পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰামানুজনক হাৰ্ডিয়ে বিশ্ববিখ্যাত গণিতজ্ঞ ইউলাৰ আৰু জাকোবিৰ সমপৰ্যায়ৰ বুলি অভিহিত কৰিছিল আৰু প্ৰতিমুহূৰ্ততে কলেজৰ পাঠদান কাৰ্যত মনোনিৱেশ কৰিবলৈ আন্তৰিক অনুৰোধ কৰিছিল। অংকত প্ৰমাণ অবিহনে যে সকলো নিস্ফল-সেই কথা বাৰম্বাৰ হাৰ্ডিয়ে ৰামানুজনৰ কাণত পেলাই আছিল। হাৰ্ডিয়ে ৰামানুজনক ট্ৰিনিটি কলেজৰ বিখ্যাত ৰেইন পুথিভঁৰালটোলৈ লৈ গৈছিল আৰু নিজৰ প্ৰতিভা আৰু মেধাৰ স্বাক্ষৰ এইটো পুথিভঁৰালত গজ্‌গজীয়াকৈ ৰাখি থৈ যাবলৈ উৎসাহিত কৰিছিল।

 অংকক কেন্দ্ৰ কৰিয়েই দুইজন গণিতজ্ঞ সময়ে-সময়ে তৰ্কত লিপ্ত হৈছিল। অৱশ্যে কেতিয়াবা তৰ্কই গণিতৰ সীমা অতিক্ৰমি ধৰ্মীয় বিশ্বাস আৰু ঈশ্বৰীয় ধাৰণাৰ গণ্ডী স্পৰ্শ কৰিছিল। সি যিয়েই নহওক; হাৰ্ডিৰ আপ্ৰাণ চেষ্টা আৰু মহানুভৱতাৰ জোৰতেই ৰামানুজনে লণ্ডন গাণিতিক সমাজত তেওঁৰ প্ৰথমখন গৱেষণাপত্ৰ প্ৰকাশ কৰিবলৈ সমৰ্থৱান হৈছিল। “জটিল যৌগিক সংখ্যা”ৰ এইখন গৱেষণা পত্ৰত সন্নিৱিষ্ট দুটামান সূত্ৰৰ প্ৰমাণ আগবঢ়াই অধ্যাপক হাৰ্ডিয়ে ৰামানুজনৰ সাফল্যমুখী যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

 প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰামানুজন ট্ৰিনিটি কলেজতে আছিল। প্ৰচুৰ খাদ্য-সংকটে জুৰুলা কৰা ৰামানুজন সেই সময়ত শ্ৰেণীবৈষম্যৰ মৰ্মান্তিক প্ৰহাৰৰো সন্মুখীন হৈছিল। শ্বেতাংগ বাহিনীৰ দ্বাৰা ৰামানুজন শাৰিৰীকভাৱে প্ৰহৃত হৈছিল। চূড়ান্তভাৱে কটু বাক্যবাণ নিক্ষেপ কৰি ৰামানুজনৰ বজাৰৰ মোনা লণ্ডভণ্ড কৰি মাজৰাস্তাত সিঁচৰতি কৰি পেলোৱা হৈছিল।

 সিপিনে ৰামানুজনে পত্নীলৈ পঠিওৱা পত্ৰবোৰ মাতৃয়ে লুকুৱাই থোৱাত জানকীয়ে সেইসমূহ পঢ়াৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। মুঠতে মানসিক আৰু শাৰিৰীক দুয়োটা দিশৰ পৰাই দুৰ্যোগৰ বলিয়া বা বলিছিল। ৰামানুজন টি.বি.ৰোগত আক্ৰান্ত হৈছিল। পৰিৱৰ্তিত জলবায়ু আৰু খাদ্যাভাৱ আছিল ইয়াৰ মূল কাৰণ। তথাপিতো নৰীয়া গাৰেই ৰামানুজনে হাৰ্ডিৰ সৈতে লগ লাগি ট্ৰিনিটিৰে অন্যতম পণ্ডিত মানুহ মেজৰ মেকমোহনৰ মুখামুখি হৈছিল। মেকমোহনৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি ৰামানুজন আৰু হাৰ্ডিয়ে তেওঁৰ অংকুৰ যুদ্ধত পৰাস্ত কৰে। ৰামানুজনৰ চমৎকাৰী প্ৰতিভাই বাক্-স্তব্ধ কৰি পেলাই মেকমোহনক।

৪৬