বিষন্ন হৈ যাপন কৰি মৃত্যুৰ বাবে অপেক্ষা কৰি থাকিম।

 কিন্তু আমি কথা পাতিছোঁ ষ্টিফেন হকিঙৰ বিষয়ে, সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ, এজন পদাৰ্থবিজ্ঞানীৰ বিষয়ে। সাধাৰণ যদু-মধুৰ বিষয়ে নহয়। অৱশ্যে কথাষাৰ এনেকৈও ক’ব পাৰি সাধাৰণ মানুহ হৈও হকিঙ অসাধাৰণ, অনন্য। সেইকাৰণেই হয়তো মটৰ নিউৰনৰ দৰে বিৰল বেমাৰটোৱে সৰ্বশৰীৰ অকামিলা কৰি পেলোৱাৰ পিছতো, জীৱনৰ অবিচ্ছেদ্য সংগীস্বৰূপ হুইলচেয়াৰত বহি কম্পিউটাৰৰ জৰিয়তে লক্ষ-লক্ষলোকৰ লগত ভাৱ-বিনিময় কৰা এই মানুহজনৰ মুখেৰে নিঃসৃত হৈছে "While there is life, there is hope"ৰ দৰে মহামূল্যৱান প্ৰাণসঞ্চাৰী বাক্য।

 হকিঙৰ জীৱনত অইন এগৰাকী মানুহ আছিল, যিয়ে হকিঙৰ দুৰ্দিনৰ সময়ত তেওঁৰ কাষত থিয় হৈছিলহি। তেওঁ হৈ পৰিছিল হকিঙৰ বাবে অন্তহীন প্ৰেৰণী আৰু উৎসাহৰ উৎস। মটৰ নিউৰনৰ নামৰ বেমাৰটোৰ আগমন ঘটাৰ মাত্ৰ কেইটিমান দিনৰ আগতে হকিঙ চিনাকি হৈছিল সাহিত্যৰ ছাত্ৰী জেন আইল্ডৰ সৈতে। কেইটিমান মুহূৰ্ত একেলগে অতিবাহিত কৰাৰ পিছতেই পৰস্পৰে পৰস্পৰৰ ব্যক্তিত্বৰ প্ৰতি অনুভৱ কৰিছিল ব্যাখ্যাহীন আকৰ্ষণ। এই আকৰ্ষণেই দুয়োকে দুয়োৰে

৫৬